বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese


বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese


বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) কি? What is Vitiligo?

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) নামেৰেও পৰিচিত।  ভিটিলিগো এনে এটি বিকাৰ যাৰ ফলত শৰীৰৰ বিভিন্ন অংশৰ ত্বকত বগা দাগ পৰিব ধৰে৷ ই এক অট’ইমিউন ডিজিজ হয়(Autoimmune disease), যাৰ ফলত ব্যক্তিৰ ৰোগ প্ৰতিৰোধক ক্ষমতায়ে তেওঁৰ ত্বকক ক্ষতি কৰিব ধৰে৷ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰনালী (immune system) ত হোৱা অসন্তোলনৰ কাৰনে হয়৷ এনে হোৱাৰ কাৰনে  ত্বকৰ বৰ্ণ গঠনৰ কোষসমূহ শেষ হব ধৰে, এই কোষসমূহক মেলানোচাইটচ (Melanocytes) কোৱা হয়৷ 

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese


বিশ্বৰ জনসংখ্যাৰ প্ৰায় 0.5% ৰ এক শতাংশ ভিটিলিগো দ্বাৰা প্ৰভাৱিত, কিন্তু ভাৰতত ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত মানুহৰ জনসংখ্যা প্ৰায় 8.8 শতাংশ ৰেকৰ্ড কৰা হৈছে।

লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) ৰ যি কোনো বয়সতে আৰম্ভ হব পাৰে৷ অৱশ্যে দেখা যায় যে, ভিটিলিগোৰ বেছিভাগ লোক 40 বছৰ বয়সৰ আগে এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় অৰ্ধেক লোক 20 বছৰ বয়সৰ আগেই ভিটিলিগোৰ গ্ৰাসত পৰে৷


বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) লক্ষণসমূহঃ Vitiligo ( Leucoderma ) Symptoms in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

বগা দাগৰ ত্বকৰ প্ৰধান লক্ষণসমূহ

1. বিবৰ্ণ বা বগা ৰঙৰ ত্বকৰ বৰ্ণ৷ 
2. অকালতে চুলি, দাড়ি, ভ্ৰু আৰু চকুৰ পতা ইত্যাদিৰ চুলিৰ ৰঙ আঁতৰি যোৱা বা বগা হব ধৰা৷
3. নাক আৰু মুখৰ ভিতৰৰ ত্বকৰ স্তৰ ৰ টিস্যুৰ ৰং পাতল হৈ যোৱা বা বগা হোৱা৷  
4. ৰেটিনাৰ অভ্যন্তৰৰ আস্তৰণৰ ৰঙ বিবৰ্ণ হৈ যায়৷

আগতীয়া সাৱধানতাঃ

বগা দাগৰ পৰিচয় হিচাবে প্ৰথম লক্ষণটো হ'ল ত্বকৰ বৰ্ণৰ বৰ্ণহীনতা অৰ্থাৎ বগা হোৱা আৰু সেই জেগাত চুলিও বগা হৈ যায়৷  যদি শৰীৰত বগা দাগ হয় আৰু তাৰ পিছত কোনো ধৰনৰ আঘাত পায় আৰু যদি সেই ক্ষতস্থানডোখৰো বগা হৈ যায় তেন্তে আপুনি বুজি পাব যে এই সমস্যাটো দেহত দ্ৰুতভাৱে বাঢ়িব ধৰিছে৷  লিউকোডাৰ্মা ৰোগ সহজে নিৰাময়যোগ্য ৰোগ নহয় আৰু ই স্পৰ্শ কৰিলে অন্য ব্যক্তিলৈ বিয়পি নাযায়, আয়ুৰ্বেদিক পদ্ধতিৰে এই সমস্যাটো নিৰাময় কৰিব পৰা যায়৷ 

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো ৰ ঘৰুৱা প্ৰতিকাৰ- Home remedies of Vitiligo in Assamese

‣ আধা কিলো হালধী গুঁড়ি আঠ লিটাৰ পানীত মিহলাই উচ্চ তাপত উতলাওক৷ যেতিয়া 4 লিটাৰৰ কম হব তেতিয়া নমাই ঠাণ্ডা কৰক৷ তাৰপিছত ইয়াত মিঠাতেল মিহলাই পুনৰ জুইত ৰাখক৷ যেতিয়া কেৱল তেলীয় মিশ্ৰনহে থাকি যায় তেতিয়া নমাই চিচাৰৰ বটলত ভৰাই লওক৷ এই তেল বগা দাগত দিনটোত দুবাৰ লগাব৷ আশ্চৰ্যজনকভাবে 4-5 মাহ ধৰি এই চিকিৎসা কৰিলে অনুকূল ফলাফল লাভ কৰিব৷

‣ বাকুচী বীজ বা হাকুচি বীজ(Bakuchi seed) ক এই ৰোগৰ বাবে কাৰ্যকৰ ঔষধ হিচাবে বিবেচনা কৰা হয়। 50 গ্ৰাম বীজ 3 দিনৰ বাবে পানীত তিয়াই ৰাখক৷ প্ৰতিদিনে পানী বদলাব৷ বীজসমূহ মোহাৰি বাকলি আঁতৰাই ছাঁয়াত শুকোৱাই লওক৷ এই গুটিসমুহ পিচি পাউদাৰ তৈয়াৰ কৰি লওক৷ এই ঔষধটি প্ৰতিদিনে ডেঢ় গ্ৰাম গাখীৰৰ লগত পান কৰক৷ এই চূৰ্ণ বা পাউদাৰক পানীৰ লগত পেষ্ট তৈয়াৰ কৰি দাগৰ ওপৰত দিনটোত দুবাৰ লগাব৷ নিশ্চিতভাৱে লাভ হব৷ দুমাহৰ বাবে এই চিকিৎসা কৰিব৷

বাকুচী বীজ Online ত উপলব্ধ৷ তাৰে লিংকটো আপুনালোকৰ সুবিধাৰ্থে দিয়া হল-

https://amzn.to/3gC9CfO

বাকুচী বীজ- Bakuchi seed


‣ সমান পৰিমাণৰ বাকুচী বীজ বা হাকুচি বীজ(Bakuchi seed) আৰু তেঁতেলীৰ বীজ চাৰি দিন পানীত তিয়াই ৰাখক৷  পিছত বীজসমূহ মোহাৰি বাকলি আঁতৰাই ছাঁয়াত শুকোৱাই লওক৷ পিচি লৈ মিহি পাউদাৰ তৈয়াৰ কৰি লওক৷ ইয়াৰ অলপ পৰিমাণ লৈ পানী লগত পেষ্ট তৈয়াৰ কৰি লওক আৰু বগা দাগসমূহত ঘঁহক৷ প্ৰায় এক সপ্তাহলৈকে এই চিকিৎসা কৰক৷ এই চিকিৎসা খুব কাৰ্যকৰ৷ কিন্ত্ত যদি পেষ্টৰ বাবে দাগসমূহ ৰঙা পৰি যায় আৰু তাৰপৰা তৰল দ্ৰৱ উলাবলৈ ধৰে তেন্তে কিছুদিনৰ বাবে চিকিৎসা বন্ধ কৰা ভাল৷


‣ ৰঙা মাটি আনক।  এই মাটি প্ৰায়ে পাহাৰীয়া ঠাইত দেখিব পোৱা যায়৷ এতিয়া সমান পৰিমাণৰ ৰঙা মাটি আৰু আদা ৰস মিহলাই ভালদৰে মিহলাই লওক৷ এই ঔষধ প্ৰতিদিন লিউকডৰ্মাৰ অংশত প্ৰয়োগ কৰক৷ ৰঙা মাটিত তাম জাতীয় অংশ থাকে যি চালৰ স্বাভাৱিক ৰঙ ঘূৰাই অনাত সহায় কৰে আৰু আদাৰ ৰসে বগা দাগৰ ত্বকত ৰক্ত ​​প্ৰবাহ বৃদ্ধি কৰে৷ 

‣ মূলা বীজ বগা দাগৰ ৰোগৰ বাবে উপকাৰী।  ভিনেগাৰৰ লগত প্ৰায় 30 গ্ৰাম বীজ মিহলাই পেস্ট তৈয়াৰ কৰি দাগৰ উপৰত লগাই  ৰাখিলে উপকাৰ হয়।

‣ গৱেষণাত জনা গৈছে যে জালুকৰ এটি উপাদান আছে - পেপৰাইন (Peperine)।  এই উপাদানটো জালুকক মছলাযুক্ত সোৱাদ দিয়ে। জালুকৰ প্ৰয়োগৰ দ্বাৰা  ত্বকৰ ৰঙ ঘূৰাই অনাত সহায়ক হয়৷

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কিয় হয়? - Causes of Vitiligo In Assamese


বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese


👉 আয়ুৰ্বেদৰ মতে পিত্ত আৰু কফ অৰ্থাৎ ত্ৰিদোষৰ কাৰনেই ছালৰ বিভিন্ন ৰোগ হয়৷ লগতে অন্যান্য ব্যাঘাতেৰ কাৰণেও বগা দাগৰ সমস্যা দেখা দিয়ে।  যি ব্যক্তিয়ে অতিৰিক্ত ভজা, মছলাযুক্ত,অসময়ত আহাৰ খোৱাৰ লগতে বিৰুদ্ধ আহাৰ যেনে (গাখীৰৰ লগত নিমখ বা মাছ ইত্যাদি) গ্ৰহন কৰে তেনে লোকৰ এই সমস্যা হোৱাৰ সম্ভাৱনা বেছি থাকে।

👉 পাৰিবাৰিক ইতিহাস, অৰ্থাৎ পিতৃ-মাতৃ যদি বগা দাগ বিকাৰত ভুগিছিল তেন্তে লৰা ছোৱালীৰ ক্ষেত্ৰতো ভিটিলিগো হোৱাৰ সম্ভাবনা আছে।  অৱশ্যে ইয়াৰ আশংকা কেৱল 2 পৰা 4 শতাংশ হয়৷

👉ৰাসায়নিক লিউকোডাৰ্মা (chemical leucoderma) মানে হ'ল বেয়া কোৱালিটিৰ  প্লাস্টিক,ৰাবাৰ বা জুতা ব্যৱহাৰ আৰু ৰাসায়নিক কাৰখানাত কাম কৰা  ফলত এই বিকাৰ হোৱাৰ সম্ভাৱনা থাকে৷ কেম’থেৰাপীৰ বাবেও ইয়াৰ আশংকা থাকে৷

👉 স্ব-প্ৰতিৰক্ষা ৰোগ (Autoimmune disease) ধৰনৰ ৰোগৰ ফলত যেনে- থাইৰয়দ বা টাইপ 1 ডায়েবেটিচৰ প্ৰভাৱত৷

👉 বহু সময়ত শৰীৰত ভিটামিন আৰু খনিজৰ অভাৱতো বগা দাগৰ সমস্যা হয়৷  সুষম খাদ্য গ্ৰহণ নকৰাৰ কাৰণে শৰীৰৰ ত্বকৰ ৰঙ কিছু পাতল দাগৰ কাৰণ হব পাৰে।  এই দাগসমূহ সম্পূৰ্ণ বগা নেদেখায়৷

👉 বহু সময়ত ভেকুৰজাতীয় সংক্ৰমণৰ (fungle infection) ফলত ত্বকত বগা দাগৰ সমস্যা দেখা দিয়ে।

👉 কেতিয়াবা এনে কিছুমান ব্যাধিয়ে দেহৰ ৰোগ প্ৰতিৰোধ প্ৰনালীয়ে (immune system) নিজে নিজেই  ৰঙ উৎপাদনকাৰী কোষসমূহক ধ্বংস কৰি দিয়ে।

👉ত্বকত অধিক ৰদৰ প্ৰভাৱ পৰিলে(sunburn), স্ট্ৰেস বা উদ্যোগিক ৰাসায়ন ইত্যাদিৰ সম্পৰ্কত অধিক থাকিলে

👉যকৃতৰ ৰোগত

👉জ্বলিলে বা আহত হলে

👉পাচনতন্ত্ৰৰ ত্ৰুটিৰ কাৰনে

👉শৰীৰত কেলচিয়ামৰ অভাৱ হলে

👉সৰু লৰা ছোৱালীৰ পেটত কৃমি হলে

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) ৰ বাবে কিছু সাৱধানতাঃ PREVENTION of Vitiligo in Assamese

‣ বাকুচি বীজ, দাৰুহাৰিদ্ৰ, অমলতাস, চিৰতা ইত্যাদিৰ দৰে ভেষজৰ মাধ্যমেৰে ৰক্ত ​​পৰিষ্কাৰ কৰা উচিত৷

‣ ত্ৰিফলাও খুব কাৰ্যকৰ

‣ আয়ুৰ্বেদ মতে চিকিৎসা আৰু প্ৰতিৰোধৰ ববে খাদ্য আৰু পানীয়ৰ উপৰত প্ৰচুৰ গুৰুত্ব দিয়ে।  আয়ুৰ্বেদিক বিশেষজ্ঞৰ মতে, ৰোগগ্ৰস্ত ব্যক্তিয়ে তামৰ পাত্ৰত পানী আঠ ঘন্টা ৰখাৰ পিছত পানী সেৱন কৰা উচিত। 

‣ সেউজীয়া শাক, গাজৰ, লাউ, চয়াবিন, দাইল বেছিকৈ খাওক।  

‣ পেটত যাতে কোনো কৃমি নাথাকে আৰু লিভাৰ সুস্থ থাকে তাৰ বাবে পৰীক্ষা কৰক আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ খাওক৷

‣ এক বাটি তিয়াই ৰখা বুট আৰু 3/4 বাদাম প্ৰতিদিনে খাওক৷

‣ সতেজ গিলয় বা শগুনিলতা ৰস আৰু ছালকুঁৱৰী ৰস খাওক৷ ইয়াৰ ফলত ইমিউনিটি বাঢ়িব৷

আৰু পঢ়কঃ শগুনিলতা বা গিলয়ৰ ঔষধীয় বৈশিষ্ট্য, আয়ুৰ্বেদিক ব্যৱহাৰ, উপকাৰিতা আৰু পাৰ্শ্ব প্ৰতিক্ৰিয়া

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

বগা দাগ দূৰ কৰাৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হ'ল আপনাৰ জীৱনধাৰা আৰু খাদ্যাপ্ৰনালী পৰিবৰ্তন কৰা-

কি খাবঃ

এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে যিমান পাৰে কেৰেলা খোৱা উচিত।
ফল - নেমু, ডালিম, আঙ্গুৰ, আখৰোট, এপ্ৰিকট, খেজুৰ, অমিতা।
শাকসবজি - মূলা,চজিনা, পটল, গাজৰ, বিট, মেথি, শাক, পিয়াজ, মটৰ, লাউ ইত্যাদি
দাইল- ৰহৰ,মগু 
অন্যান্য খাদ্য - হালধি, মৌ,হিং, কলা নিমখ,পুৰনা চাউল, গম, আলু,আদা, দেশী ঘি,নহৰু, জিৰা, জাইফল, জালুক, গুড়, পেস্তা, বাদাম ইত্যাদি৷

কি নাখাবঃ

দাইল: কাবুলী বুট, মটৰ
ফল: আলু তথা অন্য কন্দমূল
অন্য:  নতুন চাউল, ময়দা,এনে খাদ্য যাৰ ফলত জ্বলন আৰু গেচৰ সৃষ্টি কৰে আৰু হজম হ্রাস কৰে। গাখীৰ, দৈ, মাছ, গুড়, ঠাণ্ডা খাদ্য, দূষিত পানী, ঠান্ডা পানী, শুকান খাদ্য, ঠান্ডা খাদ্য, তেলত ভজা আৰু  ডাইজেস্ট হোৱাত কঠিন হোৱা আহাৰ৷

সম্পূৰ্ণ নিষেধ: তৈলাক্ত মছলাযুক্ত আহাৰ, আমিষ খাদ্য আৰু আমিষ চুপ,আচাৰ, অতিৰিক্ত তেল, অতিৰিক্ত নিমখ, কল্ড ড্রিঙ্কচ, ময়দাৰে তৈয়াৰী খাদ্য, এলকহল, ফাস্টফুড, চফটড্ৰিকচ, জাঙ্ক ফুড, টিনতথকা খাদ্য, পেকেজড ফুড ইত্যাদি৷

বিৰুদ্ধ ভোজন: (গাখীৰ + মাছ) একলগে খোৱা উচিত নহয়।


অন্য সাৱধানতাঃ

ধ্যান বা যোগ কৰক৷
সতেজ আৰু গৰম আহাৰ খাওক
ভোজন লাহে লাহে ভালদৰে চোবাই গ্ৰহন কৰক শান্তিৰে আৰু সুখী মনেৰে আহাৰ খাওক
সময়মতে আহাৰ গ্ৰহন কৰক আৰু অত্যাধিক ভোজন গ্ৰহন নকৰিব৷
সপ্তাহত এবাৰ উপবাস কৰক৷
পেটৰ   1/3rd / 1/4th ভাগ খালী ৰাখক৷
ভোজন গ্ৰহনৰ পিছত কিছুসময় খোজকাঢ়ক৷
সূৰ্য্যদয় আগেয়ে উঠক 
দিনে দুবাৰ দাঁত চাফা কৰক৷
সময়মতে শুৱক
চাবোন বা ব ডিটাৰজেন্টৰ অলপ পৰিমাণে ব্যৱহাৰ কৰা উচিত।


আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক এই বিষয়ে সজাগ কৰি তুলিবলৈ লিখনিটো Share কৰক যাতে তেওঁলোকে সাবধানতা অৱলম্বন কৰিব পাৰে৷
মোৰ অন্য লিখনি পঢ়িবলৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে


মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


মোৰ ফেচবুক পেজ -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


ধন্যবাদ ৷৷

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga