চজিনাৰ উপকাৰিতা (Moringa oleifera lam)


চজিনা

 (Moringa oleifera Lam )


চজিনা মজলীয়া আকাৰৰ গছ ৷ চিৰাৰ গাত দীঘলিয়া  থাকে৷ বীজ অনেক, ফুল বগা, পাত আৰু চিৰাত যথেষ্ট পৰিমাণে খনিজ দ্ৰব্য,ভিটামিন পোৱা যায়৷ চজিনা 'গুৰুচ্যাদি’ বৰ্গৰ অন্তৰ্গত৷ চজিনা অত্যন উপকাৰী বনৌষধি আৰু শৰীৰৰ বহু সমস্যা নিৰাময় কৰাত সক্ষম৷

চজিনা (Moringa oleifera Lam )

চজিনা (Moringa oleifera Lam )


চজিনা আপুনাৰ বাবে ইমানেই গুনকাৰী যে সেইবিষয়ে হয়তু বহু ব্যক্তিয়ে অৱগত নহয় ৷ চজিনাক কেৱল মাত্ৰ সুখাদ্য হিচাপেও নহয় লগতে চজিনাই বহু বেমাৰৰ বাবে ঔষধ হিচাপেও কাম কৰে৷ চজিনা গছৰ বেলেগ বেলেগ অংশ যেনে -ছাল,মূল, ফুল, পাত, ফল সকলোতে  বিভিন্ন ধৰনৰ পৌষ্টিক গুণ থাকে৷ আয়ুৰ্বেদত কোৱা হৈছে যে, চজিনাৰ ব্যৱহাৰৰ যোগেদি প্ৰায় ৩০০ সমস্যাৰ চিকিৎসা সম্ভৱ৷


চজিনা গছ সাধাৰণতে অসমৰ সকলো ঠাইতে জন্মে যদিও মানুহৰ ঘৰত প্ৰায় কম দেখা যায় আৰু এই গছ যথেষ্ট ওখ হয় ৷ চজিনা গছৰ পাত সৰু আকৃতিৰ আৰু ফুলবোৰ কেইবা ৰঙৰো হয়৷ চজিনাত কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলচিয়াম, পটেচিয়াম, আয়ৰন, মেগনেছিয়াম, ভিটামিন এ, চি, ই আৰু  বি  কম্প্লেকচ প্ৰচুৰ মাত্ৰাত পোৱা যায়৷

  • গাজৰ আৰু কমলাতকৈও গুনকাৰী চজিনাঃ

চজিনাৰ পাত ,চিৰা, ফুল আৰু শিপা সকলোতে ভৰপূৰ মাত্ৰাত প্ৰটিন, ভিটামিন, এমিন’ এচিড, এন্টিঅক্সিডেন্ট পোৱা যায় ৷ ইয়াৰ বীজে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে ৷ চজিনাত কমলাতকৈ ৭গুন অধিক ভিটামিন এ পোৱা যায় ৷ সেয়ে ইয়াৰ গ্ৰহনে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি কৰে ৷

ছালৰ উজ্জ্বলতা বঢ়ায় ৷ চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে ৷ বিশেষকৈ কুকুৰীকণা প্ৰতিৰোধ কৰে ৷

  • চৰ্দি জ্বৰৰ বাবে লাভকাৰী চজিনাঃ

বতৰ সলনি হোৱা ফলত হোৱা চৰ্দিজ্বৰ ধৰনৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে চজিনাই ৷ চজিনাৰ ফল কফ, পিত্ত নাশক,অগ্নিবৰ্ধক ৷ ইয়াৰ দীঘল ফল খণ্ড খণ্ডকৈ কাটি ব্যঞ্জন কৰি খালে উক্ত ৰোগসমূহ প্ৰতিৰোধ কৰে ৷

  • বাতবিষ আৰু হাঁড়ৰ বাবে অতি উপকাৰীঃ

 আমবাত, গাঠিবাত আদিৰ বেদনাত মালিচ
কৰিলে বেদনাৰ উপশম হয় ৷

  • মুৰৰ বিষতঃ 

চজিনাৰ বীজৰ চূৰ্ণ নাকেৰে শুঙিলে মূৰৰ বিষ গুচাব পৰা যায় লগতে আন শিৰো ৰোগৰো শান্তি হয় ৷

  •  পাইলচ ৰোগতঃ 

স্ৰাৱ নোহোৱা পাইলচ ৰোগত চজিনা তেল ব্যৱহাৰ কৰিলে বিষ বেদনা কমে ৷

  • (leprosy or white skin diesease) বা কুষ্ঠ ৰোগতঃ 

চজিনাৰ গুটিৰ তেল লগালে সুফল পোৱা যায় ৷

চজিনা ফুল শক্তিকাৰক, কমোদ্দীপক, শোথ ৰোগ, যকৃত ৰোগ , প্লীহা বৃদ্ধি ৰোগীৰ সুপথ্য ৷ৰঙা চজিনা ফুল ৰক্তিপিত্ত ৰোগত হিতকৰ। চজিনা ফুল ক্ৰিমি নাশক ৷

পূৰঠ চজিনাৰ ফল সিজাই ললে ভিতৰৰ বগা বীজ ওলাই পৰে , আৰু উক্ত ৰোগৰ লগতে আন বহু ৰোগৰ বাবে হিতকৰ হয় ৷


Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese