কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese


কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক/Kidney Stone

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক


কিডনী পাথৰ (স্টোন) মিনাৰেল আৰু নিমখৰদ্বাৰা তৈয়াৰি  হয়৷ ইয়াৰ আকাৰ বালিৰ দানাৰ দৰে সৰু নতুবা গল্ফ বলৰ দৰ বৃহত্তৰ হব পাৰে। এই কিডনী পাথৰ আপোনাৰ কিডনী থাকিব পাৰে বা  মূত্ৰনলীৰ মাধ্যমেৰে আপোনাৰ শৰীৰৰপৰা বাহিৰ উলাই যাব পাৰে৷ মূত্ৰনলীত কিডনী (kidney), মূত্ৰনলী(Ureter), মূত্ৰাশয়(Bladder) আৰু মূত্ৰমাৰ্গ(Urethra) থাকে।

সূচীপত্ৰ
  • কিডনীৰ পাথৰৰ প্ৰকাৰ - Types of Kidney Stone in Assamese
  • কিডনীৰ পাথৰৰ লক্ষণসমূহ-Symptoms of Kidney Stone in Assamese
  • কিডনী স্টন হোৱাৰ কাৰনসমূহ- Causes of Kidney Stone in Assamese


কিডনীৰ পাথৰৰ প্ৰকাৰসমূহ - Types of Kidney Stone in Assamese


1. কেলচিয়াম অক্সালেট স্টোন (Calcium oxalate stone)


কেলচিয়াম স্টোন, কেলচিয়াম অক্সালেট(Oxalate), ফচফেট আৰু mellate দি তৈয়াৰ হয়।  কম অক্সালেটযুক্ত খাদ্য গ্ৰহন এই ধৰনৰ পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰিব পৰা যায়৷ 

2. ইউৰিক এচিড পাথৰ (Uric acid Stone)


এই ধৰনৰ কিডনী পাথৰ মহিলাসকলৰ তুলনাত পুৰুষৰ মাজত অত্যাধিক দেখা যায়।  গাউট সমস্যাত ভুগা বা কেম’থেৰাপিদ্বাৰা চিকিৎসাগ্ৰস্হ ব্যক্তিৰ ক্ষেত্ৰত এই পাথৰ হোৱাৰ সম্ভাৱনা বেছি।  প্ৰস্ৰাৱত প্ৰচুৰ এচিড থাকিলে এই ধৰণৰ পাথৰ হোৱা দেখা যায়৷ পিউৰিন সমৃদ্ধ ডায়েটসমূহে প্ৰস্ৰাৱৰ এচিডৰ মাত্ৰা বঢ়ায় তুলিব পাৰে। 


3. স্ট্ৰুৱাইট স্টন (Struvite Stone)


এই ধৰণৰ পাথৰ বেছিভাগ ক্ষেত্ৰত মূত্ৰনলীৰ সংক্ৰমণত আক্ৰান্ত মহিলাৰ মাজত পোৱা যায়৷ এই পাথৰ আকাৰত ডাঙৰ হব পাৰে আৰু  মূত্ৰথলিত বাধা সৃষ্টি কৰিব পাৰে।  কিডনীত সংক্ৰমণ কাৰণে এই পাথৰ হয়। 

4. সিস্টীন স্টন (Cystine stone)


এই পাথৰ সমস্যা অতি কম হোৱা দেখা যায়৷ এই প্ৰকাৰৰ পাথৰ পুৰুষ আৰু মহিলাসকলৰ  ক্ষেত্ৰত হয় যাৰ জিনগত ব্যাধি সিস্টিনুৰিয়া (genetic disorder cystinuria) থাকে; এটি জিনগত ব্যাধি যি এমিন এচিড সিস্টাইন গঠিত পাথৰসমূহ  কিডনী, ইউৰেটাৰ, মূত্ৰাশয়ত গঠিত হয়।


 কিডনী পাথৰৰ লক্ষণসমূহ- Symptoms of Kidney Stone in Assamese


কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক



কিডনীৰ পাথৰ সকলো সময়তে লক্ষণ দেখা নিদিবও পাৰে। সৰু পাথৰসমূহ কোনোধৰনৰ বিষ উৎপন্ন নকৰি নিজে নিজেই প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ উলাই যাব পাৰে৷ কিন্ত্ত ডাঙৰ পাথৰ প্ৰস্ৰাৱৰ প্ৰৱাহক বাধাগ্ৰস্ত কৰিব পাৰে যি প্ৰচুৰ বেদনাদায়ক লক্ষণসমূহ তীব্ৰ কৰি তুলে৷  


কিডনীত পাথৰৰ লক্ষণসমূহ এনেধৰনৰঃ

আপোনাৰ পাথৰৰ  অৱস্থান আৰু আপোনাৰ মূত্ৰনলীত তাৰ অগ্ৰগতি অনুসাৰে ব্যথা বা বিষ পৰিবৰ্তিত হব পাৰে।  বহু ব্যক্তিৰ পিঠিৰ একফালে বা তলপেটত প্ৰচণ্ড বিষ হয়।  বিষ প্ৰায়ে হঠাৎ আৰম্ভ হব পাৰে আৰু সময়ৰ লগত আৰু তীব্ৰ হৈ উঠে।  আক্ৰান্ত স্থানত কৰঙনৰ অংশ নতুবা তলপেটৰ অংশ অন্তৰ্ভুক্ত থাকিব পাৰে ।


আপোনাৰ অবিৰাম বিষ হব পাৰে বা বিষ কিছু  মিনিটৰ বাবে হৈ বিষ কমা যেন অনুভৱ হব পাৰে কিন্ত আকৌ পুনৰ কিছুসময় পিছত বিষ আৰম্ভ হব পাৰে৷  কিছু ক্ষেত্ৰত বিষৰ  তীব্ৰতাও উঠানমা কৰিব পাৰে।  তীব্ৰতা স্তৰ আপোনাৰ পাথৰ মূত্ৰনলীৰ স্হানৰ ওপৰত নিৰ্ভৰ কৰে৷


কিডনীত পাথৰৰ বিষ সাধাৰণতে ৰাতি বা  পিছনিশা ৰাতিপুৱা ভাগত হয়। ইয়াৰ কাৰণ হ'ল, সাধাৰণতে মানুহে ৰাতি বা পাছনিশা কম প্ৰেস্ৰাৱ কৰে আৰু ৰাতিপুৱা  ইউৰেটাৰ বা মূত্ৰবাহিনী সংকীৰ্ণ হয়।  


অন্যান্য লক্ষণ 



বিষৰ ওপৰিও  কিডনীত পাথৰ হোৱাৰ আৰু বিভিন্ন লক্ষণ দেখা দিব পাৰে, যেনে-

  • প্ৰস্ৰাব কৰাৰ সময় বিষ। 
  • প্ৰস্ৰাৱত ৰক্তপাত হোৱা 
  • প্ৰস্ৰাৱৰ ৰং পৰিস্কাৰ নোহোৱা
  •  মূত্ৰৰ পৰা অস্বাভাৱিক গোন্ধ 
  • স্বাভাবিকতৈ বেছি বাৰ প্ৰস্ৰাৱ কৰাৰ ইচ্ছা
  • এবাৰত  সামান্য পৰিমাণে প্ৰস্ৰাৱ কৰা 
  • কিডনীত পাথৰৰ কাৰণে প্ৰস্ৰাৱত উপস্থিত ৰক্তত প্ৰস্ৰাৱৰ ৰঙ বাদামী, গোলাপী বা ৰঙা হব পাৰে।  

আপোনাৰ যদি বিষৰ লগতে নিম্নলিখিত কোনো লক্ষণ থাকে তবে অবিলম্বে আপনাৰ ডাক্তাৰৰ পৰামৰ্শ লওঁকঃ


1.  বমি বমি ভাব 


 2. ঠাণ্ডা লগা  


3. জ্বৰ হোৱা

4. অত্যাধিকো বিষৰ বাবে আপোনি যদি বহা, ঠিয় হোৱা বা আৰামেৰে শুব পৰা নাই 


5. প্ৰস্ৰাৱত যদি তেজ ​​দেখা পাইছে


6. প্ৰস্ৰাৱ কৰোতে যদি সমস্যা হৈছে


কিডনী স্টন হোৱাৰ কাৰনসমূহ- Causes of Kidney Stone in Assamese



কিডনীত পাথৰ হোৱাৰ  কাৰণসমূহ
নিম্নলিখিত: 


বংশগত


কিছু লোকৰ বংশগত কাৰণত কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে।  কিডনীত পাথৰ উচ্চ মাত্ৰাত কেলচিয়ামৰ কাৰণে হব পাৰে।  প্ৰস্ৰাৱত কেলচিয়ামৰ উচ্চ মাত্ৰা প্ৰজন্ম পৰা প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰে।  কিছুমান বিৰল জিনগত ৰোগসমূহ কিডনীত পাথৰৰ কাৰন হব পাৰে যেনে- টিউবুলাৰ এচিডোসিস(Tubular acidosis), 
 নতুবা শৰীৰৰ কিছুমান ৰসায়নক পাচন নিয়াত সমস্যা যেনে-  সিস্টিন (এটি এমিন’ এচিড), অক্সালেট (এটি কাৰ্বনিক এচিডৰ নিমখ) আৰু ইউৰিক এচিড আৰু অন্যান্য ৰসায়নসমূহ৷


ভৌগলিক অৱস্থান



আপোনাৰ ভৌগলিক অৱস্থান কিডনীত পাথৰৰ বাবে দায়ী হব পাৰে।  কিডনীত পাথৰ ভাৰতৰ মহাৰাষ্ট্ৰ, গুজৰাট, পাঞ্জাৱ, হৰিয়ানা, দিল্লী আৰু ৰাজস্থানৰ বহু অঞ্চলত অত্যাধিক হোৱা দেখা যায়৷  উত্তপ্ত জলবায়ুৰ অঞ্চলত বাস কৰা আৰু 
অপৰ্যাপ্ত তৰল গ্ৰহণৰ ফলত পাথৰ হোৱাৰ কাৰণ হব পাৰে।
  

আহাৰ

যদি কোনো ব্যক্তি পাথৰ গঠনৰ বিষয়ে জ্ঞাত নহয় বা সজাগ নহয় তেন্তে তেনে ব্যক্তিৰ খাদ্য গ্ৰহন প্ৰনালীত নিমখ, প্ৰানীজ প্ৰ’টিন অধিক বৃদ্ধি পোৱা দেখা যায়৷ যাৰফলত, পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ 

ঔষধ



মূত্ৰবৰ্ধক আৰু উচ্চ কেলচিয়াম এন্টাচিড গ্ৰহণকাৰী ব্যক্তিৰ প্ৰস্ৰাৱত কেলচিয়ামৰ পৰিমাণ বেচি থাকিব পাৰে যি পাথৰ গঠনৰ কাৰণ হব পাৰে।  ভিটামিন এ আৰু ভিটামিন ডি ৰ ফলতো কেলচিয়ামৰ মাত্ৰা বৃদ্ধি হব পাৰে৷  এইচআইভি (HIV) ৰ চিকিৎসাৰ বাবে ইন্দিনাভিৰৰ (Indinavir) ঔষধ Indinavir পাথৰ গঠনৰ হব পাৰে। ইয়াৰ উপৰিও, অন্য ঔষধো পাথৰ গঠনৰ কাৰণ হব পাৰে।  

অন্তৰ্নিহিত ৰোগ 



কিছু দীৰ্ঘস্থায়ী বা পুৰনা ৰোগো কিডনীত পথ নিৰ্মাণত ৰ লগত জড়িত হব পাৰে, যেনে- সিস্টিক ফাইব্ৰোচিচ (cystic fibrosis), ৰেনাল টিউবুলাৰ এচিড’সিস (renal tubular acidosis) আৰু প্ৰদাহজনক পেটৰ ৰোগ (inflammatory bowel disease) ইত্যাদি ৷


 কিডনীতে পাথৰ হোৱাৰ আন কিছুমান কাৰণ:


  • 30 পৰা 50 বছৰ বয়সৰ মাজৰ পুৰুষৰ কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে।  
  •  কম ইস্ট্ৰোজেন স্তৰৰ মহিলাৰ আৰু ডিম্বাশয় আক্ৰান্ত মহিলাৰ কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে।  
  • কিডনীত পাথৰৰ পাৰিবাৰিক ইতিহাসে পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। 
  • নিৰ্জলীকৰন
  • স্থূলত্ব বা মেদবহুলতা
  • উচ্চ প্ৰ’টিন, নিমখ বা গ্লুকোজ থকা আহাৰ খোৱা 
  • হাইপাৰথাইৰয়েডিজম অৱস্থা (ৰক্ত প্ৰবাহত প্যাৰাথাইৰয়েড হৰমন অতিৰিক্ত হোৱা)
  • গ্যাস্ট্ৰিক বাইপাচ চাৰ্জাৰি (gastric bypass surgery)
  • কেলচিয়াম শোষণ বঢ়ায় তুলি পৰা প্ৰদাহজনক ৰোগ
  • ডিউৰিটিকচ (Duretics), কেলচিয়াম ভিত্তিক এন্টাচিড

আগলৈ পঢ়ক...কিডনী পাথৰৰ বাবে কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা

সম্পূৰ্ণ তথ্য আগবঢ়াইছে 
-Dr. Rajalakshmi VK (AIIMS)

Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese