অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese


হেমোৰয়েড বা পাইলচ কি? what is piles?-in assamese

হেমোৰয়েদ ৰোগ(hemorrhoids) - যাক পাইলচ (piles) বোলা হয় - এই ৰোগত মলদ্বাৰ আৰু মলাশয় মধ্যেৰ শিৰাসমূহত ফোলাভাব আৰু উত্তেজনা সৃষ্টি কৰে। এয়া সাধাৰণতে শৌচদ্বাৰ আৰু মলাশয়ত উপস্থিত শিৰাসমূহ এটি "varicose vein" ৰোগ।  পাইলচ মলদ্বাৰৰ অভ্যন্তৰৰ অংশত বা মলদ্বাৰৰ বাহিৰৰ অংশত হব পাৰে।


অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

পাইলচ অনেক কাৰণত হব পাৰে, যদিও ইয়াৰ সঠিক কাৰণ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাযায়। ই অন্ত্ৰৰ গতিবিধিৰ সময়ত অতিৰিক্ত চাপ পোৱাৰ কাৰণে বা গৰ্ভাৱস্থাত মলদ্বাৰৰ শিৰাসমূহত চাপ বঢ়াৰ কাৰণেও হব পাৰে। হেমোৰয়েডৰ লক্ষণসমূহ বিভিন্ন ধৰণৰ হব পাৰে, যি সামান্য খজুৱতি বা অস্বস্তি পৰা মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ বা মলদ্বাৰৰ অংশ বাহিৰৰ দিশত উলাই যাব পাৰে।  হেমোৰয়েড লক্ষণসমূহৰ তীব্ৰতাৰ উপৰত নিৰ্ভৰ কৰে।


কেতিয়াবা কেতিয়াবা কিছু সাধাৰণ জীৱনযাত্ৰাৰ পৰিবৰ্তনৰ যোগেদি যেনে: ফাইবাৰ সমৃদ্ধ ডায়েট খোৱা আৰু ক্ৰিম প্ৰয়োগ কৰা যোগেদি চিকিৎসা কৰি উপশম পোৱা যায়।  অন্যহাতেদি, ৰোগে গম্ভীৰ ৰৃপ লেলে অপাৰেচনৰ চিকিৎসা কৰিব লগীয়া হব পাৰে৷ এই ৰোগৰ জটিলতা সাধাৰণত খুব বিৰল আৰু বহু কম ক্ষেত্ৰতহে হেমোৰয়েড বিকশিত হয়। কিন্তু যদি হেমোৰয়েডৰ চিকিৎসা কৰা নহয় তেন্তে ই দীৰ্ঘস্থায়ী ফোলাভাব আৰু ৰঙাভাব দেখা দিয়ে আৰু আলচাৰ হোৱাৰ সম্ভাৱনা বঢ়ায় তোলে।


হেমোৰয়েড(hemorrhoid) সাধাৰণতে বিপদজ্জনক নহয় আৰু যদি ই কোনো অস্বস্তি বা কষ্টকৰ হৈ পৰে  তেন্তে ইয়াৰ চিকিৎসা কৰা দৰকাৰ।  যদি গৰ্ভাৱস্থাত হেমোৰয়েড হয় তেন্তে  সাধাৰণতে নিজে নিজেই ঠিক হৈ যায়।  কোষ্ঠকাঠিন্যৰ কাৰণে অৰ্শ্বৰোগৰ চিকিৎসা কৰাৰ বাবে, ডায়েট আৰু জীবনধাৰাত পৰিবৰ্তন কৰা প্ৰয়োজন। ইয়াৰ বাহিৰে অপাৰেচনৰ সহায়তো অৰ্শ্বৰোগৰ চিকিৎসা কৰা যাব পৰা যায়।


পাইলচৰ প্ৰকাৰ-How many types of piles are there?-in assamese


মূলত চাৰি ধৰণৰ পাইলচ আছে:

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

১) অভ্যন্তৰীণ হেমোৰয়েডচ (Internal hemorrhoids)
  - এই জাতীয় অৰ্শ্বৰোগৰ মলদ্বাৰৰ অভ্যন্তৰত বিকশিত হয়।  অৰ্শ্বৰোগৰ কিছু ক্ষেত্ৰত এয়া দৃশ্যমান নহয় কাৰণ ই মলদ্বাৰৰ গভীৰত বিকশিত হয়।  অভ্যন্তৰীণ অৰ্শ্বৰোগে সাধাৰণতে গুৰুতৰ অৱস্থাৰ সৃষ্টি নকৰে আৰু ই নিজে নিজেই নিৰাময় হয়।


২) বাহ্যিক হেমোৰয়েডচ (External hemorrhoids) - এই জাতীয় অৰ্শ্বৰোগ মলদ্বাৰৰ উপৰত বিকাশ লাভ কৰে। ই সেই স্হানৰ বাহিৰৰ দিশে বিকাশিত হয় যি ফালেদি মল বাহিৰ হয়।  কিছু ক্ষেত্ৰত ইয়াৰ উপস্থিতি দেখা পোৱা নাযায়, অন্য ক্ষেত্ৰত ই মলদ্বাৰৰ পৃষ্ঠত টেমুনা দৰে দেখায়।  বাহ্যিক অৰ্শ্বৰোগ সাধাৰণতে কোনো গুৰুতৰ সমস্যা সৃষ্টি নকৰে। কিন্ত্ত আপুনি যদি ব্যথা বা অন্যান্য সমস্যাত ভুগিছে বা ই আপনাৰ দৈনন্দিন জীৱনযাত্ৰাত সমস্যা সৃষ্টি কৰিছে তেন্তে আপুনি অৱশ্যই এজন ডাক্তৰৰ পৰা পৰামৰ্শ লোৱা উচিত।


৩) প্ৰল্যাপ্সড হেমোৰয়েডচ (Prolapsed hemorrhoids) - যেতিয়া অভ্যন্তৰীণ পাইলচ ফোলে আৰু এটি মলদ্বাৰ পৰা বাহিৰৰফালে উলোৱা আৰম্ভ হয় এই অৱস্থাকে প্ৰল্যাপ্সড হেমোৰয়েডচ বোলা হয়।  


৪) থ্ৰোম্বোজড হেমোৰয়েডচ (Thrombosed hemorrhoids) - এই ধৰণৰ হেমোৰয়েড  জটিলতা হেমোৰয়েড বুলি কোৱা হয়৷ এই পাইলচত তেজৰ চেঁকুৰা সৃষ্টি হয়।  এই তেজৰ ​​চেকুঁৰা বাহ্যিক আৰু অভ্যন্তৰীণ হেমোৰয়েড উভয় ক্ষেত্ৰতে বিকশিত হয়৷ 


stages বা পৰ্য্যায়



অভ্যন্তৰীণ অৰ্শ্বৰোগসমূহৰ তীব্ৰতা আৰু আকাৰ অনুযায়ী 1 ৰপৰা 4 গ্ৰেডলৈ শ্ৰেণীবদ্ধ কৰা যায়-



 গ্ৰেড 1 - অভ্যন্তৰীণ অৰ্শ্বৰোগ মলদ্বাৰৰ অভ্যন্তৰীণ আস্তৰণৰ উপৰত সামান্য ফোলাভাৱ থাকে । ইয়াত কোনো ধৰনৰ বিষ  অনুভৱ নহয়৷ গ্ৰেড 1 হেমোৰয়েডস সাধাৰণ।


 গ্ৰেড 2 - ফোলা কিছু বেছি হয়। মল ত্যাগ কৰা সময়ত বল দিয়া ফলত ৰক্ত নিৰ্গত হয়৷ 

 

 গ্ৰেড 3 - শৌচৰ লগত ৰক্ত ​​থাকে।  লগতে মাংস বা পিণ্ড উলাই আহে৷ আঙুলিৰে ভিতৰলৈ ঠেলা মাৰি দিলে সোমাই যায়৷


 গ্ৰেড 4 - অভ্যন্তৰীণ হেমোৰয়েডত প্ৰচুৰ বিষ হয়।  মলত্যাগ কৰাৰ সময়ত বল প্ৰয়োগ কৰোতে, ৰক্তৰ লগতে মাংস বা পিণ্ড উলাই আহে৷ তেতিয়া আঙুল প্ৰয়োগ কৰি ঠেলা মাৰি দিলেও সোমাই নাযায়৷ কেতিয়াবা পাইলচৰ এই আকাৰ বহু ডাঙৰ হৈ যায়৷



 লক্ষণ 


হেমোৰয়েডচৰ লক্ষণসমূহ কি? what is the symptoms of piles?- in assamese

অৰ্শ্বৰোগৰ লক্ষণ হ'ল: 

মলত্যাগ যাৰ ফলত  মলাশয় বা মলদ্বাৰত আঘাত হব পাৰে। 

‣ মলত্যাগ কৰা সময়ত ব্লিডিং হোৱা৷

‣ মলদ্বাৰৰপৰা শ্লেষ্মাৰ দৰে স্ৰাৱ বাহিৰ হোৱা।  

‣ মলদ্বাৰৰ কাষত এটি বেদনাদায়ক ফোলাভাৱ বা পিণ্ড বা মাংস হোৱা।  

‣ মলদ্বাৰ স্হানত খজুৱতি যা অবিচ্ছিন্নভাবে বা মাজে মাজে হব পাৰে।


কাৰণ


পাইলচ কিয় হয়? What is the main cause of piles?- in assamese


মলদ্বাৰৰ চাৰিওপাশৰ শিৰাসমূহত চাপৰ কাৰণে সেইসমূহ প্ৰসাৰিত হয় যাৰ কাৰণে  ফুলি যায় বা উখহি যায়।  শিৰাসমূহ ফুলি যোৱা কাৰণে অৰ্শ্বৰোগৰ বিকাশ ঘটে।  


নিম্নলিখিত কাৰণে মলদ্বাৰৰ নিম্ন অংশত চাপ বৃদ্ধি পায়-


মলত্যাগ কৰা সময়ত বল প্ৰয়োগ কৰা৷


দীৰ্ঘস্থায়ী ডায়ৰিয়া বা কোষ্ঠকাঠিন্য


শৌচালয় (Toilet) ত খুব দীৰ্ঘ সময় ধৰি বহি থকা ৷


উপৰৰ সমস্ত কাৰণসমূহ মলদ্বাৰ স্হানত ৰক্ত ​​প্ৰবাহক প্ৰভাৱিত কৰে,ৰক্তনলীসমূহত চাপ বঢ়ায় আৰু এইদৰে ইয়াৰ আকাৰ বৃদ্ধি হয়।


ইয়াৰ উপৰি, মলত্যাগ কৰা সময়ত অধিক বল প্ৰয়োগ কৰা ফলত মলাশয়ৰ শিৰাসমূহত বিশেষকৈ sphincter মাংসপেশীসমূহ  (opening and closing muscles)

চাপ বৃদ্ধি হয় অৰ্শ্বৰোগ উৎপন্ন হয়।


অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

হেমোৰয়েডৰ কাৰণসমূহ ভিতৰত নিম্নলিখিত কাৰনসমূহো অন্তৰ্ভুক্ত:


বয়স্ক বয়সত : হেমোৰয়ডচৰ পৰা ৰক্ষা কৰা টিস্যুসমূহ বয়সৰ লগত দুৰ্বল হৈ যায়।  এই কাৰণেও, অৰ্শ্বৰোগৰ বিকাশ ঘটে ৷


স্থূলতা বা মেদবহুলতা:  পেটৰ অভ্যন্তৰত চাপ বাঢ়িলে মলদ্বাৰৰ পেশীসমূহতো চাপ বাঢ়ে।


গৰ্ভাৱস্থা: পেটৰ অভ্যন্তৰত চাপ বঢ়াৰ উপৰিও জৰায়ুৰ আকাৰ বৃদ্ধি হোৱা বাবেও মলদ্বাৰৰ শিৰা প্ৰসাৰিত হয় আৰু ফুলি যায়।


অৰেল চেক্স: অৰেল সেক্স (oral sex) কৰাতোও অৰ্শ্বৰোগৰ কাৰণ হব পাৰে।


হেমোৰয়েডচৰ জটিলতা বৃদ্ধিৰ কাৰণ কি -


মলদ্বাৰৰ আস্তৰণৰ ভিতৰৰ শিৰাসমূহৰ পৰিবৰ্তন আৰু অৰ্শ্বৰোগ গঠনৰ কাৰণ পৰিষ্কাৰ নহয়। তথাপি বিশ্বাস কৰা হয় যে, অনেক ক্ষেত্ৰত মলদ্বাৰ আৰু তাৰ চাৰিওপাশে হোৱা বৰ্ধিত চাপ ইয়াৰ এটি কাৰণ হব পাৰে।


কোষ্ঠকাঠিন্য - কোষ্ঠকাঠিন্যেৰ কাৰণে মলদ্বাৰৰ শিৰা আৰু ইয়াৰ চাৰিওপাশে চাপৰ কাৰণে অৰ্শ হয়৷ গতিকে যেতিয়াই আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হয়, যিমান পাৰি সোনকালে যথাসম্ভব ইয়াৰ চিকিৎসা কৰক৷


গৰ্ভাৱস্থা- গৰ্ভাৱস্হাত পাইলচ সাধাৰণ।  এয়া সম্ভৱত গৰ্ভাশয়ত শিশুৰ দ্বাৰা সৃষ্ট চাপৰ কাৰণে ঘটে। ইয়াৰ উপৰি, গৰ্ভাৱস্থাযত হৰমনৰ পৰিবৰ্তনসমূহো ইয়াৰ এটি কাৰণ হব পাৰে।


বংশগত - কিছু লোকৰ ক্ষেত্ৰত বংশগত কাৰণেও পাইলচ ৰোগ হয়।  


প্ৰতিৰোধ


পাইলচ ৰোগৰ পৰা কিদৰে বাচিব? 


অৰ্শ্বৰোগ প্ৰতিৰোধৰ সৰ্বোত্তম উপায় হ'ল শৌচ নৰম কৰি ৰখা, যাতে মল ত্যাগ কৰিলে সমস্যা সৃষ্টি নহয়৷ নিয়মিত শাৰীৰিক ক্ৰিয়াকলাপৰ উপৰিও ডায়েট বা আহাৰে মূখ্য ভূমিকা গ্ৰহন কৰে৷ ইয়াৰ বাবে, আপুনি গোটেই দিন 25-30 গ্ৰাম বা তাতকৈ বেছি ফাইবাৰ সমৃদ্ধ আহাৰ গ্ৰহণ কৰা উচিত।  ফাইবাৰ সমৃদ্ধ আহাৰে উভয় প্ৰকাৰেীৰ (দ্ৰবীভূত আৰু অদ্ৰবণীয়) ফাইবাৰ থাকে৷ আপুনি যদি আপোনাৰ ডায়েটত একেবাৰতে ফাইবাৰ অন্তৰ্ভুক্ত নকৰিব, লাহে লাহে এই উপাদানটিক আপনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰক, অন্যথা ডায়েটত হঠাৎ ফাইবাৰৰ পৰিমাণ বাঢ়িলে ই পেটত গেচ আৰু পেট ফোলা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ 


অৰ্শ্বৰোগ প্ৰতিৰোধৰ বাবে আপনি নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰেঃ



টয়লেট চিটত খুব বেছি ক্ষণ বহি  নাথাকিব: দীৰ্ঘ সময় টয়লেটত বহি থকাৰ কাৰণে মলত্যাগৰ অসুবিধা হোৱাৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ লগতে শৌচালয়ত বহাৰ পজিচনৰ কাৰণেও  আপোনাৰ মলদ্বাৰৰ চাৰিওপাশে ৰক্তনলীৰ উপৰত চাপ পৰে। তদুপৰি, আপুনি টয়লেটত মোবাইল আৰু পেপাৰ, মেগেজিন লৈ নবহিব, যিমানখিনি সময় প্ৰয়োজন সিমান সময়হে ব্যয় কৰক।


অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

পৰ্যাপ্ত পৰিমাণ পানী পান কৰক:
শৰীৰৰ প্ৰয়োজন অনুযায়ী আপুনি পৰ্যাপ্ত পানী পান কৰক, ই কোষ্ঠ্যকাঠিন্যৰ সমস্যা হব নিদিয়ে৷ 



মলত্যাগৰ ইচ্ছাক উপেক্ষা নকৰিব: যদি মলত্যাগৰ ইচ্চাক আপুনি উপেক্ষা কৰি থাকে তেন্তে এই অভ্যাসৰ ফলত শৌচক কঠিন বা শুষ্ক কৰেীি তুলিব পাৰে। ফলত মলত্যাগৰ সময়ত মলদ্বাৰৰ শিৰাসমূহত চাপ সৃষ্টি হয়।  যাৰবাবে পাইলচ হোৱাৰ আশংকা থাকে৷ 


আঁহযুক্ত আহাৰ খাওঁক: আপনাৰ ডায়েটত সেউজীয়া শাকসব্জী, গোটা শস্য আৰু cereals (কৃত্ৰিমভাবে তৈয়াৰ কৰা পুষ্টিকৰ সমৃদ্ধ আহাৰ) অন্তৰ্ভুক্ত কৰক। ইয়াৰ লগতে আপুনি ইচবগুল(psyllium husk)  গ্ৰহণ কৰা উচিত।  


নিয়মিত ব্যায়াম কৰক: শাৰীৰিকভাবে গতিশীল হৈ থাকিলে  মলত্যাগ কৰাত সহজ হয়৷ যদি আপুনি পূৰ্বৰে পৰা কোনো ধৰনৰ ব্যায়াম বা অনুশীলন নাই কৰা তেন্তে, আপুনি পেটৰ ক্ৰাঞ্চসমূহ(abdominal crunches) দৰে হঠাৎ অতিৰিক্ত ওজন অনুশীলন কৰা উচিত নহয়৷ ইয়াৰ উপৰি, আপুনি যদি গোটেই সপ্তাহ ব্যায়াম বা অনুশীলন নাই কৰা তেন্তে সপ্তাহৰ শেষত একেলগে দীৰ্ঘসময় অনুশীলন নকৰিব।  এই সময়ত, আপুনি ধীৰে ধীৰে কাৰ্যকৰ আৰু সহজ অনুশীলনৰ অভ্যাস গ্ৰহণ কৰা উচিত।  প্ৰতিদিনে মাত্ৰ 20 মিনিটৰ বাবে খোজকঢ়া আপনাৰ মলত্যাগৰ গতিবেগক উন্নত কৰে।


ব্যায়ামৰ উপৰিও কিছু যোগাসন যেনে ভুজঙ্গসানা, ধনুৰাসান, শৱাসন, উত্তন পদাচনা,  ইত্যাদি হেমোৰয়েডৰ লক্ষণসমূহ হ্ৰাস কৰাত অত্যন্ত উপকাৰী। ইয়াৰ বাবে উপযুক্ত যোগাচাৰ্য্যৰ পৰা শিকি কৰা উচিত৷



সক্ৰিয় থাকক(active): আপুনি যদি গোটেই দিন বহি থাকি কাম কৰিব লাগে বা কমকৈ চলাফুৰা কৰাৰ সুবিধা পায় তেন্তে এনেক্ষেত্ৰত আপুনি একে স্হানত বহি কাম কৰাৰ এঘন্টা মূৰৰ অন্তৰালত দুই বা তিনি মিনিটৰ বাবে চলাফুৰা কৰি আঁহক৷

ইয়াৰ উপৰি, লিফ্টৰ পৰিবৰ্তে আপুনি চিৰি ব্যৱহাৰ কৰাৰ অভ্যাস কৰক৷ তদুপৰি  অফিচ পাৰ্কিংৰ সকলোতকৈ দূৰৰ স্থানত গাড়ী পাৰ্ক কৰক, ইয়াৰ ফলতো আপুনি কিছু দূৰ খোজকঢ়াৰ সুবিধা পাব৷



অৰ্শৰোগৰ বাবে ডায়েট


আপুনাৰ পেটত হোৱা যি কোনো সমস্যাৰ প্ৰত্যক্ষ আৰু ক্ষতিকাৰক প্ৰভাৱ পাইলচৰ ওপৰত পৰে৷ সেয়েহে, সঠিক ডায়েট গ্ৰহণৰ পৰা অৰ্শৰোগৰ পৰা মুক্তি পাব পাৰে আৰু অনুপযুক্ত ডায়েটে আপনাৰ হেমোৰয়েডক আৰু অধি জটিল কৰি তুলিব পাৰে।  


অৰ্শৰোগত কি খাবঃ


সেইসমূহ ভোজন খাওঁক যি সমূহত প্ৰচুৰ ফাইবাৰ থাকে আৰু সহজে হজম হয়৷ যেনে অটচ, গোমধান, গম ইত্যাদি৷ ইয়াৰ ফলত আপনাৰ পাইলচত অনেক সহায় হয়। ইয়াৰ উপৰি, অমিতা, ডিমৰু, কল, ব্ল্যাকবেৰি, বেৰি, আপেল আৰু সেউজীয়া শাকসব্জী অন্ত্ৰৰ পক্ষে খুব ভাল।  শুকান ফল যেনে বাদাম আৰু আখৰোট ইত্যাদি আৰু আপনাৰ অৱস্থাৰ লগত সামঞ্জস্য কৰাৰ বাবে আইৰন সমৃদ্ধ আহাৰ গ্ৰহন কৰক।  পিয়াজ, আদা আৰু নহৰুও হেমোৰয়েডৰ চিকিৎসাত খুব উপকাৰী।  মলত্যাগ নৰম ৰখাত প্ৰচুৰ পৰিমাণে তৰল পান কৰক।


কি নাখাব


বগা আটা বা ময়দা পাইলচৰ সমস্যা বহুগুণে বঢ়ায় তুলিব পাৰে, গতিকে বগা আটা বা ময়দা পণ্য খোৱা এৰা উচিত।  জাঙ্ক ফুড, ধূমপান আৰু এলকোহল গ্ৰহণ নকৰিব৷   দুগ্ধজাত পণ্য কোষ্ঠকাঠিন্যেৰ সমস্যা বঢ়ায় তুলিব পাৰে যি হেমোৰয়েডৰ অৱস্থাৰ আৰু জটিল কৰি পাৰে, গতিকে দুগ্ধজাত আহাৰ গ্ৰহণ কৰা অনুচিত।  তেল, মছলাযুক্ত আৰু বজাৰত প্ৰস্তুত কৰা আহাৰ পাইলচৰ বাবে ক্ষতিকাৰক। পেকেজড ফুড ব্যবহাৰ কৰা এৰি দিয়ক।

আৰু পঢ়কঃ কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese