থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese



থাইৰয়ড-Thyroid


থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

থাইৰয়ড কি ?- What is thyroid? -Thyroid ki?

থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্ৰন্থিৰ ভূমিকা:-থাইৰয়ড গ্ৰন্থিৰ যোগেদি আমাৰ শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ হৈ থাকে ৷ তদুপৰি এই গ্ৰন্থিয়ে নিশ্চিত কৰে যি আমাৰ মস্তিস্ক, হৃদয়, মাংসপেশী, লিভাৰ বা আমাৰ শৰীৰৰ অন্য অংগবোৰে কিমান তীব্ৰতাৰে বা লাহে লাহে কাম কৰিছে ৷ আনকি বৃদ্ধি, বিকাশ আৰু প্ৰজননতো এই হৰমনৰ প্ৰভাৱ পৰে ৷


থাইৰয়ড গ্রন্থি সাধাৰণত দুই ধৰণৰ হৰমোন নিঃসৰণ কৰে।


1)ট্রাই-আয়োডোথাইৰোনিন(T3)


2)থাইৰক্সিন(T4)


থাইৰয়ড গ্ৰন্হিয়ে যেতিয়া কাম নকৰে তাৰফলত থাইৰয়ড হৰমন T3 আৰু T4 ৰ  অসামান্যতা দেখা যায় ৷ যাৰ ফলত দুই ধৰণৰ বিকাৰ দেখা দিয়ে  :-

থাইৰয়ডৰ প্ৰকাৰ -Types of Thyroid- thyroid ar prakar

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

থাইৰয়ড গ্ৰন্হিৰ বিকাৰ দুই প্ৰকাৰৰ -

  • থাইৰয়ড গ্ৰন্থিৰ অতিসক্ৰিয়তা হাইপাৰথাইৰোইডিজম (Hyperthyroidism)


  • অল্পসক্ৰিয়তা- হাইপ’থাইৰোইডিজম(Hypothyrodism)


হাইপ’থাইৰোইডিজম কি আৰু ইয়াৰ লক্ষণসমূহ- What is Hypothyrodism and symptoms in Assamese



 থাইৰয়ড হৰমনৰ মাত্ৰা তেজত কম হৈ যায় বা পৰ্য্যাপ্ত পৰিমাণে উৎপন্ন নহয় ৷ 

হাইপ’থাইৰোইডিজমৰ লক্ষণসমূহ:-Symptoms of Hypothyroidism in Assamese-


• অকাৰণত উজন বঢ়া
• ভাগৰ লগা
• মাতৰ পৰিবৰ্তন
• চেহেৰা/ভৰি ফুলা
• চুলি সৰা
• কোষ্ঠ্যকাঠিন্য
• টোপনি অহাত অসুবিধা
• ৰুক্ষ শুকান চুলি
• শুকান খহটা চাল
• মাংসপেশীত এন্ঠন আৰু মাংসপেশীত বাৰে বাৰে বিষ হোৱা
• খিঙখিঙীয়া হোৱা
• মনত নথকা
• মাহেকীয়া অনিয়মীয়া
• যৌন ইচ্ছা কমি যোৱা
• চৰ্দী বা জ্বৰ ঘনাই হৈ থকা
• শক্তিহীনতা


থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese



হাইপাৰথাইৰোইডিজম কি আৰু ইয়াৰ লক্ষণসমূহ- What is Hyperthyrodism and symptoms in Assamese


এই অৱস্থাত থাইৰয়দ গ্ৰন্থি প্ৰয়োজনতকৈ বেছি থাইৰয়দ হৰমন উৎপন্ন কৰে যাৰ ফলত তেজত থাইৰক্সিন ৰ মাত্ৰা বাঢ়ি যায় ৷ থাইৰক্সিন ৰ মাত্ৰা শৰীৰত বহুত বেছি হোৱাতোও বেয়া আৰু একেবাৰে কম হোৱাতোও বেয়া ৷ ইয়াৰ মাত্ৰা সন্তোলিত হব লাগে যি স্বাস্থ্যৰ কাৰনে সঠিক হয়৷


হাইপাৰথাইৰোইডিজমৰ লক্ষণসমূহ:-Symptoms of Hyperthyroidism in Assamese-


• ওজন কম হয়
• ভাগৰ লগা বা মাংসপেশী দুৰ্বল হোৱা
• হাত কঁপা
• মনৰ স্হিতিৰ পৰিবৰ্তন
• ভয় লগা বা দুচিন্তা
• হৃদয় অতি বেগেৰে ধপধপোৱা নতুবা অনিয়মীত হোৱা
• টোপনি অহাত অসুবিধা
• ছাল শুকান
• বহুতবাৰ মলত্যাগ কৰা
• মাহেকীয়াত কম ৰক্তস্ৰাৱ বা মাহেকীয়া নোহোৱা




থাইৰয়ড কিয় হয় - Causes of Thyroid In Assamese


1) থাইৰয়ড গ্ৰন্থি বেয়া হোৱা বাবে ৷ অট’ইমুয়্যন বিকাৰ- যেনে মধুমেহ, কলেষ্টৰেল, হাই ব্লাডপ্ৰেচাৰ ইত্যাদি কাৰনত ৷


2) জন্মৰ পৰাই ৷(কেচুৱাৰ ক্ষেত্রত জন্মৰ সময়ত এই গ্রন্থি ঠিকভাবে তৈয়াৰ নহলে নতুবা প্রয়োজনমতে হৰমন তৈয়াৰ কৰিব নোৱাৰিলে কেচুৱাৰ শাৰীৰিক নতুবা মানসিক বৃদ্ধি ব্যাহত হোৱাৰ সম্ভাৱনা থাকে।)

3) ঔষধৰ কাৰনে


4) অধিক মাত্ৰাত প্ৰটিন সেৱন কৰিলে


5) পিয়ুুষ গ্ৰন্থিৰ বিকাৰৰ কাৰনে ৷ পিয়ুষ গ্ৰন্থি (Pituitary gland) য়ে থাইৰয়ড ষ্টিমুলিশ্যন হৰমন (thyroid stumulation hormone-TSH)  উৎপন্ন কৰে যি থাইৰয়দ হৰমন দুবিধ T3 আৰু T4 উৎপাদন কৰাত সহায় কৰে ৷

6) পুষ্টিহীনতাৰ কাৰনে। কিয়নো থাইৰক্সিনে আমি খোৱা আহাৰক প্ৰটিন , কাৰ্বহাইড্ৰেট ,ফেটচ ক শক্তিলৈ ৰূপান্তৰ কৰাত সহায় কৰে৷ থাইৰক্সিনে সঠিক মাত্ৰা নিৰ্ভৰ কৰে খাদ্যৰ জৰিয়তে পোৱা আহাৰৰ পৰা পোৱা আয়ডিন আৰু ভিটামিন ডি ৰ ওপৰত ৷ 


7) বংশগত কাৰনত ৷


8) ভিটামিন বি12 ৰ সঠিক মাত্ৰাত গ্ৰহন নকৰা বাবেও ৷


থাইৰয়ডৰ ঘৰুৱা প্ৰতিকাৰ(Home Remedy for Thyroid)

থাইৰয়ড প্ৰতিকাৰ কৰিবৰ বাবে কিছু ঘৰুৱা উপায় অবলম্বন কৰিব পাৰে-

1. অশ্বগন্ধা (Ashwagandha Churna:Home Remedy for Cure Thyroid in Assamese)

অশ্বগন্ধাত থাইৰয়ড গ্ৰন্থিৰ পৰা উলোৱা হৰমনসমূহক সন্ত্তোলিত কৰাৰ গুন আছে৷এন্টিঅক্সিডেন্টৰে ভৰা অশ্বগন্ধায়ে গ্ৰন্থীসমূহক হৰমন উৎপাদন কৰাত সহায় কৰে৷ ইয়াৰ লগতে অশ্বগন্ধায়ে ইমুউনিটিকো শক্তিশালী কৰি তুলে৷ অশ্বগন্ধা আপুনি যি কোনো ৰৃপতে গ্ৰহন কৰিব পাৰে৷

ৰাতি শুৱা সময়ত অশ্বগন্ধা চূৰ্ণ এক চামুচ গাখীৰৰ লগত মিহলাই পান কৰক৷ ইয়াৰ পাত নতুবা শিপাও পানীত উতলাই পান কৰিব পাৰে৷ 

2.চজিনা পাত (Morina leaves for Thyroid in Assamese)

এক গৱেষণা অনুসৰি মৰিঙ্গা(Moringa) বা চজিনা গছৰ পাল হাইপোথাইৰয়েডিজমযুক্ত ব্যক্তিৰ  থাইৰয়েডৰ হৰমনৰ মাত্ৰা কমোৱাত আৰু থাইৰয়ড হৰমন প্ৰতিস্থাপনৰ ঔষুধসমূহৰ কাৰ্যকাৰিতা হ্ৰাস কৰি পাৰে৷ 

প্ৰথমে চজিনা পাত চিঙি আনক তাৰপিছত শুকোৱাই গুৰি কৰি পাউদাৰ তৈয়াৰ কৰি লওক ৷ নতুবা, পাতসমূহ ভালদৰে ধুই পানীত উতলাই চাহ হিচাপে খাব পাৰে৷


3.তুলসী ব্যৱহাৰ কৰি থাইৰয়ডৰ চিকিৎসা (Tulsi for thyroid in Assamese)


তুলসীৰ বহু ঔষধীয় গুণাবলী আছে ৷ তুলসী প্রাকৃতিক এন্টিঅক্সিডেন্ট, এন্টিমাইক্রোবিয়াল, এন্টি-ইনফ্লেমেটৰি আৰু এডাপ্টোজেন হিচাবে সাধাৰণতে ব্যৱহৃত হয়।  এডাপটোজেন (Adaptogens)  এনে পদার্থ যি ৰোগ প্রতিৰোধ প্রতিক্রিয়া বৃদ্ধি কৰে আৰু হৰমনৰ মাত্রাৰ ভাৰসাম্য বৰ্তায় ৰাখে ,স্ট্রেসৰ মাত্রা হ্রাস ৰাৰ ক্ষমতা ৰাখে।


প্ৰতিদিনে আধা চা চামুচ এলোভেৰাৰ ৰসত দুই চা চামুচ তুলসীৰ ৰস যোগ কৰি  পান কৰক৷


4. তিচিৰ উপকাৰিতা থাইৰয়ডৰ চিকিৎসাত (Flexseed benefits for Thyroid gland in Assamese)


 থাইৰয়ড গ্ৰন্থি সঠিকভাবে কাম কৰাৰ বাবে তিচি এটি গুৰুত্বপূৰ্ণ ঘৰুৱা প্ৰতিকাৰ হব পাৰে। ইয়াত ওমেগা 3 ফেটি এচিড আছে ৷  হাইপোথাইৰয়েডিজমৰ সমস্যাৰ পৰা আঁতৰি থাকিবৰ বাবে ইয়াক গ্ৰহণ কৰিব পাৰে । অৱশ্য, অন্য চিকিৎসা গবেষণা অনুসাৰে, গন্ধ বা আয়োডিনৰ হ্ৰাসৰ কাৰণে তিচিৰ দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ সমস্যাৰ কাৰণ হব পাৰে। গতিকে হাইপোথাইৰয়েডিজম থাকিলে  চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তিচি গ্ৰহন কৰা উচিত।


এক গ্লাচ ফলৰ ৰসৰ লগত এক চামুচ তিচি পাউডাৰ মিহলাই প্ৰতিদিনে পান কৰক৷


5. কালজিৰা উপকাৰিতা থাইৰয়ডৰ বাবে (kalonji seeds benefits for thyroid in Assamese)


 থাইৰয়ড ৰোগৰ চিকিৎসাৰ বাবে কালজিৰা ব্যবহাৰ কৰিব পৰা যায়৷ গবেষণা অনুসাৰে, কালজিৰা পাউডাৰ সেৱন কৰা ফলত কিছু  থাইৰয়দ ৰোগীসকলৰ মাজত  কিছু উন্নতি পোৱা গৈছে। গতিকে, থাইৰয়দ সমস্যা নিৰাময় কৰাত কালজিৰা খাব পাৰে৷ 


আৰু পঢ়ক-কালজিৰা খালে কি হয়? কালজিৰা কেনেকৈ খাব? -Kalonji/kaljira in Assamese


6. ভাৰ্জিন নাৰিকল তেলৰ ব্যৱহাৰ থাইৰয়ডৰ বাবে উৎকৃষ্ট (Virgin Coconut Oil for thyroid In Assamese)


নাৰিকল তেল থাইৰয়ড ৰোগৰ চিকিৎসাৰ বাবে উৎকৃষ্ট প্ৰতিকাৰ হব পাৰে। ই থাইৰয়ড গ্ৰন্থিৰ সঠিকভাবে কাম কৰাত সহায়তা কৰিব পাৰে ৷ যদি কোনও ৰোগী থাইৰয়ডৰ ঔষধ খাই আছে, তেন্তে ভাৰ্জিন নাৰিকল তেল গ্ৰহণৰ আগে চিকিৎসকৰ লগত পৰামৰ্শ কৰা ভাল।


প্ৰতিদিনে এক গ্লাচ গৰম পানীত একৰ পৰা দুই চামুচ ভাৰ্জিন নাৰিকল তেল মিহলাই পান কৰক৷ নতুবা চালাদ বা অন্য খাদ্যত প্ৰয়োগ কৰিও ব্যৱহাৰ কৰিব পাৰে৷


7. ধনীয়া থাইৰয়ডৰ বাবে উপকাৰী (Dhania pan for thyroid in Assamese)


থাইৰয়ডত ধনিয়া পানী খাব পাৰে৷

ধনীয়া পানী তৈয়াৰৰ বাবে সন্ধ্যাতে 1 ৰপৰা 2 চা চামুচ ধনিয়া গুটি এটি তামৰ পাত্ৰত পানী দি তিয়াই ৰাখক৷ ৰাতিপুৱা ভালদৰে ফেনেকি চেকি লওক আৰু লাহে লাহে এই মিশ্ৰন পান কৰক৷

থাইৰয়ড হলে কি কি খাব কি কি নাখাব -Your Foods in Thyroid Disease



নাখাব :- বন্ধাকবি, ফুলকবি,  মচুৰ দাইল, কেঁচা বাদাম, তেঁতেলী, মূলা,চয়াবিন, চয়াবিন তেল, চৰ্বি থকা খাদ্য, বেছি চেনি থকা খাদ্য,বেছি তেল বা তেলত ফ্ৰাই কৰা বস্তু , কফি ইত্যাদি


খাব :- নাৰিকল তেলৰ ব্যৱহাৰ কৰক ৷ বীণজাতীয় শাক,পদিনা, পালেং শাক, মগু দাইল, নৰসিংহ, পটল, মিথি শাক, চজিনা, মানিমুনি, কণী, আয়’ডিনযুক্ত নিমখ, কলডিল, পচলা, ৰঙা আটা ,অমেগা3 যুক্ত খাদ্য,গাখীৰ , দুগ্ধজাত সামগ্ৰী,বুট মগু, ফল মুল ,চেৰী ইত্যাদি৷

এনে এটা স্বাস্থ্যকৰ জীৱন পদ্ধতি আকোঁৱালি লওক যত বহু পৰিমাণে অপৰোশোধিত খাদ্যবস্তু যেনে - ঢেঁকীত বনা চাউল, চাকি মিলৰ আটা,কুটীৰ উদ্যোগত প্ৰস্তুত কৰা খোৱা তেল ইত্যাদি থাকে৷ 


নিয়মীয়া নিদ্ৰাৰ অভ্যাস আৰু গতিশীলতা আনক ৷ যোগ ,ব্যায়াম কৰক ৷ প্ৰতিদিনে এঘন্টা/আধাঘণ্টা সময় খৰকৈ খোজকাঢ়ক ৷


চমুকৈ অন্য কিছু সাৱধানতা-


 থাইৰয়ডত কি কৰিব-


  •  থাইৰয়ড ৰোগীয়ে নিয়মিত 1 গ্লাচ গাখীৰ খোৱা উচিত।  থাইৰয়ডৰ ৰোগীয়ে যদি ফল খাব বিচাৰে তেন্তে আম, নুনি, তৰমুজ খাব পাৰে।  

  • দালচেনি, আদা, নহৰু, বগা পিয়াজ, থাইম(thyme) আৰু স্ট্ৰবেৰি পাত খাবলৈ লওক।  থাইৰয়ড ৰোগীৰ ৰন্ধনত নাৰিকল তেল ব্যৱহাৰ কৰা উচিত।  থাইৰয়ডত লঘু আহাৰ গ্ৰহণ কৰা উচিত, আপুনি সপ্তাহত এদিন খিচৰি অভ্যাস কৰক৷

  • থাইৰয়ড ৰোগীসকলে ৰাতিপুৱা  10 ৰপৰা  15 মিনিটৰ বাবে ৰাতিপুৱাৰ কোমল ৰ’দ গ্ৰহণ কৰা উচিত।  থাইৰয়ডত আপুনি সূৰ্য নমস্কাৰ, সৰ্বঙ্গাসন, মতস্যাসন, নৌকাসন কৰিলে অত্যন্ত ভাল৷ আৰু প্ৰানায়মত  আনুলম-বিলোম আৰু উজ্জয়ী স্বাস ব্যৱহাৰ কৰিব পাৰে।



আশাঁ কৰো উপৰোক্ত থাইৰয়ড সম্বন্ধীয় লিখনিৰদ্বাৰা আপোনালোক উপকৃত হব৷ 
মোৰ অন্য লিখনি পঢ়িবলৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে


মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


মোৰ ফেচবুক পেজ -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


ধন্যবাদ ৷৷


Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga