শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids



শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা আছে৷ লগতে বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যকতা অতি জৰুৰী ৷ ইয়াৰ অভাৱত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাঘাত হয় ৷ যদি আপোনাৰ শিশুৰ খাদ্যপ্ৰনালীত কিছু আহাৰ দিবলৈ যত্ন কৰে তেন্তে আপোনাৰ শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি

শিশুৰ আহাৰত উপলব্ধ ভিটামিন আৰু মিনাৰেলে শিশুৰ হাড়, মাংসপেশী, অন্যান্য অংগ নিৰ্মাণ কৰাত সহায়ক হয় তথা অনেক প্ৰকাৰৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে ৷

যদি শিশুৰ বাঢ়ি অহা সময়ত প্ৰতিদিনেই সঠিক মাত্ৰাত ভিটামিন আৰু মিনাৰেল নাপায় তেন্তে শিশুৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখিন হব লগা হয় ৷


শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা বিষয়ে জানিবলৈ হলে ভিটামিন আৰু মিনাৰেলৰ প্ৰয়োজনীয় তথ্য জনাতো অতি দৰকাৰী ৷

বাঢ়ি অহা শিশুৰ আৱশ্যকীয় ভিটামিন 


 A, B, C, D, E আৰু K ৷ আৰু আৱশ্যকীয় মিনাৰেল হল - কেলচিয়াম, আয়ৰন, আয়’ডিন, আৰু জিংক ৷

সাৱধানতাঃ



যদি আপোনাৰ শিশুয়ে প্ৰতিদিনে কিছু প্ৰকাৰৰহে আহাৰ (restricted diet) গ্ৰহন কৰে তেন্তে , তেন্তে আপুনি সাৱধান হোৱাতো জৰুৰী ৷ অলপমান সজাগ হৈ আপুনি শিশুৰ ডায়েটত এনে আহাৰ সংযোগ কৰিব পাৰে যি শিশুৰ শৰীৰত ভিটামিন আৰু মিনাৰেলৰ অভাৱ দূৰ কৰিব পাৰে ৷


যিবিলাক আহাৰৰপৰা ভিটামিন আৰু মিনাৰেলৰ অভাৱ হয়ঃ


👎 যি শিশুয়ে অত্যাধিক মাত্ৰাত ক’ল্ড ড্ৰিকচ, আলু চিপচ্ , পেষ্ট্ৰী, কেক গ্ৰহন কৰে তেনে শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ সম্ভাৱনা বাঢ়ি য়ায় ৷



শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি


ইয়াৰ কাৰন হল, শিশুৰ পেট ক’ল্ড ড্ৰিকচ, আলু চিপচ্ ,ফাষ্টফুড, কেক ইত্যাদিৰে ভৰি যোৱাৰ কাৰনে শিশুয়ে সেইবিলাক আহাৰ গ্ৰহন কৰিব নোৱাৰে নতুবা মন নকৰে , যাৰ ফলত আৱশ্যকীয় ভিটামিন আৰু মিনাৰেল নাপায়৷

শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ



আহক আপুনি জানক কিছু ভিটামিন ৰ বিষয়ে যাৰ অভাৱৰ ফলত সকলোতকৈ অধিক প্ৰভাৱ শিশুৰ ওপৰত পৰে ৷ এই ভিটামিনবোৰ আৰু সেইবিলাকৰ উৎসসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱা হল -


শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি



ভিটামিন D


শিশুৰ শৰীৰত নিজৰ আৱশ্যকতাৰ অধিকাংশ ভিটামিন D সূৰ্য্যৰ ৰশ্মিৰ সম্পৰ্কত আহিলে তৈয়াৰ হয় ৷ যদি শিশুৰ শৰীৰত পৰ্য্যাপ্ত মাত্ৰা সূৰ্য্য ৰ ৰশ্মিৰপৰা পায় তেন্তে শিশুৰ ভিটামিন D অভাৱ নহয় ৷ কিন্ত্ত আজিকালি বাহিৰত খেলাধূলা কৰা ইত্যাদি কমি যোৱা বাবে ভিটামিন D অভাৱ দেখা পোৱা যায় ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পুষ্টি


শিশুৰ আহাৰৰপৰাও ভিটামিন D প্ৰাপ্ত হয় -- fish liver oils, কনী ৰ কুহুম ,মাখন , মাচৰুম ইত্যাদি৷ ভিটামিন D আৱশ্যক হয় শিশুৰ আহাৰৰপৰা কেলচিয়াম অৱশোষন কৰিবৰ বাবে ৷ শিশুৰ ভিটামিন D অভাৱ হলে rickets নামৰ এবিধ ৰোগ হয় যাৰ ফলত শিশুৰ হাড় দূৰ্বল আৰু ফোপোলা হয় ৷

ভিটামিন B12 (cobalamin)



শিশুৰ শৰীৰত ভিটামিন B12 ৰ অভাৱৰ ফলত শিশুৰ শৰীৰত তেজৰ কমি হয় ৷ যি শিশু কেৱল নিৰামিষ আহাৰৰ ওপৰত নিৰ্ভৰশীল তেনে শিশুৰ মাক দেউতাকে এইক্ষেত্ৰত বিশেষ ধ্যান ৰাখিব লাগে যাতে শিশুটিয়ে ভিটামিন B12 আৱশ্যক মাত্ৰাত পায় ৷এই ভিটামিনে শিশুৰ শৰীৰত তেজৰ প্লেটলেট তৈয়াৰ কৰাত আৰু শাৰীৰিক বিকাশতো সহায় কৰে ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পুষ্টি


শিশুৰ শৰীৰৰ বাবে ভিটামিন B12 (cobalamin) পোৱা যায় মীট,মাছ,কনী আৰু গাখীৰৰ পৰা ৷ যদি শিশুৰ আহাৰত আৱশ্যক মাত্ৰাত ভিটামিন B12 (cobalamin) নাপায় তেন্তে ডক্টৰৰ পৰামৰ্শমতে ভিটামিন B12 চাপ্লিমেন্ট দিব পাৰে৷


কেলচিয়াম


শিশুৰ শৰীৰত কেলচিয়ামৰ অভাৱ হলে Rickets , অষ্টিয়পৰেচিচ (Osteoporosis) হোৱাৰ সম্ভাৱনা থাকে৷ অষ্টিয়পৰেচিচ এনে এক স্হিতি হয় যেতিয়া হাড়ৰ মাজৰ ঘনত্ব (density) কমি আহে ৷



শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পুষ্টি


শিশুৰ শৰীৰৰ বাবে কেলচিয়াম পোৱা আহাৰ হল - গাখীৰ, মাখন, দৈ আৰু পনীৰ ৷ ইয়াৰ উপৰি, মাছ যেনে সাগৰীয় মাছ, সেউজীয়া শাক পাচলি ৰ পৰও পোৱা যায় ৷


আয়ডিন



শিশুৰ শৰীৰত আয়ডিনৰ অভাৱ হলে শিশুৰ বিকাশৰ ক্ষেত্ৰতো বহু প্ৰকাৰে প্ৰভাৱিত কৰিব পাৰে ৷ উদাহৰণস্বৰূপে, শিশুৰ শৰীৰত পৰ্য্যাপ্ত আয়ডিন নাপালে শিশুৰ গইটাৰ (goitre) তথা অন্য প্ৰকাৰৰ জটিলতা উৎপন্ন হব পাৰে ৷আয়ডিনৰ অভাৱত শিশুৰ বৌদ্ধিক ক্ষমতা প্ৰভাৱিত হয় ৷ ইয়াৰ অভাৱতি শিশু বৌদ্ধিক ৰৃপত পঙ্গুও হৈ যাব পাৰে ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids




শিশুৰ বাবে ঘৰত আহাৰ তৈয়াৰ কৰা সময়ত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিলে শিশুৰ সহজতে নিজৰ আৱশ্যকতা অনুসৰি আয়ডিন লাভ কৰিব ৷

আয়ৰন



ডাঙৰৰ তুলনাত শিশুৰ আয়ৰনৰ অভাৱ হোৱাৰ সম্ভাৱনা অধিক৷ ইয়াৰ কাৰন হল যে, শিশুৰ বাঢ়ি অহা শৰীৰত আয়ৰনৰ ভৰপূৰ মাত্ৰাৰ প্ৰয়োজন হয় ৷ যি শিশু পূৰ্ণ ৰৃপত নিৰামিষ আহাৰৰ ওপৰত নিৰ্ভৰশীল তেনে শিশুৰ আয়ৰনৰ অভাৱ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷ নিৰামিষ আহাৰতো এনে কিছুমান আহাৰ আছে যি আয়ৰনৰ অভাৱ দূৰ কৰিবলৈ সক্ষম ৷ আয়ৰনযুক্ত আহাৰ হল - মীট,চিকন, মাছ, ৰাজমা,কনী, ফৰ্টফাইড আহাৰ , তিল ,গুৰ,ভেদাইলতা,নৰসিংহ ইত্যাদি ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids

আয়ৰনৰ অভাৱত শিশুৰ coeliac diseas তথা gastrointestinal blood loss হব পাৰে ৷ কিশোৰ অৱস্থাত ছোৱালীৰ পিৰিয়ডৰ ৰ কাৰনে তেজৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে ৷ আয়ৰনৰ অভাৱত শিশুয়ে ভাগৰ, মনোযোগ দিব নোৱাৰা, শেঁতা পৰা ইত্যাদি লক্ষণ দেখা যায় ৷


ভিটামিন A


শিশুৰ শৰীৰত ভিটামিন A প্ৰাপ্ত হয় কমলা, গাজৰ, মিঠা আলু, মীট, গাখীৰ, কনী আৰু লিভাৰ ইত্যাদি পৰা৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


শিশুৰ শৰীৰত ভিটামিন A আৱশ্যকতা হয় চকু দৃষ্টিশক্তিৰ বাবে,চালৰ বাবে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰিবৰ বাবে ৷

ভিটামিন B1 (thiamine) 


শিশুৰ শৰীৰত ভিটামিন B1 (thiamine) পোৱা যায় মাছ, মীট, আটা আৰু ফৰ্টিফাইড আহাৰৰ দ্বাৰা ৷ ভিটামিন B1 (thiamine) শিশুৰ শৰীৰত শক্তি প্ৰদান কৰে আৰু শিশুৰ বিকাশ আৰু মাংসপেশী মজবুত কৰে ৷ 


শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids


ভিটামিন B2 (riboflavin) 


শিশুৰ শৰীৰৰ বাবে ভিটামিন B2 (riboflavin) পোৱা যায় গাখীৰ,দৈ , ঘী, মাখন, কনী, আটা, আৰু ফৰ্টিফাইড আহাৰৰ দ্বাৰা ৷

ভিটামিন B3 (niacin) 


শিশুৰ শৰীৰৰ বাবে ভিটামিন B3 (niacin) পোৱা যায় মীট,মাছ,চিকেন ,বাদাম yeast extracts পৰা 

ভিটামিন B6 (pyridoxine) 


শিশুৰ শৰীৰৰ বাবে ভিটামিন B2 (riboflavin) পোৱা যায় গাখীৰ,দৈ , ঘী, মাখন, কনী, আটা, শাকপাচলি আৰু বাদাম ৰ পৰা ৷ 

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


এই ভিটামিন শিশুৰ শৰীৰত প্ৰটিনৰপৰা শক্তি আহৰন কৰাৰ লগতে তেজৰ প্লেটলেট তৈয়াৰ কৰাত আৰু মস্তিস্কই ঠিক ধৰনে কাম কৰাত সহায় কৰে ৷

ভিটামিন C (ascorbic acid) 


শিশুৰ শৰীৰত ভিটামিন C (ascorbic acid) ফল আাৰু শাক পাচলি পৰা প্ৰাপ্ত হয়৷ ভিটামিন C (ascorbic acid) ৰ কিছু মূখ্য উৎস হল কমলা, কীৱি, কিপচিকাম, নেমু ,আলু ইত্যাদি ৷ ভিটামিন C য়ে শৰীৰত collagen প্ৰস্তুত কৰাত সহায় কৰে আৰু শিশুৰ সংক্ৰমনৰপৰা ৰক্ষা কৰে ৷ লগতে শিশুয়ে গ্ৰহন কৰা আহাৰৰপৰা আয়ৰন অৱশোষিত কৰাত সহায় কৰে ৷


শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


শিশুৰ শৰীৰত ভিটামিন C (ascorbic acid) ৰ উচিত মাত্ৰা লাভ কৰিলে শিশুৰ দাত, হাড় আৰু দাতৰ আলু স্বাস্থ্যৱান হয় ৷ শিশুৰ বাবে আহাৰ তৈয়াৰ কৰোতে শাক পাচলি অধিক নাভাজিব ৷ শাক পাচলি বহুত বেছি সিজালে তাত থকা ভিটামিন C বহুপৰিমানে নষ্ট হৈ যায়৷

ভিটামিন E


ভিটামিন E প্ৰধান উৎস হৈছে সূৰুজমুখী, Canola oil, দাইল আৰু বাদাম ত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


 ভিটামিন E য়ে ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰে , শিশুৰ শাৰীৰিক বিকাশত সহযোগ কৰে তথা স্বাস্থ্যৱান চাল আৰু চকুৰ বিকাশত সহায় কৰে ৷

ভিটামিন K


ভিটামিন K জ্বাৰকালি প্ৰচুৰ পৰিমানে পোৱা যায় ৷যেনে- ব্ৰ’কলি,ফুলকবি আৰু পালেং শাক ৷ কনী আৰু ৰাজমাতো ভিটামিন K পোৱা যায় ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids

ভিটামিন K অতি মহত্ত্বপূৰ্ণ তত্ব যি শৰীৰত তেজ চলাচলত সহায় কৰে আৰু শিশুৰ শৰীৰত থকা  ভাল বেক্টেৰীয়া নিৰ্মাণ হোৱাত সহযোগ কৰে ৷

ফলিক এচিড (folic acid) 


শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


ফলিক এচিড (folic acid) সেউজীয়া শাক পাচলি, বিভিন্নপ্ৰকাৰৰ দাইল আৰু শস্যজাত বীজ ( ঘেহু, ব্ৰাউন ৰাইচ, কৰ্ন ইত্যাদি) ত পোৱা যায় ৷ এইবিলাক প্ৰটিনৰ উৎস হোৱাৰ লগতে শৰীৰত নতুন ৰক্ত কণিকা উৎপন্ন কৰাত , DNA নিৰ্মাণত সহায়তা কৰে ৷ 

 জিংক


শিশুৰ শৰীৰৰ বাবে জিংক পোৱা যায় মীট, চিকন, গাখীৰ আৰু শস্যজাত বীজৰ পৰা ৷ জিংকে শিশুৰ শাৰীৰিক বিকাশ, আঘাত পালে ঘা শুকোৱাত, আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

               শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


শিশুৰ আহাৰ তৈয়াৰ কৰোতে উপৰোক্ত ভিটামিন আৰু মিনাৰেলৰ প্ৰতি লক্ষ্য কৰি আহাৰ প্ৰস্তুত কৰক ৷

শিশুৰ খাদ্য আৰু পুষ্টি, Nutrition For Kids

শিশুৰ খাদ্য আৰু পৰিপুষ্টি, Nutrition For Kids


যদি কিবা কাৰনবশত আপোনাৰ শিশু উপৰোক্ত ভিটামিন আৰু মিনাৰেলৰসমূহ গ্ৰহন কৰিব পৰা নাই তেন্তে চাপ্লিমেন্ট দিব পাৰে নতুবা ডক্টৰৰ পৰামৰ্শ লব ৷ 

ধন্যবাদ৷ 










Popular Posts

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga