ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেল (Castor oil)


এৰা তেল (Castor oil) এক বনস্পতি তেল আৰু এই উদ্ভিদ মূল ৰৃপত আফ্ৰিকা আৰু ভাৰতত পোৱা যায়৷ 



এৰা গছৰ বৈজ্ঞানিক নাম- Ricinus communis.

এৰা তেল (Castor oil) বহু পুৰনি ঔষধিযুক্ত তেল যি বহু সমস্যাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে। এৰা তেল (Castor oil) এৰা গছৰ বীজৰপৰা প্ৰস্তুত কৰা হয়। 


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা গছৰ বীজ (Castor seeds)

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা গছ (Castor plant)

এৰা তেল  (Castor oil) প্ৰদাহ হ্ৰাস আৰু এন্টিব্যাকটেৰিয়াল বৈশিষ্ট্যৰ কাৰণে এই তেল বিশ্বজুৰি বিখ্যাত। এৰা তেল  (Castor oil) বিভিন্ন প্ৰসাধন সামগ্ৰী, চাবোন, টেক্সটাইলচ, মাচাজ তেল হিচাবে ব্যৱহাৰ কৰা হয়৷  ৰোগ প্ৰতিৰোধ ক্ষমতা, ফাংগল ইনফেকচন চিকিৎসাৰ বাবে, ছালৰ পিগমেনটেচনৰ সমস্যা,ব্ৰণৰ সমস্যা ইত্যাদি এৰা তেল (Castor oil)ৰে চিকিৎসা কৰা হয়৷ তদুপৰি, এৰা তেল (Castor oil) বাৰ্ধক্য প্ৰক্ৰিয়া ধীৰ কৰি তুলে, চকুৰ সমস্যা দূৰ কৰে৷ কোষ্ঠকাঠিন্য, আঠুৰ বিষ আৰু পিঠি বিষ আদি সমস্যাত এৰা তেল (Castor oil) অত্যন্ত প্ৰভাৱশালী৷ 

এৰা তেল (Castor oil) কিছুপৰিমাণে ঘন আৰু হালধীয়া বৰণৰ হয়৷ এৰা তেল (Castor oil) ত Ricinoleic Acid লগতে অন্য উপকাৰী  ফেটি এচিড আছে৷ 

Castor oil ৰ লাভ আৰু ব্যৱহাৰসমূহ- Castor oil Benefits and uses in Assamese -castor oil ar laabh aru byavaharsamuh

কোষ্টকাঠিন্যৰ বাবে এৰা তেল  (Castor oil)- Castor oil for Constipation in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

কোষ্টকাঠিন্যৰ বাবে এৰা তেল  (castor oil for constipation in Assamese)


এৰা তেল  (Castor oil)ত উপস্থিত ৰিকিনোলিক এচিডৰ  বৈশিষ্ট্যয়ে পেট পৰিস্কাৰৰ বাবে উপকাৰী৷ এনসিবিআই (NCBI – The National Center for Biotechnology Information ) উয়েবচাইটত প্ৰকাশিত গবেষণা অনুসৰি, এৰা তেল (Castor oil)কোষ্ঠকাঠিন্যৰ সমস্যাৰ নিৰাময় কৰাত সহায় কৰিব পাৰে৷ 

কোষ্টকাঠিন্যৰ বাবে এৰা তেল (Castor oil)  কেনেদৰে ব্যৱহাৰ কৰিব- How to use Castor oil in constipation in Assamese

উপকৰনঃ
  • ১ চা চামুচ এৰা তেল(Castor oil) 
  • ১ কাপ নেমু নতুবা কমলা ৰস

দুইবিধ উপকৰন মিহলাই সেৱন কৰক৷ এই মিশ্ৰন প্ৰতিদিনে গ্ৰহন কৰিব পাৰে৷

আৰু পঢ়ক: কোষ্ঠকাঠিন্যৰ বাবে ঘৰুৱা বিধান

পিঠি বিষৰ বাবে এৰা তেল (Castor oil)ৰ ব্যৱহাৰ- Castor oil for backache in Assamese


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

পিঠি বিষৰ বাবে এৰা তেল(Castor oil for back pain in Assamese)


পিঠে বিষৰ চিকিৎসাৰ বাবে এৰা তেল (Castor oil)  সৰ্বোত্তম প্ৰাকৃতিক প্ৰতিকাৰ।  এৰা তেল  দি আপুনাৰ পিঠিত মালিচ কৰিব পাৰে৷  

পিঠি বিষৰ বাবে এৰা তেল (Castor oil) কেনেদৰে ব্যৱহাৰ কৰিব- How to use castor oil for back pain in Assamese

  • আপোনাৰ পিঠিৰ বিষ হৈ থকা স্হানত এৰা তেল (Castor oil)  লগাওক৷ 
  • তাৰপিছত এখন চাফা কোমল কাপোৰেৰে সেই স্হান ঢাকি ৰাখক৷ ইয়াৰউপৰি, আপুলি সেই আক্ৰান্ত স্হানত প্লাষ্টিকৰ দ্বাৰাও ঢাকি ৰাখিব পাৰে৷ 
  • এক ঘন্টা বাবে তাৰ ওপৰত গৰম পানীৰ বেগ দিয়ক ৷ তিনি দিনৰ পিছত পুনৰাই এই প্ৰক্ৰিয়া কৰক৷

পিঠি বিষৰ বাবে এৰা তেল (Castor oil) ব্যৱহাৰ কৰা এক সহজ আৰু সুৰক্ষিত ঘৰুৱা উপায়৷ অৱশ্যে, পিঠিত প্লাষ্টিকৰ দ্বাৰা ঢাকি ৰখাত অলপ অসুবিধা আৰু বহু দেৰি বাবে যিহেতু ঢাকি ৰাখিব লগা হয়, কিন্তু ইয়াৰ পৰিণাম অত্যন্ত প্ৰভাৱশালী৷

আৰু পঢ়ক: কঁকাল বিষ কিয় হয় আৰু ইয়াৰ প্ৰতিকাৰ

এৰা তেলে (Castor oil) প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰে- Castor oil boost the immune system in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেলে প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰে-Castor oil boost the Immune system in Assamese

Naturopathy চিকিৎসক ৰ মতে যেতিয়া এৰা তেল (Castor oil)ছালৰ ওপৰৰ অংশত লগায় তেতিয়া এৰা তেল (Castor oil) প্ৰতিৰক্ষা প্ৰনালী মজবুত কৰাত সহায় কৰে৷ ই আপুনাৰ শৰীৰৰ ৰক্ষা কৱচ নিৰ্মাণ কৰে৷ এৰা তেল (Castor oil) ছালত লগোৱাৰ ফলত আমাৰ শৰীৰৰ T-11 কোষৰ সংখ্যা বৃদ্ধি হয়, যি শৰীৰৰ ৰক্ষা তন্ত্ৰৰ বৃদ্ধি কৰে৷ T-11 কোষত ৰোগনাশক আৰু বিষাক্ত পদাৰ্থ ৰ বিৰুদ্ধে এন্টিবডী থাকে, যি আপুনাক স্বাস্থ্যৱান কৰি তুলে৷ 

এৰা তেল (Castor oil) আৰ্থাৰাইটিছ বা গাঁঠি বিষৰ বাবে উপকাৰী- Castor oil benefits for Arthritis in Assamese


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেল আৰ্থাৰাইটিছ বা গাঁঠি বিষৰ বাবে উপকাৰী- Castor oil benefits for Arthritis in Assamese


এৰা তেল (Castor oil)ৰদ্বাৰা আৰ্থাৰাইটিছৰ চিকিৎসা বহু পৰিমাণে ফলপ্ৰসূ৷

এৰা তেল (Castor oil) ৰ আৰ্থাৰাইটিছ বা গাঁঠি বিষত কেনেদৰে ব্যৱহাৰ কৰিব- How to use Castor oil for Arthritis in Assamese

  • এখন কাপোৰ লওক আৰু কাপোৰখন এৰা তেল (Castor oil) ত ডুবাই দিয়ক৷
  • অতিৰিক্ত তেলখিনি চেপি ওলিয়াই দিয়ক৷
  • এতিয়া কাপোৰখন আৰ্থাৰাইটিছ প্ৰভাৱিত অংশত ৰাখক৷ 
  • এখন প্লাষ্টিকেৰে কাপোৰখন সেই অংশত মেৰিয়াই দিয়ক৷
  • এতিয়া এটা গৰম পানীৰ বটল নতুবা গৰম পানীৰ বেগ এক ঘন্টাৰ বাবে তাৰ ওপৰত ৰাখক৷

এৰা তেল (Castor oil) ক্ষত বা ঘাঁ আদি হলে ব্যৱহাৰৰ বাবে উপযোগী- Castor Oil for wound healing in Assamese


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেল ক্ষত বা ঘাঁ আদি হলে ব্যৱহাৰৰ বাবে উপযোগী- Castor Oil for wound healing in Assamese


এৰা তেল (Castor oil) ক্ষত বা ঘাঁ আদি হলে অতি ভাল এন্টিচেপটিক(Antiseptic) হিচাপে কাম কৰে৷ অধ্যয়নদ্বাৰা গম পোৱা গৈছে যে, যি ঔষধত এৰা তেল (Castor oil)  ব্যৱহৃত হৈছে সেই ঔষধ বিশেষভাৱে আলচাৰ ঠিক কৰাত সহায়ক হয়৷ ইয়াৰ ৰোগনাশক গুন আছে যাৰফলত ক্ষত আৰু ঘা নিৰাময় কৰাত প্ৰভাৱশালী৷ আৰু যিহেতু এৰা তেল (Castor oil)ৰ ইনফ্লেমেটৰি গুন পোৱা যায় সেইবাবে বিষ নাশ কৰাতো সহায়ক হয়৷ 

এৰা তেল (Castor oil) ক্ষত বা ঘাঁ আদিত কেনেদৰে ব্যৱহাৰ কৰিব- How to use Castor oil for wound healing in Assamese

  • প্ৰভাৱিত অংশত এৰা তেল (Castor oil) (Castor oil) কপাহেৰে লগাওক
নতুবা,
  • নাৰিকল তেলৰ লগত এৰা তেল (Castor oil) (Castor oil) মিহলাই আক্ৰান্ত অংশত লাহে লাহে লগাওক৷

এৰা তেল (Castor oil) চুলিৰ বাবে (অকালপক্বতা, চুলি সৰা, শুষ্কতা ইত্যাদি)- Castor oil for hair in Assamese


ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেল চুলিৰ বাবে (অকালপক্বতা, চুলি সৰা, শুষ্কতা ইত্যাদি)- Castor oil for hair in Assamese


এৰা তেল (Castor oil) চুলিৰ বিকাশত বিশেষভাৱে সহায় কৰে৷ এৰা তেল (Castor oil) ত অমেগা 9 ফেটি এচিড (Omega 9 fatty acid) পোৱা যায় যাৰ ফলত চুলি স্বাস্থ্যৱান হোৱাৰ লগতে অন্যান্য সমস্যা যেনে উফি, শুষ্কতা আদি সমস্যা নিৰাময় কৰিব পৰা যায়৷ তদুপৰি, অকালতে চুলি পকা বা অত্যাধিক চুলি চিগা বা সৰা আদি সমস্যা এৰা তেল (Castor oil) ৰ সহায়ত সমাধান কৰিব পৰা যায়৷ 


এৰা তেল  (Castor oil) চুলিৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব- How to use Castor oil for hair in Assamese

  • চুলি ছেম্পু কৰাৰ আগে এক চা চামুচ এৰা তেল (Castor oil)  চুলিৰ গুৰিত লগাই মালিচ কৰক৷
নতুবা,
  • এক চা চামুচ এৰা তেল (Castor oil) আৰু এক চা চামুচ নাৰিকল তেল মিহলাই চুলিৰ গুৰিত লগাই মালিচ কৰক৷

এৰা তেল (Castor oil)চালৰ বাবে - Benefits of castor oil for skin in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects

এৰা তেল চালৰ বাবে - Benefits of castor oil for skin in Assamese

এৰা তেল (Castor oil) ত থকা ফেটি এচিডে মুখৰ দাগ আঁতৰোৱাত সদায় কৰে৷ ইয়াৰ ফেটি এচিডে মুখৰ ছালৰ Scar tissue ত প্ৰৱেশ কৰি ইয়াৰ চাৰিওঅংশত স্বাস্হ্যৱান টিচ্যুৰ গঠন কৰে৷ 

এৰা তেল  (Castor oil) ত Ricinoleic acid আৰু অন্য ফেটি এচিড পোৱা যায় যাৰ ফলত ছালক কোমলতা প্ৰদান কৰে৷ প্ৰাকৃতিক মইশ্বাৰাইজাৰ হিচাপে এৰা তেল  (Castor oil) ব্যৱহাৰ কৰিব পাৰে৷ 

  • মইশ্বাৰাইজাৰ হিচাপে এৰা তেল (Castor oil) ব্যৱহাৰ কৰিবলৈ- মুখখন ভালদৰে ধুই লওক তাৰপিছত এৰা তেল (Castor oil)ৰ কিছু টোপাল হাতত লৈ মালিচ কৰক৷  

এৰা তেল (Castor oil) পিম্পল(Pimples), একনে(acne) আদিৰ বাবে ফলপ্ৰসূ চিকিৎসা৷ যিসকল লোকৰ পিম্পলৰ সমস্যা আছে তেওঁলোকে সাধাৰণতে তেলৰপৰা আঁতৰি থকা দেখা যায়৷ কিন্তু এৰা তেল (Castor oil) নিসন্দেহে ব্যৱহাৰৰ উপযোগী৷ 

এৰা তেল (Castor oil) পিম্পল(Pimples), একনে(acne) বাবে কিদৰে ব্যৱহাৰ কৰিব

  • ৰাতি শুৱা আগে মুখখন কুহুমীয়া গৰম পানীৰে ধুই লওক৷ যাৰফলত আপোনাৰ মুখৰ নোমছিদ্ৰ খুল খাব৷
  • তাৰপিছত, এৰা তেল  (Castor oil) ৰে মুখখন লাহে লাহে মালিচ কৰক৷ 
  • গোটেই ৰাতি তেনেদৰে থাকক৷
  • পিছদিনা ৰাতিপুৱা ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক৷

উল্লেখনীয় যে, এইদৰে প্ৰতি ৰাতি এৰা তেল (Castor oil) ব্যৱহাৰ কৰাৰ ফলত চালৰ বলিৰেখাও হ্ৰাস হয়৷

এৰা তেল (castor oil) ৰ অপকাৰিতা-Side effects of Castor Oil in Assamese


যদিও এৰা তেলৰ  প্রচুৰ উপকাৰিতা আছে তথাপিও এৰা তেলৰ কিছু অপকাৰিতাও আছে৷


  • উষ্ণ প্রকৃতিৰ কাৰণে এৰা তেলৰ অতিৰিক্ত মাত্রায়ে গ্রহণী ডায়ৰিয়া বা আমাশয় হব পাৰে।   

  • এৰা তেলৰ অন্যান্য সাধাৰণ পার্শ্ব প্রতিক্রিয়াসমূহ হ'ল- পেট ফুলা, বমি বমি ভাৱ, মূৰ ঘূৰুৱা ইত্যাদি।  

  • Pregnancy নতুবা গর্ভাৱস্থাত এৰা তেল ব্যৱহাৰ কৰা ক্ষেত্ৰত সাৱধান হোৱা ভাল৷ গৰ্ভাৱস্হাত এৰা তেল সেৱন নকৰিব৷

  • ছালৰ খজুৱতি, এলাৰ্জী আদি কিছু ব্যক্তিৰ হব পাৰে৷ 


এনেদৰে ঘৰুৱা কিছু উপায়েৰে গতানুগতিক জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰিব পৰা যায়৷ যিহেতু এৰা তেল (castor oil) সকলোৰে ঘৰতে উপলব্ধ নহয় গতিকে online তো এই তেল উপলব্ধ৷ CLICK HERE TO BUY CASTOR OIL

আশা কৰো আপোনালোক এই লিখনি দ্বাৰা উপকৃত হল৷ 


এটি অনুৰোধ যদিহে মোৰ লিখনিসমূহে কিঞ্চিত মাত্ৰ হলেও আপোনালোক উপকৃত হৈছে লিখনিটোৰ শেষলৈ থকা subscribe option তোত নিজৰ email id দি subscribe কৰিলে অতিকৈ সুখী হম আৰু আগন্তুক দিনলৈ ন ন লিখনি লৈ আহিবলৈ উৎসাহিত হম ৷ ধন্যবাদ৷









Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga