প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese


মূত্ৰনলীৰ সংক্ৰমণ (UTI)- Urinary Track Infection

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese



মূত্ৰনলীৰ সংক্ৰমণ (ইউৰিন ইনফেকচন বা ইউটিআই-UTI) হ'ল অণুজীৱ (মাইক্ৰোস্কোপবিহীন জীৱ) দ্বাৰা সৃষ্ট সংক্ৰমণ।বেছিভাগ ইউটিআই বেক্টেৰিয়াৰ কাৰণে হয় যদিও কেতিয়াবা কেতিয়াবা ভেঁকুৰ আৰু ভাইৰাচৰ দ্বাৰাও সৃষ্টি হব পাৰে৷ ই মানুহৰ মাজত হোৱা আটাইতকৈ সাধাৰণ সংক্ৰমণ।  

ইউটিআই মূত্ৰমাৰ্গৰ যি কোনো স্থানতে হব পাৰে। মূত্ৰমাৰ্গ মানে কিডনী, মূত্ৰবাহিনী(Ureters), মূত্ৰাশয়(bladder)আৰু মূত্ৰমাৰ্গ(urethra) আদি সকলোতে হব পাৰে৷  নিম্ন ইউটিআইত (lower tract UTI) মূত্ৰাশয় আৰু মূত্ৰমাৰ্গ তথা  ওপৰৰ অংশৰ কিডনী আৰু মূত্ৰবাহিনী  আক্ৰান্ত হব পাৰে।  নিম্ন ইউটিআইত মূত্ৰনলীৰ সংক্ৰমণ অতি সাধাৰণ আৰু গুৰুতৰ হব পাৰে৷

সৰু লৰা ছোৱালীৰ তুলনাত প্ৰাপ্তবয়স্কৰ মাজত প্ৰস্ৰাৱৰ সংক্ৰমণ বেছি হয়।  পুৰুষৰ তুলনাত মহিলাৰ মাজত এই সংক্ৰমণ বেছি দেখা যায়।  ইয়াৰ কোনো প্ৰত্যক্ষ কাৰণ নাই যদিও জননাংগৰ গঠন (মূত্ৰমাৰ্গ আকাৰত সৰু হোৱা) ইয়াৰ বাবে কিছুপৰিমাণে দায়ী।


প্ৰায় 40% মহিলা আৰু 12% পুৰুষৰ জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা  মূত্ৰনলীৰ সংক্ৰমণ হয়।

আৰু পঢ়কঃ ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese

মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণসমূহ (ইউটিআই) - Urinary Track Infection(UTI) Symptoms in Assamese

নিম্ন মূত্ৰনলীৰ সংক্ৰমণৰ (lower tract UTI) লক্ষণসমূহ, সংক্ৰমণৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে৷ যেনে-

  • মূত্ৰাশয় সংক্ৰমণ (Bladder infection) হলে , মূত্ৰনলী আৰু মূত্ৰাশয় আস্তৰণ ফুলি (inflammation) যাব পাৰে ,
  • প্ৰস্ৰাৱৰ সময়ত বিষ বা জ্বলন সংবেদন [Dysuria],  
  • ঘনাই প্ৰস্ৰাৱ কৰা,
  • ৰাতি প্ৰস্ৰাৱ ঘনাই হোৱা (Noctuiia),
  • খুব কম পৰিমাণে প্ৰস্ৰাৱ কৰা,
  • তাৎক্ষণিক প্ৰস্ৰাৱ হোৱাৰ ভয় লাগি থকা,
  • দুৰ্গন্ধযুক্ত আৰু প্ৰস্ৰাৱত ৰক্ত যোৱা,
  • পেটৰ তলপেটত বা পেল্ভিচ (pelvis) ত বিষ,
  • পাতল জ্বৰ (101 ফাৰেনহাইটৰ কম), চৰ্দি আৰু অসুস্থ অনুভৱ কৰা।

ওপৰৰ অংশৰ মূত্ৰনলীৰ সংক্ৰমণত নিম্নলিখিত বৈশিষ্ট্যসমূহ দেখায় (ইউৰেটাৰ আৰু কিডনিত সংক্ৰমণ): 

  • উচ্চ জ্বৰ (101 ৰ বেচি ফাৰেনহাইট),
  • ঠাণ্ডাত কঁপকঁপনি উঠা,
  • বমি বমি ভাব
  • Flank pain- ই পেটৰ উপৰৰ অংশ আৰু শৰীৰৰ একফালে আৰু পিঠিৰ মাজঅংশত হোৱা বিষ হয়৷  


 এইসমূহৰ উপৰিও অন্য লক্ষণেও মূত্ৰনলীৰ সংক্ৰমণৰ ইঙ্গিত দিব পাৰে৷ যেনে: 

  • সৰু লৰা-ছোৱালীৰ জ্বৰ,জন্ডিস, বমি বমিভাব, ডায়ৰিয়া আৰু খিঙখিঙীয়া দৰে লক্ষণ হব পাৰে।  
  • বয়স্কসকলৰ জ্বৰ বা হাইপোথাৰ্মিয়া, ক্ষুধা হ্ৰাস, অলসতা আৰু মেজাজৰ পৰিবৰ্তন ইত্যাদি৷
  • গৰ্ভৱতী মহিলাসকলৰ ইউটিআইত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে।  যদি কোনো মহিলা গৰ্ভৱতী হৈ আছে তেন্তে কেচুৱা জন্ম হোৱাৰ আগে তেওঁৰ প্ৰস্ৰাৱৰ পৰীক্ষা কৰা উচিত (Prenatal visits) ৷ কাৰণ যদি সংক্ৰমণৰ চিনাক্ত কৰা নহয় তেন্তে ই গৰ্ভাৱস্থাত জটিলতা সৃষ্টি কৰিব পাৰে।  
  • মূত্ৰনলীৰ সংক্ৰমণ কেতিয়াবা কেতিয়াবা যৌন সংঞ্চাৰিত (Sexually transmitted disease) ৰোগ হব পাৰে। অৱশ্যে কিছু লোকৰ মূত্ৰনলীৰ সংক্ৰমণৰ কোনো লক্ষণ দেখায় নিদিয়ে।

মূত্ৰনলীৰ সংক্ৰমণৰ (UTI) কাৰণ- Urinary track infection (UTI) Causes in Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

বেছিভাগ মূত্ৰনলীৰ সংক্ৰমণ ই-কলাই (E.oli) বেক্টেৰিয়া দ্বাৰা হয়।  এই বেক্টেৰিয়া সাধাৰণতে পাচনতন্ত্ৰত উপস্থিত থাকে।  ক্ল্যামিডিয়া (chlamydia) আৰু মাইকোপ্লাজমা (mycoplasma) বেক্টেৰিয়াৰপৰা মূত্ৰনলীৰ সংক্ৰমণ হব পাৰে যদিও মূত্ৰাশয়ক সংক্ৰমিত কৰিব নোৱাৰে৷ যি কোনো বয়স আৰু লিঙ্গৰ লোকৰ ইউটিআই সংক্ৰমণ হব পাৰে। কিন্ত্ত কিছু লোকৰ মাজল ইউৰিন ইনফেকছন হোৱাৰ সম্ভাৱনা বেছি থাকে। 

ইউটিআই সংক্ৰমণ নিম্নলিখিত কাৰণৰ ফলত হব পাৰে: 

■ মহিলাসকলৰ সংক্ৰমণ হোৱাৰ সকলোতকৈ ডাঙৰ কাৰন হৈছে পশ্চিমীয়া টয়লেটৰ (western style toilet) ৰ ব্যৱহাৰ৷ লগতে অপৰিস্কাৰ শৌচালয় ব্যৱহাৰ কৰাও অন্য এক কাৰন৷

■ হবাস (বিশেষকৈ যদি বহুবাৰ বা বহুজন লোকৰ লগত কৰা হয়),  

■ মধুমেহ (ডায়বেটিচ),  

■ অপৰিষ্কাৰভাৱে থকাৰ অভ্যাস,

■ বহু দেৰিলৈকে প্ৰস্ৰাৱ ৰাখি থোৱা কাৰনে,

■ পেট চলা (Bowel incontinence),   

■  প্ৰস্ৰাৱ অৱৰুদ্ধ কৰি ৰখা,  

■ পাথৰ হোৱা,

■  গৰ্ভনিৰোধক ব্যবহাৰ
  
■  গৰ্ভাৱস্থা,  

■  মেনোপজ,

■  দুৰ্বল প্ৰতিৰোধ ক্ষমতা,  

■  শুক্ৰাণুনাশক (Spermicides) আৰু টেম্পনৰ ব্যৱহাৰ, 

■  এন্টিবায়োটিকৰ অতিৰিক্ত ব্যৱহাৰ


আৰু পঢ়কঃ হাৰ্টৰ সমস্যা,ৰক্তচাপ, মূত্ৰবিকাৰ, হাঁপানী আদি একাধিক ৰোগৰ মহৌষধ অৰ্জুনাৰিষ্ঠ- Arjunarishta: Benefits, Uses, Ingredients, Dosage and Side Effects

মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা কৰক কিছু ঘৰুৱা উপায়েৰে- Home Remedies for Urine Infection in Assamese

  • ইলাচী: মূত্ৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে- Cardamom: Home Remedies for Urine Infection Treatment in Assamese


5-7 টা ইলাচী বীজ পিচি লওক৷ ইয়াৰ লগত আধা চা-চামচ শুকান আদা মিহলাই লওক৷ ইয়াৰ লগত ডালিমৰ ৰস আৰু সৈন্ধৱ লবণ যুক্ত কৰি লওক। এতিয়া কুহুমীয়া গৰম পানিত মিহলাই পান কৰক।  

  • দুপৰটেঙা: প্ৰস্ৰাৱৰ সমস্যা প্ৰতিৰোধ কৰিবৰ বাবে অত্যন্ত উপকাৰী - Dupertenga:Home Remedy to Treat Urine Infection in Assamese


দুপৰটেঙাৰ 1.5 মিলি - দুপৰটেঙা ৰসৰ লগত 2 গ্ৰাম - মৌ মিহলাই ৰাতিপুৱা পান কৰক৷




প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese
দুপৰটেঙা

  • নাৰিকল: প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসাৰ ঘৰুয়া উপায়-Coconut: Home Remedy to Treat Urine Infection in Assamese


নাৰিকল পানী পান কৰক৷ ই প্ৰস্ৰাৱৰ সময়ত মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণসমূহৰ পৰা মুক্তি দিয়ে৷  ই পেট ঠান্ডা কৰাতো কাম কৰে।



  • চাউল: মূত্ৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ঘৰুৱা প্ৰতিকাৰ-Rice: Home Remedy for Urine Infection Treatment in Assamese


আধা গ্লাচ চাউলৰ পানীত চেনি মিহলাই পান কৰক৷ ই প্ৰস্ৰাৱৰ সময়ত সংঘটিত হোৱা মূত্ৰথলিৰ সংক্ৰমণ পৰা মুক্তি দিয়ে৷


  • বাদাম: বাদামৰ ঔষধীয় বৈশিষ্ট্যসমূহে মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা কৰে- Almond: Home Remedy for Urine Infection Treatment in Assamese

বাদাম 5-7 টা, সৰু ইলাচী আৰু মিচিৰি পিচি লওক। ইয়াক পানীৰ লগত পান কৰক। ইয়াৰ ফলত  প্ৰস্ৰাৱৰ জ্বলন উপশম হয়।


  • আমলখী: আমলখীৰ ঔষধীয় বৈশিষ্ট্যসমূহে মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা কৰে- Amla: Home Remedy for Urine Infection Treatment in Assamese


প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

এক চামুচ আমলখীৰ গুঁড়িত দুই তিনিটা ইলাচী মিহলাই পিচি লওক৷ ইয়াক পানীৰে সৈতে সেৱন কৰক৷

  •  আদা আৰু ক’লা তিল মূত্ৰ সংক্ৰমণৰ বাবে ঘৰুৱা প্ৰতিকাৰ-Ginger and Black Mole: Home Remedies for Urine Infection in Assamese

 আদা আৰু কলা তিল একেলগ কৰি ভালদৰে পিচি লওক৷ ইয়াত এক চতুৰ্থাশ হালধি পাউদাৰ মিহলাওক আৰু কিছুপৰিমাণে পানী দি পেষ্ট তৈয়াৰ কৰক৷ এই মিশ্ৰনক দিনটোত 2-3 বাৰ চেলেকি খাওক৷ 



  •  আপেল চাইদৰ ভিনেগাৰ ব্যৱহাৰ কৰি মূত্ৰথলিৰ সংক্ৰমণৰ ঘৰুৱা প্ৰতিকাৰ- Apple vinegar and Honey: Home Remedies to Treat Urine Infection in Assamese

এক গ্লাচ কুহুমীয়া গৰম পানীত দুই চামুচ আপেল ভিনেগাৰ আৰু এক চা চামুচ মৌ মিহলাই পান কৰক।  মূত্ৰনলীৰ সংক্ৰমণ থাকিলে নিৰাময় হব৷


  • বেকিং চ’দাৰ ব্যৱহাৰ প্ৰস্ৰাৱৰ সংক্ৰমণত - Baking soda: Home Remedies to Cure Urine Infection in Assamese


আধা চামুচ বেকিং চ’দা এক গিলাচ পানীত মিহলাই পান কৰক৷ ইয়াক দিনটোত দুবাৰ সেৱন কৰক৷

মূত্ৰনলীৰ সংক্ৰমণত আপোনাৰ খাদ্যপ্ৰনালী- Your Diet During Urine Infection in Assamese

মূত্ৰনলীৰ সংক্ৰমণত আপোনাৰ খাদ্যপ্ৰনালী-

  • প্ৰতিদিনে দৈ খাওক,
  • প্ৰচুৰ পৰিমাণে পানী খাওক৷ প্ৰায়ে দিনটোত 8- 10 গিলাচ পানী খোৱাৰ চেষ্টা কৰক৷
  • টেঙাজাতীয় ফল বেছি খাওক।  কমলা, মৌচুম্বী, আনাৰস ইত্যাদি,
  • তৰমুজ, আপেল, ডালিম, ক্ৰেনবেৰী আৰু ৰসাল ঠাণ্ডা ফল সেৱন কৰক৷
  • গাখীৰৰপৰা তৈয়াৰ কৰা লচ্চী বা চাঁচত কিছুপৰিমাণে ইলাচী পাউদাৰ মিহলাই পান কৰিলে উপকাৰী৷ 


আৰু পঢ়কঃ আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

মূত্ৰনলীৰ সংক্ৰমণত আপোনাৰ জীৱনশৈলী- Your Lifestyle During Urine Infection in Assamese

মূত্ৰনলীৰ সংক্ৰমণত আপোনাৰ জীৱনশৈলী-

  • জননাংগ পৰিস্কাৰ কৰি ৰাখিব৷
  • শৌচ আৰু মূত্ৰ ত্যাগ কৰাৰ পিছত সদায় জননাংগ ধুব লাগে৷
  • মহিলাসকলে মাহেকীয়া সময়ত বিশেষভাৱে মনোযোগ দিয়া উচিত৷
  • ব্যক্তিগত স্বচ্ছতাৰ ওপৰত বিশেষভাৱে ধ্যান ৰাখক৷
  • বহুত দেৰিলৈকে প্ৰস্ৰাৱৰ বেগ ধৰি নাৰাখিব৷ ইয়াৰ ফলত মূত্ৰাশয়ত বেক্টেৰিয়া সংক্ৰমন হবলৈ সুবিধা পায়৷

মূত্ৰনলীৰ সংক্ৰমণৰ সময়ত কি কি পৰিহাৰ কৰিব - Avoid These During Urine Infection in Assamese

  • সংক্ৰমনৰ সময়ত চেনিৰে তৈয়াৰী খাদ্য আৰু মিঠা বস্তুৰ সেৱন একেবাৰে নকৰিব৷ মিঠা পদাৰ্থয়ে মূত্ৰমাৰ্গত বেক্টেৰিয়া বৃদ্ধিত সহায়তা কৰে৷  
  • ফলৰ ৰস প্ৰচুৰ পৰিমানে খাব পাৰিলে ভাল কিন্তু তাত চেনিৰ ব্যৱহাৰ নকৰিব৷
  • কেক, কুকিজ, কাৰ্বনেটেড, ড্ৰিংকচ আৰু চেনীৰে তৈয়াৰী পদাৰ্থ সেৱন কৰিব নালাগে৷
  • কফি সেৱন নকৰিব৷ ইয়াৰ ফলত জ্বলনৰ প্ৰভাৱ বৃদ্ধি পায়৷
  • মাদকদ্ৰব্য আৰু কেফেইনৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ যত্ন কৰক৷

আৰু পঢ়কঃঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমনৰ লগত জড়িত কিছু প্ৰশ্ন (FAQ Related Urine Infection)


ৰোগীয়ে প্ৰায়ে মূত্ৰনলীৰ সংক্ৰমণ সম্পৰ্কিত এই প্ৰশ্নসমূহ সুধা দেখা যায়:


প্ৰশ্নঃ প্ৰস্ৰাৱৰ সংক্ৰমণ হলে কি কৰা উচিত?


উঃ  মূত্ৰনলীৰ সংক্ৰমণৰ হয় মূত্ৰাশয়ত জীৱাণু জমা হোৱা কাৰনে, গতিকে বেছি পৰিমাণে পানী পান কৰক৷ ইয়াৰ ফলত মূত্ৰ অধিক তৈয়াৰ হয় আৰু ইউৰিনৰ জৰিয়তে বেক্টেৰিয়াসমূহ প্ৰস্থান কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱৰ জ্বলাপোৰাতো স্বস্তি হয়।


প্ৰশ্নঃ  মূত্ৰনলীৰ সংক্ৰমণ হলে কেতিয়া ডাক্তৰৰ লগত যোগাযোগ কৰিব?  


উঃ মূত্ৰনলীৰ সংক্ৰমণ যদি বহু দিন ধৰি হৈ আছে তেন্তে ই খুব বিপদজনক হব পাৰে। ইয়াৰ কাৰনে, পাইলোনেফ্ৰাইটিস বা কিডনী সংক্ৰমণও (Pyelonephritis বা Kidney infection) পাৰে।  ইয়াৰ ফলত কিডনী ফেইলাৰ (Renal failure) দৰে স্হিতি হব পাৰে। গতিকে, যদি ঘৰু্ৱা প্ৰতিকাৰসমূহৰ পৰা উপকাৰ পোৱা নাই আৰু জ্বলন্ত আৰু বিষৰ দৰে লক্ষণসমূহ অব্যাহত আছে তেন্তে আপুনি অবিলম্বে আপোনাৰ ডাক্তৰৰ লগত যোগাযোগ কৰা উচিত।


আশাঁ কৰো উপৰোক্ত মূত্ৰনলীৰ সংক্ৰমণ সম্পৰ্কীয় লিখনিৰদ্বাৰা আপোনালোক উপকৃত হব৷ 
মোৰ অন্য লিখনি পঢ়িবলৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে


মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


মোৰ ফেচবুক পেজ -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


ধন্যবাদ ৷৷

References







Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga