কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese


কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰীতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese


আপুনি প্ৰায়ে অসুস্থ হৈ থাকেনি?  যদি হয় তেন্তে  সম্ভৱত এই লক্ষণে বুজাই যে আপুনাৰ ইমিউনিটি সিস্টেম বা প্ৰতিৰক্ষা প্ৰণালী আগৰ দৰে শক্তিশালী হৈ থকা নাই।  এজন ব্যক্তিৰ সুস্থ হোৱাৰ বাবে, তেওঁৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী ৰখা প্ৰয়োজন যাতে তেওঁ বিভিন্ন ৰোগৰ লগত যুঁজ কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে৷ যি ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁৰ একাধিক ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ডায়েট খোৱা দৰকাৰ।  এইক্ষেত্ৰত নহৰু লগত মৌ খোৱাতো খুবেই উপকাৰী৷  এই দুটি উপাদানেৰ সংমিশ্ৰণ আপুনাৰ প্ৰতিৰোধ ক্ষমতা অনেকভাৱে শক্তিশালী কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে আপুনাৰ দেহৰ ক্ষমতাক উন্নত কৰি তুলে।

নহৰু আৰু মৌ বহু শতাব্দী ধৰি ব্যৱহৃত হৈ আহিছে। ইয়াৰ সেৱনে  অনেক ধৰণৰ ৰোগ নিৰাময় কৰাত সহায়তা কৰে।  নহৰুৰ লগত মৌ খালে ইয়াৰ বৈশিষ্ট্য বহুগুণ বৃদ্ধি পায়। ইয়াৰ ব্যৱহাৰ কৰি, আপুনি আপুনাৰ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিব পাৰে।  এই মিশ্ৰণটি এন্টিবায়োটিক হিচাবে ব্যৱহাৰ কৰিব পাৰে।

আঁহক জানো এই মিশ্ৰনৰ উপকাৰিতা বিষয়ে...

নহৰু আৰু মৌ ৰ উপকাৰিতা-Garlic and Honey Benefits-Naharu aru Mou ar Upakarita


কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese

1. মৌ আৰু নহৰুৰ উপকাৰিতা কলেষ্টৰেলৰ বাবে- Garlic and Honey benefits for Cholesterol in Assamese


 যেতিয়া আপুনি কলেস্টেৰলৰ বাবে নহৰু গ্ৰহণ কৰে তেতিয়া নহৰুয়ে পেটত প্ৰাকৃতিক ৰস বা তৰলৰ উৎপাদন বৃদ্ধি কৰি তোলে।  আয়ৰনৰ শোষণৰ বাবে নহৰু সেৱন কৰাতো প্ৰয়োজনীয়।  নহৰু লগত মৌ সেৱন কৰি  আপুনি আপুনাৰ ৰক্ত ​​প্ৰবাহ বঢ়ায় তুলিব পাৰে কাৰণ মৌ আৰু নহৰু ভিটামিন আৰু খনিজ সমৃদ্ধ। ইয়াৰ উপৰি, এই মিশ্ৰনে কলেস্টেৰল আৰু ট্ৰাইগ্লিসাৰাইডেৰ মাত্ৰা হ্ৰাস কৰে।  আৰু লগতে আপুনাৰ ৰক্তক গাঢ় হোৱাত বাধা দিয় যি ৰক্তক স্বাভাৱিকভাবে প্ৰবাহিত কৰে।  এই মিশ্ৰনি হাৰ্টৰ সমস্যাসমূহ  ৰোধ কৰাত সহায়তা কৰিব পাৰে।

2. শক্তিৰ বাবে নহৰু আৰু মৌ- Garlic and Honey benefits for Energy 


গোটেই দিন কাম কৰাৰ অন্তত ক্লান্তি অনুভৱ কৰা স্বাভাবিক৷ এনেক্ষেত্ৰত, আমাৰ অনেকে শক্তি বজায় ৰখাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এনাৰ্জি ড্ৰিংক গ্ৰহণ কৰে।  তেন্তে কিছু সময়েৰ পিছত এই পানীয়সমূহে ক্ষতি কৰা আৰম্ভ কৰে কাৰণ এই পানীয়সমূহ চেনি আৰু কেফেইন সমৃদ্ধ হয়৷ কিন্ত্ত মৌ শক্তি পূৰ্ণ আৰু কোনো ক্ষতি নকৰাকৈ উপকাৰ দিয়ে। গতিকে আপুনাৰ দিনটো নহৰু আৰু মৌ দ্বাৰা আৰম্ভ কৰা খুব ভাল উপায়।

3. ওজন কমোৱাত নহৰু আৰু মৌৰ উপকাৰিতা- Garlic and Honey for Weight loss


ওজন হ্ৰাস কৰাত নহৰু আৰু মৌ ব্যৱহাৰ কৰা এনে এটি পদ্ধতি যি গোটেই বিশ্বত জনপ্ৰিয়তা লাভ কৰিছে।  আপুনি যেতিয়া প্ৰতিদিনে ৰাতিপুৱা  কেঁচা নহৰু আৰু মৌ খাব লব, আপুনাৰ শৰীৰৰ ফ্যাট লক্ষ্যনীয়ভাবে হ্ৰাস পায়।

4. নহৰু আৰু মৌৰ উপকাৰিতা ত্বকৰ বাবে- Garlic and Honey for skin


আপুনি যেতিয়া প্ৰতিদিনৰ আৰম্ভণি মৌ আৰু নহৰু সেৱনৰদ্বাৰা কৰিব, আপুনি শুষ্ক ত্বক বিদায় জনাব পাৰে।  প্ৰতিদিন এই মিশ্ৰণটি খালে আপুনাৰ ত্বক খুব উজ্জ্বল হৈ উঠিব আৰু ত্বকৰ লগত সম্পৰ্কিত বিভিন্ন ধৰণৰ সমস্যা দূৰ হয়।

5. চৰ্দি জ্বৰ প্ৰতিৰোধ কৰে মৌ আৰু নহৰুৰ ব্যৱহাৰে - Garlic and Honey for Cold


 মৌ আৰু নহৰুত উপস্থিত থকা এন্টি-ব্যাকটেৰিয়াল গুণসমূহে ঠাণ্ডা আৰু এলাৰ্জিৰ চিকিৎসাত সহায়তা কৰে। সেইবাবে আপুনি যদি ঠাণ্ডা, চৰ্দি, জ্বৰ আদি সমস্যাৰপৰা অশান্তিত  আছে তেন্তে আপুনি এই মিশ্ৰণটি গ্ৰহণ আৰম্ভ কৰিব পাৰে৷

6. মৌ নহৰুেৰ বৈশিষ্ট্যসমূহে শক্তিশালী প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰে-Garlic and Honey for Strong Immunity


নহৰু আৰু মৌৰ মিশ্ৰণে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়তা কৰে।  ক্যান্সাৰৰ দৰে ৰোগৰপৰা বাচিবৰ বাবে আপুনাৰ প্ৰতিৰোধ ব্যৱস্থা সুস্থ ৰখা জৰুৰী।  এই কাৰণেই নিজকে ৰক্ষাৰ বাবে যি কৰা সম্ভৱ সেয়া গুৰুত্বপূৰ্ণ। সেইবাবে, আপুনাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখাত নহৰু আৰু মৌ খোৱা অত্যন্ত গুৰুত্বপূৰ্ণ।

কিদৰে খাব নহৰু আৰু মৌ  মিশ্ৰন?


 উপকৰণ:

 নহৰুৰ ১৫ টি কলি

১ কাপ মৌ (৩৩৫ গ্ৰাম)

কাঁচৰ পাত্ৰ

প্ৰস্তুত কৰাৰ পদ্ধতি: 

কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese
প্ৰথম দিনা

নহৰু ভাল দৰে পিচি লব নতুবা ইচ্ছা কৰিলে নহৰু ফুটা হিচাবে গোটাকেও ৰাখিব পাৰে৷

চিচাৰ পাত্ৰত মৌ দিয়ক।

তাতে নহৰুখিনি দিয়ক ৷

পাত্ৰটো বন্ধ কৰক আৰু এটি  অন্ধকাৰ স্হানত এক সপ্তাহৰ বাবে ৰাখি থওক।

৫ দিনৰ পিছত

এক সপ্তাহ পিছত, আপুনি এক চামুচ নহৰু(পিচা) এক ফুটা নহৰু (গোটাকে) আৰু মৌ লগত ৰাতিপুৱা খালী পেটত সেৱন কৰক৷



সতৰ্কতাঃ যদি কোনো ব্যক্তিৰ নিম্নৰক্তচাপ আছে এই মিশ্ৰন ক্ষতিকৰ হব পাৰে৷ পেটৰ গুৰুতৰ সমস্যা থাকিলে নাখাব ৷ লিভাৰৰ সমস্যা থাকিলে নাখাব ৷ কোনো ব্যক্তিয়ে যদি বিশেষ বেমাৰৰ বাবে ঔষধ গ্ৰহন কৰি  আছে তেন্তে এবাৰ আপোনাৰ ডাক্তৰৰ পৰামৰ্শ লব৷


Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese