গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese



Highlights


  • নিলাজী বনৰ পৰিচয়-Introduction Of Nilaji bon
  • নিলাজী বন কি? -What is Nilaji bon in Assamese?
  • অন্য ভাষাত নিলাজী বনৰ নাম-Name of Nilaji bon in Different Languages
  • নিলাজী বন গছৰ ব্যবহাৰ আৰু উপকাৰিতা- Uses and Benefits  of Nilaji bon in Assamese
  • কাঁহৰ ৰ পৰা মুক্তি দিয়ে নিলাজী বন গছে - Benefits of Nilaji bon for Cough in Assamese
  • ব্লাড ডিচেন্ট্ৰী বাবে নিলাজী বনৰ উপকাৰিতা- Nilaji bon To Fight Blood Dysentery in Assamese
  • পেট ফোলা বা বদহজমেৰ ক্ষেত্ৰত উপকাৰী নিলাজী বন গছ- Nilaji bon For Dyspepsia in Assamese
  • ডিচেন্ট্ৰী বা পেটচলা ৰোগৰ বাবে নিলাজী বনৰ উপকাৰিতা- Nilaji bon Benefits in Dysentric in Assamese
  • নিলাজী বন হেমোৰয়েডৰ বাবে উপকাৰ কৰে- Nilaji bon Benefits in Haemorrhoid in Assamese
  • মূত্ৰসম্বন্ধীয় সমস্যা চিকিৎসা কৰাৰ বাবে নিলাজী বন - Nilaji bon to Treat Urinary problem in Assamese
  • শিথিল স্তনৰ বাবে নিলাজী বন উপকাৰী- Nilaji bon Beneficial in Loose Breast in Assamese
  • হাইড্ৰোজিলত নিলাজী বন কাৰ্যকৰ - Nilaji bon for Hydrocele in Assamese
  • চাইনাচাইটিচৰ বাবে নিলাজী বন উপকাৰী - Nilaji bon to Treats Sinus in Assamese
  • আলচাৰ বা ঘাঁ ঠিক কৰিব পাৰে নিলাজী বনে-Nilaji bon  to get relief from Ulcer in Assamese
  • ৰক্তপাতৰ বাবে নিলাজী বন-Nilaji bon for Bleeding in Assamese
  • সৰ্প আৰু বৃশ্চিকে কামুৰিলে নিলাজী বনৰ ব্যৱহাৰ- Nilaji bon for Scorpion or Snake Bite in Assamese,



নিলাজী বনৰ পৰিচয়-Introduction Of Nilaji bon 


নিলাজী বন বা লাজুকী লতা নামটোৰ পৰাই জনা যায় এই গছক স্পৰ্শ কৰা মাত্ৰকে গছবিধ লাজুক কৰি তুলে৷ অৰ্থাৎ কেৱল মানুহে স্পৰ্শ কৰিলেই নহয় যিকোনো বস্তুৰ স্পৰ্শ মাত্ৰতে নিলাজী বন  সঙ্কুচিত হয়। নিলাজী বনৰ গছৰ পুষ্টিগুণৰ ভিত্তিতে আয়ুৰ্বেদে ঔষধ হিচাবে ব্যৱহৃত হৈ আহিছে।  আহক এই  সম্পৰ্কে বিস্তাৰিতো ভাৱে জানো…



নিলাজী বন কি? -What is Nilaji bon in Assamese?

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese



নিলাজী বনৰ বিশেষত্ব হ'ল আপোনাৰ হাত প্ৰয়োগ কৰাৰ লগে লগেই নিলাজী বন 2 ৰপৰা 3 চেকেণ্ডৰ ভিতৰত সঙ্কুচিত হৈ যায় আৰু হাত আঁতৰাই অনাৰ পিছত পুনৰ পূৰ্বৰ অবস্থালৈ ঘূৰি আহে৷ ইয়াৰ ফুল গোলপীয়া ৰঙৰ আৰু সৰু আকাৰৰ হয়৷ ইয়াৰ মূলটি অম্লীয় আৰু স্বাদত উগ্ৰ । “চৰক সংহিতা” আৰু “সুশ্ৰুত সংহিতা” ত এই গছৰ বিষয়ে গণনা পোৱা যায়৷

নিলাজী বনৰ প্ৰকৃতি তিক্ত আৰু শীতল।  নিলাজী বন কফ পিত্ত, ৰক্ত ​​পিত্ত (নাক আৰু কানৰ ৰক্তপাত), ডায়েৰিয়া, পিত্ত, ফোলাভাব, জ্বলন সংবেদন, আলসাৰ, কুষ্ঠ আৰু যোনি ৰোগ দূৰ কৰাত ব্যৱহৃত হয় ৷


নিলাজী বনৰ পাত গ্ৰান্দদোলাৰ ফোলা(Grandular Swelling), ফিস্টুলা(Fistula), গলা ব্যথা, ক্ষত (সৰু সুৰা কাটা বা খোচা), আলসাৰ, অৰ্শ বা পাইলচ আৰু ৰক্তক্ষৰণত উপকাৰী।  



নিলাজী বনৰ শিপা শ্বাসকষ্টজনিত সমস্যা, ডায়ৰিয়া, পাথৰ বা এপেনডিসাইটিস আৰু মূত্ৰাশয় সম্পৰ্কিত ৰোগৰ বাবে উপকাৰী। ই টক্সিন বা বিষৰ প্ৰভাব কম কৰা, মূত্ৰবৰ্ধক বা অতিৰিক্ত মূত্ৰৰ প্ৰভাৱক হ্ৰাস কৰাত সহায় কৰে ৷ ডায়াবেটিচৰ চিকিৎসাত সহায়তা কৰে।



অন্য ভাষাত নিলাজী বনৰ নাম-Name of Nilaji bon in Different Languages



নিলাজী বনৰ বোটানিকেল নাম “মিমোসা পুডিকা লিন” (Mimosa pudica Linn)৷ নিলাজী বন Mimosaceae কুলৰ হয়৷ 


 নিলাজী বনৰ নাম-


Sanskrit- লজ্জালু, নমস্কাৰী, অঞ্জলিকাৰিকা,ৰক্তপদী, জলকাৰিকা, খদিৰকা;


Assamese - লজ্জাবন্তী, চুই মুই, লাজাৰু, লাজবতী, লাজউনি;


Odia -লজকুড়ি (Lajkuri);


Bengali- লজ্জাবতী(Lajjabati), লাজাক(Lajak)


Kannada -নাছিকেগিদা (Nachikegida)


Gujrati-ৰিসামণি (Risamani), ৰেসমণি (Resmani);


Nepali-বুহৰিঝাৰ (Buharijhar);


Punjabi- নিলাজী বন(Nilaji bon);


Marathi-লাজালু (Lajalu), লাজৰী (Lajri);


Malayalam- তোত্তাবাদী (Tottavaadi।


English- Humble plant, Touch me not, Shame plant, Sensitive plant



নিলাজী বন গছৰ ব্যৱহাৰ আৰু উপকাৰিতা- Uses and Benefits  of Nilaji bon in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

নিলাজী বনৰ গছ আয়ুৰ্বেদত ঔষধ হিচাবে ব্যৱহৃত হয়। আহক আগলৈ জানো কিদৰে নিলাজী বন  ৰোগৰ বাবে ব্যৱহৃত হয়-



 কাঁহৰ ৰ পৰা মুক্তি দিয়ে নিলাজী বন গছে - Benefits of Nilaji bon for Cough in Assamese



বতৰ পৰিবৰ্তনৰ কাৰণে যদি আপুনি সৰ্বদা কাঁহৰ সমস্যাত পৰি থাকে আৰু ইয়াৰ হ্ৰাস হোৱাৰ কোনো  নাম নাই, তেন্তে নিলাজী বনৰ দ্বাৰা  চিকিৎসা কৰিব পৰা যায়৷ 


  • নিলাজী বনৰ শিপা ডিঙিত বান্ধি ৰাখিলে কাঁহৰপৰা আৰোগ্য লাভ হয়৷ ই এটি দুৰ্দান্ত, কিন্তু অলৌকিক প্ৰয়োগ হয়।


ব্লাড ডিচেন্ট্ৰী বাবে নিলাজী বনৰ উপকাৰিতা- Nilaji bon To Fight Blood Dysentery in Assamese



প্ৰায়ে মশলাযুক্ত খাদ্য,পেকেটজাতীয় খাদ্যৰ বা বাহিৰৰ খাদ্য গ্ৰহ কাৰণে বা আন কোনো সংক্ৰমণেৰ কাৰণে ডায়ৰিয়াত ৰক্তক্ষৰণ হয়৷ এই ৰোগৰ কাৰণে নিলাজী বনৰ ঘৰুয়া প্ৰতিকাৰে কাৰ্যকৰভাবে কাম কৰে৷ 

  •  3 গ্ৰাম নিলাজী বন শিপাৰ গুঁড়ি দৈ লগত খোৱালে ডায়ৰিয়াত ৰক্তক্ষৰণ (blood dysentery) তখুব উপকাৰী হয়।

  •  এক গ্লাচ পানীত 10 গ্ৰাম নিলাজী বন শিপাৰ এটি কাঢ়া (decoction)  তৈয়াৰ কৰুন আৰু ইয়াৰ এক চতুৰ্থাংশ হোৱা পিছত, এই কাঢ়া দিনে দুবাৰ পান কৰিলে ৰক্তৰ ডায়ৰিয়া আৰু লগতে ডায়াবেটিচৰ পৰা আৰাম লাভ হয়৷


পেট ফোলা বা বদহজমৰ ক্ষেত্ৰত উপকাৰী নিলাজী বন গছ- Nilaji bon For Dyspepsia in Assamese


  •  বদহজম বা পেট ফোলা  সমস্যা হলে অপচ বা খোৱা-বোৱাত ব্যাঘাত ঘটে। 

  •  নিলাজী বনৰ পাতৰ 5-10 মিলি ৰস খালে বদহজমৰ সমস্যা নিৰাময় হোৱাৰ লগতে বদহজমৰ বাবে জ্বৰ, জন্ডিস আদি সকলো পিত্ত সম্বন্ধী ৰোগৰ বাবে উপকাৰী হয়৷

 ডিচেন্ট্ৰী বা পেটচলা ৰোগৰ বাবে নিলাজী বনৰ উপকাৰিতা- Nilaji bon Benefits in Dysentric in Assamese



 নিলাজী বনৰ ঔষধীয় গুণাগুন পেটচলা উপশম কৰাত খুব কাৰ্যকৰ।  

  • নিলাজী বনৰ মূলৰ গুড়ি এটি কাঢ়া প্ৰস্তুত কৰক আৰু ইয়াৰ 10-20 মিলিলিটাৰ পান কৰক৷

 নিলাজী বন পাইলচৰ বাবে উপকাৰী - Nilaji bon Benefits in Haemorrhoid in Assamese


 যদি অধিক মশলা, জ্বলা মশলাযুক্ত খাদ্য খোৱাৰ ফলত আপোনাৰ পাইলচৰ ৰোগৰ সম্ভাবনা বাঢ়ি যায় তেন্তে  নিলাজী বনৰ ঘৰুয়া প্ৰতিকাৰ এই ক্ষেত্ৰত খুব উপকাৰী প্ৰমাণিত।



  •   এক চামুচ নিলাজী বন পাতৰ গুঁড়ি  ৰাতিপুৱা বা সন্ধ্যা গাখীৰৰ লগত পান কৰিলে নতুবা দিনটোত তিনিবাৰ খালে পাইলচত লাভ হয়।

  •  এক চামুচ মূলৰ গুড়া আৰু নিলাজী বনৰ পাতৰ মিশ্ৰণ  গাখীৰৰ লগত পান কৰিলে পাইলচ উপশম হয়।

  •  গাখীৰৰ লগত লাজুকী লতা পাতৰ গুড়া ১-২ গ্ৰাম সেৱন কৰিলে হেমোৰয়েডতত আৰাম পোৱা যায়।

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese


মূত্ৰসম্বন্ধীয় সমস্যা চিকিৎসা কৰাৰ বাবে নিলাজী বন - Nilaji bon to Treat Urinary problem in Assamese


অতিৰিক্ত প্ৰস্ৰাব হলে নিলাজী বন এইদৰে সেৱন কৰিলে লাভ হয়৷ 



  • নিলাজী বনৰ পাত পানীৰ লগত পিচি ব্লাডাৰত(বস্তি প্ৰদেশ) ত লেপ দিলে মূত্ৰবিকাৰ উপশম হয়৷ (Grind the leaves of Nilaji bon in water and apply it on tht bladder, it provides relief in urination.)


শিথিল স্তনৰ বাবে নিলাজী বন উপকাৰী- Nilaji bon Beneficial in Loose Breast in Assamese



প্ৰায়ে  বয়স বঢ়াৰ লগে লগে  স্তন শিথিল সমস্যা আৰম্ভ হয় তেতিয়া নিলাজী বনক এইদৰে ব্যবহাৰ কৰা উপকাৰী।  



  • নিলাজী বন আৰু অশ্বগন্ধাৰ মূল পিচি লেপ দিয়ক, স্তনৰ শিথিলতা কমি যোৱাত সহায় কৰিব৷

হাইড্ৰোজিলত নিলাজী বন কাৰ্যকৰ - Nilaji bon for Hydrocele in Assamese


পুৰুষসকলৰ অণ্ডকোষত পানী হোৱাৰ কাৰণে এই ৰোগ দেখা দিয় তেতিয়া নিলাজী বনক এইভাবে ব্যৱহাৰ কৰিলে দ্ৰুত স্বস্তি পোৱা যায়।  



  • নিলাজী বনৰ পাত পিচি টেস্টিকেল ফোলাত লগালে উপশম হয়৷

চাইনাচাইটিচৰ বাবে নিলাজী বন উপকাৰী - Nilaji bon to Treats Sinus in Assamese


চাইনাচাইটিচৰ বিষ উপশম কৰাত নিলাজী বন খুব উপকাৰী।



  • নিলাজী বনৰ মূলৰ গুড়ি পিচি লেপপ্ৰয়োগ কৰিলে চাইনাচাইটিচৰ ফোলাভাব কমি যায়।

  •  নিলাজী বনৰ  পাত পিচি লগালেও  দীৰ্ঘস্থায়ী আলসাৰ আৰু চাইনাচ উপশম হয়৷


আলচাৰ বা ঘাঁ ঠিক কৰিব পাৰে নিলাজী বনে-Nilaji bon  to get relief from Ulcer in Assamese


  •  নিলাজী বনৰ মূলৰ গুড়ি পিচি লেপ দিয়ক ৷

  • আলচাৰত নিলাজী বনৰ বীজৰ গুঁড়া প্ৰয়োগ কৰিলে আলসাৰ বা ব্ৰণ হ্ৰাস হয়।


যিকোনো ৰক্তক্ষৰণ বা সৰু সুৰা ঘা আদিত নিলাজী বনৰ পেষ্ট লেপ দিলে ৰক্তপাত দ্ৰুতভাৱে বন্ধ হৈ যায়।



সৰ্প আৰু বৃশ্চিকে কামুৰিলে নিলাজী বনৰ ব্যৱহাৰ- Nilaji bon for Scorpion or Snake Bite in Assamese



পিচি লোৱা নিলাজী বনৰ মূল ৰ সেৱন কৰিলে সৰ্প বা বৃশ্চিক ব্যথাৰ আদি বিষাক্ত প্ৰভাৱ ৰপৰা  উপশম লাভ কৰিব পৰা যায়৷ 


পাত আৰু  কাণ্ড পিচি কামোৰা অংশত প্ৰয়োগ কৰিলে বৃশ্চিক কামোৰ বিষাক্ত প্ৰভাবসমূহ হ্ৰাস কৰিব পৰা যায়।


নিলাজী বনৰ ফুল পানীত ফেটি লৈ (10-20 ml মাত্ৰাত) খালে নতুবা লগত নিমখ মিহলাই খালে ধতুৰাৰ বিষৰ প্ৰভাৱকম হয়৷



উপৰোক্ত বিধিসমূহ আগবঢ়াইছে
Acharya Sri Balkrishan (Patanjali)



আৰু পঢ়ক-

শগুনিলতা বা গিলয়ৰ ঔষধীয় বৈশিষ্ট্য, আয়ুৰ্বেদিক ব্যৱহাৰ, উপকাৰিতা আৰু পাৰ্শ্ব প্ৰতিক্ৰিয়া- Giloy Ayurvedic Uses, Benefits And Side Effects In Assamese

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese





Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga