প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body


প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

Highlights

  • ৰক্তত ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধিৰ অৰ্থ কী?-High uric acid level in Assamese

  • ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ লক্ষণসমূহ- Uric acid high symptoms in Assamese

  • ৰক্তত ইউৰিক এচিড (Uric Acid) কিয় বৃদ্ধি হয়?-What Causes High Uric Acid levels in the body in Assamese

  • কোনবিলাক কাৰণত ৰক্তত ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ সম্ভাৱনা অধিক থাকে?-Why Uric acid increase in Assamese.

  • ইউৰিক এচিডৰ প্ৰতিকাৰৰ বাবে ঘৰুৱা উপায়- Uric acid Home Remedies in Assamese

ৰক্তত ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধিৰ অৰ্থ কী?-High uric acid level in Assamese



ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধি(High uric acid) বিষয়ে জনা আগে জানক ইউৰিক এচিড (Uric Acid) মানে কি?(What is Uric acid?)


ইউৰিক এচিড (Uric Acid) হল পিউৰিন বোলা পদাৰ্থৰ বিপাকৰ পৰা সৃষ্টি হোৱা এবিধ এচিড৷ যদিওবা সৰহসংখ্যক ইউৰিক এচিড (Uric Acid) আমাৰ দেহৰ অভ্যন্তৰত থকা পিউৰিনৰ পৰা উৎপন্ন হয় , তথাপি উচ্চ পৰিমাণৰ পিউৰিন থকা খাদ্য খােৱাৰ ফলত শেষত গৈ শৰীৰত জমা হােৱা মুঠ ইউৰিক এচিড (Uric Acid)ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়গৈ৷


সাধাৰণতে ইউৰিক এচিড (Uric Acid) তেজত মিহলি হৈ বৃৃৃৃৃৃক্কলৈ যায় আৰু প্ৰস্ৰাৱৰ লগত দেহৰ পৰা ওলাই যায় । আনহাতে ইউৰিক এচিড (Uric Acid)ৰ পৰিমাণ মাত্ৰাধিকভাৱে বাঢ়ি গ'লে অথবা বৃক্কই ইয়াক দেহৰ পৰা নিঃসৰণ কৰিব নােৱাৰিলে তেজত ইয়াৰ পৰিমাণ বাঢ়ি যায় । ইয়াক হাইপাৰইউৰেচেমিয়া(Hyperuricemia) বুলি কোৱা হয় ।


প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body
হাইপাৰইউৰচেমিয়া (Hyperuricemia)

তেজত ইউৰিক এচিড (Uric Acid) বাঢ়ি গ'লেই গাউট(gout) ৰোগে দেখা দিয়ে । গাঠিত জমা হােৱা ইউৰিক এচিড (Uric Acid)ৰ টুকুৰাবোৰক 'টফি'(Tophe) বুলি কোৱা হয় । বৃক্কত এই টফিৰ টুকুৰাবােৰ জমা হেৱাকে পাথৰ হােৱা বুলি কোৱা হয় । 


ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ লক্ষণসমূহ- Uric acid high symptoms in Assamese



ৰক্তত ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ লক্ষণসমূহ কি?-What are the Symptoms of Uric Acid in Assamese?  

  • যদি আপোনাৰ জয়ন্টসমূহত ইউৰিক এচিড (Uric Acid) জমা হব ধৰিলে  আপোনাৰ গাউটৰ সমস্যা(Gout) আৰম্ভ হব পাৰে৷ সাধাৰণতে গাউটৰ আৰম্ভণি হয় ভৰিৰ বুঢ়া আঙুলি, আঁঠুৰ গাঁঠি, হাতৰ মণিবন্ধ, কিলাকুটি, আঙুলি আদিত। প্ৰথমে অংগবােৰ হঠাৎ বিষাবলৈ ধৰে। বিষােৱা ঠাইখিনি ৰঙা পৰে, ওখহে, গৰম হয় আৰু কোমল হৈ পৰে। কেতিয়াবা একেৰাহে কেইবা ঘণ্টা অথবা কেইবা দিনাে বা কেইবা সপ্তাহ অসহনীয় বিষ হয়।

  • কেতিয়াবা তেজত ইউৰিক এচিড (Uric Acid) বাঢ়ি গলেও উল্লিখিত কোনো ধৰনৰ লক্ষণ দেখা নিদিব পাৰে৷

  • যদি আপোনাৰ ৰক্তত ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বেছি থাকে আৰু আপুনি লিউকেমিয়া বা লিম্ফোমাৰ বাবে কেম’থেৰাপি লৈ আছে তেন্তে আপোনাৰ কিডনীৰ সমস্যা বা বাত(Arthritis) হব পাৰে। 

  • বাত বা arthritis হলে দেহৰ জোৰাবোৰত ইউৰিক এচিড (Uric Acid) জমা হয়, হঠাতে জোৰাবোৰ উখহে আৰু অসম্ভৱ বিষ হয়৷ 

  • যদি কেন্সাৰ(cancer) হয় আৰু ৰক্তত ইউৰিক এচিড (Uric Acid) বেছি থাকে তেন্তে  জ্বৰ, চৰ্দি আৰু অৱসাদ হব পাৰে।  

  • বৃক্কৰ (Kidney) সমস্যা সৃষ্টি হব পাৰে৷

  • প্ৰেচাৱ কৰাত সমস্যা হব পাৰে৷ 


উচ্চ ইউৰিক এচিড (High Uric Acid) স্তৰৰ কাৰণসমূহ জানো আহক...



ৰক্তত ইউৰিক এচিড (Uric Acid) কিয় বৃদ্ধি হয়?-What Causes High Uric Acid levels in the body?



ৰক্ত ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ বহু কাৰণ আছে যেনে-

  • বংশগত (genetic)

  • ইনচুলিন বিৰোধ (Insulin resistance)

  • শৰীৰত আয়ৰন অত্যাধিক হলে

  • উচ্চ ৰক্ত চাপ (high blood pressure)

  • থাইৰয়দ কম বা বেছি হোৱা (Thyroid problem)

  • কিডনীৰ সমস্যা(kidney problem)

  • স্থূলত্ব বা মেদবহুলতা (Obesity)

  • অস্বাস্থ্যকৰ খাদ্যগ্ৰহন 

  • অতিৰিক্ত পৰিমাণে এলকহল পান কৰা।



ৰক্তত উচ্চ মাত্ৰাৰ ইউৰিক এচিড (High Uric acid) কাৰণসমূহক তিনি ধৰণে শ্ৰেণীবদ্ধ কৰিব পৰা যায়-



ইউৰিক এচিড (Uric Acid) ৰ আধিক্য, শৰীৰৰপৰা ইউৰিক এচিড (Uric Acid)ৰ প্ৰস্থান হ্ৰাস আৰু  মিশ্ৰিত প্ৰকাৰ।
  
ইউৰিক এচিড (Uric Acid)ৰ আধিক্যঃ ডায়েটত অতিৰিক্ত পিউৰিনৰ কাৰণে হয়৷


 শৰীৰৰপৰা ইউৰিক এচিড (Uric Acid)ৰ প্ৰস্থান হ্ৰাস: কিডনী ৰোগৰ কাৰণে, ইউৰিক এচিড (Uric Acid) পৰিবৰ্তে  অন্যান্য অণু শৰীৰৰপৰা বাহিৰ হোৱা আৰু মেডিচিনৰ কাৰনে৷   


মিশ্ৰিত প্ৰকাৰ: এয়া হয় বেছি পৰিমাণে এলকহল গ্ৰহণ, ডায়েটত অধিক ফ্ৰুক্টোজ (fructose; এক প্ৰকাৰৰ চেনি যি খাদ্যত প্ৰাকৃতিকভাবে ঘটে) আৰু অনাহাৰে থকা।



কোনবিলাক কাৰণত ৰক্তত ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ সম্ভাৱনা অধিক থাকে?-Why Uric acid increase in Assamese.


যিকোনো ব্যক্তিৰে এই সমস্যা হব পাৰে, তথাপি মহিলাৰ তুলনাত পুৰুষৰ এই সমস্যা অধিক হয় আৰু বয়স বৃদ্ধিৰ লগে লগে ইউৰিক এচিড বৃদ্ধিৰ সম্ভাৱনা বাঢ়ি যায়৷ 


ইয়াৰ মূখ্যত কাৰনসমূহ হল (why uric acid increase)-

  • (Alcohol)এলকোহল পান কৰা, 
  • বিভিন্ন ঔষধৰপৰা, বিশেষকৈ হৃদৰোগৰ ঔষধ
  • কীটনাশকৰ সংস্পৰ্শত থকা, 
  • কিডনীৰ সমস্যা, 
  • উচ্চ ৰক্তচাপ, 
  • ৰক্তত গ্লুকজ অতিৰিক্ত হোৱা 
  • থাইৰয়ড কম হোৱা (হাইপোথাইৰয়েডিজম),
  •  স্থূলত্ব বা মেদবহুলতা, 
  • প্ৰচুৰ পৰিমাণে শ্ৰম কৰা।


ইউৰিক এচিডৰ প্ৰতিকাৰৰ বাবে ঘৰুৱা উপায়- Uric acid Home Remedies in Assamese



ইউৰিক এচিড হ্ৰাস কৰাৰ উপায় হল  কম পিউৰিনযুক্ত আহাৰ খোৱা - Limit purine-rich foods 

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body
প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

পিউৰিনত নাইট্ৰোজেন সমৃদ্ধ যৌগ থাকে যি ইউৰিক এচিডলৈ পৰিণত হৈ যায়, ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়।  প্ৰানিজ প্ৰটিনত বেছি পৰিমাণে পিউৰিন পোৱা যায়। ইউৰিক এচিডত এই সমূহ নাখাব-


মাংস (meat)
বিভিন্ন অংগৰ মাংস (organ meats)
গাহৰি (pork)
মাছ আৰু shellfish (fish and shellfish)
ছাগলী মাংস (mutton)
ফুলকবি (cauliflower)
মটৰ (green peas)
শুকান মটৰ (dried beans)
মাছৰুম বা কাঠফুলা (mushrooms)
বিয়েৰ (Beer)


ইউৰিক এচিড হ্ৰাস কৰাৰ সমাধান হ'ল উচ্চ আঁহযুক্ত খাদ্য -Add more fiber to your diet



 ফাইবাৰ সমৃদ্ধ খাদ্যয়ে ইউৰিক এচিডৰ মাত্ৰা শোষণ কৰাত আৰু  শৰীৰৰ পৰা অপসাৰণ কৰাত সহায়তা কৰে।  আপনি স্টাৰ্চযুক্ত (Starchy food) কাৰ্বহাইড্ৰেট সমৃদ্ধ ডায়েট খাব পাৰে, এইসমূহত খুব কম পৰিমাণে পিউৰিন আছে। প্ৰতিদিনে 5 ৰপৰা 20 গ্ৰাম আঁহযুক্তখাদ্য খোৱাৰ চেষ্টা কৰক৷

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body


আহঁযুক্তখাদ্য হল- 


অটচ্ ( Oats)
আপেল
কমলা,
স্ট্ৰবেৰি
চাগু
বাৰ্লি
কিনোৱা (Quinoa)
চাউল
আলু 
কল ইত্যাদি  ।


প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ- Drink more water



প্ৰতিদিন অতিৰিক্ত পানী পান কৰক যি শৰীৰৰ পৰা ইউৰিক এচিড অপসাৰণত সহায়তা কৰে। পানীয়ে ইউৰিক এচিডক পাতল কৰি তুলে আৰু  কিডনীক উদ্দীপিত কৰা তুলে, ফলত শৰীৰৰপৰা ইউৰিক এচিড প্ৰস্ৰাৱৰ মাধ্যমেৰে উলাই যাব পাৰে৷ ইয়াৰউপৰি, প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী পান কৰক যাতে গাউট সমস্যাৰপৰা আতৰি থাকিব পৰা যায়। 
প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body



আমেৰিকান কলেজ অৱ ৰিউম্যাটোলজিৰ ২০০৯ বছৰৰ বাৰ্ষিক বৈঠকত উপস্থাপন কৰা এটি ইন্টাৰনেট ভিত্তিক গবেষণাত গবেষকে পাইছে যে, অংশগ্ৰহনকাৰী যিসকলে  ২৪ ঘন্টাত পাঁচৰপৰা আঠ গ্লাচ পানী পান কৰিছিল তেওঁলোকৰ তুলনাত  এক গ্লাচ বা তাতকৈ কম পানী সেৱন কৰা লোকৰ  তুলনাত গাউট হোৱাৰ সম্ভাৱনা 40% কম আছিল৷     




  1. গোটেই দিনটোত আঠৰপৰা দহ  গ্লাচ পানী পান কৰক
  2. আপোনাৰ ডায়েটত তৰল খাদ্য অন্তৰ্ভুক্ত কৰক, যেনে ফল বা শাকপাচলিৰ ৰস।


ইউৰিক এচিড নিয়ন্ত্ৰণৰ এটি সমাধান হৈছে অলিভ অয়েল - Olive oil for uric acid in Assamese


 

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

বেছিভাগ উদ্ভিজ্জ তেল গৰম বা প্ৰক্ৰিয়াজাতকৰণৰ মাধ্যমেৰে balanced fat ত ৰূপান্তৰিত হয়।  balanced fat য়ে শৰীৰত থকা ভিটামিন ই দূৰ কৰে, যি ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অত্যন্ত গুৰুত্বপূৰ্ণ।  


কিদৰে জলফাই তেল ব্যৱহাৰ কৰিব-

বাটাৰ ব্যৱহাৰৰ পৰিবৰ্তে ঠান্ডা চাপযুক্ত জলফাই তেল ব্যৱহাৰ কৰক।  জলফাই তেলৰ মন’চেচুৰেটেড ফেট থাকে যি গৰম কৰাৰ পিছতো একেই থাকে। ই ভিটামিন ই আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ আৰু এন্টি-ইনফ্ল্যামেটৰি বৈশিষ্ট্যও আছে।


ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰক বেকিং চডা- Baking soda for Uric acid in Assamese



বেকিং চডা Bicarbonate of soda নামেও পৰিচিত। বেকিং চডা ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাৰ এটি প্ৰভাৱশালী প্ৰতিকাৰ আৰু গাউট বিষ নিৰাময় কৰাত কাৰ্যকৰী। বেকিং চডায়ে দেহত  প্ৰাকৃতিক ক্ষাৰীয় স্তৰ (Alkaline) বৰ্তাই ৰাখে আৰু  ইউৰিক এচিডক আৰু দ্ৰৱণীয় কৰে তুলে যাৰ ফলত ইউৰিক এচিড কিডনী দ্বাৰা সহজেই নিৰ্গত হব পাৰে।


প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body


কি দৰে ব্যৱহাৰ কৰিব -



  •  প্ৰথমে এক গ্লাচ পানীত এক বা আধা চা চামচ বেকিং চডা মিহলাই লওক৷ তাৰপিছত এই মিশ্ৰণ পান কৰক৷  
  • এই মিশ্ৰণ চাৰি সপ্তাহৰ বাবে প্ৰতিদিনে দুই গ্লাছকৈ পান কৰক।  আপনি প্ৰতি দুই বা চাৰি ঘন্টা মূৰত  পান কৰিব পাৰে৷


 দ্ৰষ্টব্য - উচ্চ ৰক্তচাপ থাকিলে এই প্ৰতিকাৰটি ব্যৱহাৰ নকৰিব।  60 বা তাতকৈ অধিক বয়সৰ লোকে এই মিশ্ৰণটি প্ৰতিদিনে তিনিবাৰৰ বেছি পান কৰা উচিত নহয়।


ইউৰিক এচিড কম কৰাৰ ক্ষেত্ৰত  নেমু ৰ ব্যবহাৰ- Lemon for Uric acid in Assamese



প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body



এনে লাগে যেন, নেমুৰ ৰসে দেহত এচিডৰ মাত্ৰা আৰু বঢ়ায় তোলে। কিন্ত্ত বাস্তৱত নেমুয়ে  ক্ষাৰীয় প্ৰভাৱ (alkaline) বৃদ্ধি কৰে আৰু ইউৰিক এচিড নিয়ন্ত্ৰণত সহায়তা কৰে। ইয়াৰ লগতে, নেমুৰ ভিটামিন চি বৈশিষ্ট্যয়ে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰত সহায়তা কৰে।  


কি দৰে ব্যবহাৰ কৰিব-



1. প্ৰথমে এক গ্লাচ কুহুমীয়া গৰম পানিত নেমুৰ ৰস চেপি লওক।  তাৰপিছত ৰাতিপুৱা খালি পেটত ইয়াক পান কৰক।কেইবা সপ্তাহ লৈ এই প্ৰতিকাৰ কৰি ব্যৱহাৰ কৰি থাকক। 


2. ইয়াৰ উপৰি আপুনি ভিটামিন চি চাপ্লিমেন্ট লব পাৰে৷  তথাপি সেৱন কৰাৰ আগে আপোনাৰ ডাক্তৰৰ লগত পৰামৰ্শ লওক৷


ইউৰিক এচিডৰ প্ৰতিকাৰ হ'ল আপেল চাইদৰ ভিনেগাৰ - Apple Cider Vinegar for Uric Acid in Assamese

 

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body



আপেল চাইদৰ ভিনেগাৰ প্ৰাকৃতিক ক্লিনজাৰ আৰু ডিটক্সিফায়াৰ দ্বাৰা সমৃদ্ধ, যি শৰীৰত থকা ইউৰিক এচিডৰ দৰে শৰীৰৰ বিষাক্ত দ্ৰৱ্যসমূহ পৰিষ্কাৰ কৰাত সহায়তা কৰে। ইয়াত উপস্থিত এচিডে ইউৰিক এচিডক ভাঙি দেহৰপৰা উলিয়াই দিয়াত সহায় কৰে৷ আপেল চাইদৰ ভিনেগাৰে শৰীৰত ক্ষাৰীয় এচিদ(alkaline) ঘূৰাই আনে আৰু এন্টি-ইনফ্লেমেটৰি আৰু এন্টিঅক্সিডেন্ট ৰ সুবিধা দিয়ে ।  


কি দৰে ব্যৱহাৰ কৰিব


 1. প্ৰথমে এক গ্লাচ পানীত এক চামুচ আপেল চাইদৰ ভিনেগাৰ দিয়ক

2. তাৰপিছত এই মিশ্ৰণটো  গোটিই দিনটোত দুই ৰপৰা তিনিবাৰ পান কৰক।  


দ্ৰষ্টব্য - আপুনি লাহে লাহে এক ৰপৰা দুই চা চামুচ আপেল চাইদৰ ভিনেগাৰৰ পৰিমাণ বঢ়ায় দিব পাৰে।  এই উপায়টো তেতিয়ালৈ সেৱন কৰি থাকক যেতিয়ালৈকে ইউৰিক এচিড সমস্যা নিৰাময় নহয়৷


ইউৰিক এচিডৰ বাবে গুৰুত্বপূর্ণ টিপস  -


  • এলকোহল সেবন নিয়ন্ত্রণ কৰক, কাৰণ ইউৰিক এচিড হ্রাস কৰা কঠিন হৈ পৰিব৷

  •  হাই ফ্রুটোজ কর্ন বা গ্লুকোজ ফ্রুকটোজ ইউৰিক এচিডৰ মাত্রা বঢ়ায় তোলে। গতিকে চেনি বা গ্লুকোজ খোৱাত সংযমী হওক৷

  • প্রতিদিন ব্যায়াম কৰক আৰু স্বাস্থ্যকৰ ওজন নিয়ন্ত্ৰণ কৰক।  কোৱা হয় যে ফেটি টিস্যুৰ কাৰণে ইউৰিক এচিডৰ উৎপাদনও বৃদ্ধি পায়।

  • ইউৰিক এচিডৰ সমস্যাৰ কাৰণে কার্বহাইড্রেট বেছি আৰু প্রটিনৰ পৰিমাণ কম যুক্ত এটি সুষম ডায়েট খাওক৷ 

  • পৰিশোধিত শর্কৰাযুক্ত (Refined Carbohydrates)খাদ্য যেনে বগা আটা,ময়দা, কেক আৰু ক্যান্ডিস নাখাব। 

  •   চর্বিযুক্ত ডায়েট নাখাব, ই শৰীৰত থক ইউৰিক এচিডৰ সমস্যা জটিল কৰি তুলিব পাৰে৷

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga