আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

Technology is a useful servant but a dangerous master.”    -Christian Lous Lange.

আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

আজি আমি এনে এখন পৃথিবীত বাস কৰিছো যিখন পৃথিৱী প্রযুক্তি, ডিজিটেল স্ক্রিন আৰু স্মার্টফোন ইত্যাদিয়ে আমাৰ চৌপাশ আগুৰি আছে ৷ আমি গোটেই দিনৰাতি এই প্ৰযুক্তিৰ লগতে থাকো ৷ এইসমূহ কাৰনত আমাৰ মানসিক শক্তি দুৰ্বল হৈ পৰিছে আৰু বহু লোক স্ট্ৰেচ বা ডিপ্ৰেছনত (depression) ভুগিছে৷

এইতো  কোনো সন্দেহ নাই যে প্রযুক্তি এটি অবিশ্বাস্য সৰঞ্জাম বা উৎস য’ত সীমাহীন জ্ঞান সৰবৰাহ কৰে, সৃজনশীলতা আৰু সংযোগত সহায়তা কৰে তথাপি এটা ধ্রুব সত্য কথা যে এই প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰ আমাৰ স্বাস্থ্য আৰু মানসিক সুস্থতাৰ বাবে উদ্বেগজনক হব পাৰে।


প্রযুক্তিগত তথ্য:

➡ গড়ে প্ৰতি ব্যক্তি এজনে দিনে প্রায় 150 বাৰ নিজৰ ফোন পৰীক্ষা কৰে৷

➡ প্রতি চাৰিজনৰ মাজত এজনে Online ত অধিক সময় ব্যয় কৰে৷ 

➡ আনুমানিক 70% মানুহে মৌখিক যোগাযোগৰ মাধ্যম হিচাপে প্ৰযুক্তিগত মাধ্যমকে পচন্দ কৰে ৷


অনেক অধ্যয়নৰ পৰা দেখা যায় যে প্রযুক্তি উচ্চ স্তৰৰ চাপে উদ্বেগ আৰু সম্পর্কৰ ওপৰত চাপ, মানসিক ব্যাধি আৰু স্বাস্থ্য সম্পর্কীয় বহু সমস্যা তৈয়াৰ কৰিব পাৰে৷

Technology Detox - প্ৰযুক্তিগত ডিটক্স কী?


আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

কি ভাবে নিজকে কার্যকৰভাৱে ডিজিটেল ডিটক্সিফাই (digital detoxify) কৰিব পাৰি সেই বিষয়ে জনা আগেয়ে  আপুনি জনা উচিত যে আপুনাৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি কিমান তেতিয়াহে  ডিজিটেল ডিটক্সৰ প্রয়োজনীয়তা নির্ধাৰণ কৰাত আপোনাক সহায়তা কৰিব পাৰে ।

1. উদ্বিগ্নতা, হতাশাগ্রস্ত হব ধৰে(depression)

2. একাকিত্বৰ (অকলশৰীয়া) অনুভূতি 

3.  মনোযোগৰ অভাৱ বা বিক্ষিপ্ত,খং হয়

4. টোপনি মাত্ৰা কম 

5. ঘৰৰপৰা উলাই যাওঁতে ফোনটো কোনোপধ্যেই এৰি যাব নোৱাৰা

6. কোনো নির্দিষ্ট কাৰণ কোহোৱাকৈ  ফোনটো পৰীক্ষা কৰা 

7.  ফোনটো সর্বদা আপোনাৰ হাতত থকা,আনকি ঘৰত থকা অৱস্থাতো৷

8. কোনো গুৰুত্বপূর্ণ কিছু(মবাইল সংলগ্ন) হেৰাই যোৱাৰ ভয়৷

9. গাড়ী চলোৱাৰ  সময়ত কল বা টেক্স কৰা৷

10. শুই উঠাৰ লগে লগে মবাইল নতুবা টিভি ৰ লগত সময় কটোৱা৷

 11. আপুনি নিজৰ পৰিয়ালৰ সদস্য লগত  বা খোৱাৰ পৰত সর্বদা ফোনত ব্যস্ত থকা ৷

12. শুৱা সময়ত ফোন, টিভি বা ল্যাপটপ লগত সময় কটায়হে টোপনি যায়৷ 


আপুুনি যদি মানসিকভাবে ওপৰৰ লক্ষণসমূহ পৰীক্ষা কৰে দেখিব যে 12 ভিতৰত 5 টা আপুনাৰ লগত মিলিব ৷ 


আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

গতিকে সম্ভাৱনা আছে যে আপুনি প্রযুক্তিত আসক্ত হৈছে। গতিকে আপুনাক আগুৰি থকা এই সমস্ত ভয়ংকৰ প্ৰযুক্তিৰ পৰা নিজৰ প্ৰকৃত জীৱনক ঘূৰাই আনিব বাবে যদি বিচাৰে তাৰ বাবে কিছু পৰামৰ্শ আগবঢ়ালো - 

1) অদম্য লক্ষ্যৰে  নিজকে উদ্বিগ্ন নকৰিব৷

2) প্রতিদিনে এটা সীমা নির্ধাৰণ কৰা আৰম্ভ কৰক৷ 

3) আহাৰ গ্ৰহন সময়ত নতুবা শপিং বা পাৰিবাৰিক সময়ত কোনো ধৰণৰ প্রযুক্তি ব্যবহাৰ নকৰিব ৷   

4) ধ্যান যোগ কৰক ৷ আপুনাৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব৷

5) ক্ষন্তেক সময়ৰ বাবে বাহিৰলৈ উলাই গলে ফোনতো লয় নাযাব ৷ ইয়াৰ ফলত আপুনি সেই আসক্তিপৰা আঁতৰি অহাত সহায় হব ৷

6) প্ৰকৃতিৰ কাষ চাপক ৷কেতিয়াবা এনে ঠাইলৈ যাব পাৰে য’ত প্ৰকৃতিৰ লগত একাত্ম হব পাৰে ৷ 

7) Social sites বিলাকত post /photo দিওতে সাৱধান হওক আৰু like / comment ৰ বাবে উদ্বিগ্ন নহব ৷ কিয়নো social media ত কোনো ব্যক্তি আপুনাৰ বাবে ব্যস্ত নহয় ৷ 

8) জীৱনতো উপভোগ কৰক নিজকে ব্যস্ত ৰাখি ৷ কলম বহী লয় লিখক , ফুল ৰুওক , বয়োজ্যেষ্ঠ জনৰ লগত বা সৰু লৰা ছোৱালী লগত কথা পাতক৷ 

9) আপুনি যেতিয়া সপ্তাহটোৰ বাবে ডিজিটেল ডিটক্সৰ বাবে পৰিকল্পনা কৰিব তাৰ আগে  কিছু ক্রিয়াকলাপ তৈয়াৰ কৰি লওক  যাতে  আপুনাৰ উদ্দেশ্যত আপুনাক বিভ্রান্ত কৰাত সহায়তা কৰিব নোৱাৰে।  পত্রিকা বা এখন বহী কিনি এটা scheduled বনাই চকুৰ সমুখত ৰাখক ৷

10) 3 বছৰৰ তলৰ শিশুক মবাইলৰ পৰা আঁতৰত ৰাখক৷ মবাইল ৰেডিয়েচনৰ প্ৰভাৱত নতুবা মবাইলতো অনবৰতে চাই থকাত মানসিকভাবে শিশুৰ অনুসন্ধিৎসু মনৰ প্ৰতিভাসমূহ বিকশিত হোৱাত বাধাগ্ৰস্হ হয়৷ তদুপৰি শিশুৰ চকুৰ দৃষ্টিশক্তিৰ বাবেও বেয়া৷ 

উপকাৰিতা

⦿ আপুনি যেতিয়া বিশ্বত কি ঘটিছে সেই সম্পর্কে ক্রমাগত প্রতিক্রিয়া কৰাৰ প্রয়োজনীয়তা দূৰ হব, আপুনি তেতিয়া শান্ত বা কম চাপ অনুভৱ কৰিব৷ 

⦿ মন আৰু সুস্পষ্ট আৰু কেন্দ্রীভূত হব। 

⦿ আপুনি যদি চাইবাৰ ওৰ্ৱল্ড(cyber world)ত খুব বেছি দীর্ঘ সময় ধৰি থাকে তেন্তে বাস্তব জীৱনত আপুনাৰ সামাজিক সংযোগসমূহ শিঠিল হৈ যায় ৷  আপুনি যেতিয়া আপুনাৰ স্মার্টফোন বা ল্যাপটপ দ্বাৰা বিভ্রান্ত নোহোৱাকৈ এবাৰ সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰে দেখিব আপুনি অধিক চিন্তাশীল আৰু ব্যক্তিত্ব বিকাশ হব লগতে উপস্থিত সম্পর্কৰো বিকাশ হব ধৰিব ৷

আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

⦿ বিছনালে যোৱাৰ আগে অন্য ডিভাইচ (মবাইল,লেপটপ) সমূহ  ব্যবহাৰ কৰাৰ পৰা যদি আপুনি বিৰত থাকে  কিছুদিন পিছত আপুনি লক্ষ্য কৰিব যে আপুনি সহজে দ্রুতভাৱে আৰু শান্তিৰে টোপনি যাব পাৰিছে আৰু উচ্চ মানৰ গভীৰ টোপনি হৈছে ৷

⦿ আনে কথা কয় থকা সময়ত ফোনত কথা পাতি থকাতো  শিষ্টাচাৰ নহয় ৷ যদি এই শিষ্টাচাৰ মানি চলে আনৰ আপুনাৰ প্রতি  ইতিবাচক প্রতিক্রিয়া গঢ়ি উঠিব আৰু  আপুনি আৰু ভাল কথোপকথনৰ দক্ষতা অর্জন কৰিব ।

প্রযুক্তি এই পথ দুর্দান্ত আৰু গৌৰৱময় আৰু আমাৰ জীৱনৰ প্রতিটো ক্ষেত্রতে বিশাল প্রভাৱ পেলাইছে। তথাপিও, মবাইল লেপটপৰ screen ৰ পৰা কিছু সময় আঁতৰি আহি আপুনাৰ চৌপাশৰ screen খন চাবলৈ যত্নপৰ হওঁক ৷  


Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese