কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese

কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese

কোষ্ঠকাঠিন্য ফলত আমাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে যাৰফলত অন্ত্ৰত বহু প্ৰকাৰৰ ৰোগ উৎপন্ন হয় ৷ আমি মনত ৰখাটো প্ৰয়োজন যে প্ৰত্যেকৰে শৌচ কৰাৰ নিৰ্দিষ্ট অভ্যাস থাকে যিটো প্ৰত্যেকৰে ক্ষেত্ৰত ভিন্ন৷ আপুনি যদি সেইসকলৰ মাজত এজন হয়, যি দীৰ্ঘ সময়ৰ মূৰে মূৰে শৌচ কৰে তেতিয়া ধৰি লব আপুনি কোষ্ঠকাঠিন্যৰ ৰোগী৷


প্ৰতি দহজনৰ ভিতৰত চাৰিজনেই কোষ্ঠকাঠিন্য হয়৷ পাচনতন্ত্ৰৰ দুৰ্বলতা, খাদ্যত আঁহৰ অভাৱ আদি কাৰনত কোষ্ঠকাঠিন্য হয়৷ পুষ্টিগত গুনাগুনৰ লগতে  আমাৰ আহাৰত এনে কিছুমান দ্ৰব্যও দৰকাৰ যিবিলাকে শৰীৰৰপৰা মল নিস্কাষন কৰাত সহায় কৰে৷ সেয়ে আমাৰ খাদ্যত চেলুলোজযুক্ত খাদ্য থাকিব লাগে৷

কাৰন,খাদ্যৰ আঁহে হজম হোৱা খাদ্যপদাৰ্থবোৰ অন্ত্ৰৰ ভিতৰত ৰৈ থাকিবলৈ নিদিয়ে৷ সহজভাৱে বুজাবলৈ কব পাৰি যে, বাচন-বৰ্তনত লাগি থকা তেল বা আঠা লাগি ৰোৱা খাদ্য পদাৰ্থ ব্ৰাছ বা স্ক্ৰাৱাৰে ঘঁহি পৰিস্কাৰ কৰা হয় তেনেদৰে আঁহযুক্তখাদ্য পদাৰ্থই আমাৰ শৰীৰৰ ভিতৰত ব্ৰাছৰ দৰে কাম কৰে ৷

কোষ্ঠকাঠিন্য নিৰাময় কৰা বাবে প্ৰথমতে জানক কোষ্ঠকাঠিন্য কিয়  হয়?

কোষ্ঠকাঠিন্য হোৱাৰ কাৰন-Causes of Constipation in Assamese

  মাংসপেশীৰ দুৰ্বলতাঃ

 এই কাৰনতে বাৰ্ধক্য আৰু সন্তান প্ৰসৱৰ পিছতো কোষ্ঠকাঠিন্যই দেখা দিয়ে ৷ যিসকল শয্যাগত তেওঁলোকৰ কোষ্ঠকাঠিন্য এই একে কাৰণতে হয়৷

  সময়মতে আহাৰ নোখোৱাঃ

যিসকলে খোৱাৰ অনিয়ম হয় বা যিসকলে চেলুলোজ কম থকা খাদ্য খায় তেওঁলোকৰ মাজত কোষ্ঠকাঠিন্য দেখা যায় ,কাৰণ এইক্ষেত্ৰত মলাশয়ত উদ্দীপনা সংঘটিত কৰিব পৰা উপাদানৰ অভাৱ ঘটে ৷

➡ ময়দা আৰু ভূচি নোহোৱা আটাৰে প্ৰস্তুত কৰা খাদ্য খোৱা
➡ পানী কমকৈ খোৱা
➡ বেছি তেলত ভজা, অধিক মছলাযুক্ত খাদ্য খোৱা ৷

অশুদ্ধ জীৱনশৈলী

বিষনাশক ঔষধ সেৱন কৰা, মল-মূত্ৰ ত্যাগৰ প্ৰৱণতা ৰখাই থোৱা, কম পৰিমাণে খোৱাৰ ফলত৷ ইয়াৰ ফলত উদ্দীপিত আৰু উপাদানৰ অভাৱ হয় ৷
অনিয়মীয়া জীৱনশৈলী, অনিদ্ৰা,অতিনিদ্ৰা, উদ্বেগ, ৰক্তাল্পতা, ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম নকৰা

  গৰ্ভাৱস্হাত কোষ্ঠকাঠিন্য


গৰ্ভাৱস্হাত কোষ্ঠকাঠিন্য  হোৱাৰ কাৰণ হল এই অৱস্থাত দেহত যিধৰণৰ হৰমনৰ সৃষ্টি হয় সেয়াই আন্ত্ৰিক গতিবিধিক ব্যাহত কৰে ৷ ইয়াৰ উপৰিও বৃদ্ধিপ্ৰাপ্ত  গৰ্ভাশয়ে বৃহদান্ত্ৰৰ ওপৰত চাপৰ সৃষ্টি কৰি তাৰ গতিবিধিক বাধা প্ৰদান কৰে ৷

  ধূমপায়ীসকলে ধূমপান বা ধপাত বন্ধ কৰিলেঃ

বহুক্ষেত্ৰত দেখা যায় যে ধূমপায়ীসকলে ধূমপান বা ধপাত বন্ধ কৰিলেই কোষ্ঠকাঠিন্যত ভোগে ৷ ইয়াৰ কাৰন হল যে ধপাতৰ মাজত নিকোটিন থাকে যিটোয়ে খাদ্যাংশ দ্ৰুতগতিত যোৱাত সহায় কৰে যাৰফলত শৌচ কৰাৰ ইচ্ছা জাগে  ৷

ধূমপান পুনৰ আৰম্ভ কৰাৰ এইতো এটা ডাঙৰ অজুহাত৷

  জুলাপ/টনিক  খোৱা 

কোষ্ঠকাঠিন্যৰ আটাইতকৈ বেয়া উপায় হল  জুলাপ খোৱা ৷ অধিকাংশ জুলাপেই অন্ত্ৰৰ স্নায়ুক উত্তেজিত কৰি 'পেৰিচটালচিচ' নিঃসৰন কৰে ৷ ফলত,পিত্তশূল হব পাৰে আৰু বৰ্জনীয় পদাৰ্থই বৃহদান্ত্ৰত খৰধৰ কৰাৰ ফলত পানীৰ শোষণ কম হয় ৷ ফলত শৌচ আধাজুলীয়া হয় ৷

তদুপৰি , অন্ত্ৰত জুলাপ দি পৰিস্কাৰ কৰা হয় তেতিয়া পৰবৰ্তী খাদ্য  স্বাভাৱিকতেই  অধিক সময়ৰ বাবে ধৰি ৰখাৰ স্পৃহা হয় ৷ যাৰফলত কোষ্ঠকাঠিন্য আৰু বৃদ্ধি পায় ৷ তেতিয়া ভুক্তভুগীয়ে আৰু জুলাপ খাই আৰু বাৰে বাৰে এই ব্যৱস্থা লবলৈ বাধ্য হয় ৷ গতিকে, অন্ত্ৰৰ স্নায়ু এই কৃত্ৰিম উপায়েৰে উদ্দীপিত হৈ ইমান অভ্যস্ত হয় যে জুলাপ লোৱা বন্ধ হলেই স্বাভাৱিকভাৱে মলত্যাগৰ প্ৰৱণতা নাইকিয়া হয় ৷


কোষ্ঠকাঠিন্য জটিলৰৃপ ললে অতি গুৰুতৰ ৰোগ কিছুমান হব পাৰে ৷ যেনে- পেট ফুলি থকা, বেয়া উগাৰ অহা, মুৰৰ বিষ, হাত ভৰিৰ বিষ, অৰ্শ বা কেচুমূৰীয়া আদি ৰোগ হোৱাৰ আশংকা থাকে ৷


কোষ্ঠকাঠিন্য হলে কি কি কৰিব? How to prevent Constipation in Assamese

খাদ্যপ্ৰনালীঃ 
কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese

এনে খাদ্য খাওক যি পাকস্থলীৰ সঞ্চালনত সহায় হয় ৷ যেনে -

1. ফল, শাক পাচলি, ভুচিৰ সৈতে আটাৰ ৰুটি ইত্যাদি৷

2. পুৱাৰ জলপানৰ লগত গজালি মেলা বুট-মগু আদি খাওক৷ বুট কোষ্ঠকাঠিন্য ৰ বাবে বৰ উপকাৰী৷

3. প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক ৷

4. আহাৰত পালেং, জিলমিল শাক, মৰিচা, চালগোম, মেথিশাক, লাই শাক, খুতৰা শাক, মূলা শাক, বিলাহী, গাজৰ আদি বেছিকৈ খাব৷

5. আহাৰৰ লগত কেঁচা পিয়াজ কাটি তাত নেমু চেপি খাব ৷

6. কেঁচা ধনীয়া, সামান্য পদিনা, এডোখৰ আদা, কলা নিমখ,অলপমান জালুক গুড়ি আৰু নেমুৰস দি সেৱন কৰক ৷

7. পকা সতেজ ফলৰ ভিতৰত অমিতা,আপেল, সুমথিৰা, মধুৰিআম খাওক ৷ মধুৰিআম আহাৰ খোৱা আগে খাওক , পিছত নাখাব ৷ সেইদৰে প্ৰতিদিনে পুৱা খালী পেটত দুটা মধ্যমীয়া আকাৰৰ আপেল বাকলিৰে সৈতে চোবাই খাওক৷

8. শুকান ফলৰ ভিতৰত শুকান ডিমৰু, খেজুৰ, কিচমিচ আদি খাওক ৷

কোষ্ঠকাঠিন্যৰ বাবে ঘৰুৱা প্ৰতিকাৰ- Home remedies for Constipation in Assamese

কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese

ইচবগুল ব্যৱহাৰ কৰক

➡ জুলাপৰ পৰিবৰ্তে ইচবগুল, মিথাইল, চেলুলজ আদি গ্ৰহন কৰক ৷ ইয়াৰ ভিতৰত-ইচবগুল জনপ্ৰিয় ৷ গৰম গাখীৰৰ সৈতে ইচবগুল মিহলাই প্ৰায় পাঁচ গ্ৰাম মিচিৰি দি দিনে এবাৰ বা দুবাৰ খাওক ৷

তামৰ পাত্ৰ ব্যৱহাৰ

➡ প্ৰতিদিনে ৰাতি তামৰ ঘটি এটাত পানী ভৰাই ৰাখক। পুৱা সেই পানী খালী পেটত খাওক ৷

গুলকন্দ

➡ ৰাতি শুৱা আগতে এচামুচ গুলকন্দ খাওক নতুবা ত্ৰিফলা গৰম পানীৰ লগত খাওক ৷

এৰাগুতিৰ তেল (কেষ্টৰ অইল)

➡ সপ্তাহত এবাৰ গৰম গাখীৰৰ লগত এচামুচ এৰাগুতিৰ তেল(কেষ্টৰ অয়ল) মিহলাই খাওক ৷
নেমু আৰু গৰম পানী

➡ এগিলাচ কুহুমীয়া গৰম পানীত এটা নেমু চেপি লওক ৷ তাৰ লগত আধা চামুচ ক’লা নিমখ, আধা চামুচ সৈন্ধৱ লৱন মিহলাই পুৱা খালী পেটত খাওক ৷ ১৫/২০ মিনিটৰ পিছতে পেট পৰিস্কাৰ হব ৷


আহাৰ লাহে ধীৰে খাওক

➡ আহাৰ সদায় চোবাই চোবাই ভালদৰে খাওক ৷ খৰধৰ কৰি বা টিভি মবাইল চায় নাখাব ৷ আহাৰ খোৱাৰ পোন্ধৰ মিনিট পিছত পানী খাওক। আহাৰ খোৱাৰ পিছত পাঁচ মিনিট সময় ভৰি দুয়োটা কোঁচাই ব্ৰজাসনত বহক ৷

ভেষজৰ ব্যৱহাৰ

➡ যনী, সৰু জাতৰ শিলিখা, শুকান আমলখী, মেথিগুটি আৰু কলা নিমখ সমান পৰিমানত লৈ গুড়িকৈ বটি লওক ৷ শোৱাৰ আগতে এই গুড়িৰ এচামুচ লৈ গৰম গাখীৰৰ লগত খাওক 

আহাৰ গ্ৰহন

➡ আহাৰ খোৱাৰ পিছত বাওঁহাতে কাটি হৈ পাঁচ দহমিনিট সময় শুৱক৷

➡ ৰাতিৰ আহাৰ সন্ধিয়া সাত-আঠ বজাৰ ভিতৰত যেনে তেনে খাওক ৷ দেৰিকৈ আহাৰ গ্ৰহণ নকৰিব ৷খোজকঢ়া

কোষ্ঠকাঠিন্য (Constipation) হলে  বিশেষভাৱে মনোযোগ দিবলগাঃ

প্ৰতিদিনে দুই-তিনি কিলোমিটাৰ খোজকঢ়াৰ অভ্যাস কৰক৷
সময়ত খাওক সময়ত শুৱক৷
পানী অতি কমেও পাঁচ দহ গিলাচ খাওঁক৷
ভোক লাগিলেহে আহাৰ খাওক ৷
দালিয়া,বাকলিসহ দাইল, ভুচিযুক্ত আটাৰ ৰুটি, ঢেঁকীত বনা চাউলৰ ভাত, সেউজীয়া শাকপাত অধিক মাত্ৰাত খাওক৷
মানসিক উদ্বেগ নলব৷ দুশ্চিন্তা দুৰ কৰক৷ টোপনি সম্পূৰ্ণ কৰক৷

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক   লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷ মোৰ অন্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

পঢ়ি ভাল লাগিল যদি তলৰ কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব৷

ধন্যবাদ৷








Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese