তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া (FLEXSEED)
তিচি
Highlights

  • তিচি চুলি সৰা ৰোধ কৰাত কাৰ্যক্ষম৷
  • তিচি স্বাস্থ্যৰ বাবে অতি উপকাৰী (কেন্সাৰ,ডায়েবেটিছ আৰু ব্লাড প্ৰেচাৰৰ বাবে উপকাৰী)
  • যদি সঠিক মাত্ৰাত তিচি গ্ৰহন কৰে তেন্তে কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰিব পৰা যায়৷ 
  • প্ৰেগনেণ্ট মহিলাৰ বাবে সুৰক্ষিত নহয়

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া (side effect) বিষয়ে ভালদৰে জনাৰ পিছতহে ইয়াক গ্ৰহন কৰিব লাগে অন্যথা ইয়াৰ উপকাৰিতাসমূহ আপুনি  লাভ কৰিব নোৱাৰিব ৷ আহক এইবিষয়ে জানো-

তিচিৰ উপকাৰিতা 


তিচি বীজ বা ফ্লেকচিড হৈছে স্বাস্থ্যকৰ ফেটচ, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰৰ সমৃদ্ধ উৎস । এই বীজে প্র’টিন, লিগনানচ(lignans) আৰু প্রয়োজনীয় ফেটি এচিড আলফা-লিনোলেনিক এচিড(alpha-linolenic acid) আছে, যাক ALA বা ওমেগা -3 নামেও পৰিচিত।

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া


 এক টেবুলচামুচ তিচি গুটি বা ফ্লেকচীডত  পোৱা উপাদানসমূহঃ 


কে’লৰি: 37

প্র’টিন: 1.3 গ্রাম

কার্বস: 2 গ্রাম

ফাইবাৰ: 1.9 গ্রাম

মোট ফেট: 3 গ্রাম

স্যাচুৰেটেড ফেট: 0.3 গ্রাম

মনস্যাচুৰেটেড ফেট: 0.5 গ্রাম

পলিউনস্যাচুৰেটেড ফেট: ২.০ গ্রাম

ওমেগা 3 ফেটি এচিদ: 1,597 মিলিগ্রাম

ভিটামিন বি 1: RDIৰ 8%

ভিটামিন বি 6: RDI ৰ 2%

ফ’লেট: RDI ৰ 2%

কেলচিয়াম: RDI ৰ 2%

আয়ৰন: RDI ৰ 2%

মেগনেচিয়াম: RDI ৰ 7%

ফছফৰাছ: RDI ৰ 4%

পটাছিয়াম: RDI ৰ 2%


তিচি বীজৰ পুষ্টিগত গুনাগুনৰ বাবে ডায়েবেটিচ, ক্যান্সাৰ আৰু হৃদৰোগৰ মাত্ৰা হ্রাস কৰাত সহায়তা কৰে। গাঁঠিৰ বিষ,সংক্ৰমন আৰু গাৰ বিষৰ বাবে আৰাম পোৱাৰ ক্ষেত্ৰত তিচি বীজ যথেষ্ট লাভদায়ক ৷

তিচি সৰিব ধৰা চুলিৰ ৰোধ কৰাৰ বাবে অত্যন্ত উপকাৰী ৷ তিচিত ঔষধীয় গুন আছে লগতে তিচি বীজত ভিটামিন আৰু মিনাৰেল পোৱা যায় যি চুলিৰ বাবে পুষ্টি যোগান ধৰে৷



তিচি বীজ কেনেদৰে খাব | How To Eat Flaxseeds?


  • তিচি ক আপুনি কেঁচাকৈও খাব পাৰে ৷ কিন্ত্ত সোৱাদ বঢ়াবৰ বাবে তিচি বীজক পাঁচ মিনিটৰ বাবে গৰম (roast) কৰি লব পাৰে৷ Roasted তিচি বীজখিনিক মিক্সাৰত দি গুড়ি কৰি লব ৷ প্ৰতিদিনে  ইয়াৰ এক চামুচ খাওক 

  • তিচি গুটি প্ৰতিদিনে নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰক৷ ই এষ্টজেন হৰমন নিঃসৰনৰ মাত্ৰা বৃদ্ধিত বাধা প্ৰদান কৰে৷ ফলত গাঠিৰ বিষৰপৰা আৰাম পোৱা যায় ৷

  • তিচি গুড়ি (এক চামুচ) চালাড বা দৈৰ সৈতে মিহলাই খালে সুফল লাভ কৰিব পাৰি ৷

  • তিচি বীজ (এক চামুচ) পটাত বটি তাত অলপ নিমখ মিহলাই গৰম পৰি লেপ দিলে গাঁঠিৰ বিষ আদিৰপৰা উপশম পোৱা যায় ৷

  • দুই কাপ সতেজ গাখীৰ
    এক কাপ ঘৰতে বনোৱা দৈ
    এক কাপ ষ্ট্ৰবেৰী
    এক চামুচ ফ্লেক্সচিড(flexseed) বা তিচি
    ডেৰ কাপ অ'টচ


তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া 



কেনেকৈ বনাবঃ  সকলো সামগ্ৰী একেলগে ব্লেন্ডাৰত দি ভালদৰে ব্লেন্ড কৰক ৷ এই smoothie আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট পৰিবৰ্তেও লব পাৰে নতুবা আবেলি সময়ত চাহ বিস্কুট খোৱা সময়তো লব পাৰে ৷

See also: কোষ্ঠকাঠিন্য আৰু ঘৰুৱা প্ৰতিকাৰ





(তিচি বীজৰ অপকাৰিতা বা side effect সম্পৰ্কে ভালদৰে জানিলৈহে গ্ৰহন কৰে যেন৷)


তিচি বীজৰ অপকাৰিতা (Flaxseeds Side Effects in Hindi)


  • পায়খানা শিথিল (Loose motion)


যদি তিচি সঠিক মাত্ৰাত গ্ৰহন কৰে তেন্তে আপুনাৰ কোষ্ঠকাঠিন্য সমস্যা দূৰ হব পাৰে কিন্ত্ত সঠিক মাত্ৰাত নললে ইয়াৰ বিপৰীতে আপুনাৰ পায়খানা শিথিল নতুবা গ্ৰহনী হব পাৰে৷


  • অন্ত্ৰত বাধা (Intestinal Obstacles) : 


বিশেষজ্ঞ অনুসৰি পৰ্যাপ্ত মাত্ৰাত তৰল পদাৰ্থ গ্ৰহন নকৰাকৈ তিচি খোৱা ফলত অন্ত্ৰত বাধা উৎপন্ন হয়৷ গতিকে কাৰোবাৰ যদি আগৰেপৰা পেটৰ এনে সমস্যা আছে তেন্তে তেওঁলোকে তিচি গ্ৰহন কৰা উচিত নহয়৷



তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া 



  • Scleroderma ৰোগীয়ে তিচি 
গ্ৰহন কৰা উচিত নহয়


 বিশেষভাৱে Scleroderma ৰোগীয়ে তিচি গ্ৰহন কৰা উচিত নহয়৷ কিয়নো তেওঁলোকৰ ভয়ানকভাৱে কোষ্ঠকাঠিন্য হব পাৰে৷ তথাপি জনা যায় যে তিচি তেল   Scleroderma ৰোগীৰ বাবে ব্যৱহাৰ কৰা হয়৷


See also: শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


  • এলাৰ্জী : 

অত্যাধিক তিচি বীজ খোৱা ফলত এলাৰ্জী হব পাৰে ৷ প্ৰয়োজনতকৈ বেছি তিচি খালে স্বাস প্ৰশ্বাসত সমস্যা, নিম্ন ব্লাড প্ৰেচাৰ আদি হব পাৰে ৷

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া

তিচিৰ উপকাৰিতা আৰু ইয়াৰ  পাৰ্শ্বক্ৰিয়া 


  • তদুপৰি পেটত বিষ,বমি আদি হব পাৰে৷

  •  যদি প্ৰেগনেণ্ট হব বিচাৰিছে তিচি বীজ নাখাব

কাৰন, তিচি বীজে এষ্ট্ৰজেন দৰে কাম কৰে গতিকে যিসকল মহিলাই প্ৰতিদিনে তিচে বীজ গ্ৰহন কৰে তেওঁলোকৰ পিৰিয়ডচ চাৰ্কলচত সাল সলনি হব পাৰে৷ ইয়াৰ উপৰি যিসকল মহিলা PCOD (Polycystic Ovary Syndrome), uterine fibroids, uterine cancer আৰু  ovary cancer দ্বাৰা গ্ৰসিত  তেওঁলোকে তিচি বীজ গ্ৰহন কৰাত সাৱধানতা অৱলম্বন কৰা উচিত৷ মহিলাসকলে অধিক মাত্ৰাত গ্ৰহন কৰা উচিত নহয় ৷


  • প্ৰেগনেন্সি সময়ত অসুৰক্ষিত (Is It Safe To Eat Flax Seeds During Pregnancy)

 যিহেতু তিচি বীজত এষ্ট্ৰজেনৰ দৰে গুন আছে গতিকে পিৰিয়ডচ হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে গৰ্ভৱতী মহিলাৰ বাবে তিচি বীজ সুৰক্ষিত নহয় ৷




Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese