কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ সেৱন কৰিলে কিডনী সমস্যা প্ৰতিৰোধ কৰাত সহায়ক হয়৷ বিশেষকৈ, অত্যাধিক পানী সেৱন অতি লাভদায়ক৷ কিডনী পাথৰৰ সমস্যাত ডাক্তৰে প্ৰতিদিনে ৬ ৰপৰা ৮ গিলাচ পানী সেৱন কৰাৰ পৰামৰ্শ দিয়ে৷ এক অধ্যয়ন অনুসৰি, নিজৰ খাদ্যপ্ৰনালীত পৰিবৰ্তন আনি উচ্চ ৰক্তচাপৰদৰে সমস্যাৰ পৰা উপশম লাভ কৰিব পৰা যায়৷ ইয়াৰ উপৰি, DASH ডায়েটৰ জৰিয়তেও কিডনী পাথৰ সমস্যা লাঘৱ কৰিব পৰা যায়৷  

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ


বিভিন্ন প্ৰকাৰৰ পাথৰৰ বাবে ডায়েট বিভিন্ন হোৱা উচিত নি?  


আপোনাৰ যদি কিডনীত পাথৰ সমস্যা হৈছে তেন্তে আপোনাৰ অৱশ্যই কিডনীত পাথৰ কি ধৰণৰ তাক আপোনাৰ ডাক্তৰৰ পৰা জানি লোৱা উচিত।  আপোনাৰ কি প্ৰকাৰৰ পাথৰ হৈছে সেই বিষয়ে জনাৰ পিছত আপোনাৰ পক্ষে ডায়েট নিৰ্ণয় কৰাত সহজ হৈ যায়।  পাথৰৰ প্ৰকাৰ জনাৰ ফলত খাদ্যতালিকাত চডিয়াম, প্ৰাণী প্ৰটিন আৰু অক্সালেট অন্তৰ্ভুক্ত কৰা সহজ হয়।  

কিডনী পাথৰ চাৰি ধৰণৰ:



1. কেলচিয়াম অক্সালেট পাথৰ (Calcium Oxalate stone)
2. ইউৰিক এচিড পাথৰ ( Uric acid stone)
3.স্ট্ৰুৱাইট স্টন (Struvite Stone)
4.সিস্টীন স্টন (Cystine stone)

কিছু গবেষণাত দেখা গৈছে, যি পুৰুষে পৰিপূৰক হিচাপে ভিটামিন চি অধিক মাত্ৰাত গ্ৰহণ কৰে তেওঁলোকৰ কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা অধিক থাকে৷  

কিডনে স্টন হলে কি খাব আৰু কি কি নাখাব– Prevention Tips for Kidney Stone in Assamese


অধিক মাত্ৰাত  অক্সালেট  নাখাব৷ 


আপোনাৰ যদি কেলচিয়াম অক্সালেট পাথৰ হৈছে তেন্তে  আপোনাৰ ডায়েটত এই অক্সালেট খাদ্য  অন্তৰ্ভুক্ত নকৰিব, যি আপোনাৰ প্ৰস্ৰাৱত অক্সালেটৰ পৰিমাণ বৃদ্ধি কৰে।  নিম্নলিখিত খাদ্যসমূহ যি অক্সালেটৰ পৰিমাণ বৃদ্ধি কৰেঃ

শুকান বাদাম 
চিনাবাদাম 
পালেং
স্ট্ৰবেৰি 
বীট
চকলেট
মীঠা আলু
ফ্ৰেন্স ফ্ৰাই
পটেট্ চিপচ্
টফু, চয়া ইত্যাদি

অত্যাধিক  চডিয়াম  নাখাব


 আপুনি যেতিয়া বেছি পৰিমাণে  চডিয়াম খায়, তেতিয়া  আপোনাৰ কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। চডিয়ামে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰে৷ বৰ্তমান নিৰ্দেশিকা বা গাইডলাইন অনুসাৰে, দৈনিক চডিয়াম 2,300 মিলিগ্ৰামৰ লৈকে সীমাবদ্ধ হোৱৰ উচিত।  যদি আপোনাৰ পূৰ্বতে চডিয়ামৰ কাৰনে কিডনীত পাথৰ হৈছিল তেন্তে আপোনাৰ প্ৰতিদিনৰ চডিয়াম গ্ৰহণৰ পৰিমাণ 1500 মিলিগ্ৰাম লৈকে কৰাৰ বাবে চেষ্টা কৰক। এয়া আপোনাৰ  ৰক্তচাপ আৰু হাৰ্টৰ বাবেও ভাল৷

 চডিয়াম প্ৰচুৰ পৰিমাণে থাকে ক্যানড খাদ্যত, ফাস্ট ফুড ইত্যাদিত পোৱা যায়। গতিকে এনে খাদ্যৰ পৰা আঁতৰি থাকক৷ ইয়াৰ উপৰি, মছলা আৰু মাংসতো চডিয়াম উপস্থিত থাকে।  

 প্ৰানী প্ৰ’টিন নাখাব


অত্যাধিক প্ৰাণী প্ৰ’টিন খালে কিডনীত পাথৰ হোৱা সম্ভাৱনা অধিক থাকে। সেয়ে, চিকিৎসকে পাথৰ হলে প্ৰাণী প্ৰ’টিন নাখাবলৈ পৰামৰ্শ দিয়ে।  

নিম্ন প্ৰানী প্ৰটিনসমূহ খুব কম পৰিমাণে খাওক নহলে সম্পূৰ্ণ এৰি চলক-

  1. ৰঙা মাংস, মুৰ্গী, গাহৰি মাংস আৰু বিশেষকৈ অভ্যন্তৰীণ অঙ্গসমূহ (যেনে কলিজা, মগজু ইত্যাদি)
  2. কনী
  3. মাছ আৰু শামুক
  4. গাখীৰ, পনীৰ আৰু অন্য দুগ্ধজাত খাদ্য
  5. সাগৰীয় খাদ্য
সেয়েহে, আপুনি  ধীৰে ধীৰে উপৰত উল্লেখিত প্ৰাণী প্ৰ’টিন হ্ৰাস কৰা উচিত৷ কিন্ত্ত আপুনি এইটোও জনা উচিত যে, পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন খোৱা খুব প্ৰয়োজনীয়। সেয়ে, প্ৰাণীৰ প্ৰ’টিনৰ পৰিবৰ্তে আপুনি মটৰগুটি, শুকান মটৰ আৰু মচুৰ দাইল আদি খোৱা উচিত।  এইসমূহ উদ্ভিদ ভিত্তিক খাদ্য পদাৰ্থ যত প্ৰটিনৰ মাত্ৰা অধিক পোৱা যায় আৰু  অক্সেলেট কম পোৱা যায়৷ ইয়াৰ উপৰি, ডাক্তৰৰ পৰা পৰামৰ্শ লওক যে প্ৰতিদিনে আপুনি কিমান প্ৰটিন খোৱা উচিত। 

অধিক কেলচিয়ামযুক্ত আহাৰ খাওঁক


শুনিবলৈ এনেকুৱা লাগে যেন কেলচিয়ামে স্টনৰ বৃদ্ধি কৰে, কিন্ত্ত প্ৰকৃততে তেনে নহয়৷ 
সঠিক পৰিমাণে কেলচিয়াম গ্ৰহণ কৰিলে, ই পাচনতন্ত্ৰত এনে উপাদানসমূহক বাধা দিয়ে যি পাথৰ সৃষ্টি কৰে।  মাত্ৰ কেলচিয়াম উচিত মাত্ৰাত খোৱ উচিত৷ আপুনি কিমান কেলচিয়াম খোৱা উচিত সেই বিষয়ে আপুনাৰ ডাক্তৰৰ লগত কথা পাতক৷  উদ্ভিদ-ভিত্তিক  খাদ্য যেনে শস্য, শাকপাচলী, ৰুটি আৰু বীন, মটৰ আদি খাব পাৰে৷ 

 অতিৰিক্ত পানী পান কৰক


পানীয়ে মূত্ৰত উপস্থিত পদাৰ্থসমূহক দ্ৰবীভূত কৰে যি পাথৰ সৃষ্টি কৰে।  প্ৰতিদিনে ইমান পানী খাওক যাৰফলত আপোনাৰ  2 লিটাৰ প্ৰস্ৰাৱ হয়৷

নেমু পানী আৰু কমলা টেঙাৰ ৰসৰ দৰে টেঙা ফলৰ ৰস পান কৰিলেও আপোনাক সহায় কৰিব পাৰে৷  এই পানীয়সমূহতো উপস্থিত সাইট্ৰেটে পাথৰ গঠন ৰোধ কৰাত সহায়তা কৰে।

কিডনী পাথৰ আঁতৰ কৰাৰ বাবে কিছু ঘৰুৱা উপায়/ Kidney Stone Home Remedies in Assamese


কিডনী স্টোন প্ৰতিকাৰৰ বাবে নেমু আৰু জলফাই তেলৰ ব্যৱহাৰ

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনীত পাথৰৰ চিকিৎসাৰ বাবে নেমু ৰস আৰু জলফাই তেল  ব্যবহৃত হৈ আহিছে৷ নেমুত উপস্থিত সাইট্ৰিক এচিড কেলচিয়ামৰে তৈয়াৰি কিডনীত পাথৰ ভঙাত সহায়তা কৰে৷ 

এক টেবুল চামুচ সতেজ নেমুৰ ৰসৰ  সম পৰিমাণে জলফাই তেল মিহলাব৷ এই মিশ্ৰণটি 60/80 ml পানী মিহলাই প্ৰচুৰ পৰিমাণে পান কৰক।  প্ৰতিদিনে দুইৰপৰা তিনিবাৰ এই মিশ্ৰণটি তিনিদিনলৈ ব্যৱহাৰ কৰক।  

 সতৰ্কতা - গুৰুতৰ কিডনীত পাথৰ অপসাৰণৰ বাবে এই প্ৰতিকাৰটি উপযুক্ত নহয়। 

কিডনী স্টোন প্ৰতিকাৰৰ বাবে ডালিম


কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese


ডালিমেৰ বীজ বা ৰস উভয়েই কিডনীত পাথৰ নিৰাময়ত সহায়তা কৰে। এটা সম্পূৰ্ণ ডালিম খোৱাৰ চেষ্টা কৰক বা এক গ্লাচ সতেজ ডালিমৰ ৰস পান কৰাৰ চেষ্টা কৰক। ডালিমৰ বীজ চালাদত দিও খাব পাৰে৷ 

কিডনী স্টোন প্ৰতিকাৰৰ বাবে ৰাজমা


কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese
ৰাজমাত ফাইবৰ উচ্চমাত্ৰাত পোৱা যায় সেয়ে কিডনী পাথৰ বা মূত্ৰাশয়ৰ সমস্যা দূৰ কৰাত সহায়ক হয়৷ 
ৰাজমা পানীত উতলাওক ৷ কম জুইত উতলাওক যেতিয়ালৈকে ৰাজমা কোমল আৰু সিজি নাযায়৷ এই ৰাজমাৰ মিশ্ৰন চেকি লৈ ঠাণ্ডা হব দিয়ক৷ ঠাণ্ডা হোৱা পিছত পুনৰ এবাৰ চেকিব৷  এই মিশ্ৰনখিনি দিনটোত প্ৰচুৰ ভাবে খাওক৷ 

কিডনী স্টন প্ৰতিকাৰৰ বাবে তুলসী আৰু আজোৱাইন


কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese


তুলসী পাত ২৫ গ্রাম 
আজোৱান - ২৫ গ্রাম 
কলা নিমখ - ১২ গ্রাম 

এই তিনিওবিধ উপাদান একেলগে মিহলাই গুৰি কৰি বটল এটাত টানকৈ সাঁফৰ মাৰি ভৰাই লওক৷ এই মিশ্রণ ২ গ্রাম পৰিমাণত পুৱা আৰু গধূলি গৰম পানীৰ লগত খাওক৷ কিডনী অঞ্চলত বিষ হলে এই মিশ্রণ এদিন বা দুদিন একেৰাহে খালে বিষ নিশ্চিতভাবে নাইকিয়া হব ।

কিডনী স্টোন প্ৰতিকাৰৰ বাবে তৰমুজ 


কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

তৰমুজে কিডনীক কেলচিয়াম, ম্যাগনেচিয়াম, ফছফেট আৰু কাৰ্বনেটকে সুৰক্ষা দেয়।  তৰমুজত থকা পটাচিয়াম হ'ল স্বাস্থ্যকৰ কিডনীৰ বাবে প্ৰয়োজনীয় উপাদান। ই প্ৰস্ৰাৱত এচিডৰ স্তৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাত সহায়তা কৰে। পটাচিয়ামৰ ওপৰিও তৰমুজত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় যি কিডনীত থকা পাথৰ অপসাৰণ কৰাত সহায়তা কৰে।  নিয়মিত তৰমুজ খালে কিডনীত পাথৰ প্ৰতিৰোধ কৰাত সহায়ক হয়৷  


আঙুৰ আৰু লিচু



কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী পাথৰ প্ৰতিকাৰৰ বাবে আঙুৰৰ সেৱন এক উৎকৃষ্ট বিকল্প হব পাৰে৷ আঙুৰত সাইট্ৰিক গুণেৰে সমৃদ্ধ হয় আৰু ইয়াত পানী মাত্ৰা বহু পৰিমানে পোৱা যায়৷ আঙুৰক তাৰ ডিটক্সিফাইট (detoxifying) গুনৰ বাবেও জনা যায়৷ কিডনী স্টন ত ভুগী থকা ব্যক্তিয়ে সদায় আঙুৰ খোৱা উপকাৰী৷ তদুপৰি, আঙুৰ আৰু লিচু ত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু ছ’ডিয়াম থাকে । কিডনী  পাথৰ নিৰাময় কৰিবলৈ এই দুয়ােটা ৰসায়নিক উপাদানেই দৰকাৰ৷


গাজৰ, তিয়হ আৰু বীটৰ ৰস


কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

গাজৰ, তিয়হ আৰু বীটৰ ৰসে  কিডনীৰ পাথৰ লাহে লাহে গলায়। নিয়মীয়াকৈ এই তিনিওবিধ পাচলিৰ ৰস খাই থাকিলে কিডনীৰ পাথৰ ওলাই আহে । 


কিডনী স্টোন প্ৰতিকাৰৰ বাবে চিৰাল


শুকুৱাই লােৱা চিৰালৰ বাকলিৰ গুৰি প্রতিদিনে আধা চামুচকৈ খালে কিডনিৰ বিষ আৰােগ্য হয় । এই গুৰি প্ৰথমতে আধা চামুচ পৰা আৰম্ভ কৰি পিছলৈ ক্রমে বঢ়াই দুই চামুচকৈ খাব পাৰে । 


মূত্রতন্ত্ৰৰ সকলাে ধৰণৰ ৰােগৰ বাবে কুঁহিয়াৰৰ ৰস , ডাবৰ পানী আৰু বার্লি তিয়াই থােৱা পানী উপকাৰী৷


কিডনী পাথৰ প্ৰতিকাৰ কৰিবলৈ খাওক মাটিমাহ


২৫০ গ্রাম মাটিমাহ ভালদৰে ধুই ৩ লিটাৰ পৰিষ্কাৰ পানীত এৰাতি তিয়াই ভালদৰে ঢাকি থওক৷ পিছদিনা পুৱা পানীৰে সৈতে মাটিমাহখিনি কম জুই ৩ ৪ ঘন্টা সিজাওক পানী কমি এক লিটাৰমান থাকোঁতে নমাই থওক৷ এতিয়া এখন কেৰাহীত ৩০-৫০ গ্রাম পৰিমাণৰ মাখন গৰম কৰি সিজাই থােৱা মাটিমাহখিনি পানীৰে সৈতে মাখন গৰম কেৰাহীত দি পুনৰ সামান্য উতলিবলৈ দিয়ক৷ তাত আন্দাজ মতে কলা নিমখ , জালুকৰ গুড়ি , জিৰা গুৰি আৰু হালধি দি লৰাই কিছুসময় পুনৰ উতলিবলৈ দিয়ক। এই দাইলৰ ২৫০ মিঃ লিঃ পৰিমাণত দৈনিক দুপৰীয় আহাৰৰ পৰিৱর্তে খাওক৷ এই ৰস একেৰাহে এসপ্তাহ খালে কিডনিৰ পাথৰ সৰু সৰু টুকুৰা হৈ প্ৰস্ৰাৱৰ লগত নিজে নিজে ওলাই আহিব । 

এই ৰস প্রতিদিনে এবাৰকৈ খাও । ইয়াৰ কোনাে পার্শ্বক্রিয়া নাই । 

এই ৰস খােৱাৰ পিছতাে যদি দুপৰীয়া ভােক সহ্য কৰিব নােৱাৰে তেনেহ'লে এখন মাত্র ৰুটি অথবা সৰু বাতিৰে এবাটি মাত্র ভাত খাব । বেছিকৈ নাখাব৷

অপথ্যঃ বিলাহী, ভাত, শুকান ফল, চকলেট, চাহ, মদ, আমিষ আহাৰ, ভেণ্ডি, কচু গুটি বা থুৰি আদি কিডনীৰ পাথৰ থকা ব্যক্তিৰ বাবে অপথ্য। একেৰাহে বহুসময় বহি থকা বা প্রস্রাৱ বন্ধ কৰি ৰাখি থোৱা অভ্যাস অপকাৰী৷

অন্য শিতান: কিডনীত পাথৰ হোৱাৰ কাৰনসমূহ কি কি?

সম্পূৰ্ণ তথ্য আগবঢ়াইছে
Dr. Laxmidutta Shukla, BAMS, Ayurveda

Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese