দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese

 

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese





দাঁতৰ আলুৰপৰা তেজ উলোৱা (bleeding gums) আলু সম্পৰ্কিত ৰোগৰ ভিতৰত সৰ্বাধিক সাধাৰণ লক্ষণ, তথাপি ই অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ফালেও নিৰ্দেশ কৰে।  মাজে মাজে দাঁতৰ আলু পৰা ৰক্তপাত বা তেজ উলোৱা সমস্যাত খুব বেছি ঘঁহি ঘঁহি ব্ৰাছ কৰাৰ কাৰণে বা সঠিকভাব খাপ নোখোৱা dentures (কৃত্ৰিম দাঁত) ৰ বাবেও হব পাৰে।  দাঁতৰ আলুৰ পৰা বাৰে বাৰে ৰক্তপাত বা তেজ উলোৱা অন্যান্য গুৰুতৰ অৱস্থাৰ  ইঙ্গিত কৰিব পাৰে, যিবিলাকৰ মাজত আছে - 


‣ Periodontitis: দাঁতৰ আলুৰ ৰোগ এটি অন্য ৰূপ, 

‣ ভিটামিনৰ অভাৱ

‣ গৰ্ভাৱস্থাত হৰমন পৰিবৰ্তন ইত্যাদি৷


অৱশ্যে, দাঁতৰ আলুৰ পৰা ৰক্তপাত বা তেজ উলোৱা সাধাৰণ বুলি ভবা হয়  যদিও আপুনাৰ দাঁতৰ আলুৰ পৰা যদি নিয়মিত বা অতিৰিক্ত ৰক্তক্ষৰণ হয় তেন্তে ইয়াৰ উপেক্ষা কৰা উচিত নহয়।   



দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা  লক্ষণসমূহ- Bleeding Gums Symptoms in Assamese


দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা সময়ত, ইয়াৰ লগত নিম্নলিখিত উপসৰ্গ আৰু লক্ষণগসমুহ দেখা দিব পাৰে -  


দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese


‣ আলু ফুলি উঠা, 

‣ মুখ আৰু দাঁতৰ আলুৰ চাৰিওপাশে বিষ অনুভৱ হোৱা,

‣ আলুসমূহ গাঢ় ৰঙা বা বেঙুনীয়া ধৰনৰ হোৱা, 

‣ দাঁতৰ আলু চুলে বিষ হোৱা,

‣ দাঁতৰ আলু আৰু দাঁতসমূহৰ মাজৰ দূৰত্ব বাঢ়ি যোৱা, 

‣ মুখৰ গোন্ধ বা মুখৰ সোৱাদ বেয়া হয়, দাঁতসমূহ ঢিলা হোৱা  ইত্যাদি।  




দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা কাৰণসমূহ - Bleeding Gums Causes in assamese



দাঁত আৰু অন্যান্য শাৰীৰিক সমস্যাৰ কাৰণে দাঁতৰ আলুৰ ৰক্তপাত বা তেজ হব পাৰ, ইয়াৰউপৰি কিছুমান জীৱনশৈলী লগত সমস্যাসমূহ যি দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা কাৰণ হব পাৰে।

  

ভিটামিন চি অভাৱ-


যেতিয়া কোনো ব্যক্তি তেওঁৰ ডায়েটত পৰ্যাপ্ত পৰিমাণ ফলমূল আৰু শাকসব্জি অন্তৰ্ভুক্ত নহয় তেতিয়া ভিটামিন চি ৰ অভাৱ হব পাৰে৷ ইয়াৰফলত, দাঁতৰ 

আলুত বিষ আৰু ফোলাভাব সৃষ্টি কৰিব পাৰে যাৰ কাৰণে তেজ প্ৰবাহিত হোৱা আৰম্ভ হয়৷  


লিভাৰৰ ৰোগ-


যিকোনো ধৰণৰ লিভাৰ ডিজিজ আৰু এলকোহলজনিত কাৰণে লিভাৰৰ কাৰ্যকাৰিতা বাধা সৃষ্টি কৰে, যাৰবাবে দাঁতৰ আলুত ৰক্তক্ষৰণ হব পাৰে, কিছু ধৰণৰ কেন্সাৰ যেনে লিউকমিয়া (Leukaemia / ৰক্তৰ কেন্সাৰ) বা অস্থি মজ্জাৰ কেন্সাৰ।  এটি দাঁতৰ আলু থক ৰক্তক্ষৰণও কৰে।  

 

ভিটামিন কে অভাৱ-


শৰীৰৰ clotting প্ৰক্ৰিয়াটিৰ বাবে ভিটামিন কে এটি গুৰুত্বপূৰ্ণ উপাদান। গতিকে যেতিয়া ভিটামিন কে ৰ অভাৱ হয় তেতিয়া দাঁতৰ আলুসহ শৰীৰৰ যিকোনো স্হানত ৰক্তক্ষৰণৰ প্ৰৱণতা বৃদ্ধি পায়।


দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



 একাবেকা দাঁত-


এনে দাঁতসমূহ পৰিষ্কাৰ কৰা খুব কঠিন হব পাৰ, ইয়াৰ ফলত দুটি দাঁতৰ মাজত আহাৰ লাগি ধৰিব পাৰে। ইয়াৰ ফলত দাঁতৰ আলুৰ ফোলাভাব হয় আৰু সহজেই ৰক্তক্ষৰণ হব পাৰে। 

বেছি চাপ দি ব্ৰাছ কৰাৰ বাবে নতুবা কঠোৰ ব্ৰাছ ব্যৱহাৰ কৰাৰ বাবে দাঁতৰ আলুৰ পৰা তেজ উলাব ধৰে৷


ব্লিডিং সম্বন্ধীয় বিকাৰ জেনেটিক (genetic) আৰু অজ্ঞাত উৎসৰ বাবেও হব পাৰে৷ ই পোণপ্ৰথমে ৰক্তস্ৰাৱৰ মাধ্যমেৰে প্ৰকট হব পাৰে৷


ঔষধৰ ফলত-


কিছুমান ঔষধ যেনে হাৰ্ট এটেক আৰু স্ট্ৰকৰ বাবে দিয়া (এচপিৰিন), মৃগী ৰোগৰ ঔষধ, কেন্সাৰৰ কেমোথেৰাপি ইত্যাদিৰ কাৰণেও দাঁতৰ আলুত ৰক্তক্ষৰণ হব পাৰে।  


ওপৰত বৰ্ণিত এই কাৰণসমূহৰ উপৰিও, ধপাত সেৱন, স্ট্ৰেচ, ৰেডিয়ছন থেৰাপি, এইচআইভি (HIV) ইত্যাদিৰ অনেক কাৰণ থাকিব পাৰে৷ এইসমূহ ৰোগে  সকলো দাঁতৰ আলু সম্পৰ্কিত ৰোগৰ সৃষ্টি কৰিব পাৰে, এই ৰোগসমূহৰ এটি লক্ষণ হিচাবে দাঁতৰ আলু  ৰক্তপাত বা তেজ ক্ষৰণ হোৱা আৰম্ভ হব পাৰে। গতিকে সাৱধান হোৱাতো অতি প্ৰয়োজন৷ 



দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা প্ৰতিৰোধ -Prevention of Bleeding Gums in assamese


আপোনাৰ দাঁতৰ আলুৰ পৰা ৰক্তপাত বা তেজ উলোৱা ৰোধ কৰিবলৈ, আপুনি নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰে-


এজন ডেন্টিস্ট(dentist ) ক দেখাওক


মুখৰ যত্নৰ অভ্যাসসমূহ পৰিবৰ্তন কৰা, ঔষধসমূহ সঠিকভাব গ্ৰহণ কৰা আৰু স্বাস্থ্যকৰ ডায়েট গ্ৰহন কৰা স্বত্বেও যদি আপোনাৰ দাঁতৰ আলু ৰক্তপাত বা তেজ উলোৱা বন্ধ হোৱা নাই তেন্তে অনতিপলমে dentist ক দেখোৱা উচিত৷

 

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



এই ক্ষেত্ৰত, দাঁতৰ ডাক্তৰে(dentist) য়ে আপোনাৰ দাঁতৰ আলু পৰীক্ষা কৰিব আৰু আপনাৰ কোনো গুৰুতৰ সমস্যা আছ নে নাই সেয়া নিৰ্ধাৰণ কৰিব। 


নিজৰ ঔষধসমূহৰ বিষয়ে চিকিৎসকক শুধক


এনে কিছুমান ঔষুধ আছে যি দাঁতৰ আলু পৰা ৰক্তক্ষৰণৰ সম্ভাৱনা বঢ়ায় তোলে।  কিছু বিষ উপশমকাৰী ঔষধ যেনে এচপিৰিনে ৰক্ত ​​পাতল কৰে, যাৰ ফলত ৰক্তপাত হয়।  এই ধৰনৰ ক্ষেত্ৰত, চিকিৎসকে এই ঔষধসমূহৰ পৰিবৰ্তে অন্যান্য ঔষধ লিখি দিয়ে। 


আপোনাৰ টুথব্ৰাছ পৰীক্ষা কৰক


যদি আপনাৰ দাঁতৰ আলুত ৰক্তক্ষৰণ হয় আৰু আপোনাৰ দাঁত ব্ৰাছ কঠোৰ বা টান হয়, তাৰ পৰিবৰ্তে কোমল টুথব্ৰাছ ব্যৱহাৰ কৰক। 


এটি ভাল আৰু সুষম ডায়েট গ্ৰহন কৰক


এটি সুষম ডায়েট, য’ত প্ৰচুৰ পৰিমাণ ভিটামিন চি আৰু কেলচিয়াম থাকে তেনে খাদ্য গ্ৰহনে দাঁতৰ আলুৰ সমস্যা হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।



দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



‣ নিমখ পানীৰে কুলকুলি কৰক


দিনটোত দুবাৰ নিমখ পানীৰে মুখ কুলকুলি কৰিলে উপকাৰ পোৱা যায়, পানীয়ে  দাঁতৰ ফাঁকত থকা আহাৰৰ টুকৰা আঁতৰোৱাৰ লগতে মুখৰ বেক্টেৰিয়া আঁতৰ কৰে৷ 



ধপাতজাতীয় পণ্য গ্ৰহন নকৰিব


আপুনি যদি ধূমপান কৰে বা অন্যান্য ধপাতজাত পণ্য ব্যৱহাৰ কৰে তেন্তে এইসমূহ পৰিত্যাগ কৰা উচিত৷ অত্যন্ত গৰম বা ঠান্ডা আহাৰ বা পানীয় গ্ৰহন কৰাৰ ক্ষেত্ৰত সতৰ্ক থাকক।  দাঁতৰ আলুৰ সমস্যা থাকিলে আপুনি যদি মন কৰে বুজিব পাৰিব যে, কুহুমীয়া গৰম আৰু শীতল পদাৰ্থ গ্ৰহণে আপুনি বেছি স্বাচ্ছন্দ্য বোধ কৰিছে।


মানসিক চিন্তা পৰিহাৰ কৰক


মানসিক চিন্তাই স্ট্ৰেচ হৰমনৰ(Stress hormone) মাত্ৰা বঢ়ায় যি আপোনাৰ দাঁতৰ আলুসহ শৰীৰৰ অন্যান্য অংশ প্ৰদাহ বৃদ্ধি কৰিব পাৰে৷


কেতিয়া ডাক্তৰৰপৰা পৰামৰ্শ লোৱা উচিত?  


আপোনাৰ নিম্নলিখিত সমস্যাসমূহ থাকিলে আপুনি ডাক্তৰক দেখোৱা উচিত -


যদি দাঁতৰ আলুূসমূহৰপৰা দীৰ্ঘ আৰু মাৰাত্মকভাব ৰক্তক্ষৰণ হয়। 


যদি চিকিৎসাৰ পিছতো ৰক্তপাত বা তেজ উলোৱা অব্যাহত থাকে।


যদি দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা সময়ত আপুনি এনে কিছু লক্ষণ অনুভৱ কৰে বা এনে ভাব অনুভব কৰে যে আপুনি প্ৰকাশ কৰিব নোৱাৰে, তেন্তে এজন ডাক্তৰৰ পৰা পৰামৰ্শ লোৱা উচিত।


আশাঁ কৰো উপৰোক্ত “দাঁতৰ আলুৰ স্বাস্থ্য” সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে পঢ়ি ভাল পালে উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com


Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese