লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়।  যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে।  এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷  কিন্ত্ত যদি আপুনাৰ যোনিৰপৰা কোনোধৰনৰ আঁঠাজাতীয়, বগা, হালধীয়া, সেউজীয়া বা বাদামী ৰঙৰ পানী বাহিৰ হয় আৰু লগতে  জ্বলন, গোন্ধযুক্ত আৰু খজুৱতি আৰম্ভ কৰে তেন্তে  সম্ভৱত ই এটি উদ্বেগ বা চিন্তাৰ বিষয় হয়।


লিউকোৰিয়া (leucorrhoea) বা শ্বেতপ্ৰদৰ হোৱাৰ কাৰনঃ What is the cause of Leukorrhea?- in assamese


  • পুষ্টিৰ অভাৱ-Nutrition Causes Leucorrhea in Assamese


কফ দোষৰ উদ্দীপনাবশত লিউকোৰিয়া ৰোগ হয়৷ বেছি পৰিমানে মাখন, দৈ, পনিৰ আৰু অন্যান্য কেঁচা আহাৰ খোৱা অস্বাস্থ্যকৰ। গধুৰ, তৈলাক্ত আৰু তেলত ভজা আহাৰ গ্ৰহন উচিত নহয়৷ পৰ্যাপ্ত পুষ্টি গ্ৰহণ নকৰাৰ বাবে মহিলাৰ ৰক্তৰ অভাৱজনিত কাৰণে লিউকোৰিয়া বা শ্বেতপ্ৰদৰ হব পাৰে।  


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese


  • সংক্ৰমণৰ ফলত লিউকোৰিয়া (leucorrhoea) সৃষ্টি হয় -Infection causes Leukorrhea in Assamese


এনে বহু ৰোগ আছে যাৰ বাবে লিউকোৰিয়া (leucorrhoea)ৰ সৃষ্টি হব পাৰে।  ৰক্তাল্পতা(anemia) আৰু ডায়বেটিচ আক্ৰান্ত মহিলাসকলে বগা যোনি স্ৰাব বা লিউকোৰিয়া (leucorrhoea) অনুভব কৰে।কিছু যৌন ৰোগৰ বাবেও যোনি স্ৰাব আৰু গোন্ধযুক্ত স্ৰাৱ হব পাৰে।  লিউকোৰিয়া (leucorrhoea) এটি জীবাণু যি ইস্ট সংক্ৰমণৰ কাৰণেও হব পাৰে।  ইউটিআই-UTI (মূত্ৰনলীৰ সংক্ৰমণ) শ্বেতপ্ৰদৰ ৰোগৰ এটি কাৰণ হিচাবেও বিবেচিত হয়।  শ্ৰোণী অঞ্চল (pelvic region) প্ৰদাহৰ লগত জড়িত কিছু ৰোগৰ বাবেও লিউকোৰিয়া (leucorrhoea) হব পাৰে।  


  • ব্যক্তিগত স্বাস্থ্যকৰনৰ অভাৱৰ কাৰনে- Leucorrhea Due to Poor Hygiene in Assamese


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

যোনীৰ স্বচ্ছতাৰ অভাৱৰ কাৰণে লিউকোৰিয়া (leucorrhoea) যোনি সংক্ৰমণৰ কাৰণ হব পাৰে৷  নিয়মিত অন্তৰ্বাসৰ পৰিবৰ্তন নকৰা, ঋতুস্ৰাৱৰ সময় অনুপযুক্ত স্বাস্থ্যবিধি আৰু অতিৰিক্ত ঘাম ইত্যাদি শ্বেতস্ৰাৱৰ কাৰণ হব পাৰে।  গাত লিপিট খাই থকা আৰু চিন্থেটিক উপকৰণ তৈয়াৰী পোচাক পৰিধান কৰিলেও শ্বেতপ্ৰদৰ ৰোগ হব পাৰে।  


মনত ৰাখিব যে, লিউকোৰিয়া (leucorrhoea)ত আক্ৰান্ত মহিলাৰ পৰা আন এগৰাকী সুস্থ মহিলালৈও এই ৰোগ বিয়পিব পাৰে।  


মনত ৰাখিব যে, লিউকোৰিয়া (leucorrhoea)ত আক্ৰান্ত মহিলাৰ পৰা আন এগৰাকী সুস্থ মহিলালৈও এই ৰোগ বিয়পিব পাৰে। এনে হোৱাৰ সম্ভাৱনা থাকে যেতিয়া এগৰাকীৰ প্ৰসাধন সামগ্ৰী বা  অন্য মহিলাৰ লগত নিজৰ ব্যক্তিগত পোচাক বিনিময় কৰা হয়। ইয়াৰ উপৰি, অস্বাস্থ্যকৰ বাথৰুম বা (মহিলাৰ)ৰাজহুৱা শৌচালয় আদিৰ পৰাও এনে ৰোগ বিয়পিব পাৰে৷ যোনি অঞ্চলৰ আঘাতৰ কাৰণেও লিউকোৰিয়া (leucorrhoea) হব পাৰে।  এয়াও সম্ভব যে, কিছু গৰ্ভনিৰোধক টেবলেটে যোনিত জ্বলাপুৰা সৃষ্টি কৰিব পাৰে।  ক্ৰিম, চাবোন আদিৰ বাবেও যোনিৰ পিএইচ (pH balance) ৰ ভাৰসাম্য ব্যাহত কৰিব পাৰে।   


  • হৰমনৰ পৰিবৰ্তনসমূহো শ্বেতপ্ৰদৰ হোৱাৰ কাৰণ - Hormonal Changes Causes Leukorrhea in Assamese


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

হৰমনৰ পৰিবৰ্তনৰ কাৰণসমূহ বিশেষকৈ গৰ্ভাৱস্থাত হৰমন পৰিবৰ্তনৰ কাৰণে লিউকোৰিয়া (leucorrhoea)য় যোনি স্ৰাৱ হব পাৰে।  বয়ঃসন্ধিকালত আপুনি লিউকৰিয়া হোৱা অনুভব কৰিব পাৰে।  এয়াও দেখা গৈছে যে, কিছু মহিলাৰ ঋতুচক্ৰ আৰম্ভ হোৱাৰ আগেই শ্বেতপ্ৰদৰ হয়। 


স্বাভাৱিক শ্বেতপ্ৰদৰ বা লিউকোৰিয়া (leucorrhoea) কি? Physiologic leucorrhoea in assamese


  সাধাৰণতে ইস্ট্ৰোজেন হৰমনৰ উদ্দীপনৰ দ্বাৰা সৃষ্ট নিঃসৰণক স্বাভাৱিক শ্বেতপ্ৰদৰ বা লিউকোৰিয়া (leucorrhoea) বোলা হয়।  


এয়া কোনো গুৰুতৰ সমস্যা নহয়, তথাপি যিমান সম্ভৱ সোনকালে সমাধান কৰা ভাল।


কেতিয়াবা কেতিয়াবা শৰীৰৰ এটি প্ৰাকৃতিক সুৰক্ষা প্ৰক্ৰিয়া, যাৰ বাবে যোনি পিএইচ বৰ্তাই ৰখাৰ লগতে যোনি পেশীসমূহ নমনীয় ৰখাৰ বাবে খুব কম স্ৰাৱ হয়।


গৰ্ভাৱস্থাত অনেক সময়ত এস্ট্ৰোজেনৰ লগতে যোনি ৰক্তসঞ্চালন বৃদ্ধিৰ কাৰণে স্বাভাৱিক লিউকেমিয়া বা শ্বেতপ্ৰদৰ ৰোগ হোৱা দেখা যায়।


ইয়াৰ উপৰি, অতিৰিক্ত ব্ৰত ৰখা, অতিৰিক্ত ওজন তোলা, যৌনউত্তেজক ছৱি, অশ্লীল কথোপকথন, ভুল ধৰনেৰে যৌনসংগম, কোনো ৰোগীৰ লগত যৌন মিলন, যোনি অস্বচ্ছতা, কপাৰ টি ব্যৱহাৰৰ কাৰণে, ঘনাই গৰ্ভপাত, অনিয়মিত জীৱনযাপন যেনে ৰাতি সাৰে থকা, অনিয়মিত আহাৰ, ক্ৰোধ, মানসিক চাপ ইত্যাদি বিভিন্ন কাৰণে শ্বেতপ্ৰদৰ বা বগাস্ৰাৱ (white descharge) হব পাৰে৷


আক্ৰান্ত লিউকোৰিয়া (leucorrhoea) বা শ্বেতপ্ৰদৰ ৰোগ কি? Pathological leucorrhoea in Assamese


এই ক্ষেত্ৰত মহিলাৰ যোনীৰপৰা বগাস্ৰাৱ (white descharge), হালধীয়া, গোন্ধযুক্ত আৰু ঘন স্ৰাৱ প্ৰচুৰ পৰিমাণে বাহিৰ হয়৷ যোনি শ্লৈষ্মিক ত্বকৰ সংক্ৰমণ, প্ৰদাহ বা অন্য কোনো ৰোগ ইত্যাদিৰ কাৰণে এই স্ৰাৱ ঘটে৷


  নাৰী এই কাৰণে দুৰ্বল হৈ পৰে।


‣  কেতিয়াবা কেতিয়াবা লাজ বা বাধাজনিত কাৰণে,  এই ৰোগ অটি মাৰাত্মক সমস্যা হৈ উঠে আৰু ই নিৰাময় হওতে দীৰ্ঘ সময় লয়৷


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

বগাস্ৰাৱ (white descharge) নিঃসৰণ উপৰিও অন্য কিছু লক্ষনো দেখা যায়, যেনে-


1. যোনিৰ খজুৱতি৷


2. কঁকাল বিষ৷


3. তলপেটত বিষ৷


4. ঘনাই প্ৰেস্ৰাৱ হোৱা৷


5. মূৰঘূৰণি বা অন্ধকাৰ দেখা৷


6. দুৰ্বল বোধ কৰা৷


7. বিৰক্তি৷


8. মূৰবিষ৷


9. ভোক কম লগা৷


10. কেলচিয়ামৰ অভাৱ৷


শ্বেতপ্ৰদৰ / লিউকোৰিয়া (leucorrhoea) চিকিৎসা আৰু প্ৰতিৰোধ কিদৰে কৰিবঃ leucorrhoea treatment in assamese

 

লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

শ্বেতপ্ৰদৰ ৰোগৰ চিকিৎসা বাবে পোণপ্ৰথমে যোনীৰ স্বচ্ছতা ৰাখক৷ 


প্ৰতিবাৰ মলমূত্ৰ বিসৰ্জন পিছত বা যৌনসংগমৰ পিছত যোনি পৰিষ্কাৰ পানীৰে ধুৱা উচিত৷


এটা টাবত কুহুমীয়া গৰম পানী লৈ তাত এক চামুচ বোৰিক পাউডাৰ মিহলাই তাত বহক৷ ইয়াৰ ফলত যৌনাঙ্গ পৰিষ্কাৰ আৰু সংকুচিত হব।  নতুবা ফিটকিৰি যুক্ত পানীৰে যোনীমাৰ্গ ধুওক৷ নতুবা V- wash দৰে নিৰাপদ প্ৰডাক্ট ব্যৱহাৰ কৰিব৷


ঘনাই গৰ্ভপাতৰ কাৰণেও শ্বেত লিউকোৰিয়া (leucorrhoea) সংক্ৰমণ ঘটিব পাৰে, সেয়ে অযাচিত গৰ্ভধাৰণৰ বিৰুদ্ধে সতৰ্কতা অবলম্বন কৰক আৰু উপযুক্ত গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ কৰক আৰু এক বা দুটি সন্তান প্ৰসৱৰ পিছত sterilization operation(বন্ধাত্যকৰন) কৰক।  


শ্বেতপ্ৰদৰ ৰোগৰ ক্ষেত্ৰত, দেৰি নকৰি ডাক্তৰৰ লগত আলোচনা কৰি  যথাসম্ভব চিকিৎসা কৰক যাতে এই ৰোগ খুব বেছি সংক্ৰমণ নহয়।  


আপোনাৰ যদি ডায়বেটিচ আছে তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখক।  কোষ্ঠকাঠিন্য হবলৈ নিদিব৷  


মাহেকীয়াৰ সময়ত প্ৰতি 6 ঘন্টা মূৰে মূৰে চেনিটেৰি নেপকিন সলনি কৰক৷


অনিৰাপদ যৌনতাৰ পৰা বিৰত থাকক৷ কামুক চিন্তাৰপৰা দূৰত থাকক। ভাল সাহিত্য পঢ়ক।




শ্বেতপ্ৰদৰ ৰোগৰ ঘৰুৱা প্ৰতিকাৰ- Home remedies for leucorrhoea in assamese


লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

➡ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।  উদাহৰণস্বৰূপে, আপোনাৰ ডায়েটত ৰুটি, দাইল, বাৰ্লি, সেউজীয়া শাকসবজি, চালাদ, ফল, বিট, বিলাহী, গাজৰ, জালুক, শুকান ফল ইত্যাদি অন্তৰ্ভুক্ত কৰক।


➡ আপোনাৰ ডায়েটত মছলা, তেলত ভজা আহাৰ, প্ৰচুৰ পৰিমানে বেঙেনা, পিয়াজ, আলু, বাহী আহাৰ, অত্যাধিক টেঙাযুক্ত আহাৰ ডায়েটত অন্তৰ্ভুক্ত নকৰিব।


➡ চাহ, কফি পৰা দূৰত থাকক।


➡ বাবুলৰ ছাল (Bark of acacia) আৰু অশোকৰ ছাল (bark of ashoka) পানী সিদ্ধ কৰক আৰু সেই পানী ফিল্টাৰ কৰাৰ পিছত সেই পানীত ফিটকিৰি মিহলাই  যোনি পৰিষ্কাৰ কৰক।


➡ ৰাতিপু্ৱা পানী দি এক চতুৰ্থাংশ চামুচ ফিটকিৰি গুঁড়ি মিহলাই ৰাতিপুৱা আৰু গধূলি খালেও লিউকোৰিয়া (leucorrhoea) নিৰাময় হয়।


➡ গোলাপ ফুলৰ সতেজ পাত মিচিৰি লগত মিহলাই খোৱাৰ পিছত ঠাণ্ডা আৰু মিঠা গাখীৰ খাওক৷ ইয়াৰ ফলত 1 সপ্তাহৰ ভিতৰত লিউকোৰিয়া (leucorrhoea) লগত প্ৰস্ৰাৱত জ্বলন আৰু শৰীৰৰ তাপক হ্ৰাস কৰিব।


আয়ুৰ্বেদৰ মতে, চাউল ধোৱা পানী লিউকোৰিয়া (leucorrhoea)ৰ বাবে খুব ভাল।  ১০ গ্ৰাম নাগকেশৰ লওক, চাউল ধোৱা পানীৰ লগত পিচক আৰু লগত মিচিৰি মিহলাই প্ৰতিদিনে এক কাপকৈ পান কৰক, কিছু দিনৰ ভিতৰত শ্বেতৰোগৰ সমস্যা হ্ৰাস পাব৷


➡  1 চামুচ মৌ লগত আধা চা চামুচ আমলখী গুড়ি মিহলাই এক মাহৰ বাবে গ্ৰহন কৰিলে লিউকোৰিয়া (leucorrhoea) পৰা মুক্তি পোৱা যায়।


➡ সমপৰিমাণৰ জিৰা আৰু মিচিৰি মিহলাই পিচি ৰাখক৷ আৰু ৰাতিপুৱা আৰু সন্ধ্যা এক চামুচকৈ চাউল ধোৱা পানীৰে খাওঁক।


➡ কল অৱশ্যই গ্ৰহন কৰা উচিত।  লাগিলে আপুনি খোৱাৰ পিছত কল খাওক নতুবা গাখীৰৰ লগত কল মিহলাই খাওক বা কলৰ লগত ঘি মিহলাই খাওক।  কল ব্যৱহাৰ ফলত লিউকোৰিয়া (leucorrhoea)ত যথেষ্ট সুফল পাব।


➡ মুলেঠী চূৰ্ণ ৰাতিপুৱা 1 গ্ৰাম মাত্ৰাত কিছুদিন গ্ৰহন কৰক৷


 ➡ পিঠি বিষ বা জয়ন্ট বিষৰ বাবে, ত্ৰিফলা গুগুলক ৰাতিপুৱা আৰু সন্ধ্যা পানী সৈতে পান কৰক।  আপুনি ডাক্তাৰৰ পৰামৰ্শ লৈ অশোকাৰিষ্ট বা অন্য ঔষধ সেৱন কৰিব পাৰে।


➡ প্ৰতিদিনে গাজৰ, শাক, বন্ধাকবি আৰু বিট ৰস পান কৰিলে জৰায়ুৰ প্ৰদাহ হ্ৰাস হয় আৰু লিউকোৰিয়া (leucorrhoea) নিৰাময় কৰে। ইয়াৰ উপৰি আপোনাৰ হিমগ্লোবিন বৃদ্ধিত সহায় হয়।


➡ প্ৰতিদিনে ৰাতিকুৱা কেঁচা ভেন্দী খালেও শ্বেতপ্ৰদৰ ৰোগৰ পৰা আৰোগ্য পোৱা যায়।


মেথিৰ বীজ বা মেথিৰ লাৰু খালে  শ্বেতপ্ৰদৰত স্বস্তি পোৱা যায় আৰু শৰীৰকো মজবুত কৰে। গুড় আৰু মেথীৰ মিশ্ৰন এক এক চামুচ মিহলাই খালেও শ্বেতপ্ৰদৰ ৰোগ উপশম হয়৷


➡আপোনাৰ দৈনন্দিন জীৱনত যোগ অনুশীলন অন্তৰ্ভুক্ত কৰক৷



যি মহিলায়ে লাজ সংকোচৰ কাৰণে ডাক্তৰৰ ওচৰলৈ যোৱা নাই তেওঁলোকে লাজ ভয় পৰিহাৰ কৰক আৰু অনতি পলমে চিকিৎসকৰ ওচৰলৈ গৈ নিৰাময়ৰ ব্যৱস্থা গ্ৰহন কৰক৷ লগতে উপযুক্ত ডায়েট, সঠিক ব্যায়াম, যোগ-ব্যায়াম, শাৰীৰিক স্বাস্থ্যবিধি লগতে প্ৰয়োজনীয় ঘৰুৱা প্ৰতিকাৰ জৰিয়তে চিকিৎসা কৰি শ্বেতপ্ৰদৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ চেষ্টা কৰক৷


আশাঁ কৰো উপৰোক্ত শ্বেতপ্ৰদৰ সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com





Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga