পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese



পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ বিভিন্ন অংশ বিভিন্ন স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ বাবে প্রাকৃতিক প্রতিকাৰ হিচাবে আয়ুর্বেদত ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে৷ সাধাৰণতে পচতীয়া বিষ নিৰাময়ৰ বাবে অন্যতম হিচাবে জনপ্ৰিয়৷ আৰু অসমৰ প্ৰতিখন ঘৰতে দেখিবলৈ পোৱা যায়৷


পচতীয়াৰ বৈজ্ঞানিক নাম- Vitex agnus castus/Vitex Nirgundo

পচতীয়াৰ ইংৰাজী নাম- Chaste tree, Chasteberry, Abraham's balm, lilac chaste tree, monk's pepper, five leaves castus .


ঔষধীগুণসম্পন্ন পচতীয়াৰ বিষয়ে ফাৰ্মাৰ ত্ৰিদীপ গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুকৰ “অনামী: অসমৰ নাম নজনা উদ্ভিদ ANAMEE” গ্ৰুপত উল্লেখ কৰিছে যে- “পচতীয়াৰ চাৰিটা প্রজাতি আছে , আমাৰ অসমত দুটা প্রজাতিৰ পােৱা যায়, বগা আৰু গােলপীয়া ফুলৰ ৷ বাকি কেইবিধ উত্তৰ - পূব আমেৰিকা , ইংলেণ্ড আৰু নিউয়ৰ্কৰ দক্ষিণ লং আইলেণ্ড (Long Island) ত পােৱা যায় বুলি গগােলে (Google) কয়৷”

আঁহক জানো পচতীয়া গছৰ ব্যৱহাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বাবে কিদৰে ব্যৱহাৰ কৰিব-


পচতীয়াৰ উপকাৰিতা-Pochotia Benefits-Pochotia upakarita


পচতীয়াৰ ব্যৱহাৰ চুলিৰ বাবে- Pochotia for hair in Assamese- Pochotia byabahar sulir babe

পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ ব্যৱহাৰ চুলিৰ বাবে- Pochotia for hair in Assamese

Click here to Buy Chaste tree oil পচতীয়া গছৰ তেল


পচতীয়া গছৰপৰা তৈয়াৰ কৰা তেল চুলিৰ বাবে এক টনিক হিচাপে ব্যৱহাৰ হয়৷ ইয়াৰ নিয়মিত ব্যৱহাৰে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ বৃদ্ধিতো সহায় কৰে৷ অধ্যয়নত দেখা গৈছে যে, পচতীয়াৰ তেলৰ নিয়মিত ব্যৱহাৰৰদ্বাৰা উকনি,উফি সহ মূৰৰ ত্বকৰ সংক্রমণ নিৰাময় হয়। যি মহিলাৰ চুলিৰ টনিক হিচাবে পচতীয়া তেল ব্যৱহাৰ কৰে তেওঁলোকৰ চুলি পকাৰ সম্ভাৱনা অন্যৰ তুলনাত কম হয়। এই তেলে চুলিৰ প্রাকৃতিক ৰঙকো উন্নত কৰি তুলে।


পচতীয়াৰ ব্যৱহাৰ কৰি বাত বিষ বা আৰ্থাৰাইটিছ নিৰাময় কৰক- Pochotia for Arthritis in Assamese- Arthritis ar babe Pochotia byabahar karak


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ ব্যৱহাৰ কৰি বাত বিষ বা আৰ্থাৰাইটিছ নিৰাময় কৰক- Pochotia for Arthritis in Assamese


  • অলপ উষ্ণতাত পচতীয়াৰ পাতৰ পৰা উলোৱা তেল গৰম কৰি সেই তেলেৰে মালিচ কৰিলে বাতজনিত (rheumatoid arthritis) বিষৰপৰা আৰাম পোৱা যায়।  

  • প্রতিদিনে ৰাতিপুৱা আৰু  সন্ধ্যা পচতীয়া পাতৰ কাঢ়া বা ৰস সেৱন কৰিলে চায়াটিকা(Sciatica) ৰোগ নিৰাময় কৰিব পৰা যায়।


পচতীয়া মূৰবিষৰ বাবে উপকাৰী- Pochotia for Migraine Headache in Assamese- Pochotia Murbixar babe upakari


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়া মূৰবিষৰ বাবে উপকাৰী- Pochotia for Migraine Headache in Assamese


  • পচতীয়াৰ পাত লওক আৰু পানীৰ লগত পিচি এক পেষ্ট তৈয়াৰ কৰি লওক৷ এতিয়া এই পেষ্ট কপালত লগাওক৷ 

  • পচতীয়াৰ শুকান পাতৰ ধোৱা শুঙক, ইয়াৰ ফলত তাৎক্ষণিকভাৱে আপুনি আৰাম পাব৷
  • ইয়াৰ উপৰি, পচতীয়াৰ সতেজ পাতৰ ৰস উলিয়াই কুহুমীয়া গৰম কৰি 2-2 টোপাল কানত দিলে মাইগ্ৰেনৰ (Migraine) বিষ নিৰ্মূল হয়৷ 


পচতীয়া এক অভূতপূৰ্ব মস্তিষ্কৰ টনিক হিচাবেও কাম কৰে আৰু স্মৃতিশক্তি বঢ়োৱাত সহায়তা কৰে।


পচতীয়াৰ ব্যৱহাৰ সাৰস্বতাৰিষ্ট (Saraswatarishta) আৰু মানসমিত্ৰা বাতকম (Manasamitra vatakam) দৰে আয়ুৰ্বেদিক ঔষধীত ব্যৱহাৰ হয়, যি চিন্তা আৰু অৱসাদৰ দৰে সমস্যাৰ লগত যুজ দিয়াত সহায় কৰে৷


পচতীয়া গৰ্ভধাৰণৰ বাবে লাভদায়ক- Pochotia for Fertility in Assamese- Pochotia garbhadharanar babe 


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়া গৰ্ভধাৰণৰ বাবে লাভদায়ক- Pochotia for Fertility in Assamese

গৱেষণাত দেখা গৈছে যে এই ভেষজৰ 200 মিলিগ্রাম  বিভিন্ন বন্ধ্যাত্বজনিত সমস্যাত ভুক্তভুগী মহিলায়ে ব্যৱহাৰ কৰিব পাৰে৷  বন্ধ্যাত্বত ভুক্তভুগী মহিলাৰ দ্বাৰা ছয় মাহৰ বাবে পচতীয়াৰ ব্যৱহাৰে ইতিবাচক ফলাফল পোৱা গৈছে। 

  • 10 গ্রাম পচতীয়া 100 মিলিলিটাৰ পানীত গোটেই ৰাতি তিয়াই ৰাখক৷ ৰাতিপুৱা পানীখিনি উতলাওক৷ যেতিয়া এক চতুৰ্থাংশ হব তেতিয়া পানীখিনি চেকি লওক৷ তাৰপিছত এই পানীত 10 গ্ৰাম গখৰু (Gakhru)  মিহলাই লওক৷ এই মিশ্ৰন মাহেকীয়া শেষ হোৱাৰ পিছদিনাৰপৰা এক সপ্তাহলৈ সেৱন কৰিলে মহিলাগৰাকীক গৰ্ভধাৰণৰ বাবে যোগ্য কৰি তোলে৷


অধ্যয়নৰদ্বাৰা গম পোৱা গৈছে যে, পচতীয়াই প্ৰজেষ্টৰেন স্তৰ বৃদ্ধি কৰে৷ ই ৰজোনিবৃত্তি সমস্যা যেনে- মুড বা মেজাজ বেয়া হোৱা, যোনীত শুষ্কতা আৰু hot flashes (মেন’পজৰ সময়ৰ সমস্যা) ইত্যাদি সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰে


পচতীয়া জ্বৰৰ বাবে উপকাৰী- Pochotia for Fever in Assamese- Pochotia jarar babe upakari


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়া জ্বৰৰ বাবে উপকাৰী- Pochotia for Fever in Assamese


  • 2 গিলাচ পানীত পচতীয়া পাত 15 মিনিটৰ বাবে উতলাওক৷ পানীখিনি চেকি লওক আৰু তিনি ভাগত ভাগ কৰক৷ 4 ঘন্টাৰ অন্তৰালত এদিনত তিনিবাৰ সেৱন কৰক৷ 

  • পচতীয়াৰ 20 গ্ৰাম পাত 400 মিলিলিটাৰ পানীত উতলাওক৷ যেতিয়া 100 মিলিলিটাৰ পানী বাকী থাকিব তেতিয়া পানীখিনি চেকি লওক৷ এই পানীত 2 গ্ৰাম  পিপল পাউদাৰ(long pepper powder) মিহলাই লওক৷ এই মিশ্ৰন ৰাতিপুৱা-গধূলি 10-20 মিলিলিটাৰকৈ ৰোগীক সেৱন কৰিব দিয়ক৷ ইয়াৰফলত, জ্বৰ আৰু দুৰ্বলতা  অতি সোনকালে নাইকিয়া হয়৷
Click here to buy long pepper powder


পচতীয়াৰ ব্যৱহাৰ ক্ষত বা ঘা আদিৰ বাবে উপকাৰী- Pochotia for wound healing in Assamese


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ ব্যৱহাৰ ক্ষত বা ঘা আদিৰ বাবে উপকাৰী- Pochotia for wound healing in Assamese

পচতীয়াৰ এন্টিবেক্টেৰিয়েল আৰু ইনফ্লেমেটৰি গুনৰ বাবে ই সকলো ধৰনৰ ক্ষত, ফুলি উঠা, ৰঙা পৰা ইত্যাদি আঘাতৰ বাবে উপকাৰী ৷ পচতীয়া পাতৰ দ্বাৰা তৈয়াৰ কৰা তেল  লগালে পুৰনাতকৈ পুৰনা ক্ষত নিৰাময় হয়৷

  • পচতীয়া পাত পিচি পেষ্ট তৈয়াৰ কৰি লওক৷ এই পেষ্ট আঘাতপ্ৰাপ্ত স্হানত লেপ দিয়ক নতুবা বেণ্ডেজেৰে বান্ধি দিয়ক৷ এনেদৰে অতি সোনকালে ক্ষতস্থান নিৰাময় হয়৷ 

  • ইয়াৰ উপৰি, পচতীয়া পাত উতলাই লওক ৷ তাৰপিছত চেকি লৈ সেই পানীৰে ক্ষতস্থান ধোৱক৷

ইয়াৰ তীব্ৰ গোন্ধৰ বাবে পচতীয়া তেল গাত ঘহিলেও মহৰ প্ৰকোপৰ পৰাও বাচিব পৰা যায়৷


পচতীয়া চালৰ বাবে উপকাৰী- Pochotia for skin in Assamese- Pochotia salar babe upakari


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়া চালৰ বাবে উপকাৰী- Pochotia for skin in Assamese

বহু মহিলাৰ মাহেকীয়া সময়ত মুখত গুটি বা পিম্পল উঠা দেখা যায়৷ অধ্যয়ন অনুসৰি, পচতীয়াই মাহেকীয়া সময়ৰ পিম্পলসহজভাৱে নিৰ্মূল কৰিবৰ বাবে উপযোগী৷ ইয়াৰ উপৰি, পচতীয়াৰ সেৱনৰ ফলত চালৰ উজ্জ্বলতা বাঢ়িব ধৰে৷


পচতীয়াই  উখহা, ৰঙাপৰা আদি হ্ৰাস কৰে- Pochotia for Inflammation in Assamese


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াই  উখহা, ৰঙাপৰা আদি হ্ৰাস কৰে- Pochotia for Inflammation in Assamese

পচতীয়া ভিটামিন চি(Vitamin C) ৰে পৰিপূৰ্ণ৷ প্ৰকৃতিৰ পৰা পোৱা সকলোতকৈ ভাল প্ৰাকৃতিক এন্টিবায়টিক আৰু ইনফ্লেমেটৰি গুনাগুনেৰে পুষ্ট হৈছে পচতীয়া৷ 



  • পচতীয়াৰ পাতৰ ৰস 10 ৰপৰা 20 মিলিলিটাৰ ৰাতিপুৱা-গধূলি সেৱন কৰিলে heart inflammation ত সহায় কৰে৷ 

  • পচতীয়াৰ শিপা চোবালে বা ইয়াৰ ৰসেৰে কুলকুলি কৰিলে টনচিলাইটিচ (Tonsillitis) নিৰাময় হয়৷


পচতীয়াৰ ব্যৱহাৰ পাচন সমস্যাৰ বাবে- Pochotia for digestion in Assamese- Pochotia labh Digestion ar karane


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ ব্যৱহাৰ পাচন সমস্যাৰ বাবে- Pochotia for digestion in Assamese- Pochotia labh Digestion ar karane

পচতীয়া পাচনতন্ত্ৰক মজবুত কৰাত আৰু ইয়াৰ কাৰ্যপ্ৰনালী বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ হয়৷ ই হজম উন্নতিত সহায়তা কৰি আৰু ক্ষুধা বৃদ্ধি কৰে৷ পচতীয়া কৃমিনাশক হিচাবেও কাম কৰে আৰু পেট চাফা কৰাত সহায় কৰে৷ 



  • পচতীয়া পাতৰ 10 মিলিলিটাৰ  ৰস 2 টা পিচি লোৱা জালুক আৰু  আজোৱাইন লগত মিহলাই ৰাতিপুৱা-গধূলি সেৱন কৰিলে পাচন সমস্যা নিৰাময় হয়৷ 


পচতীয়া পাতে কফ-কাহ হ্ৰাস  কৰাত সহায় কৰে-Pochotia for cough in Assamese- Pochotia kah-kaphar babe 


পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়া পাতে কফ-কাহ হ্ৰাস  কৰাত সহায় কৰে-Pochotia for cough in Assamese- Pochotia kah-kaphar babe 

পচতীয়া পাতেৰে তৈয়াৰ কৰা হাৰ্বেল চাহ শ্বাসযন্ত্ৰত জমা হোৱা কফ হ্ৰাস কৰাত কাৰ্যকৰী৷ ইয়াৰ উপৰি, কফেৰে ভৰি থকা মাৰ্গ পৰিস্কাৰ কৰি বায়ু চলাচল হোৱাত সুবিধা কৰি দিয়ে৷ 

  • পচতীয়া পাতৰ ৰস কম জুইত উতলাই গাঢ় কৰি লওক৷ এই মিশ্ৰনক 7 দিনৰবাবে একেৰাহে ললে কাহ, হাপানি, নিউমোনিয়া, আৰু ব্রঙ্কাইটিস আদি ৰোগৰ উপশম হয়৷ 

  • 12 ৰপৰা 14 মিলিলিটাৰ4 পচতীয়া পাতৰ ৰস বিশুদ্ধ গাখীৰৰ লগত দিনত দুবাৰ ললে কাহ ভাল হয় যায়৷ 


পচতীয়াৰ অন্য উপকাৰ- Other benefits of Pochotia- Pochotia anya upakar



পচতীয়াৰ অন্য উপকাৰসমূহ এনেধৰণৰ-


পচতীয়াৰ পাত ভালদৰে পিচি হাত ভৰিত লেপ দিলে হাত ভৰিৰ জ্বলন নাইকিয়া হয়৷


10 গ্ৰাম পচতীয়া পাত পিচি 200ml পানী মিহলাই সেৱন কৰিলে  কুষ্ঠ ৰোগৰ পৰা বহুত সোনকালে আৰাম লাভ কৰে৷


10-20 ml পচতীয়া পাতৰ ৰস ৰাতিপুৱা আৰু গধূলি সেৱন কৰিলে ডিঙিৰ বিষ, উখহা আদি সমস্যাৰ পৰা আৰাম পাব পাৰি৷ 


পচতীয়া পাতৰ ৰসৰ কাঢ়া লগত পিপলৰ লগত ললে কফ আৰু জ্বৰ নিৰাময় হয়৷


পচতীয়াৰ সতেজ পাত গৰম কৰি কচকা খোৱা স্হানত লগালে আৰাম পোৱা যায়৷


পচতীয়াৰ কুমলীয়া পাত ভীম কলৰ লগত পিহি খালে গ্ৰহনী ৰোগ ভাল হয়৷ 


পচতীয়াৰ শুকান গুড়ি পানীৰ লগত খালে মেদ কমে৷


পচতীয়া এক অভূতপূৰ্ব মস্তিষ্কৰ টনিক হিচাবেও কাম কৰে আৰু স্মৃতিশক্তি বঢ়োৱাত সহায়তা কৰে।


পচতীয়াৰ পাৰ্শ্বক্ৰিয়া- Pochotia Side effects- Pochotiar Parshakriya



পচতীয়াৰ পাৰ্শ্বক্ৰিয়া এনেধৰণৰ-



  • পিত্ত(গৰম) প্ৰকৃতিৰ ব্যক্তিয়ে পচতীয়া সেৱনৰ বাচি থকা ভাল৷

  • পচতীয়াৰ অধিক মাত্ৰাত সেৱনৰ ফলত মূৰ বিষ, জ্বলন বা কিডনীত বেয়া প্ৰভাৱ পৰিব পাৰে৷

  • আপুনি বাহ্যিকভাবে দীঘলীয়া সময়ৰ বাবে পচতীয়া সেৱন কৰিব পাৰে, কিন্ত্ত নস্য(Nasya) চিকিৎসাৰ বাবে পচতীয়া এক মাহতকৈ অধিক সেৱন কৰিব নালাগে৷ 


প্ৰকৃতাৰ্থক পচতীয়া গছৰ পাত যেনেদৰেে খালেও স্বাস্থ্যৰ পক্ষে উপকাৰী৷ সেয়া লাগিলে আঞ্জা, চাটনি বাা তাৰ ৰস উলিয়াই যেনেকৈ খালেও তাৰ গুনাগুন কমি নাযায়৷ 

উপৰোক্ত তথ্যসমূহ আগবঢ়াইছে
 DR.Laxmidutta Shukla, আয়ুৰ্বেদ



এটি অনুৰোধ যদিহে মোৰ লিখনিসমূহে কিঞ্চিত মাত্ৰ হলেও আপোনালোক উপকৃত হৈছে লিখনিটোৰ শেষলৈ থকা subscribe option তোত নিজৰ email id দি subscribe কৰিলে অতিকৈ সুখী হম আৰু আগন্তুক দিনলৈ ন ন লিখনি লৈ আহিবলৈ উৎসাহিত হম ৷ ধন্যবাদ৷




















Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese