পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…

 

পাল্স অক্সিমিটাৰ-Pulse oximeter

পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…
Pulse oximeter



পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ'ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন  পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে।  প্ৰথমতে, এয়া জনা প্ৰয়োজন যে ৰক্তত অক্সিজেনৰ পৰিপূৰ্ণতা পৰিমাপ কৰাৰ প্ৰয়োজন কিয়? লোহিত ৰক্ত ​​কোষত উপস্থিত হিমোগ্লোবিনে নিজক অক্সিজেনৰ লগত সংযুক্ত কৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ ৰক্ত ​​বহন কৰে। ওৱৰ্ল্ড হেলথ অৰ্গানাইজেচন (WHO) Pulse Oximetry Training Manual 2011 অনুসৰি, হিমগ্লোবিনৰ প্ৰতিটো কণায়ে অক্সিজেনৰ 4 কণিকা পৰ্যন্ত বহন কৰিব পাৰে। যি ব্যক্তিৰ শৰীৰত হিমোগ্লবিনে ৰক্তত উপস্থিত অক্সিজেনৰ 4 টি কণাক আবদ্ধ কৰিব পাৰে তেওঁলোকৰ দেহত অক্সিজনৰ পৰিপূৰ্ণতা 100 শতাংশ হয়৷  সাধাৰণভাবে, হিমগ্লবিন অক্সিজেনৰ স্যাচুৰেছন (saturation) 95 শতাংশ বা তাৰ বেছি হোৱা উচিত।

  

পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


তথাপি শ্বাসকষ্ট, বুকৰ বিষ বা হাঁপানি, সিওপিডি(COPD)  বা কোভিড -১৯ (Covid-19) ৰ দৰে শ্বাসকষ্টজনিত অসুস্থতায়ে ৰক্তত  94 শতাংশৰো কম সংখ্যক অক্সিজেনৰ স্যাচুৰেশন স্তৰ হ্ৰাস কৰিব পাৰে আৰু  এই অৱস্থাক হাইপোক্সিমিয়া(hypoxemia)

বোলা হয়।  হাইপোক্সিমিয়া ৰোগীৰ ক্ষেত্ৰত কোনো পলম নকৰি তাৎক্ষণিক অক্সিজেন থেৰাপিৰ প্ৰয়োজন হয় যি খুব সহজ আৰু কাৰ্যকৰ ডিভাইচ অক্সিজেন চিলিন্ডাৰ আৰু মাস্কৰ মাধ্যমেৰে দিব পৰা যায়৷



অক্সিজেনৰ এই অভাৱত যদি সময় মতে চিকিৎসা কৰা নহয় তেন্তে হাইপোক্সমিয়া advanced stage পাব পাৰে যেতিয়া শৰীৰৰ বিভিন্ন অংশ কাম কৰাৰ বাবে প্ৰয়োজনীয় অক্সিজন নাপায় আৰু এই অৱস্থাক হাইপোক্সিয়া (hypoxia) বোলা হয়৷ ই এটি মাৰাত্মক অৱস্থা হৈ পৰে আৰু তেতিয়া ৰোগীৰ সাধাৰণ অক্সিজেন থেৰাপিৰ লগতে ভেন্টিলেটৰ বা ECMO মেছিনৰ প্ৰয়োজন হব পাৰে।


যদিও এই ডিভাইসবিধ হস্পিতেলসমূহত প্ৰচুৰ ব্যৱহৃত হয় তথাপি পাল্স অক্সিমিটাৰ- Pulse oximeter এটি খুব সহজ ডিভাইস আৰু ইয়াক ঘৰতো ব্যৱহাৰ কৰিব পৰা যায়। এই মেছিনটো দেখাত স্ট্যাপলাৰৰ দৰে, আপুনি মাত্ৰ ইয়াক আপোনাৰ তৰ্জনী আঙুলি, ভৰিৰ আঙুলি বা কানৰ লতি লগাব পাৰে যত আপোনাৰ বাবে সুবিজনক হয়।  মেছিনটো Sp02  ৰিডিং দেখায় যি ৰক্ত অক্সিজেনৰ সম্পৃক্ততাৰ শতাংশ (percentage of oxygen saturation) হয়৷  


যদি পৰিমাপ 95 শতাংশৰও কম হয় তেন্তে ইয়াৰ অৰ্থ আপুনি অবিলম্বে ডাক্তৰৰ লগত যোগাযোগ কৰা উচিত।


পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


বৰ্তমান, প্ৰচুৰ সংখ্যক মানুহে পাল্স অক্সিমিটাৰ- Pulse oximeter-প্ৰয়োগ কৰিব ধৰিছে আৰু ইয়াৰ এটি কাৰন হৈছে কোভিড -১৯ (Covid-19) মহামাৰী।  আচলতে, কোভিড -19 (Covid-19) ৰোগ হিপি হাইপোক্সিয়া বা নীৰব হাইপোক্সিয়াৰ (heapy hypoxia or silent hypoxia) লগত সম্পৰ্কিত।  সহজ কথাত হিপি হাইপোক্সিয়া এনে এটি স্হিতি যেতিয়া ৰোগীক বাহ্যিকভাবে শৰীৰত খুব কম স্তৰৰ অক্সিজেনৰ লক্ষণ দেখা নাযায়, কিন্ত্ত দেহৰ অভ্যন্তৰত তাৰ ৰক্ত অক্সিজেনৰ স্যাচুৰশনৰ স্তৰ হ্ৰাস পায়। এই সময়ত ৰোগীৰ জৰুৰী যত্ন প্ৰয়োজন। এনে পৰিস্থিতিত যদি ঘৰতেই পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter থাকে তেন্তে সময়ে সময়ে অক্সিজেনৰ স্তৰটি পৰীক্ষা কৰি সাৱধান হব পৰা যায়৷


পাল্স অক্সিমিটাৰৰ - pulse oximeter অন্যান্য প্ৰয়োগ


পাল্স অক্সিমিটাৰ-Pulse oximeter কেৱল Covid-19 ৰোগীৰ বাবেই নহয় অন্য কিছুমান স্বাস্থ্য ক্ষেত্ৰতো প্ৰয়োজনীয়৷  এই স্বাস্থ্য স্হিতিসমূহৰ ভিতৰত আছে:


‣ Chronic obstructive pulmonary disease (COPD) 


হাঁপানি- Ashthma


‣ নিউমোনিয়া


‣ হাওঁফাওঁৰ ক্যান্সাৰ


ৰক্তাল্পতা বা এনিমিয়া


হাৰ্ট এটেক্ বা হৃদৰোগ


‣ জন্মগত হাৰ্টৰ ত্ৰুটি


পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


পাল্স অক্সিমিটাৰ - PULSE OXIMETER কিদৰে কাম কৰে?How does Pulse Oximeter Work? in assamese


পাল্স অক্সিমিটাৰ- Pulse oximeter ডিভাইসবিধ আঙুলি, ভৰিৰ আঙুলি বা কানত বা শৰীৰৰ যি অংশত প্ৰয়োগ কৰা হয়, সেই অংশত সকলোতকৈ সৰু ৰক্ত ​​ধমনী যাক capillary  বা capillaries বোলা হয়, তাত ইনফ্ৰাৰড ৰশ্মি প্ৰেৰণ কৰে আৰু অক্সিজেনৰ দ্বাৰা প্ৰতিহত হৈ উভতি অহা ৰশ্মিক মাপ কৰি, কিছু মাত্ৰ চেকেন্ডৰ ভিতৰত অক্সিজেনৰ স্যাচুৰশন সম্পৰ্কে ধাৰণা পাব পৰা যায়। ইয়াৰ লগতে মেছিনটোৱে নাড়িৰ হাৰ(pulse rate) পৰ্যবেক্ষণ কৰিব পাৰে৷  


(পাল্স অক্সিমিটাৰ- Pulse oximeter  কপাল আৰু নাকৰ অংশৰ বাবেও উপলব্ধ আছে৷ গৱেষণা পৰা জনা গৈছে যে, শৰীৰ খুব কম অক্সিজেনৰ স্যাচুৰশন ৮০ শতাংশৰো কম হলে নাক আৰু কানৰ অংশসমূহ আঙুলি বা ভৰিৰ আঙুলিৰ তুলনাত দ্ৰুতভাৱে ধৰিব পাৰে৷ অৱশ্যে আঙুলি বা ভৰিৰ আঙুলিৰ পৰা লোৱা ৰিডিং সঠিক হিচাবে বিবেচনা কৰা হয়)



৯৫ পৰা ১০০ শতাংশৰ মাজৰ ৰিডিং স্বাভাৱিক বুলি বিবেচিত হয়।  যদি কোনো ব্যক্তিৰ দীৰ্ঘ সময়ধৰি শ্বাস প্ৰশ্বাসৰ ৰোগ হয় তেন্তে সেই ব্যক্তিৰ বাবে স্বাভাৱিক অক্সিজেনৰ স্তৰ কিছু পৰিমাণে কম হব পাৰে, বিশেষকৈ যদি ৰোগীৰ দীৰ্ঘম্যাদী হাঁপানী ৰোগ হয়। এনেধৰণৰ পৰিস্থিতিত তেওঁলোকে অক্সিজেন স্যাচুৰশন স্তৰ সম্পৰ্কে ডাক্তৰৰ লগত পৰামৰ্শ কৰি পাল্স অক্সিমিটাৰ- Pulse oximeter মেছিনবিধ নিজৰ লগত ৰখা উচিত।  


পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…

তথাপি, পাল্স অক্সিমিটাৰ- Pulse oximeter- সৰঞ্জামবিধৰ কিছু সীমাবদ্ধতা আছে।  


প্ৰথমতে-  প্ৰায় ভুল হোৱাৰ সম্ভাৱনা (margin of error) 2 শতাংশ থাকে আৰু 

দ্বিতীয়তে - এই উপকৰণে কাম নকৰিব যদিহে হাতৰ আঙুলিত নেইল পেইন্ট থাকে বা আপনাৰ হাত আৰু ভৰি খুব শীতল হয়।  


অন্যান্য ক্ষেত্ৰত, পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter ব্যৱহাৰ কৰা খুব সহজ আৰু নিৰ্ভৰযোগ্য মেছিন যাৰ মাধ্যমেৰে ৰক্তৰ অক্সিজেনৰ স্যাচুৰশন পৰীক্ষা কৰা যায়।

 


পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter উপকৰনবিধৰ  দাম 500 টকাৰপৰা 5000 পৰ্যন্ত হব পাৰে।  কিছুমান অক্সিমিটাৰ ব্লুটুথৰ (bluetooth)ৰ দৰে বৈশিষ্ট্যও আছে যি আপোনাৰ ফোনৰ লগত সংযুক্ত থাকে আৰু স্বয়ংক্ৰিয়ভাৱে কাম কৰে। 


BUY “PULSE OXIMETER” ONLINE-



আশাঁ কৰো উপৰোক্ত “pulse oximeter” সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে পঢ়ি ভাল পালে উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 


Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com




Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese