কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

দুপৰটেঙা ঔষধি বৈশিষ্ট্যযুক্ত এবিধ আয়ুৰ্বেদিক উদ্ভিদ যি কিডনী পাথৰৰ ৰোগৰ লগতে মূত্ৰবিকাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে। দুপৰটেঙা গোটেই ভাৰততে পোৱা এবিধ চিৰসেউজ উদ্ভিদ।

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga
দুপৰটেঙা-Dupor tenga


দুপৰটেঙাৰ বৈজ্ঞানিক নাম- ব্রায়োফিলিয়াম পিন্যাটাম (Bryophyllum pinnatum)৷

দুপৰটেঙাক সাধাৰণতে অন্যান্য নামেৰেও জনা যায়- যেনে মিৰাকেল লিফ(Miracle leaf), এয়াৰ প্লান্ট( air plant),  ক্যাথেড্রাল বেলচ( cathedral bells), লীফ অফ লাইভ(leaf of life) ইত্যাদি ৷ হিন্দীত এই পাত পাথৰছট্টা(Patharchatta)  হিচাবে পৰিচিত।

দুপৰটেঙা Crassulaceae পৰিবাৰৰ অন্তর্গত।

দুপৰটেঙা পাথৰৰ চিকিৎসাৰ লগতে দেহৰপৰা বিষাক্ত পদাৰ্থসমূহ দূৰ কৰাত সহায়তা কৰে। ইয়াত ৰেচক গুন বৈশিষ্ট্য আছে যাৰফলত পাইলসৰ সমস্যা নিৰাময় হয়।  ইয়াৰউপৰি, দেহৰ ত্ৰিদোষ (বাত, পিত আৰু কফ) দমন কৰে।  দুপৰটেঙা পেট ফোলা, আলসাৰ, ঘা আৰু ৰক্ত ​​শুদ্ধ কৰাতো সহায়তা কৰে।  কিডনীত পাথৰ আৰু  অন্যান্য অনুৰৃপ সমস্যা নিৰাময়ত দুপৰটেঙা খুব উপকাৰী৷

দুপৰটেঙাই কিডনী পাথৰ নিৰাময় কৰে-“Dupor tenga” Cure for Kidney stones naturally


দুপৰটেঙা সেৱন কৰি পাথৰ সমস্যাৰ নিৰাময় কৰিব পাৰি৷ ইয়াৰ বাবে দুপৰটেঙা ব্যৱহাৰ এইধৰনে কৰা উচিত-

উপাদানসমূহ

  •  40-50 মিলি - দুপৰটেঙা ৰস
  •  500 মিলিগ্ৰাম - শিলাজিত 
  • 3.2 গ্ৰাম - মৌ


কিডনীত পাথৰ নিৰাময় কাৰনে দুপৰটেঙা কিদৰে ব্যৱহাৰ কৰিব

1. দুপৰটেঙা গছৰ পৰা ৰস (decoction) উলিয়াই গৰম কৰক  

2. ঠাণ্ডা হলে শিলাজিত আৰু মৌ মিহলাই লওক। 

3.এই মিশ্ৰণটো অলপ অলপ কৰি সেৱন কৰক।
দিনটোত দুবাৰকৈ এই মিশ্ৰন সেৱন কৰিব পাৰে৷

প্ৰস্ৰাৱৰ সমস্যা দুপৰটেঙায় নিৰ্মূল কৰে-“Dupor tenga” Useful in Urinary disorders


 মূত্ৰবিকাৰত দুপৰটেঙা পাতৰ ব্যৱহাৰ অতি ফলপ্ৰসূ চিকিৎসা৷ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে নিম্নলিখিত পদ্ধতিত আগবঢ়োৱা হৈছে -

 উপকৰণ 

  • 1.5 মিলি - দুপৰটেঙা ৰস 
  • 2 গ্ৰাম - মৌ


প্ৰসাৱৰ সমস্যা দূৰ কৰাত দুপৰটেঙা কিদৰে ব্যৱহাৰ কৰিব

1. দুপৰটেঙা পাতৰ ৰস তৈয়াৰ কৰক।  এই ৰস যিকোনো প্ৰকাৰৰ মূত্ৰ ব্যাধি দূৰ কৰিব পাৰে৷

2. পুৰুষৰ মূত্ৰবিকাৰৰ বাবে দুপৰটেঙা লগত মৌ সংযোগ কৰিব৷ আৰু দিনে দুবাৰকৈ গ্ৰহন কৰিব৷  

দুপৰটেঙা পাত ক্ষত বা ফোঁহাৰ (boil) বাবে উপকাৰী-“Dupor tenga” Helpful in Boils


ক্ষত বা ফোঁহাৰ চিকিৎসাৰ বাবে দুপৰটেঙা খুব দৰকাৰী ঔষধ৷ ইয়াৰ পেস্ট এইদৰে প্ৰস্তুত কৰক-

 1. দুপৰটেঙা পাত সামান্য গৰম কৰি পিচি লওক

2. এতিয়া এই পেষ্টখিনি আক্ৰান্ত স্হানত লগাওক৷

3. ইয়াৰ ফলত ফোঁহা, ৰঙাপৰা নতুবা জ্বলন আদিও নিৰাময় হব৷ 

দুপৰটেঙাই  উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰে-“Dupor tenga” For Hypertension


দুপৰটেঙা পাতৰ এক্সট্ৰাকশনে (extraction) উচ্চ ৰক্তচাপ হ্ৰাস কৰে (High BP)।  উচ্চৰক্তচাপত দুপৰটেঙা কিদৰে ব্যৱহাৰ কৰিব-

1. দুপৰটেঙা পাতৰ নিস্কাশন প্ৰস্তুত কৰক৷

2.দিনত দুইৰপৰা তিনিবাৰ 5-10 টোপাল সেৱন কৰক৷ 

দুপৰটেঙা লিউকেমিয়া ৰোগত উপকাৰী- “Dupor tenga” Curbs Leukaemia


দুপৰটেঙাৰ ওপৰৰ অংশৰ extract ৰ ব্যৱহাৰ ৰক্তৰ কেন্সাৰৰ বাবে উপকাৰী।  ইয়াক নিম্নৰূপত ব্যৱহাৰ কৰক: 

1. দুপৰটেঙা পাতৰ নিস্কাশন প্ৰস্তুত কৰক৷

2. দিনে দুইৰ পৰা তিনিবাৰ 5-10 টোপাল এক্সট্ৰাক্ট(extract) সেৱন কৰক।  

3. ই লিউকেমিয়া পৰা ৰক্ষাত সহায়তা কৰিব।

দুপৰটেঙা যোনি সংক্ৰমণত উপকাৰী- “Dupor tenga” Treat Vaginal disorders


যোনি স্ৰাৱৰ কাৰণে মহিলাৰ বহু সমস্যা দেখা যায়৷  এই সমস্যাৰ পৰা  মুক্তি পাবলৈ দুপৰটেঙা কাৰ্যকৰ ঔষধী৷ ইয়াক নিম্নলিখিত উপায়েৰে ব্যৱহাৰ কৰক - 

উপাদান 

  • দুপৰটেঙাৰ পাত 
  •  মৌ - 2 গ্ৰাম


1. দুপৰটেঙাৰ পাতাৰপৰা ৰস বা কাঢ়া প্ৰস্তুত কৰক।
  
2. ইয়াৰপিছত, 40-60 মিলিগ্ৰামৰ দুপৰটেঙাৰ ৰসত 2 গ্ৰাম মৌ যোগ কৰক।  এই মিশ্ৰণটি দিনে দুবাৰ পান কৰক।

দুপৰটেঙাই মূৰবিষ নিৰাময় কৰে- “Dupor tenga”Treats Headache


 প্ৰায়ে মূৰবিষত আক্ৰান্ত ব্যক্তিৰ বাবে দুপৰটেঙা খুব উপকাৰী হব পাৰে।  ইয়াক পেস্ট এইদৰে প্ৰস্তুত কৰক-

দুপৰটেঙাৰ পাত পিচি লৈ পেষ্ট প্ৰস্তুত কৰক
আৰু এই পেষ্ট মূৰবিষত লগাওক ৷ এই লেপৰ দ্বাৰা মূৰবিষ উপশম হয়৷ 

দুপৰটেঙা চকুৰ বাবে উপকাৰী-“Dupor tenga” Relief From Eye pain


 দুপৰটেঙা চকুৰ বিষৰপৰা আৰাম দিয়ে৷ ইয়াক   নিম্নৰূপত ব্যৱহাৰ কৰক- 

1. দুপৰটেঙা পাতৰ ৰস উলিয়াই লওক

2. এই ৰস আপোনাৰ চকুৰ চাৰিওপাশে লগাওক।  ইয়াৰ ফলত চকুৰ বিষ নিৰাময় হব৷

দুপৰটেঙা পাত ক্ষত নিৰাময়ত উপকাৰী-“Dupartenga” Relieves Pain or Inflammation 


ক্ষত নতুবা দাগৰ সমস্যা পৰা  মুক্তি দিয়াত এটি খুব ভাল পৰু কাৰ্যকৰ চিকিৎসা হৈছে দুপৰটেঙা৷  ইয়াক নিম্নৰূপত  ব্যৱহাৰ কৰক-

1. দুপৰটেঙা পাত সামান্য গৰম কৰি হাতেদি মোহাৰি লওক

2. এতিয়া পেস্টতো  ক্ষতৰ উপৰত লগাওক।  

3. এই পেস্ট ক্ষতসমূহ দ্ৰুতভাবে নিৰাময় কৰাৰ লগতে  ক্ষতচিহ্নসমূহ নিৰ্মূল কৰাত সহায়তা কৰে।

ডায়ৰিয়াত ৰক্ত পাত হলে দুপৰটেঙা অত্যন্ত প্ৰভাৱশালী চিকিৎসা- “Dupor tenga”Relief From bleeding diarrhea


 ​এই চিকিৎসাত দুপৰটেঙা এইদৰে ব্যৱহাৰ কৰক-

উপকৰণ 

  • দুপৰটেঙা পাত 
  • জিৰা
  • ঘি 


1. ৰক্তজনিত ডায়েৰিয়াৰ বাবে দুপৰটেঙা পাত ব্যৱহাৰ কৰিবলৈ পোনপ্ৰথমে দুপৰটেঙা পাতৰ পৰা  3-6 গ্রাম ৰস উলিয়াই লওক

2. এই ৰসত জিৰা আৰু ঘী যোগ কৰি ৰোগীক খোৱাওক

3.  দিনটোত তিনিবাৰ এই মিশ্ৰন সেৱন  কৰক৷

সম্পূৰ্ণ তথ্য আগবঢ়াইছে
Dr.Laxmidutta Shukla
BAMS,MD, Ayurveda

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese