ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

ভুঁই আমলখি সৰু গছ (bhumi amla plant) বৰ্ষাঋতুত উৎপাদিত হয়।  এই গছ শৰতকালত ফুলে আৰু গ্ৰীষ্ম ঋতুত শুকাই যায়। ইয়াৰ ফল গোলাকাৰ আৰু আকাৰত সৰু হয় আৰু ফলসমূহ পাতৰ তলফালে লাগি থাকে৷

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পৃথিৱীত ভুঁই আমলখি তিনিটা প্ৰজাতি আছে-

Phyllanthus urinariaLinn.
Phyllanthus niruri L. আৰু
Phyllanthus maderaspatensis L. পোৱা যায়

চিকিৎসাৰ দৃষ্টিকোণৰ পৰা, মূলত Phyllanthus urinariaLinn  ব্যৱহাৰ কৰা হয়।

এই উদ্ভিদৰ (bhumi amla tree) শাখা প্ৰশাখা, চিধা আৰু মাটিত বগাই যায়। ইয়াৰ পাতসমূহ আমলখি পাতৰ দৰেই কিন্ত্ত আকাৰত সৰু আৰু  উজ্জ্বল হয়৷

ইয়াৰ গুটি গোলাকাৰ হয়। ইয়াৰ পঞ্চাংগ ঔষধ ব্যৱহৃত হয়। ই কফ ব্যাধি, প্ৰস্ৰাৱ সম্পৰ্কিত ৰোগ, ক্ষুধা আৰু যৌন উত্তেজনা বৃদ্ধি কৰে।

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

ভুঁই আমলখি গছ আৰু পাতৰ তলৰ গুটি


ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

ভুঁই আমলা গছ



বিভিন্ন ভাষাত ভুঁই আমলখিৰ নাম - Bhumi amla plant called in different languages

ভূমি আমলখীৰ বৈজ্ঞানিক নাম Phyllanthus urinaria Linn

ভুঁই আমলখি বিভিন্ন স্হানত বিভিন্ন নামেৰে জনা যায়-

Hindi - ভূই আমলা, ভুৰি আমলা, হজাৰমনি

English - Stonebreaker, Leafflower, Chamber bitter

Sanskrit – তালী, ভুম্য়ামলকী, শিবা, তামলকী বহুফলা, বহুপত্ৰা, বহুবিৰ্যা, ভূধাত্ৰী

Kannada – কেম্পুকিৰেনেলি (Kempukiranelli)

Gujarati – ভোয়েন আওলি (Bhoen awali)

Tamil – শিবাপুনেলি (Shivappunelli)

Telugu – এট্টাচিৰিকা (Ettausirika)

Bengali – ভূই আমলা (Bhui amla), হাজাৰমণি (Hazarmani)

Nepali – ভূই আনৱালা (Bhui anwala)

Marathi – ভূই আভালি (Bhui avali)

Manipuri – চাকপা-হিকাৰু (Chakpa-heikru)


ভুঁই আমলাৰ উপকাৰিতা আৰু ব্যৱহাৰসমূহ - Bhui amla benefits and uses in Assamese

ভুঁই আমলাৰ ঔষধীয় ব্যৱহাৰ, পৰিমাণ আৰু পদ্ধতি দিয়া হ'ল: -

শ্বাসজনিত বিকাৰসমূহৰ বাবে  ভুঁই আমলাৰ ব্যবহাৰ - Bhumi amla plant benefits to treats respiratory problems in Assamese

শ্বাসতন্ত্ৰৰ সমস্যা নিৰাময়ৰ বাবে ভুঁই আমলখি অত্যন্ত উপকাৰী।
  
➡ 10 গ্ৰাম ভুঁই আমলখিৰ শিপা বা মূল পানীৰ লগত পিচি  তাতে 1 চামুচ  মিছিৰি বা মধু মিহলাওক ৷ ইয়াক খালে নতুবা নাকত দিলে শ্বাসকষ্টজনিত সমস্যা পৰা মুক্তি পোৱা যায়।

➡ আধা লিটাৰ পানীত 50 গ্ৰাম ভুঁই আমলখিৰ পঞ্চাংগ  সিদ্ধ কৰক। পানী এক-চতুৰ্থাংশ হলে, এক চামুচ দিনে দুবাৰকৈ খালে শ্বাসকষ্টৰ সমস্যা পৰা মুক্তি পোৱা যায়।


দীৰ্ঘস্থায়ী ক্ষত নিৰাময়ৰ বাবে ভুঁই আমলখিৰ ৰস উপকাৰী - Bhumi Amla juice benefits for healing chronic wounds in Assamese

➡ ক্ষতস্থানত ভুঁই আমলখিৰ ৰস প্ৰয়োগ কৰিলে ক্ষত নিৰাময় হয়৷ 
➡ ভুঁই আমলখিৰ পঞ্চাংগ চাউলৰ পানীৰে পিচি ক্ষতত লগালে ক্ষতৰ ফোলাভাব নিৰাময় হয়।  
➡ ভুঁই আমলখিৰ পাতৰ এটি কাঢ়া তৈয়াৰ কৰি ক্ষতস্হান ধুলে ক্ষত নিৰাময় হয়।  

ভুঁই আমলা কাঁহৰ পৰা স্বস্তি দিয়ে - Bhumi amla tree benefits in chronic cough in Assamese

➡ ভুঁই আমলা (bhumi amla) 50 গ্ৰাম আধা লিটাৰ পানীত উতলাওক৷ যেতিয়া এক চতুৰ্থাংশ থাকি যায়, তেতিয়া ইয়াৰ এক চামুচ দিনে দুবাৰ খালে কাঁহৰপৰা মুক্তি পোৱা যায়।

পেটৰ ৰোগত উপকাৰী ভুঁই-আমলাৰ ব্যৱহাৰ - Bhumi amla juice helps to reduce abdominal pain in Assamese

➡ ভুঁই আমলাৰ 20 গ্ৰাম পাত 200 মিলি পানীত সিদ্ধ কৰক৷  ইয়াক চেকি লৈ অলপ অলপকৈ খালে, পেটৰ বেমাৰ ভাল হয়।

নতুবা,

➡ ভুঁই আমলখি  50 গ্ৰাম পঞ্চাংগক 400 মিলি পানীত উতলাওক৷ যেতিয়া পানী এক-চতুৰ্থাংশ হব, তেতিয়া এই কাঢ়া 10 মিলি মাত্ৰাত দিনত তিনিবাৰ পান কৰক৷   


ভুঁই আমলখি সেৱনে অন্ত্ৰৰ ৰোগত উপকাৰ হয় - Bhumi amla powder benefits in intestines disease treatment in Assamese

ছাঁয়াত শুকোৱাই লোৱা  ভুঁই আমলা কুটি লওক৷ 400  মিলি পানীত 10 গ্ৰাম ভুঁই আমলা উতলাওক৷ যেতিয়া এক চতুৰ্থাংশৰো কম বাকী থাকে, তেতিয়া ফিল্টাৰ কৰি ৰাতিপুৱা খালি পেটত খাওক আৰু  ৰাতি আহাৰ খোৱাৰ এক ঘন্টা আগে খোৱা উচিত।  অন্ত্ৰৰ আলসাৰ(ulcer) নিৰাময়ৰ বাবে ই এটি অলৌকিক ঔষধ হয়৷ এই প্ৰয়োগ লিভাৰৰ বাবেও বহুত উপকাৰী৷ (bhumi amla benefits in relieving from liver disorder)

আৰু পঢ়কঃ পেটৰ সমস্যা

ভূমি আমলা জন্ডিচৰ চিকিৎসাত উপকাৰী- Bhumi Amla Treats Jaundice

➡ ভুঁই আমলখি পেস্টৰ মিশ্ৰণ গাখীৰৰপৰা তৈয়াৰ কৰা চাঁচ (buttermilk) ৰ লগত পান কৰিলে জন্ডিচত উপকাৰ হয়।

নতুবা,

➡  ভুঁই আমলখিৰ ১০০ গ্ৰাম মূল পিচি লওক।  পুৱা আৰু সন্ধ্যা 250 মিলিলিটাৰ গাখীৰৰ লগত খালী পেটত  গ্ৰহণ কৰক। ই জন্ডিচৰ বাবে উপকাৰী।

‣ ভূমি আমলা পাউদাৰ ডায়বেটিচ নিয়ন্ত্ৰণত উপকাৰ কৰে- Bhumi amla powder benefits in controlling diabetes in Assamese

➡ 15 গ্ৰাম ভুঁই আমলা পঞ্চাংগ গুঁড়ি (bhumi amla powder) ৰ লগত 20 টা জালুকৰ গুঁড়ি মিহলাই লওক৷ ইয়াক দিনে ২-৩ বাৰ সেৱন কৰিলে ডায়বেটিচত উপকাৰ পোৱা যায়৷



‣ ভুঁই আমলখী উপকাৰিতা জ্বৰত- Bhumi amla plant benefits in fighting with fever in Assamese

➡ ভুঁই আমলাৰ (bhumi amla) কোমল পাতৰ লগত জালুক (চতুৰ্থাংশ) পিচি লওক৷ ভুঁই আমলাৰ এই মিশ্ৰনেৰে জায়ফলৰ সমান টেবলেট তৈয়াৰ কৰি দিনে 2 বাৰ গ্ৰহন কৰক৷ তীব্ৰ জ্বৰৰ সময়ত ই অত্যন্ত প্ৰভাৱশালী৷


 ‣ ভূমি আমলা মূত্ৰস্হলিৰ সমস্যা নিৰাময় কৰে- Bhumi amla cures urinary problems in Assamese

➡ 10 মিলি ভুঁই আমলাৰ (bhumi amla) ৰসত জিৰা তথা চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বালা সহ অন্যান্য প্ৰস্ৰাৱজনিত ৰোগ নিৰাময় হয়।

➡ এক চামুচ ভুঁই আমলাৰ পাতৰ ৰসত জিৰা আৰু  চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলনজনিত সমস্যাত উপকাৰী।

10 মিলি ভুঁই আমলাৰ ৰস 10 মিলি গৰু ঘি যোগ কৰক। ইয়াৰ সেৱন কৰিলে প্ৰস্ৰাৱ ৰখি ৰখি  অহা সমস্যা পৰা মুক্তি পোৱা যায়। ইয়াৰ 100 গ্ৰাম পাত 250 মিলিলিটাৰ গাখীৰৰ লগত খালে মূত্ৰসম্বন্ধীয় ব্যাধি নিৰাময় হয়।


‣ ভূমি আমলা ৰস ডায়ৰিয়াৰ বাবে উপকাৰী- Bhumi Amla Juice Benefits for Diarrhea 


➡ ভুঁই আমলাৰ (bhoomi amla) 50 গ্ৰাম পঞ্চাংগ 400 মিলি পানীত উতলাওক৷ যেতিয়া পানী এক-চতুৰ্থাংশ হব, তেতিয়া তাত 5 গ্ৰাম মেথি গুঁড়ি মিহলাওক ।  অলপ অলপ কৰি পান কৰিলে তীব্ৰ ডায়ৰিয়াত উপশম হয়।

নতুবা,

➡  ভুঁই আমলাৰ 20 গ্ৰাম পাত 200 মিলি পানীত সিদ্ধ কৰক। ইয়াক চেকি লৈ অলপ অলপকৈ  পান কৰিলে ডাযেৰিয়াত আৰাম পোৱা যায়৷


প্ৰতিটি ৰোগৰ পৰা বাচিবৰ বাবে ভুঁই আমলাৰ সেৱন কৰাৰ এটি বিধি-

যদি এই গছ উপলব্ধ তেনেহলে ইয়াক পানী দি ভালদৰে পৰিষ্কাৰ কৰি ছায়াত শুকোৱাই লওক৷ আৰু ইয়াৰ গুঁড়ি তৈয়াৰ কৰক৷  এটি এয়াৰ টাইট পাত্ৰত এই গুড়ি  ৰাখক।

বৰ্ষাকালত যেতিয়া বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছি হয়  প্ৰতিদিনে 2 ৰপৰা 3 বাৰ আধা চা চামুচ গুঁড়ি পানীৰ সৈতে খাওক৷ এনেদৰে প্ৰতিদিন গোটেই বাৰিষা কালছোৱাত খোৱা লোক কেতিয়াও  অসুস্থ নহয়।  আপনি যদি বিচাৰে এই গুড়ি সিদ্ধ কৰি কাঢ়া হিচাবে খাব পাৰে৷ 


আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ🙏

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga