বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda

WhatsApp- 9864550440 

FB-https://www.facebook.com/brinchi.boruah.3

Email- brinchi.in@gmail.com

যোগাযোগ- ড্ৰাগ হাওচ, ASTC Bus stand ৰ সমীপত, ধেমাজি 


আয়ুৰ্বেদ এটি প্ৰাচীন চিকিৎসা ব্যৱস্থা আৰু প্ৰায় 5000 বা তাতোতকৈও বেছি বছৰ আগৰপৰাই ভাৰতত ব্যৱহৃত হৈ আহিছে।  ত্ৰিদোষৰ মূলনীতি আয়ুৰ্বেদত অত্যন্ত গুৰুত্বপূৰ্ণ। ত্ৰিদোষ তিনিটা মৌলিক শক্তিক সংজ্ঞায়িত কৰে যি ভৌতিক আৰু ভাবনাত্মক স্তৰত আমাৰ দেহৰ কাৰ্যকাৰিতা পৰিচালনা কৰে৷ এই তিনিটা দোষ বাত, পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha) দোষৰ দ্বাৰা পৰিচিত।  এইবিষয়ে আগৰ লিখনি এটাত উল্লেখ কৰা হৈছে- আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

আয়ুৰ্বেদত উল্লেখিত সিদ্ধান্ত "
বিকাৰৌ ধাতুবৈষম্য ধাতুসাম্যআৰোগ্যতা "  অৰ্থাৎ ধাতুবৈষম্য ৰ ফলত বিভিন্ন বিকাৰ ৰোগ উৎপন্ন হয় আৰু ধাতু সাম্যতাই আৰোগ্য আনে । ইয়াত ধাতুৰ দ্বাৰা বাত পিত্ত কফ বুজোৱা হৈছে। 


বাত, পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha) দোষৰ যি কোনো ধৰনৰ ভাৰসাম্যহীনতাই ৰোগৰ কাৰণ হয়।


বাত (Vata dosha)দোষ এই দুটি উপাদান "বায়ু" আৰু "আকাশ" তত্ত্বৰে গঠিত। বাত (Vata dosha)বা বায়ু স্নায়ু শক্তিৰ লগত সম্পৰ্কিত। ই মন আৰু দেহৰ সমস্ত গতিৰ বাবে দায়ী।  বায়ুয়ে পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha)ৰ ভাৰসাম্যও নিয়ন্ত্ৰণ কৰে। বাতে কাৰ্যসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে, দেহৰ গতিশীলতা আৰু ইন্দ্ৰিয় আৰু সংবেদনাসমূহ সঞ্চাৰিত কৰে৷ শ্বসনকাৰ্যক নিয়ন্ত্ৰণ কৰা, মনস্তাত্ত্বিক প্ৰক্ৰিয়াসমূহ, কথাকোৱা আৰু অন্ত্ৰৰ(intestine) গতি ইত্যাদি বায়ুয়ে নিয়ন্ত্ৰণ কৰে।


স্বাস্থ্য বৰ্তায় ৰখাৰ প্ৰধান প্ৰেৰক হৈছে বাত।  বাত (Vata dosha)দোষ ভাৰসাম্যহীনতাই বিভিন্ন ৰোগৰ বাবে দায়ী। বায়ু কোষসমূহ বিভিন্ন চিস্টেমত থাকে,যেনে ৰক্তনলীসমূহ, লিম্ফ্যাটিক চিস্টেম (lymphatic system) আৰু শিৰাসমূহ। যদি বাত (Vata dosha)দোষৰ ভাৰসাম্যতা থাকে তেন্তে শৰীৰৰ  পাঁচটি ইন্দ্ৰিয় আৰু অঙ্গ স্থিতিশীল হৈ থাকে, অন্যথায় ই অনেক জটিলতা সৃষ্টি কৰে।  


আয়ুৰ্বেদৰ মতে কেৱল মাত্ৰ বাত (Vata dosha)দোষৰ প্ৰাদুৰ্ভাৱজনিত ৰোগৰ সংখ্যা ৮০,আয়ুৰ্বেদৰ মতে ৰোগ সমূহৰ দোষ সম্পৰ্ক ৰ ওপৰত ভিত্তি কৰি দুই ভাগত বিভক্ত কৰিব পাৰি। সামান্যজ - যত এবিধতকৈ অধিক দোষ জড়িত হৈ থাকে আৰু আনবিধ হৈছে নানাত্মজ - যত কেবল এবিধ দোষৰ বাবেহে ৰোগ সৃষ্টি হয় । এই বাত নানাত্মজ ৰোগৰ সংখ্যা ৮০ ৷


বাত (Vata dosha) দোষৰ অসন্তুোলনৰ কাৰনঃ


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

‣ মলমূত্ৰ বা হাঁচি আদি ৰখাই থোৱা

‣ খোৱা আহাৰ হজম হোৱাৰ আগেয়ে অন্য আহাৰ গ্ৰহন কৰা বা অত্যাধিক খোৱা

‣ নিজৰ ক্ষমতাতকৈ অধিক কষ্ট কৰা

‣ যাত্ৰাত গাড়ীত অধিক জোকাৰনি খালে

অত্যাধিক ড্ৰাই ফ্ৰুইট খালে

‣ পাতল, শুকান আহাৰ গ্ৰহণৰ কাৰণে বাত (Vata dosha)দোষ দূষিত হৈ যায়।

‣ দীৰ্ঘ সময় ধৰি অতিৰিক্ত পাতল পদাৰ্থ খালে

‣ অতিৰিক্ত কল্ড ড্ৰিংকচ পান কৰিলে

‣ অতিৰিক্ত কাম কৰিলে

‣ স্ট্ৰেচ, উদ্বেগ, শোক, ভয়, অতিৰিক্ত চেক্স, 

‣ গভীৰ ৰাতি শুৱা আৰু 

‣ দীৰ্ঘসময় ধৰি স্নান কৰিলে…

বাত (Vata dosha)ভাৰসাম্যহীন হৈ পৰে।  


বাৰ্ধক্যৰ সময়ত বাত (Vata dosha) আৰু জটিল হয়। বায়ু ত্ৰুটিৰ কাৰণে গ্যাচ, বাত, জয়ন্ট বিষ, পিঠি বিষ, পেশী বিষ আৰু মাথাবিষ ইত্যাদি হয়। বদহজম আৰু কোষ্ঠকাঠিন্যও হয়।


দেহৰ অৱস্থান আৰু কাৰ্যকাৰিতা অনুসাৰে বাত (Vata dosha) প্ৰকাৰসমূহ 5 প্ৰকাৰ হিচাবে বিবেচিত হৈছে- Vata dosha types in Assamese  


প্ৰাণ বাত (Vata dosha)-Prana Vata

উদান বাত- Udana Vata

সমান বাত- Samana Vata

ব্যান বাত- Vyana Vata

অপান বাত- Apana Vata


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese


বাত (Vata dosha)প্ৰকৃতিৰ লোকৰ শৰীৰ পাতল, হাড় পাতল আৰু ত্বক আৰু চুলি শুকান হয়। তেওঁলোকে প্ৰায়ে দ্ৰুতভাৱে খোজকাঢ়িব পাৰে আৰু দ্ৰুতভাবে কথাও কয়। ভাৰসাম্য নাথাকিলে, তেওঁলোকক ওজন হ্ৰাস পাব পাৰে, কোষ্ঠকাঠিন্য হব পাৰে আৰু তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা আৰু স্নায়ুতন্ত্ৰৰ দুৰ্বলতা থাকিব পাৰে।


বাত (Vata dosha)প্ৰকৃতিৰ লোক উৎসাহী, সৃজনশীল, নমনীয় আৰু শক্তিশালী হয়৷ বাত (Vata dosha)সন্তুোলনৰ বাহিৰ হলে, তেওঁলোক সহজেই বিভ্ৰান্ত হৈ উঠিব পাৰে, মনোনিবেশ কৰাত আৰু সিদ্ধান্ত লোৱাত অসুবিধা হয় আৰু টোপনি  সমস্যা হয়। 

 

এয়া আৰু স্পষ্ট হৈ পৰে যেতিয়া তেওঁলোক চাপত থাকে৷ বাত (Vata dosha)সন্তুোলন বায়ুত শুষ্কতা, শীতলতা, লঘু, সূক্ষ্ম, চঞ্চলতা, আদ্ৰৰ্তাহীন আৰু ৰুক্ষতা আদি বৈশিষ্ট্য আছে। বাত (Vata dosha) ভাৰসাম্য আনিবৰ বাবে,  আয়ুৰ্বেদে শৰীৰত তাপ, পুষ্টি, আৰ্দ্ৰতা আৰু স্থিতিশীলতাৰ গুণাবলীক জোৰ দিয়ে।  ডায়েটত, ৰন্ধা খাদ্য যেনে চাউল, শাকপাচলি, মছলা, গৰম গাখীৰ খোৱা উচিত।  আদা জাতীয় জ্বলা উদ্ভিদে আভ্যন্তৰীণ তাপ বঢ়ায় আৰু অৰ্শ্বগন্ধাৰ দৰে পুষ্টিকৰ বনৌষধিয়ে বাতৰ ভাৰসাম্য বৰ্তাই ৰাখে।  আয়ুৰ্বেদিক কাৰ্যপ্ৰণালীত কেৱলমাত্ৰ গুল্ম আৰু ডায়টেই নহয়, ৰঙ আৰু সুগন্ধ থেৰাপি, ডিটক্সিফিকেছন, যোগ আৰু ধ্যান অন্তৰ্ভুক্ত আছে।


ডায়েটৰ জৰিয়তে বাত (Vata dosha) দোষৰ ভাৰসাম্য সন্তুোলিত কৰা বাবে ইয়াৰ বিপৰীত গুণাবলীৰ আহাৰ খোৱা উচিত, যেনে গৰম, মিঠা, পুষ্টিকৰ আহাৰ।  শান্ত পৰিবেশত নিয়মিত আহাৰ গ্ৰহণ কৰা উচিত। 


বাত (Vata dosha) ব্যাধিজনিত ৰোগ -What are the symptoms of Vata Dosha?- in Assamese


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

➡ আক্ষেপক Convulsion 

➡ হনুস্তম্ভ : মুখ খোলা জপোৱাত অসুবিধা হোৱা এবিধ ৰোগ Lock jaw

➡ উৰুস্তম্ভ : উৰুৰ মাংসপেশী ৰ জোৰ কম হোৱা ৰোগ  Muscle fatigue , myopathy

➡ শিৰাগ্ৰহ : মূৰৰ বিষ হোৱা ৰোগ Trigeminal neuralgia

➡ কটিগ্ৰহ : ককালৰ তলৰ অংশত বিষ হোৱা ৰোগ

➡ খল্লী : কৰঙনৰ চুকৰ পৰা ভৰিলৈ হোৱা বিপ ৰোগ

➡ জিহ্বাস্তম্ভ : জিভা ভালদৰে লৰচৰ কৰিব নোৱাৰে Hlosssl palsy

➡ অৰ্দিত : Facial palsy মুখৰ মাংখপেশী পেৰালাইচিচ হৈ মুখখনৰ আকাৰ বেকা হৈ যোৱা

➡ পক্ষাঘাত Paralysis hemiplegia

➡ মন্যাস্তম্ভ Neck rigidity ডিঙিৰ পাছৰ অংশ বিষ হোৱা 

➡ গৃধসী : ককালৰ তলৰ তপিনা অংশৰ পৰা ভৰিৰ তললৈ হোৱা বিষ

➡ পাদহৰ্ষ : ভৰি জিনজিনোৱা ৰোগ

➡ বিশ্বসী : বাউসীৰ পিছফালৰ ওপৰৰ পৰা তললৈ বিষ

➡ অববাহুকা : বাউসী লৰচৰ কৰিব নোৱাৰা অত্যন্ত বিষ হোৱা ৰোগ 

➡ অনিদ্ৰা  ইত্যাদি


চিকিৎসা ৰ বাবে তলৰ অংশ চাওক… 


বাতৰ ভাৰসাম্য বৰ্তাই ৰাখিবৰ বাবে আপোনাৰ প্ৰতিদিনৰ ডায়েটত তৰল আৰু তৈলাক্ত আহাৰ অন্তৰ্ভুক্ত কৰক৷ ই শৰীৰৰ শুষ্কতা নাইকিয়া কৰিব।  বায়ুৰ পাতল বৈশিষ্ট্যৰ ভাৰসাম্য বৰ্তাই ৰখাত কিছু "গধুৰ" আহাৰ খাওঁক যি পুষ্টি সৰবৰাহ কৰে।  


কমকৈ খাব: কম ঠান্ডা, পাতল, শুকান আহাৰ


কেনেধৰণৰ স্বাদ খাব: মিঠা, টেঙা আৰু নিমখীয়া আহাৰ 


কেনেধৰণৰ স্বাদ কমকৈ খাব: জ্বলা, কেঁহা আৰু তিতা


বাত (Vata dosha) সন্তুোলিত ৰখাৰ বাবে কি খাব কি নাখাব-


তিল, আদা, নহৰু আৰু গুৰ দি তৈয়াৰ কৰা আহাৰ খাওঁক।


তিয়হ, গাজৰ,বীট, পালেং, মিঠা আলু, শতাবৰী, আৰু গ্ৰীষ্মৰ ৰঙালাও খাওঁক।   শাকপাচলি নিয়মিত খাওঁক৷


মগু দাইল, ৰাজমা,চয়া গাখীৰ সেৱন কৰক৷


বাত (Vata dosha) সন্তুোলিত ৰখাত তিনিটা আয়ুৰ্বেদিক স্বাদ  হৈছে মিঠা, টেঙা আৰু নিমখীয়া৷ গতিকে দৈনিক আহাৰত এই স্বাদসমুহক অন্তৰ্ভুক্ত কৰক।


আপোনাৰ যদি বাতৰ ভাৰসাম্য বৰ্তাই ৰাখিব বিচাৰে তেন্তে ফ্যাট গ্ৰহণ কৰা উচিত। আহাৰত সামান্য ঘি (মাখন), তেল ইত্যাদি দি খাওক। 


গৰম, সতেজ ৰন্ধা আহাৰ গ্ৰহন কৰক। 


গৰম গাখীৰ,সতেজ পনীৰ, টেঙা ফল, শুকান ফল বা সূৰ্যমুখী বা ৰঙালাউৰ বীজ খাওঁক৷  


তিতা, মশলাযুক্ত আৰু কেঁহা স্বাদযুক্ত আহাৰ কমাই খাওঁক।  


ৰাতি দহটা বাদাম তিয়াই ৰাখক আৰু ৰাতিপুৱা বাকলি গুচাই খাওঁক৷ 


বাচমতি চাউল বাতৰ ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে উৎকৃষ্ট আদৰ্শ। গেহুও ভাল। 


বাৰ্লি, ব্ৰাউন ৰাইচ নাখাব৷


বেছিভাগ মশলা হজমশক্তি বঢ়ায় গতিকে আহাৰত এইসমূহ প্ৰয়োগ কৰিলে হজমক সহায়তা কৰে৷  হালধী, জিৰা, ধনিয়া, আদা,জালুক ইত্যাদি ব্যৱহাৰ কৰক৷


গোটেই দিন প্ৰচুৰ গৰম পানী বা ভেষজ চাহ পান কৰক৷


বন্ধাকবি, ফুলকবি, ব্ৰকলি, কেঁচা কল ইত্যাদি কমাই খাব৷


যিবিলাক আহাৰৰপৰা গেচ হয় সেইসমূহ নাখাব৷


কেঁচা আহাৰ খোৱাৰ পৰা বিৰত থাকক নতুবা হ্ৰাস কৰক৷


ঠাণ্ডা দিনত বা ঠাণ্ডা ঠাইত কল্ড কফি, ব্লেক টি, গ্ৰীন টি,ফলৰ ৰস আদি নাখাব৷


নাচপতি, কেঁচা কল আদি নাখাব৷


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

এক নিশ্চিত দিনচৰ্যা পালন কৰক৷ প্ৰতিদিনে কিছুসময় ৰ’দত বহক৷ কোনো শান্ত স্হানত বহি ধ্যান কৰক৷ গৰম পানী নতুবা বাত (Vata dosha)শান্ত কৰা ঔষধীযুক্ত পানীৰে গা ধুওক৷ কুহুমীয়া তেলেৰ নিয়মিত শৰীৰ মালিচ কৰক৷ তাৰ বাব আপুনি তিল তেল, বাদাম তেল, জলফাই তেলৰ ব্যৱহাৰ কৰিব পাৰে৷ শক্তি প্ৰদান কৰা যোগ ব্যায়ামক দিনচৰ্যাত অন্তৰ্ভুক্ত কৰক৷


বাতব্যাধিৰ চিকিৎসা : হাজাৰ বৰ্ষ আগতেই উল্লেখ কৰা এই বাত ব্যাধি সমূহ যিসমূহত ৰোগী প্ৰায়েই কষ্ট পোৱা দেখা যায় । হাজাৰ বৰ্ষ আগতেই বৰ্ণিত আয়ুৰ্বেদিক চিকিৎসা ৰ দ্বাৰা সহজেই আৰোগ্য / লাভাম্বিত হব পাৰি । আয়ুৰ্বেদিক চিকিৎসা ৰ ব্যবহৃত এই ঔষধ সমূহ বহু শ শ বছৰৰ পৰা ব্যৱহৃত বিশেষ পাৰ্শ্চক্ৰিয়া ৰহিত।


বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

সামান্য চিকিৎসা
 


★ স্নেহন - বাহ্যিক আৰু আভ্যন্তৰীণ স্নেহন

★ স্বেদন 

★ সংশোধন চিকিৎসা

★ ৰসায়ন সেৱন

★ বাতনাশক ঔষধ : 

- অশ্বগন্ধা

- বলা

- দশমূল

- সুন্থী

- ৰাস্না 

- গুগুলু

- এৰণ্ড

- প্ৰসাৰিনি

- তৈল , বসা , মজ্জা , ঘৃত, ইত্যাদি

* তেল - বলাতেল , সহচৰ তেল ,নিৰ্গুণ্ডী তেল, প্ৰসাৰিনি তেল ,মহামাষ তেল , নাৰায়ন তেল ,বিষগৰ্ভা তেল ইত্যাদি

ঔষধি ঘৃত : 

কষায় :

গুগুলু যোগ :ৰস ঔষধি 

যি সমূহ ৰোগী পৰীক্ষা কৰি ৰোগীৰ বল , ৰোগ ইত্যাদি নিৰ্ভৰ কৰি প্ৰয়োগ কৰিলে নিশ্চয় কৈ সুফল পাব পাৰি । 


(পষ্টটোত উল্লেখ কৰা ঔষধ অন্য পৰামৰ্শ চিকিৎসকৰ পোনপটীয়া পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব


পিচলৈ এই বাত ব্যাধি সমূহৰ একো একো বিধৰ বিষয়ে আৰু কাৰন , লক্ষণ , চিকিৎসা, ঔষধ বিতংকৈ লিখা হব। পৰবৰ্তী পষ্ট সমূহ পাবৰ বাবে পেজটো লাইক কৰিব আৰু পষ্টটো চেয়াৰ কৰিব৷


আশাঁ কৰো উপৰোক্ত বাত দোষ সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com




Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese