5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese


SARS-CoV-2 ভাইৰাচৰ নিৰাময়ৰ বাবে বিজ্ঞানীসকলে দিন-ৰাতি কাম কৰি আছে৷ এই মাৰাত্মক ভাইৰাচে গোটেই বিশ্বতে পাঁচ মিলিয়নৰো বেছি লোক আক্ৰান্ত কৰিছে৷  একমাত্র ভাৰততে,এই ভাইৰাচে গঢ়ে পাঁচ দিনত প্রায় এক লাখ নিশ্চিত লোকৰ আক্রমণৰ গতিত বৃদ্ধি পাইছে।


কৰনা ভাইৰাছৰ বিৰুদ্ধে আমাৰ প্ৰতিৰক্ষা প্ৰনালী শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ আৰু আমি সকলোৱে জানো যে, আয়ুৰ্বেদিক বনৌষধি আৰু অন্যান্য আয়ুর্বেদিক উপাদানসমূহৰ তুলনাত প্ৰতিৰক্ষা বৃদ্ধি কৰাৰ বাবে আন কোনো উৎকৃষ্ট বিকল্প নাই বুুুুুুলিয়েই কব পাৰি৷


5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese


মাটি আৰু বীজ সম্পৰ্কীয় আয়ুৰ্বেদিক সিদ্ধান্ত- ​The Ayurvedic theory of seed and land In Assamese

আয়ুর্বেদ অনুসৰি, আমাৰ দেহটো হৈছে মাটি আৰু সংক্রমণ বা পোকসমূহ হৈছে বীজৰ দৰে৷ যদি শৰীৰত “টক্সিন (আম)” পূর্ণ হৈ থাকে আৰু  “ওজাস(ojas)” ৰ অভাৱ হয় (অৰ্থাৎ প্রাণশক্তিৰ দ্বাৰা পৰিপূৰ্ণ), তেতিয়া সংক্ৰমনে শৰীৰক আক্ৰান্ত কৰিবলৈ চেষ্টা কৰিব কাৰণ দেহে উর্বৰ ভূমিৰৃপে কাম কৰে। গতিকে, যদি আপোনাৰ হজম শক্তিশালী হয় আৰু শৰীৰত “আম(Toxin)” ৰ তুলনাতকৈ অধিক  “ওজাস(ojas)” থাকে তেন্তে সংক্রমণৰ বীজ সেইধৰণে ধাৰণ কৰিবলৈ সক্ষম নহব যিদৰে উৰ্বৰা ভূমিত কৰিব পাৰে৷

আপোনাৰ শৰীৰক অধিক শক্তিশালী কৰি গঢ়ি তুলিবলৈ আয়ুর্বেদিক পৰামর্শক ডাঃ বিশাখা মাহিন্দু (Dr Vishakha Mahindoo, Senior Ayurvedic consultant) য়ে পাঁচবিধ চাহৰ বিষয়ে পৰামৰ্শ দিছে৷ আপুনি ঘৰতেই অতি সহজে এই চাহ তৈয়াৰ কৰি লব পাৰেঃ

1. আদা চাহ- Ginger tea

5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese


আদা চা বনোৱা অতিকৈ সহজ আৰু আদা চাহে হজম শক্তি  বঢ়ায়, ঠাণ্ডা আৰু কাঁহৰপৰা  মুক্তি দিয়ে আৰু পেটৰ অন্যান্য সমস্যা নিৰাময় কৰে৷

কিদৰে তৈয়াৰ কৰিব- How to make

 ½ চা-চামুচ  আদা পিচি বা খুন্দি লওক৷ এক গ্লাচ পানীত পাঁচ ৰপৰা ছয় মিনিট উতলাওক৷ স্ট্রেইন কৰক আৰু চাহৰ দৰে খাওক৷


দ্রষ্টব্য: যিসকলৰ হাইপাৰএচিডিটি বা হাইপাৰটেনশন (hyperacidity or hypertension) আছে তেওঁলোকে এই চাহ গ্ৰহন কৰা আগে এটি ডাক্তৰৰ পৰা পৰামৰ্শ লওক ৷

2. দালচেনি চাহ- Cinnamon tea

5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese

দালচেনি চাহে ওজন হ্রাস কৰাত সহায়তা কৰে, আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্রাস কৰে, ৰক্ত শর্কৰাক নিয়ন্ত্ৰণ ৰখাত  সহায়তা কৰে আৰু বেক্টেৰিয়া আৰু ফাংগল সংক্রমণৰ বিৰুদ্ধে যুঁজ কৰে৷

কিদৰে তৈয়াৰ কৰিব- How to make

 এক ইঞ্চি দালচেনি টুকুৰা লওক আৰু  পাঁচ-সাত মিনিটৰ বাবে  এক গ্লাচ পানীত সিদ্ধ কৰক।  স্ট্রেইন কৰক আৰু চাহৰ দৰে পান কৰক।

3. তুলসী চাহ- Tulsi tea

5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese

তুলসীৰ পাতত এটা নহয়, অসংখ্য ঔষধীয় গুণ আছে। তুলসীয়ে আপোনাৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সাহায্য কৰে, স্ট্রেসৰ স্তৰ হ্রাস কৰে আৰু ৰক্ত শর্কৰাৰ মাত্রা সন্তুোলিত কৰাত সহায়তা কৰে।

কিদৰে তৈয়াৰ কৰিব- How to make

চাৰি-পাঁচটা তুলসী পাত লওক আৰু 10 মিনিটৰ বাবে উতলা পানীত ৰাখি দিয়ক৷ আৰু ওপৰত ঢাকন দি ঢাকি দিয়ক৷ 

4. জিৰা চাহ- Jeera tea

5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese

জিৰা চাহ হজমত সহায়তা কৰে আৰু  আপনাক  অতিৰিক্ত মেদ কম কৰাত সহায়তা কৰে।  এই সহজ চাহ বনোৱাৰ বাবে আপোনাৰ প্ৰয়োজন হব জিৰা, ধনিয়া বীজ আৰু মেথি বীজ।

কিদৰে তৈয়াৰ কৰিব-How to make

১ চা চামুচ জিৰা, ১ চা চামুচ ধনিয়া বীজ আৰু ১ চা চামুচ মেথি দানাৰ লগত মিহলাওক৷  এই সকলো এক কাপ পানীত  সিদ্ধ কৰক।  স্ট্রেইন কৰক আৰু চাহৰ দৰে খাওক।


5. তুলসী আৰু জালুকৰ চাহ- Tulsi black pepper tea

5 ধৰণৰ আয়ুৰ্বেদিক চাহ খাওক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰি গঢ়ি তুলক- 5 Ayurveda-approved homemade teas that can help you boost immunity in Assamese

এই চাহ দুর্দান্ত প্রতিৰোধ ক্ষমতা বৃদ্ধিকাৰী আৰু মৌচুমী সংক্রমণৰ বিৰুদ্ধে যুঁজ কৰাত সহায়তা কৰে।  এই চাহ তৈয়াৰ কৰাত আপোনাৰ প্রয়োজন তুলসী পাত, জালুক আৰু লং।

 কিদৰে তৈয়াৰ কৰিব-How to make

তিনি-চাৰিটা তুলসী পাত, দুটা জালুক আৰু এটি লং লওক৷ এই সমস্ত উপাদানসমূহ 2 গ্লাচ পানীত সিদ্ধ কৰক।

 দ্রষ্টব্য: গর্ভবতী মহিলাসকলে অৱশ্যই এই চাহ খোৱাৰ আগে  ডাক্তৰৰ  পৰামর্শ লব।

Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese