আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

 

আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে।  প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি বা দোষৰ ভাৰসাম্যহীনতা থাকে, যাৰ কাৰণে তেওঁ অসুস্হ হৈ পৰে।


আয়ুৰৰ্বেদৰ এই ত্ৰিদোষ কি? What are the three doshas in Ayurveda? in assamese


এই দোষ ( ayurveda dosha) তিনিটা হৈছে  - বাত (বায়ু), পিত্ত (অগ্নি), কফ (পৃথিৱী)


আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

বাত (বায়ু)-Vata (air):

বাত দোষথকা লোক বায়ুৰ সমান হয়৷ এনে লোক উৰ্জা বা  শক্তিৰে পূৰ্ণ হয় আৰু সৰ্বদা সক্ৰিয় হৈ থাকে।শাৰীৰিকভাবে দুৰ্বল আৰু পাতল, স্বভাৱৰ পৰা উৎসুক এনে লোক  ক্ৰমাগত উত্তেজিত আৰু নতুন অভিজ্ঞতাৰ সন্ধানত থাকে। এওঁলোকৰ জীৱন আৰু কামৰ প্ৰতি সৃজনশীল মনোভাব থাকে।  বাত আক্ৰান্ত ব্যক্তিৰ চৰ্দি আৰু ত্বকৰ অসুবিধাত ভুগে।  কম টোপনিৰ কাৰণে এনে লোকৰ অধিক বিশ্ৰাম দৰকাৰ হয়৷


বাত দোষ ভাৰসাম্যহীনতা, ওজন হ্ৰাস, দুৰ্বলতা, অস্থিৰতা আৰু হজমৰ সমস্যা হব পাৰে।


আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

এইসমূহক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে গধুৰ আৰু ভাল আহাৰ খাওক।  নিমখীয়া, টেঙা আৰু মিঠাই  জাতী য় আহাৰে এনে লোকৰ উপকাৰ কৰে।  এনেলোকৰ তিতা আৰু মশলাযুক্ত আহাৰ খোৱা উচিত নহয়।  চাউল বাত দোষৰ বাবে উত্তম আহাৰ।  আম, অমিতা, খেজুৰ, আনাৰস আৰু শুকান ফল বাত দোষথকা লোকৰ পক্ষে ভাল।


জালুক, জিৰা, দালচেনি, ইলাচী, নিমখ, চফ, লং, তুলসী, সৰিয়হ আৰু আজৱাইন বাত দোষক ভাৰসাম্য বৰ্তায় ৰখাত সক্ষম হয়।




পিত্ত (অগ্নি):Pitta (fire):


আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

অগ্নিৰ দৰে, এই ধৰণৰ লোক শক্তিশালী বা আৰু সংগ্ৰামী হয়।  এই কাৰণেই এনে লোক দুৰ্দান্ত নেতা হব পাৰে আৰু ভাল ব্যৱস্থাপনাৰ দক্ষতা অৰ্জন কৰিব পাৰে।  পিত্ত দোষ থকা এনে লোকৰ হজম ব্যৱস্থা ভাল হয় আৰু লগতে এওঁলোকৰ খুব ক্ষুধা বা ভোক লাগে৷ এনে লোকৰ এওঁলোকৰ বিষয়সমূহ সঠিকভাবে ব্যাখ্যা কৰাত সক্ষম হয় আৰু প্ৰতিটি কাম ভালভাবে সম্পাদন কৰিব পাৰে।


পিত্ত দোষৰ ভাৰসাম্যহীনতাই জ্বলন সংবেদন, গৰম পৰিবেশেত থাকিব নোৱাৰা, ৰ‌ঙা পৰি যোৱা আৰু বুকু জ্বলন পুৰনৰ দৰে সমস্যা সৃষ্টি কৰে। এই প্ৰবণতাৰ লোকে নিমখ, জ্বলা আৰু টেঙা খোৱা উচিত নহয়।  মিঠা ফল, যেনে আম, পকা আনাৰস, কমলা ইত্যাদি এওঁলোকৰ বাবে উপকাৰী।  চাইট্ৰিক ফল অৰ্থাৎ টেঙা ফল এৰাই চলক।


শাকপাচলিৰ ভিতৰত পাত শাকজাতীয় পাচলি, বন্ধাকবি, বীন, তিয়হ, ভেন্দী, মটৰগুটি, আলু, চালাদ ইত্যাদি আপোনাৰ বাবে উপকাৰী।  নহৰু, পিয়াজ, গাজৰ, বিট, মূলা, গৰম মছলা আৰু পালং শাক এৰাই চলক৷



কফ (পৃথিৱী)- Kapha (Earth):


আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

কফ ত্ৰুটিযুক্ত ব্যক্তি শান্ত, স্থিতিশীল আৰু পৃথিৱীৰ দৰে ভূমিৰ লগত সংযুক্ত থাকে।  তেওঁলোক প্ৰেমময়, নিষ্ঠাবান আৰু শিৰোনামত থকাতো পছন্দ কৰে।  এনে লোক শক্তিশালী, দৃঢ় আৰু ধীৰ গতিৰ লোক হয়। এওঁলোকে নিশ্চিত দিনচৰ্যা পছন্দ কৰে আৰু এটি ধীৰ জীৱনত সুখ পাই।  এনে লোকৰ ওজন সহজেই বৃদ্ধি পায়।


কফ ভাৰসাম্যহীন হৈ গলে, ওজন বৃদ্ধি, চিন্তা বা স্ট্ৰেচ, টিউমাৰ আৰু fluid retention দৰে সমস্যা আৰম্ভ হয়।


এনে ক্ষেত্ৰত পাতল ডায়েট ওজন কমোৱাত সহায়তা কৰে।  তিতা আৰু মশলাদাৰ আহাৰ ভাল হয়, কিন্ত্ত লগতে আপুনি মিঠা আৰু নিমখীয়া আহাৰৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়া হয়।


এইসকল লোকে সকলো ধৰনৰ  শাকপাচলি খাব পাৰে৷ কিন্ত্ত মিঠা আলু আৰু বিলাহী, মিঠা আৰু ৰস থকা পাচলি এওঁলোকেীৰ পক্ষে ভাল নহয়।  ডিটক্সিফাই ডায়েট (Detoxify diet) আৰু জুইচ কফ ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে উত্তম, কাৰণ তেওঁলোকৰ হজম চিস্টেমক ভাল ৰাখে।  নাচপাতি, আপেল, এপ্ৰিকটচ জাতীয় ফলসমূহ শৰীৰৰ ভাৰসাম্য বৰ্তায় ৰখাত সহায়তা কৰে। এওঁলোকে কল, কমলা আৰু তৰমুজ জাতীয় ফল এৰা উচিত।

Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese