কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese

Dr. Anurag Shahi (AIIMS)

কেলচিয়ামৰ অভাৱ কি?-What Is Calcium Deficiency In Assamese

কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese


কেলচিয়াম এটি গুৰুত্বপূৰ্ণ মিনাৰেল (খনিজ) হয়। আপোনাৰ শৰীৰে  দাঁত আৰু হাড়ক শক্তিশালী কৰাত কেলচিয়ামৰ ব্যৱহাৰ কৰে।  শৰীৰৰ 99 শতাংশৰো বেছি কেলচিয়াম দাঁত আৰু হাড়সমূহত থাকে যি কঙ্কালৰ (Skeleton) গঠন আৰু কাৰ্যকাৰিতাসমূহক সহায়তা কৰে।  শৰীৰৰ বাকী 1 শতাংশ কেলচিয়াম অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসমূহত যেনে পেশী সংকোচন, ধমনী সংকোচন আৰু প্ৰসাৰণ আৰু স্নায়ুতন্ত্ৰৰ মাধ্যমেৰে শৰীৰৰ অন্যান্য অংশলৈ বাৰ্তা পঠিওৱা আদিত  সহায়তা কৰে।  হাৰ্ট আৰু শৰীৰৰ অন্যান্য অংশসমূহ সঠিকভাবে কাম কৰাৰ বাবে কেলচিয়ামৰ প্ৰয়োজন।  যেতিয়া আপনাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম প্ৰাপ্ত নকৰে (Calcium deficiency) তেতিয়া আপোনাৰ শৰীৰত অস্টিওপোৰোচিচ বা অস্টিওপেনিয়াৰ (osteoporosis or osteopenia) দৰে  কিছু বিকাৰ হোৱাৰ সম্ভাৱনা থাকে। যিবিলাক শিশু পৰ্যাপ্ত পৰিমাণ কেলচিয়াম পাবলৈ সক্ষম নহয়, তেনে শিশুৰ বয়স বৃদ্ধিৰ লগে লগে উচ্চতা হ্ৰাস হব পাৰে।  

এজন 19 ৰপৰা 64 বয়সৰ এজন ব্যক্তিৰ বাবে 700 mg কেলচিয়ামৰ প্ৰয়োজন৷

কেলচিয়ামৰ অভাৱৰ  লক্ষণসমূহ - Calcium Deficiency Symptoms In Assamese


কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese


কেলচিয়ামৰ অভাৱ দেখা দিলে কেনেধৰনৰ লক্ষণসমূহ দেখা যায়?  


শৰীৰত কেলচিয়ামৰ অভাৱ (Calcium deficiency) হলে লক্ষণসমূহ তৎক্ষণাত দেখা নাযায়, কাৰণ শৰীৰে হাড়ৰপৰা কেলচিয়াম তেজলৈ সৰবৰাহ কৰি তেজত কেলচিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থাকে।  তথাপি, কেলচিয়ামৰ অভাৱ যদি দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে ইয়াৰ পৰিণতি মাৰাত্মক হব পাৰে।  

কেলচিয়ামৰ অভাৱ হোৱা লোকৰ মাজত  প্ৰায়ে নিম্নলিখিত লক্ষণগুলি দেখা যায়ঃ
কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese

অনিদ্ৰা, অলসতা বা অবিৰাম ক্লান্তি; insomnia, lethargy or persistent fatigue

ক্ষুধা হ্ৰাস; loss of appetite

ক্লান্তি; fatigue

হাত ভৰিৰ অসাৰতা; numbness of hands

আঙুলিৰ জিনজিননি

গৰ্ভপাত; miscarriage

বন্ধ্যাত্ব ; infertility

মৃগীৰোগ হব পাৰে; epileptic seizures

ত্বকৰ ৰুক্ষতা ; skin roughness

দুৰ্বল স্মৃতি; weak memory

বুকুৰ বিষ, Chest pain

উচ্চ কোলেস্টৰেলৰ মাত্ৰা ; high cholesterol levels

দাঁত ক্ষয় হোৱা, আলু দুৰ্বল হোৱা; Tooth decay Gum disease 

দুৰ্বল নখ,সহজতে ভাঙি যায়; poorly shaped nails

অকাৰনত ভয়লাগি থকা বা হৃদস্পন্দন অস্বাভাৱিক হোৱা; heart beating abnormally

উচ্চ ৰক্তচাপৰ সম্ভাৱনা; Risk of high blood pressure

মাংসপেশীৰ বিষ; Muscle pain

ডিপ্ৰেছন ; depression


কেলচিয়ামৰ অভাৱ হোৱাৰ কাৰণ-Calcium Deficiency Causes In Assamese


কেলচিয়ামৰ অভাৱ (Calcium deficiency) কিয় হয়?

‣ কেলচিয়ামৰ অভাৱ হোৱাৰ বহু কাৰণ থাকিব পাৰে যি শৰীৰত কেলচিয়ামৰ মাত্ৰা হ্ৰাস কৰে। বেছিভাগ লোকে ডায়েটত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম গ্ৰহণ নকৰাৰ কাৰণে প্ৰায়ে কেলচিয়াম হ্ৰাস পায়। 

ইয়াৰ উপৰি  অন্যান্য কাৰণসমূহ হল:

‣ ডায়েটত অতিৰিক্ত ফছফৰাছ বা মেগনেচিয়াম বা পৰ্যাপ্ত পৰিমাণে গ্ৰহন কৰা

‣ ভিটামিন ডি (vitamin D) য়ে কেলচিয়াম শোষণৰ প্ৰক্ৰিয়া তৈয়াৰ কৰে আৰু ব্যৱহাৰ কৰা প্ৰক্ৰিয়া সহজ কৰি তুলে।  যদি ভিটামিন ডি ৰ অভাৱ (vitamin d deficiency) হয় তেন্তে কেলচিয়ামৰ মাত্ৰাও হ্ৰাস পায়।
  
‣ খাদ্যৰ পৰা কেলচিয়াম শোষণ হ্ৰাস হোৱা, কেলচিয়ামৰ ঠিক ধৰনৰে  ব্যবহাৰ নোহোৱা, বা মল আৰু প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত কেলচিয়াম নিঃসৰণ হোৱা

‣ চফট ড্ৰিঙ্কচ যত প্ৰচুৰ পৰিমাণে ফছফৰাছ থাকে, পৰিস্কৃত শস্য (refined grains), মাংস ইত্যাদি অত্যাধিক গ্ৰহনে কেলচিয়ামৰ অভাৱ ঘটায়।  

‣ মহিলা এথলিট(ক্ৰীড়াবিদ) আৰু যিসকল মহিলাৰ মেন’পজৰ পৰ্ব আৰম্ভ হৈছে তেওঁলোকক উচ্চ মাত্ৰাত কেলচিয়ামৰ প্ৰয়োজন হয়, কাৰণ তেওঁলোকৰ এস্ট্ৰোজেনৰ মাত্ৰা কমি থাকে। এস্ট্ৰোজেন এক প্ৰকাৰ হৰমন যি হাড়ৰ কেলচিয়াম গ্ৰহন কৰাত সহায়তা কৰে।

 বেছিকৈ ব্যায়াম কৰিলেও কেলচিয়ামৰ মাত্ৰা বৃদ্ধিত বাধা পায়, কিন্ত্ত সাধাৰণ অনুশীলন কৰিলে কেলচিয়াম বৃদ্ধিত সহায়তা কৰে।

‣ শাৰীৰিক নিষ্ক্ৰিয়তাৰ কাৰণে (বিশেষত যেতিয়া কোন ব্যক্তিক সম্পূৰ্ণ বেডৰেষ্ট দিয়া হয়), কেলচিয়ামৰ অভাৱ হব ধৰে ৷ অস্টিওপৰ’চিচ প্ৰতিৰোধত ব্যায়ামে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  

‣ অত্যাধিক ফেট, প্ৰ’টিন বা চেনি সমৃদ্ধ ডায়েট খালেও কেলচিয়ামৰ মাত্ৰা হ্ৰাস হব পাৰে।  

‣ চাহ, কফি, ক’ল্ড ড্ৰিঙ্কচ, ধপাত, এলকহল, পৰিশোধিত চিনি আৰু অতিৰিক্ত নিমখৰ ব্যৱহাৰেও কেলচিয়াম হ্ৰাস কৰিব পাৰে।  


উপৰোক্ত সম্ভাৱনাৰ লগতে অন্য জটিল কাৰনতো কেলচিয়ামৰ অভাৱ(calcium deficiency)  হব পাৰে৷-

‣ দীৰ্ঘসময় ধৰি কৰ্টিকোস্টেৰয়েড ঔষধ গ্ৰহণ (corticosteroid medications) কৰা লোক

‣ নিৰামিষহাৰী লোক 

‣ যিসকল ব্যক্তিয়ে দুগ্ধজাত খাদ্য হজম কৰিব নোৱাৰে বা খুব কমকৈ গ্ৰহন কৰে তেনে লোক

‣ যিসকলৰ কিছুমান নিৰ্দিষ্ট অন্ত্ৰ বা হজম ৰোগ আছে তেওঁলোকৰ কেলচিয়াম শোষণৰ ক্ষমতা হ্ৰাস হয়, যেনে- প্ৰদাহজনিত পেটৰ ৰোগ বা চিলিয়াক ৰোগ (inflammatory bowel disease or celiac disease)

‣ যিসকল ভিটামিন ডি বা ফছফেটৰ নাটনিত ভুগি আছে

‣ কোনোধৰনৰ  ক্যান্সাৰ ৰোগত আক্ৰান্ত হলে


কেলচিয়ামৰ অভাৱ(calcium deficiency) প্ৰতিৰোধ কেনেদৰে কৰিব- Prevention Of Calcium Deficiency In Assamese

কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese

কেলচিয়ামৰ অভাৱ হলে নিম্নলিখিত অভ্যাসসমূহ অনুসৰণ কৰিলে কেলচিয়ামৰ অভাৱ প্ৰতিৰোধ কৰিব পৰা যায়: 

পনীৰ বা চীজ্ খাওক,কাৰণ পনীৰ আৰু চীজ্ হৈছে কেলচিয়ামৰ উৎকৃষ্ট উৎস

ভিটামিন ডি গ্ৰহন কৰক - দেহত ভিটামিন ডি সৰবৰাহৰ বাবে সূৰ্যৰ তাপ গ্ৰহন কৰা গুৰুত্বপূৰ্ণ।  

নিমখৰ পৰিমাণ হ্ৰাস কৰক - নিমখ খোৱাৰ ফলত উচ্চ ৰক্তচাপৰ মাত্ৰা দেখা দিব পাৰে যি পানী প্ৰতিধাৰন (Water retention) লগতে নিমখে আপোনাৰ শৰীৰত কেলচিয়ামৰ স্তৰকো প্ৰভাৱিত কৰে।  

ধূমপান পৰিত্যাগ কৰক - ধূমপায়ীসকলৰ দেহত কেলচিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ কম হোৱা দেখা যায়
গাখীৰৰ লগতে অন্যান্য দুগ্ধজাত খাদ্য গ্ৰহণ কৰা উচিত, কাৰণ শৰীৰে অন্যান্য শাক পাতৰ তুলনাত ইয়াৰপৰা কেলচিয়াম সহজেই অৱশোষন কৰিব পাৰে৷

কেলচিয়াম  বিভিন্ন খাদ্য আৰু পানীয়তো পোৱা যায়। তলত কেলচিয়াম সমৃদ্ধ কিছু খাদ্য আৰু পানীয় বিষয়ে দিয়া হৈছে: 

কেলচিয়ামৰ অভাৱ হলে কি কৰিব- Calcium Defficiency In Assamese

টফু 


শুকান ফল আৰু পেস্তা, তিল, বাদাম সহ বীজ।


পনীৰ, দৈ, চীজ আৰু অন্য দুগ্ধজাত খাদ্য, 


ডিমৰু


বিভিন্ন ধৰণৰ ফলৰ ৰসত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম থাকে।  


চয়া গাখীৰ


সেউজীয়া শাক পাচলি-বিশেষকৈ ব্ৰোকলি, পালেং, ভেন্দী 


সাগৰীয় মাছ (Sea food)


References



আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

মোৰ অন্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে




মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ ৷৷











Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga