ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese


ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese


আধুনিক জীৱন শৈলীত অভ্যস্ত মানুহৰ প্রতি দহজনৰ ভিতৰত চাৰি জনেই কোষ্ঠবদ্ধতা বা কোষ্ঠকাঠিন্যৰ চিকাৰ হৈছে । পাচনতন্ত্ৰৰ দুর্বলতা , খাদ্যত আঁহৰ অভাৱ আদি কাৰণতে কোষ্ঠবদ্ধতা হয়৷ আচলতে পুষ্টি দ্রব্যৰ ওপৰঞ্চিভাৱে আমাৰ খাদ্যত এনে কিছুমান দ্রব্যও দৰকাৰ হয়, যিবিলাকে শৰীৰৰ পৰা মল নিষ্কাশন কৰাত সহায় কৰে৷ সেয়ে আমাৰ খাদ্যত চেলুলােজযুক্ত খাদ্য পদার্থ থাকিব লাগে, কাৰণ খাদ্যৰ আঁহ হজম নহয় বৰং হজম হােৱা খাদ্য পদার্থবােৰ অন্ত্ৰৰ ভিতৰত ৰৈ থাকিবলৈকো নিদিয়ে৷ বাচনবর্তনত লাগি থকা তেল বা আঠা লাগি ৰােৱা খাদ্য পদার্থ ব্ৰাছ বা স্ক্রাবাৰে ঘঁহি পৰিষ্কাৰ কৰা হয়, তেনেদৰে আঁহযুক্ত খাদ্য পদার্থই আমাৰ শৰীৰৰ ভিতৰত ব্ৰাছৰ দৰে কাম কৰে৷

কোষ্ঠ্যকাঠিন্য নিৰাময়ৰ বাবে কিছুমান ঘৰুৱা প্ৰতিকাৰ (Constipation treatment at home) আগবঢ়োৱা হল-


কিছমিছ

সাধাৰনভাৱে কোষ্ঠকাঠিন্য হলে ৰাতি শুৱা সময়ত ৰাত, দহ-বাৰটা কিছমিছ (পানীৰে ভালদৰে ধুই লব) গাখীৰৰ লগত উতলায় খাব৷ ৰাতিপুৱা পেট খোলোচা হব৷  তীব্ৰ কোষ্ঠকাঠিন্য, তিনি দিনলৈ অবিৰামভাৱে গ্ৰহণ কৰক আৰু  প্ৰয়োজন অনুযায়ী মাজে মাজে লব পাৰে৷ 

ত্ৰিফলা

ত্ৰিফলা গুড়ি চাৰি গ্ৰাম (এক চা চামুচ) 200 গ্ৰাম গৰম গাখীৰ বা গৰম পানীৰ লগত ৰাতি খালে কোষ্ঠকাঠিন্য নিৰাময় হয়।

ইচবগুল

ইচবগুলৰ ভুচিৰ প্ৰথম পদ্ধতি - 

দহ গ্ৰাম (দুই চা-চামুচ) ইচবগুলৰ ভুচি ছয় ঘন্টা পানীত তিয়াই ৰাখক৷ ইয়াৰ সমান পৰিমাণৰ মিচিৰি মিহলাই  ৰাতি শুৱা আগে গ্ৰহন কৰক। ইচবগুলক পানীত নিতিওৱাকৈও পানীৰ লগত এনেয়ে খাব পাৰি৷ মাত্ৰ পৰিমান সঠিক হব লাগে আৰু শুৱৰ সময়ত খালে উপকাৰী৷ 

দ্বিতীয় পদ্ধতি -

ইচবগুলৰ ভুচি পাঁচৰপৰা দহ গ্ৰাম মাত্ৰাত লৈ 200 গ্ৰাম গৰম গাখীৰত তিয়াই ৰাখক৷ ইচবগুল ফুলি গাঢ় হৈ যাব৷ ইয়াৰ চেনি মিহলাই খাওক আৰু ওপৰৰপৰা গৰম গাখীৰ পান কৰক৷  সন্ধ্যা সময়ত ইয়াক গ্ৰহন কৰে যদি ৰাতিপুৱা মল পৰিষ্কাৰ হব ধৰিব।

বিশেষঃ

কোষ্ঠকাঠিন্য হলে এক ৰপৰা দুই চা চামুচ ইচবগুলৰ ভুচি প্ৰতিদিন ৰাতি পানীত তিয়াই ব্যৱহাৰ কৰা হয়  বা গৰম পানী বা গাখীৰৰ লগত গ্ৰহণ কৰা হয়। ডায়ৰিয়া আৰু আমাশয়(dysentery) ক্ষেত্ৰত সতেজ দৈ বা চাঁচ লগত খাবলৈ পৰামৰ্শ দিয়া হয়৷ এইদৰে, কোষ্ঠকাঠিন্য হলে পানী বা গাখীৰৰ লগত আৰু ডায়ৰিয়া আৰু আমাশয়ত দৈ ৰ লগত ব্যৱহাৰ কৰা হয়৷ 

ইচবগুল পেটৰ ৰোগৰ বাবে এটি শ্ৰেষ্ঠ আৰু চমৎকাৰ ঔষধ। ই ডায়ৰিয়া, আমাশয় আৰু কোষ্ঠকাঠিন্যৰ বাবে এটি সুপৰিচিত আৰু নিৰাপদ প্ৰতিকাৰ আৰু শিশু তথা বৃদ্ধ বয়স পৰ্য্যন্ত প্ৰত্যককে কোনো বিৰূপ প্ৰভাৱৰ ভয় নথকাকৈ দিব পৰা যায়৷ ইচবগুলে অন্ত্ৰৰ মাৰ্গক মসৃণ কৰি তোলে আৰু মল সঠিকভাব বাহিৰ কৰাত সহায়তা কৰে।  বদহজমৰ কাৰণ মলত্যাগৰ সমস্যা বহুদিন ধৰি হৈ থাকিলে দীৰ্ঘক্ষণ অবিচ্ছিন্নভাৱে সেৱন কৰা বাঞ্ছনীয় কাৰণ ইয়াৰ নিয়মিত ব্যৱহাৰৰ ফলত শৰীৰৰ অন্যান্য ধৰণৰ বিকাৰ উৎপন্ন নহয়।


কেষ্টৰ অয়ল

অক্ষতিকৰ জুলাব (Constipation syrup )

- কেষ্টৰ অয়ল একৰ পৰা পাঁচ চামুচ মাত্ৰাত এক কাপ পানী বা গাখীৰত মিহলাই ৰাতি শুৱা সময়ত খালে কোষ্ঠ্যকাঠিন্য সমস্যা নিৰাময় হয়৷ 

বিশেষ

প্ৰাপ্তবয়স্কসকলে সাধাৰণতে কেষ্টৰ অয়ল দুই- চাৰি চামুচ খোৱা উচিত আৰু নৱজাতকক এক চা চামুচ দিয়া উচিত।  যিসকলে জটিল কোষ্ঠকাঠিন্যত ভুগি আছে তেওঁলোকে আঠ চা চামুচ কেষ্টৰ অয়ল সেৱন কৰিব পাৰে আৰু অন্যসকলৰ কেৱল  তিনি টোপাল দিয়ে পেট চাফা হৈ যায়৷

কেষ্টৰ অয়ল এটি খুব ভাল অক্ষতিকৰ জুলাব হয়। ইয়াক (constipation in kids) সৰু লৰা ছোৱালীকো দিয়া হয় আৰু গাখীৰৰ ব্যাধিজনিত কাৰণত হোৱা পেটৰ বিষ আৰু বমি হোৱাক ক্ষেত্ৰত ইচবগুলৰ ব্যৱহাৰ খুব উপকাৰী। ইয়াৰ ফলত, অন্ত্ৰৰ কোনো ক্ষতি নহয়। গতিকে ইয়াক বিনা দ্বিধায় সকলো ধৰণৰ ৰোগীয়ে খাব পাৰে।  কোষ্ঠকাঠিন্য, হেমোৰয়দচ, চকুৰ পতা আৰু খজুৱতিৰ বাবেও ইয়াৰ ব্যৱহাৰ উপকাৰী।

আৰু পঢ়কঃ ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? 


কমলা

পুৰনা বা জটিল কোষ্ঠকাঠিন্য - দুটা কমলা ৰস খালি পেটত আঠৰপৰা দহ দিন একেৰাহে পান কৰিলে ভাল হৈ যায়।

বিশেষ

 কমলাৰ ৰসত নিমখ, মছলা বা বৰফ দি নাখাব। ৰস সেৱন কৰা পিছত দুই ঘন্টা কোনো ধৰনৰ খাদ্য গ্ৰহন কৰিব নালাগে৷

বুট

কোষ্ঠ্যকাঠিন্যত ভুগি থকা লোকৰ  বাবে বুট বৰ উপকাৰী৷ এমুঠি বুট ৰাতি পানীত তিয়াই থৈ পুৱা চোবাই খাওক৷ ইয়াৰউপৰি, বুটৰ গুড়িৰে তৈয়াৰ কৰা আটাৰে বনোৱা ৰুটি খাই থাকিলে কোষ্ঠ্যকাঠিন্য নিৰাময় হয়৷


কোষ্ঠ্যকাঠিন্যৰ বাবে খাদ্যপ্ৰনালী- Constipation foods

কোষ্ঠকাঠিন্য হলে কি কি খাব- Constipation relief foods

ঘেঁহুৰ ভুচি আৰু চানা, দৈ, শাক বা পালেং শাক, জিলমিল শাক, মেথি শাক, বিলাহী, কেঁচা পিয়াজ, চালাদ, পদিনা, অমিতা, চিকু, নাচপতি, আমলখী, কমলা, সতেজ ফলৰ ৰস, নেমুৰ পানী, দেশী ঘী, মাখন, গাখীৰ, খেজুৰ বা ডিমৰু, শিলিখা, পকা আম, পকা বেল, মূলা, মানকচু,দোৰোন শাক, চিৰতা, মৌ ইত্যাদি৷

ওপৰৰ উপকাৰী ডায়েটৰ লগতে যদি কোষ্ঠকাঠিন্য প্ৰতিৰোধমূলক নিয়মসমূহ অনুসৰণ কৰা হয় তেতিয়া কোষ্ঠকাঠিন্য আশ্চৰ্যজনকভাৱে আৰু স্থায়ীভাৱে সমাধান হয়৷ 

‣ জুইত ৰন্ধা ভোজনৰ মাত্ৰা কিছুপৰিমাণে কম কৰি ইয়াৰ স্হানত সতেজ মৌচুমী শাক-পাচলি, অংকুৰিত অন্ন আদি প্ৰাকৃতিক আহাৰৰ মাত্ৰা বৃদ্ধি কৰক৷ 

‣ ভোজন কৰা সময়ত পোনকৈ বহি লাহে ধীৰে খাদ্য চোবাই খাওক৷ টিভি, মবাইল আদি চাই ভোজন গ্ৰহন কৰাৰ পৰা বিৰত থাকক৷

‣ যথেষ্ট পৰিমানে পানী খাওক৷ লগতে আহাৰ খোৱাৰ পোন্ধৰ মিনিট পিছত পানী খাওক৷

‣ ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত থোৱা পানী খাওক৷

‣ যোগাসন (constipation yoga) কৰক৷ বিশেষকৈ আহাৰ খোৱা পিছত পাঁচ মিনিট সময় ভৰি দুয়োটা কোঁচাই বজ্ৰাসনত বহক৷

‣ প্ৰতিদিনে 4-5 কিলোমিটাৰ খোজকাঢ়ক৷

‣ সন্ধিয়া আহাৰ সূৰ্য্য অস্ত যোৱাৰ আগেয়ে সমাপ্ত কৰক৷ (6 টা 7 বজাত)


কি কি নাখাবঃ Constipation food to avoid

ময়দা বা ময়দাৰে তৈয়াৰী খাদ্য, ঘিউ, মাখন, মছলা, সহজে হজম নোহোৱা খাদ্য,টোপনি ক্ষতি, মাদক দ্ৰৱ্য উপাদান, বজাৰৰ চাট্, চিঙৰা, জেলেবী, মিঠাই, ককা কোলা (Coca-cola), কফি, চাহ, মাংস, মাছ, ডিম, ৰাতি দেৰিকৈ খোৱা,  খোৱাৰ লগে লগে ফ্ৰিজৰ পানী পান কৰা, দীৰ্ঘ ঘন্টা বহি থকাৰ অভ্যাস ইত্যাদি।


আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

মোৰ অন্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে




মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ ৷৷








Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga