ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এটি  আয়ুৰ্বেদিক আশ্চৰ্য হৈছে নয়নতৰা৷ (diabetes ayurvedic treatment)

আয়ুৰ্বেদত নয়নতৰা ফুলক ভেষজ হিচাপে গন্য কৰা হয়, যি periwinkle বা vinca rosea  নামেও পৰিচিত।  এই ঔষধ সম্পৰ্কে জানো আঁহক৷

 নয়নতৰা কি? What is Noyontora?


ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle


নয়নতৰা বা পেৰিউইংকল ভাৰতৰ এটি সাধাৰণতে পোৱা উদ্ভিদ ৷  নয়নতৰা এটি চিৰসেউজ জোপোহা গছ যি শুভা বঢ়াবলৈ নতুবা ঔষধ হিচাপে ব্যৱহাৰ  কৰা হয় ৷  ফুলৰ লগত মসৃণ, চকচকীয়া বা  গাঢ় বৰ্ণৰ পাতসমূহে টাইপ -২ ডায়বেটিচৰ প্ৰাকৃতিক ঔষধ হিচাবে কাম কৰে বুলি জনা যায়। (diabetes ayurvedic treatment) আয়ুৰ্বেদিক বিশেষজ্ঞৰ মতে, নয়নতৰা ফুল আৰু পাতসমূহ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হয় ৷ 
  

ডায়বেটিচৰ বাবে নয়নতৰাৰ উপকাৰিতা- Health Benefits of Noyontora For Diabetes.


নয়নতৰা দীৰ্ঘদিন ধৰি আয়ুৰ্বেদ( diabetes ayurvedic treatment) আৰু চাইনিজ ঔষধত ব্যৱহৃত হৈ আহিছে আৰু ডায়বেটিচ, মেলেৰিয়া,  লিউকেমিয়াৰ আদি ৰোগত এটি ভেষজ চিকিৎসা হিচাপে ইয়াক প্ৰয়োগ কৰা হৈছে৷ নয়নতৰাৰ দুটি সক্ৰিয় যৌগ আছে, ক্ষাৰ আৰু ট্যানিন।  বিশ্বাস কৰা হয় যে এই উদ্ভিদে 100 বিধৰো বেছি alkaloids আছে , যাৰ মাজত vincristine আৰু vinblastine আছে, যি নিজৰ ঔষধীয় গুনাগুনৰ বাবে উল্লেখনীয় ৷

  

ডায়বেটিচৰ বাবে নয়নতৰা কি দৰে ব্যবহাৰ কৰিব?-How To Use Noyontora For Diabetes?


  • প্ৰথমে নয়নতৰাৰ সতেজ পাত শুকাই লওক, তাৰপিছত ভাল দৰে পাতখিনি গুড়ি কৰি এটা এয়াৰ-টাইট পাত্ৰত ৰাখক।  এই শুকান পাতৰ গুঁড়ি এক চা চামুচ প্ৰতিদিনে এক কাপ সতেজ ফলৰ ৰস বা পানীৰ লগত সেৱন কৰক৷  আপুনাৰ এই গছৰ পাতৰ গুঁড়ি অলপ তিতা লাগিব যদিও স্বাস্থ্যৰ বাবে উপকাৰী৷ 

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle

  • নয়নতৰা গছৰ 3 ৰপৰা 4 খিলা পাততকৈ বেচি গ্ৰহণ নকৰিব আৰু  দিনৰ সময়ত ৰক্ত শৰ্কৰাৰ মাত্ৰা ভালদৰে পৰিচালনা কৰিবলৈ কেবল মুখত ৰাখি চোবায় থাকক।

  • নয়নতৰা গছৰ গোলপীয়া ফুল লওক আৰু এক কাপ পানীত সিদ্ধ কৰক। সিদ্ধ কৰাৰ পিছত, আপুনি পানীখিনি চেকি লওক আৰু  প্ৰতিদিনে ৰাতিপুৱা খালি পেটত সেৱন কৰাৰ অভ্যাস কৰক।  ই আপোনাৰ ডায়াবেটিচ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

নিশ্চিত হবলৈ আপুনি কোনো প্ৰমানিত আয়ুৰ্বেদিক বিশেষজ্ঞ বা ডায়াবেটোলজিস্টেৰ পৰামৰ্শ লওক।  আপুনি যদি একে লগে ডায়বেটিচত এই গুল্মৰ লগত কোনো ঔষধ গ্ৰহণ কৰে তেন্তে ৰক্ত শৰ্কৰাৰ মাত্ৰা উল্লেখযোগ্যভাবে হ্ৰাস হব পাৰে।


ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle

নয়নতৰাৰ অন্যান্য উপকাৰিতা- Health Benefits of Noyontora


 কেন্সাৰৰ(Cancer) সম্ভাৱনা হ্ৰাস কৰে


নয়নতৰা পাতত কেন্সাৰৰ লগত যুজ কৰাৰ উপাদানসমূহ  পোৱা যায়, ই শৰীৰত কেন্সাৰ বৃদ্ধি কৰা কোষসমুহ নিৰ্মূল কৰে আৰু মৃত কোষসমূহ নিৰাময় কৰাত সহায়তা কৰে।  নয়নতৰা গছৰ পাতাত দুটি ক্ষাৰক (Alkaline) পোৱা যায়, যাক কোৱা  হয় ভিনক্ৰিস্টাইন আৰু ভিনব্লাস্টাইন (Vincristine and vinblastine)৷ এই দুটি এলকালয়েড কেম’থেৰাপি যোগেদিও দিয়া হয়।  ইয়াৰ যোগেদি আপুনি যদি কেন্সাৰ আক্ৰান্ত হয় তেন্তে আপোনি নয়নতৰা পাতৰ চাটনি তৈয়াৰ কৰি খোৱা উচিত।

 ৰক্তচাপ(Blood pressure) নিয়ন্ত্ৰণ ৰাখে


নয়নতৰা পাতাত পোৱা Ajmalcin নামৰ এলকালাইন(Alkaline) আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ইয়াৰ লগতে নয়নতৰাই উচ্চ ৰক্তচাপ হলে শীঘ্ৰেই হ্ৰাস কৰিব পাৰে৷ ইয়াৰ পাত নিয়মিত চোবালে আপোনাৰ ৰক্ত ​​চাপ সদায় নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ 


খজুৱতি এলাৰ্জীৰপৰা স্বস্তি


নয়নতৰা পাতৰ ব্যৱহাৰ শৰীৰত হোৱা খজুৱতি নিৰ্মূল কৰিব পৰা যায়৷ ইয়াৰ বাবে আপুনি প্ৰতিদিনে নয়নতৰা পাতৰ পৰা ওলোৱা ৰস বা গাখীৰ  আপোনাৰ শৰীৰৰ খজুৱতি হোৱা অংশত প্ৰয়োগ কৰা উচিত। এনেদৰে কৰি থাকিলে আপোনাৰ খজুৱতি সমস্যা কিছু দিনৰ পিছতেই  নিৰ্মূল কৰিব পৰা যায়৷ 

নয়নতৰা লগতে আমাৰ অসমৰ চুকে-কোণে বহুমূল্য ঔষধি গছ আছে৷ দৈনন্দিন জীৱনত সেইসমূহৰ প্ৰয়োগ কৰিও ডায়েবেটিচ নিয়ন্ত্ৰণ (diabetes control) কৰিব পৰা যায়৷ তাৰভিতৰত বিশেষভাৱে কাৰ্যকৰ ভুঁইআমলখী, তুলসী,অমিতা পাত, নীম পাত,আম পাত,তেজপাত, জামু, মধুনাশিনী আৰু মধুৰীআমৰ পাত আদি৷

কেনেদৰে এই বনৌষধি ব্যৱহাৰ কৰিব জানিবলৈ পঢ়ক-চমৎকাৰী পাতৰ মাজত আছে ডায়বেটিচৰ ঔষধ




Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese