পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

পলাশৰ কথা লিখিব গলেই মনলৈ আহে এটি বিখ্যাত গানৰ কলি- “পলাশৰে ৰং কোনেনো সানিলে… ” কিন্ত্ত পলাশ গছ কেৱল কবিতা বা গানতেই সীমাবদ্ধ নহয়৷ ইয়াৰ অত্যন্ত উপকাৰী গুন আছে যাৰদ্বাৰা বহু বেমাৰ নিৰাময় কৰিব পৰা যায়৷ আঁহক পলাশৰ বিষয়ে নতুন কিছু কথা জানি লওঁ৷ 

পলাশৰ পৰিচয়: Introduction of Palash

পলাশ মূলত এটি ভাৰতীয় গছ আৰু গোটেই দেশতে পোৱা যায়। পলাশ ফুলসমূহ ৰঙা ৰঙৰ আৰু পলাশৰ ফুল ফুলাৰ সময়ত  গোটেই গছজোপা ৰঙা দেখা যায় যাৰ কাৰণে ই 'বন জুই” (fire of forest) নামেৰেও পৰিচিত। পলাশ ঔষধীয় বৈশিষ্ট্যযুক্ত এটি গছ আৰু ইয়াৰ সমস্ত অংশ বিভিন্ন ধৰণৰ ৰোগ আৰু ব্যাধি চিকিৎসাৰ বাবে ব্যৱহৃত হয়।  পলাশ আয়ুৰ্বেদত টনিক আৰু এন্থেলিমিন্টিক (Anthelmintic- পেটৰ পেলু নিধনৰ ঔষধ) হিচাবেও ব্যৱহৃত হয়।  আয়ুৰ্বেদিক গ্ৰন্থ আচাৰ্য চৰক আৰু সুশ্ৰুতত পলাশৰ বীজ আৰু ছালৰ ঔষধি গুণাবলী সম্পৰ্কে ব্যাখ্যা কৰা আছে।  পলাশৰ প্ৰদাহ-হ্ৰাস, মাইক্ৰোবিয়েল(microbial), এন্থেল্মিন্টিক, এন্টি-ডায়াবেটিক(anti-diabetic), মূত্ৰবৰ্ধক, বেদনানাশক আৰু এন্টি-টিউমাৰ বৈশিষ্ট্য আছে। পলাশৰ পাত ইস্ট্ৰোজেন (estrogen), মূত্ৰবৰ্ধক আৰু এন্টি অভুলেটৰি (anti ovulatory) বৈশিষ্ট্য সমৃদ্ধ। 

পলাশৰ ফুলসমূহ টনিক আৰু পুষ্টিকৰ গুনেৰে পৰিপূৰ্ণ।  আৰু পলাশৰ শিপা কুকুৰিকনা (Night Blindness) চিকিৎসাত কাৰ্যকৰ।

পলাশ কি? -What is Palash in Assamese

পলাশৰ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses
পলাশ গছ-Palash tree

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses
পলাশৰ ফুল- Palash flower

পলাশ ‘ শিম্বি কূলৰ আৰু ন্যাগ্ৰোধাদি গণৰ প্ৰসিদ্ধ ঔষধি গছ। ইয়াৰ গা - গছ মুগা বৰণৰ আৰু একা বেকা হয়। পাত বিলাক ঘূৰণীয়া। শীত কালত গছৰ পৰা পাত সৰি যায় আৰু তেতিয়া ফুলবিলাক দৃষ্টবান হয়৷ ফুলৰ ৰং সাধাৰণতে ৰঙা বা কমলা ৰঙৰ হয়। 

পলাশৰ ফুলৰ ৰং ভেদে পলাশ চাৰি প্ৰকাৰৰ আছে৷ যেনে - শ্বেত , পীত , নীল আৰু ৰক্ত৷ ইয়াৰ ভিতৰত শ্বেতপুষ্পৰ ‘ পলাশ ’ জ্ঞানপ্ৰদ

পলাশ অন্য ভাষাত পলাশ গছৰ নাম-Name of Palash Tree in Different Languages

পলাশৰ বৈজ্ঞানিক নাম Butea monosperma হয়৷

Sanskrit - শাস্ত্ৰীয় ভাষাত ইয়াৰ পৰ্য্যায় বাচক নাম বহুত আছে । যেনে — ত্ৰি-পত্ৰক, ত্ৰিবৰ্ণ, ব্ৰহ্মবৃক্ষক, কিংশুকপন, কৰক, পলাশক, বাতপােথ, ব্ৰহ্মপাদপ, পূত, কাষ্ঠ, কিংশুক, পৰ্ন, ৰক্তপুষ্পক, ব্ৰহ্মবৃক্ষ ইত্যাদি৷

English- The Forest flame, Bastard teak, Bengal kino, Butea gum;

Hindi- পলাশ, পৰস, টেসু;

Urdu- পলাশ পাপড়া (Palas-papra);

Odia- পোলাসো (Polaso);

Kannada - মোদুগু,  (Modugu), মুথুগা(Muthuga);

Gujrati- খাকদা (Khakda);

Tamil- পালাসু (Palasu);

Telugu– মদুগা (Moduga);

Bengali-পলাশ গাছ; (Palash gach);

Nepali-পলাশী (Palasi);

Marathi-পালস (Palas);

Malayalam - কিমশুকাম, (Kimshukam), পলাশী (Palasi)।

পলাশত পোৱা উপাদান- Nutrients found in Palash tree in Assamese

পলাশৰ ছালত আছে beta - cytosterol, leucoanthocyanidin, amirin, beetulinic acid, stigma sterol and paleosinin. 

পলাশৰ ফুলত সাতটি ফ্ল্যাভোনয়েড( Seven flavonoids ) যেনে - glucoside, butrin, isobutrin,তিনিটা glucosides (choriopsin, isocoriopsin আৰু sulfurin), monospermoside আৰু isomonospermoside পোৱা যায়৷ 

পলাশৰ পাতত গ্লুকোসাইড থাকে।

পলাশৰ বীজত আছে proteolytic আৰু lipolytic enzymes, palasonin, monospermoside, and isomonospermoside.  ইয়াৰ বীজত Palasonin নামে সক্ৰিয় তত্ত্ব পােৱা যায় আৰু সেইবাবে ই বিশেষভাৱে গন্দুপদ কৃমিৰ ওপৰত বিশেষ ক্ৰিয়া কৰে৷

ইয়াৰ বীজভাগৰ পৰা একপ্ৰকাৰৰ তেল পােৱা যায়। এই তেল কুষ্ঠ, ত্বকদোষ আৰু বাহিৰত হােৱা মুখ ৰােগত বিশেষ হিতকৰ৷

পলাশৰ বিভিন্ন অংশ আয়ুৰ্বেদ, সিদ্ধী আৰু ইউনানিৰ দৰে ঐতিহ্যবাহী চিকিৎসা ব্যৱস্থাত ব্যৱহৃত হৈ আহিছে। 

পলাশৰ উপকাৰিতা আৰু ব্যৱহাৰ- Palash Benefits and Uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

বিভিন্ন ৰোগত পলাশৰ উপকাৰিতা আৰু ব্যৱহাৰ সম্পৰ্কে জানো আঁহক-


  • পলাশে ফোলা ভাৱ দূৰ কৰে-Palas Benefits in Inflammation in Assamese

শৰীৰৰ যিকোনো অংগত হোৱা ফুলা ভাৱ দূৰ কৰিবলৈ পলাশে সহায় কৰে৷ পলাশৰ ফুল দেহৰ জ্বলন সংবেদন, ফোলাভাব আৰু মোচোকা খোৱা আদিত ব্যৱহাৰ হয়৷

পলাশৰ বীজ পিচি লৈ আক্ৰান্ত অংশত লেপ দিলে ফুলা কমে৷ এটা পাত্ৰত উতলা গৰম পানী লৈ তাৰ ওপৰত জালনা দিয়ক আৰু তাৰ ওপৰত পলাশৰ ফুলসমূহ ৰাখক৷ এতিয়া সেই ফুল আক্ৰান্ত অংশত প্ৰয়োগ কৰক৷ ইচ্ছা কৰিলে আপুনি ফুলৰ টোপোলা কৰিও হেক দিব পাৰে৷


  • পলাশে ৰক্ত পৰিস্কাৰ কৰে- Palash benefits for blood purification in Assamese

ৰক্ত ​​পৰিশোধনত পলাশ ফুল শৰীৰৰ পৰা টক্সিন বা বিষাক্ত পদাৰ্থ অপসাৰণ কৰাত ব্যৱহাৰ কৰিব পৰা যায়৷ 

ইয়াৰ বাবে আপুনি সতেজ পলাশ ফুল ব্যৱহাৰ কৰিব পাৰে৷ সতেজ পলাশ ফুল লৈ শুকোৱাওক৷ এতিয়া শুকোৱাই লোৱা ফুলসমূহ ভালদৰে গুড়ি কৰি লওক৷ 
এই গুড়িৰ 1.1-2 গ্ৰাম মাত্ৰাত দিনটোত এবাৰকৈ সেৱন কৰক৷


  • কেটেৰেক্টৰ সমস্যাত পলাশৰ উপকাৰিতা - Palas Benefits for Cataracts in Assamese

আৰ্চায্য বালকৃষ্ণনৰ মতে, পলাশৰ শিপাৰ নিৰ্যাস (Extract) ৰ এক/দুই টোপাল চকুত দিলে চকুৰ কেটেৰেক্ট, কুকুৰীকনা আদি সকলো ধৰনৰ  ৰোগ উপশম হয়৷ 


  • নাকৰ পৰা তেজ ওলোৱা নিৰাময় কৰে পলাশ ফুলে - Palash Flower Benefits for Epistaxis in Assamese

অত্যাধিক ঠাণ্ডা বা গৰমৰ বাবে,চাইনাচৰ বাবে নাকৰপৰা তেজ ওলাই৷ 

গোটেই ৰাতি 100 ml ঠাণ্ডা পানীত পলাশৰ ফুল 5-7 পাহ  তিয়াই ৰাখি ৰাতিপুৱা পানীখিনি চেকি লব৷ এই পানী লগত অলপমান মিচিৰি মিহলাই পান কৰিব৷ 


  • পেটৰ বিষত পলাশৰ ব্যৱহাৰ উপকাৰী। - Benefit of Palash Ke Phool to Get Relieve from Stomach Pain  in Assamese

পলাশ গছৰ  চাল আৰু শুকান আদা পানীত উতলাই কাঢ়া প্ৰস্তুত কৰি লওক৷ 30-40 ml মাত্ৰাত দিনত দুবাৰ খালে পেটৰ সমস্যা আঁতৰ হয়৷


  • পলাশৰ ব্যৱহাৰ পেটৰ পৰা পেলু আঁতৰাবলৈ - Palash to Treat Intestinal Worm  in Assamese

সৰু লৰা ছোৱালীৰ সাধাৰণতে পেটত পেলু হোৱাতো সাধাৰন সমস্যা দৰে ৷ এনেক্ষেত্ৰত পলাশৰ ব্যৱহাৰ কৰি চাওক৷

পলাশৰ বীজৰ চূৰ্ণ এক চামুচকৈ দিনত দুবাৰ খালে পেটৰ পৰা পেলু বাহিৰ হৈ যায়৷


  • মূত্ৰসম্বন্ধীয় বিকাৰৰ বাবে পলাশ উপকাৰী - Palash Flower to Treat from Dysuria in Assamese

20 গ্ৰাম পলাশৰ ফুল গোটেই ৰাতি 200 ml ঠাণ্ডা পানীত তিয়াই ৰাখি ৰাতিপুৱা মিচিৰি মিহলাই খালে মূত্ৰ সম্বন্ধীয় সমস্যা আঁতৰ হয়৷

সাৱধানতাঃ

পলাশৰ গৰ্ভনিৰোধক গুন পোৱা যায় গতিকে গৰ্ভধাৰন কৰিব বিচৰা মহিলাই পলাশৰ সেৱন নকৰিব৷


References

ডাঃ প্ৰদীপ চন্দ্ৰ শৰ্মা 



Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga