আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese



আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese


স্বাস্থ্যেৰ বিশেষ যত্ন লোৱা লোকৰ প্ৰায়ে এই প্ৰশ্ন মনলৈ আহে যে কোনটো সময়ত  গ্ৰীন টি পান কৰা উচিত?


এন্টিঅক্সিডেন্টৰে  সমৃদ্ধ হোৱাৰ কাৰণে গ্ৰীন টি সেইসকলৰ বাবে অধিক পচন্দৰ যি স্বাস্থ্যৰ বিষয়ে বিশেষভাবে সতৰ্ক। নিয়মিত গ্ৰীন টি সেৱন কৰিলে অনেক উপকাৰ পোৱা যায়।  অনেক ব্ৰ্যান্ড আছে যিসমূহে উন্নত মানদণ্ডৰ গ্ৰীন টি বিক্ৰি কৰে। ইয়াৰ উপৰি বহু গ্ৰীন টি বিভিন্ন স্বাদৰো পোৱা যায়৷  প্ৰতিদিনে গ্ৰীন টি পান কৰাৰ লগতে গ্ৰীন টি পান কৰাৰ সঠিক সময় জনা খুব গুৰুত্বপূৰ্ণ৷ শুৱাৰ সময়, ৰাতিপুৱা বা খালি পেটত গ্ৰীন টি পান কৰা উচিত নে?  ওজন কমাবলৈ  গ্ৰীন টি কেতিয়া পান কৰা উচিত?  যি কোনো খাদ্য বা পানীয় যিমানেই উপকাৰী নহওক কিয়, যদি এটি সঠিক সময় আৰু পদ্ধতিত খোৱা নহয় তেন্তে বহু পুষ্টিকৰ গুনাগুনৰ পৰা বঞ্চিত হব পাৰে নতুবা ক্ষতিৰ কাৰণো হব পাৰে। গ্ৰীন টি পান কৰাৰ বাবে টাইম টেবুল তৈয়াৰ কৰাৰ আগে আপোনাৰ নিজৰ দিনচৰ্যা মনত ৰখাতো দৰকাৰ।  আপুনি এই লিখনিৰদ্বাৰা গ্ৰীন টি পান কৰাৰ সঠিক সময়ৰ বিষয়ে জানিব পাৰিব৷ 


 গ্ৰীন টি পান কৰাৰ বাবে টাইম টেবুল তৈয়াৰ কৰাৰ আগে আপনাৰ নিজৰ দিনচৰ্যা ধ্যান দিয়াতো দৰকাৰ।


 আহক গ্ৰীন টি পান কৰা সঠিক সময় আৰু  গ্ৰীন টি কেনেদৰে পান কৰা উচিত এই সম্পৰ্কে জানো…


বিষয়সূচী



  • গ্ৰীন টি কি?- What Is Green Tea In Assamese
  • গ্ৰীন টি পান কৰাৰ সঠিক সময় কি?-What is the best time to drink green tea In Assamese
  • গ্ৰীন টি কেতিয়া খাব নালাগে?-When should not drink green tea In Assamese
  • গ্ৰীন টি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? - Why is green tea good for health In Assamese
  • গ্ৰীন টিৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া- Side Effect of Green Tea in Assamese
  • কিমান পৰিমানে গ্ৰীন টি সেৱন কৰা উচিত? - How much green tea should drink in Assamese




গ্ৰীন টি কি?- What Is Green Tea In Assamese



এই চাহৰ অক্সীকৰণ (Oxidation) প্ৰক্ৰিয়া নহয় ৷ ইয়াৰ অৰ্থ গ্ৰীন টিৰ নিজস্ব প্ৰাকৃতিক সেউজীয়া ৰঙ আৰু সুগন্ধ আছে৷ সকলো ধৰণৰ চাহৰ ভিতৰত গ্ৰীন টি সকলোতকৈ জনপ্ৰিয়৷ গ্ৰীন টি পাতৰ সুগন্ধ গ্ৰাহকৰ এনে এটি সুবাস দিয় যি অন্য কোনো চাহত পোৱা নাযায়।  গ্ৰীন টিৰ উপকাৰিতা অনেক যেনে ওজন হ্ৰাস কৰাত সহায়তা কৰে, স্বাস্থ্যকৰ ছাল ইত্যাদি৷ 

আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese


গ্ৰীন টি খোৱাৰ সঠিক সময় কি?-What is the best time to drink green tea In Assamese



মানুহে প্ৰায়ে ভাবে যে গ্ৰীন টি পান কৰাৰ সঠিক সময় কি বা ওজন কম কৰিবৰ বাবে গ্ৰীন টি কোন সময়ত খোৱা উচিত৷  আপুনি যদি আপোনাৰ ডায়েটত গ্ৰীন টি অন্তৰ্ভুক্ত কৰিছে তেন্তে  গ্ৰীন টি সেৱন আপোনাৰ প্ৰতিদিনৰ দিনচৰ্যা ওপৰত নিৰ্ভৰ কৰে। গ্ৰীন টি সেৱন কৰাৰ আগে কিছুমান কথাৰ ওপৰত ধ্যান দিয়াতো জৰুৰী,যেনে, টাইম টেবুল,শুৱাৰ সময়, workout সময় আৰু কামৰ সময় ইত্যাদি৷ আপোনাৰ নিজৰ দিনচৰ্যা ধ্যানত ৰাখি আপোনাৰ গ্ৰীন টি সেৱনৰ টাইম টেবুল বনাই লোৱা উচিত ৷


 1. ৰাতিপুৱাৰ গ্ৰীন টি



 এটা পৰামৰ্শ দিয়া হয় যে ৰাতিপুৱা আপোনাৰ কাম আৰম্ভ কৰাৰ আগে গ্ৰীন টি খোৱা উচিত কাৰণ ই আপোনাৰ দিনটোৰ আৰম্ভণি শক্তি বা এনাৰ্জিৰ পৰা আৰম্ভ কৰাত সহায়তা কৰে। ৰাতিপুৱা 10 টাৰপৰা 11 টা ভিতৰত আৰু ব্ৰেকফাষ্ট কৰা পিছত গ্ৰীন টি গ্ৰহন কৰক৷ ইয়াত থকা কেফেইনে আপনাক জাগ্ৰত কৰি তুলে আৰু শক্তি দিয়ে যি আপোনাৰ ৰাতিপুৱাতো সুন্দৰ কৰি তোলে।


 2. workout বা ব্যায়ামৰ সময়ত



 ব্যায়াম কৰা সময় আৰু গ্ৰীন টি পান কৰাৰ সময়ৰ মাজত 30 মিনিটৰ বেছি পাৰ্থক্য থকা উচিত৷ কিন্ত্ত এই দুইটাৰ মাজৰ সময় 1 ঘণ্টাৰ বেছি হোৱাও উচিত নহয়।  সময়ৰ সঠিক পাৰ্থক্যৰ কাৰণে, আপনাৰ শৰীৰৰ বিপাক বৃদ্ধি পাব(Metabolism) আৰু আপুনি দীৰ্ঘ সময়ৰ বাবে অনুশীলন কৰিবলৈ সক্ষম হব।  


3. গধূলি সময়ৰ গ্ৰীন টি



গধূলি যিকোনো আহাৰ গ্ৰহনৰ পিছত 5 টাৰপৰা 6 টাৰ ভিতৰত গ্ৰীন টি গ্ৰহন কৰক৷ ৷ এই সময়ত গ্ৰীন টি গ্ৰহন কৰিলে দিনটোৰ ভিতৰত দেহত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থসমূহ ইউৰিনৰ জৰিয়তে বাহিৰ হোৱাত সহায় কৰিব৷ লগতে মেটাবলিজম বৃদ্ধি হোৱাত দুপৰীয়াৰ আহাৰ হজম হোৱাত সহায়ক হব৷


4. শুৱাৰ সময়ত



আপোনাৰ শুৱাৰ সময় আৰু গ্ৰীন টি পান কৰা সময়ৰ মাজত 2 ঘন্টাৰ পাৰ্থক্য থকা উচিত৷ সেয়ে আপুনি আপোনাৰ শুৱা সময় অনুসৰি গ্ৰীন টি সেৱন কৰিব লাগে, নহলে গ্ৰীন টি ত থকা কেফেইনে আপুনাৰ টোপনিত বাধা উৎপন্ন কৰিব পাৰে৷ ফলত নিদ্ৰাহীনতা দৰে সমস্যা উৎপন্ন হব পাৰে৷


5.ওজন কমাবলৈ



ওজন কমাবলৈ ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত আৰু দুপৰীয়া আহাৰ গ্ৰহনৰ পিছত গ্ৰীন টি গ্ৰহন কৰিলে সুফল পাব৷ কিয়নো এইখিনি সময়ত গ্ৰীন টি সেবন কৰিলে ই মেটাবলিজম হাৰ দ্ৰুতভাৱে বৃদ্ধি কৰি খাদ্য ভালদৰে  হজম হোৱাত সহায়তা কৰে৷


মূখ্যত , গ্ৰীন টি যেতিয়াই গ্ৰহন কৰিব সেয়া হৈছে আহাৰ গ্ৰহনৰ 1 ঘন্টা আগত নতুবা আহাৰ গ্ৰহনৰ  1-2 ঘন্টাৰ পিছত৷ উপৰোক্ত সময় বিষয়ে উল্লেখ কৰা হৈছে যদিও এয়া সম্পূৰ্ণ আপুনাৰ দিনচৰ্যা ওপৰত নিৰ্ভৰ কৰে৷ কাৰন দেখা যায় যে বহু ব্যক্তিয়ে ৰাতিপুৱাৰ ব্যায়ামৰ পৰিবৰ্তে গধূলি ব্যায়াম কৰিবলৈ ভাল পায়৷ 


গ্ৰীন টি কেতিয়া খাব নালাগে?-When should not drink green tea In Assamese


আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

গ্ৰীন টি কেতিয়া খাব নালাগে?-When should not drink green tea In Assamese


উপৰোক্ত তথ্য পৰা আপুনি জানিব পাৰিলে যে  কেতিয়া গ্ৰীন টি পান কৰিব লাগে৷ কিন্তু এইতো জনাও দৰকাৰ যে কোনটো সময়ত গ্ৰীন টি সেৱন কৰা উচিত নহয়৷ 

  • ৰাতিপুৱা গ্ৰীন টি সেৱন কৰা ভাল যদিও ৰাতিপুৱা শুই উঠিয়েই  গ্ৰীন টি পান কৰা কাম প্ৰথম হব নালাগে৷ ৰাতিপুৱা খালী পেটত  গ্ৰীন টি পান কৰিলে আপোনাৰ লিভাৰৰ সমস্যা সৃষ্টি কৰিব পাৰে কাৰণ গ্ৰীন টি ত ক্যাটিচিন (Catechin) থাকে।
  •  গ্ৰীন টি খাদ্যৰ লগত খোৱা উচিত নহয়।
  •  গ্ৰীন টি শুৱাৰ আগে তাৎক্ষনিক পান কৰা উচিত নহয়।  গ্ৰীন টিত আছে কেফেইন যি আপনাৰ টোপনি নষ্ট কৰিব পাৰে।
  • সম্পূৰ্ণ খালী পেটত গ্ৰীন টি খোৱাৰ পৰা বিৰত থাকক৷

  • ব্যায়াম কৰা পিছত গ্ৰীন টি গ্ৰহন নকৰিব৷ 



গ্ৰীন টি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? - Why is green tea good for health In Assamese


  1. গ্ৰীন টিত জৈৱ সক্ৰিয় যৌগ (Bioactive compounds) আছে যি দেহৰ কোষ আৰু অণুসমূহক ক্ষতি হোৱাৰপৰা ৰক্ষা কৰে।
  2.  গ্ৰীন টিৰ  এটি চিকিৎসা বিশেষত্ব আছে যি বহু ৰোগৰ চিকিৎসা একেলগে কৰাত  সহায়তা কৰে।যেনে- ডায়েবেটিছ, কেন্সাৰ, শ্বাসজনিত সমস্যা, স্হুুলত্ব ইত্যাদি
  3.  গ্ৰীন টিতে কেফেইন পোৱা যায়, যি মস্তিষ্ক কাৰ্যপ্ৰণালী উন্নত কৰি তুলে আৰু  আপোনাক আৰু সতৰ্ক কৰি তোলে।
  4.  গ্ৰীন টি বিপাকীয় হাৰ (metabolism) বৃদ্ধি কৰে যাৰ  সহায়তা অতিৰিক্ত ওজন কমাত সহায় হয়৷
  5.  গ্ৰীন টি এন্টিঅক্সিডেন্ট সমৃদ্ধ যি স্তন কেন্সাৰ, প্ৰস্টেট কেন্সাৰ আৰু কলোৰেক্টাল কেন্সাৰৰ (breast cancer, prostate cancer, colorectal cancer)দৰে অনেক কেন্সাৰেৰ পৰা আৰোগ্য হোৱাত সহায়তা কৰে।
  6.  গ্ৰীন টি  বৃদ্ধ বয়সত সাধাৰণতে হোৱা আলঝাইমাৰ্ছ, পাৰ্কিনছন আদি ৰোগৰ পৰা আঁতৰাই ৰখাত মস্তিষ্কক সুৰক্ষিত কৰে।
  7.  গ্ৰীন টিতে ক্যাটচিন (Catechinsn) আছে যি মুখৰ বেক্টেৰিয়াসমূহ নাশ কৰাত সহায়তা কৰে।
  8.  গ্ৰীন টি পান কৰিলে টাইপ 2 ডায়াবেটিচ আৰু হৃদৰোগৰ সম্ভাবনা হ্ৰাস পায়।
  9.  গ্ৰীন টিয়ে LDL (বেয়া) কলেষ্টৰেল হ্ৰাস কৰাত সহায়তা কৰে৷




 গ্ৰীন টিৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া- Side Effect of Green Tea in Assamese


আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese



এয়া সকলোৱে জানে যে  এটি অত্যাধিক যিকোনো ঔষধ সেৱন কৰিলে তাৰ পৰা ক্ষতি হোৱাতো নিশ্চিত৷  ন
একেদৰেই গ্ৰীন টিৰ পৰাও ক্ষতি হোৱাৰ সম্ভাৱনা আছে।  যদি গ্ৰীন টি সঠিক পৰিমাণে ব্যবহাৰ কৰা নহয় তেন্তে নিম্নলিখিত অসুবিধাসমূহ হব পাৰে-

  • গ্ৰীন টি ত টেনিন নামৰ এক তত্ব পোৱা যায় যাৰ ফলত পেট বিষ, এচিডিটি আৰু কোষ্ঠকাঠিন্য দৰে সমস্যা উৎপন্ন হব পাৰে৷  
  • বহুত অধিক গ্ৰীন টি সেৱন কৰিলে এনিমিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷
  • যদি আপুনি অত্যাধিক গ্ৰীন টি সেৱন কৰে তেনেহলে আপুনাৰ মূৰবিষ হব পাৰে৷ কাৰন ইয়াত উপস্থিত থকা কেফেইনে মূৰ বিষৰ সৃষ্টি কৰিব পাৰে৷
  • অত্যাধিক গ্ৰীন টি সেৱন কৰিলে ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে৷ 
  • অতিৰিক্ত পৰিমাণে গ্ৰীন টি খোৱাৰ ফলত কেফেইনৰ পৰিমাণও বাঢ়ি যায়, যি হৃদস্পন্দনক তীব্ৰ কৰি তোলে আৰু  ৰক্ত ​​প্ৰবাহকে বঢ়ায় তোলে।  তদুপৰি, গ্ৰীন টিত উপস্থিত সমস্ত তত্ব দ্ৰুতভাৱে আমাৰ দেহত শোষিত হয় আৰু  ৰক্ত ​​প্ৰবাহৰ লগত হঠাৎ ৰক্তচাপ বৃদ্ধি কৰি তুলিব পাৰে৷
  • গৰ্ভৱতী মহিলাই গ্ৰীন টি সেৱন কৰা আগে ডাক্তৰৰ পৰামৰ্শ লব৷


কিমান পৰিমানে গ্ৰীন টি সেৱন কৰা উচিত? - How much green tea should drink in Assamese



আপুনি দিনে 2 ৰপৰা  3 কাপ গ্ৰীন টি পান কৰিব পাৰে। ইয়াতকৈ বেছি গ্ৰীন টি পান কৰা আপোনাৰ বাবে ক্ষতিকাৰক হব পাৰে। ইয়াৰ ক্ষতি সম্পৰ্কে উপৰত তথ্য আপুনি ইতিমধ্যে পাইছে৷ গতিকে সঠিক পৰিমাণে গ্ৰীন টি সেৱন কৰক আৰু  উপকাৰ লাভ কৰক৷


আৰু পঢ়কঃ 


প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese


নিলাজী বন বা লাজুকী লতাৰ ঔষধীয় ব্যৱহাৰ

শগুনিলতা বা গিলয়ৰ ঔষধীয় ব্যৱহাৰ

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese