প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Home Remedies for Headache in Assamese

মূৰবিষ-Headaches

মূৰবিষ হ'ল অন্যতম সাধাৰণ স্বাস্থ্য সমস্যা যি বেছিভাগ লোককে প্ৰভাৱিত কৰে।  মূৰবিষ বিভিন্ন কাৰনত হয় যদিও মূখ্যত প্ৰধানতে শ্ৰেণীবদ্ধ কৰিব পৰা যায়- উদ্বেগজনিত কাৰণে মূৰবিষ (tension headaches)
মাইগ্ৰেনৰ মূৰবিষ(migraines)
আৰু ক্লাস্টাৰেৰ মূৰবিষ(Cluster headaches)


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Get Rid of Headaches Naturally in Assamese
প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক


মূৰবিষ হোৱাৰ কাৰন-What Causes a Headache in Assamese


মূৰবিষৰ বহু কাৰণ হব পাৰে যেনে-

ৰক্তনলীসমূহৰ সংকোচন, অস্বাভাৱিক নিউৰনৰ ক্ৰিয়াকলাপ, জেনেটিক কাৰণ, অতিৰিক্ত ধূমপান, অতিৰিক্ত এলকহল, শৰীৰত পানীৰ অভাৱ, অতিৰিক্ত শুৱা বাবে, পেইন কিলাৰৰ অত্যধিক ব্যৱহাৰ, ক্লান্ত চকুৰ বাবে, গলধনৰ বিষ ইত্যাদি বাবে৷ বেছিভাগ লোকে মূৰবিষ হলে দোকানৰপৰা ঔষধ কিনি বা প্ৰেসক্ৰিপটেড পেইন কিলাৰ খায় মূৰ বিষৰপৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰে৷ কিন্ত্ত অনেক প্ৰাকৃতিক প্ৰতিকাৰ আছে যাৰদ্বাৰা আপোনাৰ মূৰবিষ দ্ৰুতগতিত আৰু সহজেই নিৰাময় কৰিব পৰা যায়।


উদাহৰণস্বৰূপে, ডিহাইড্ৰেশন মূৰবিষৰ অন্যতম সাধাৰণ কাৰণ। এনেধৰণৰ পৰিস্থিতিত এক টা দুই ঠান্ডা গ্লাচ পানীী পান কৰক। ইয়াৰ ফলত আপোনাৰ মূৰবিষ কিছু মিনিটৰ পিছতেই সহজেই অদৃশ্য হৈ যাব। গোটেইদিনটোত আঠৰপৰা দহ গ্লাচ পানী সেৱন কৰিলে আপোনাৰ শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু মূৰ বিষও সমস্যাও আঁতৰ হয়৷ পানীৰ লগতে আৰু বহু প্ৰাকৃতিক ঘৰুৱা প্ৰতিকাৰ আছে যি আপোনাৰ মূৰবিষ নিৰাময় কৰাত  ব্যৱহাৰ কৰিব পাৰে।


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময়ৰ উপায়সমূহ- Remedies To Get Rid Of Headaches Naturaly in Assamese



১) নেমু আৰু  গৰম পানীৰে মূৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ- Lemon And Hot Water for Headache in Assamese


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese

বহু সময়ত পেটৰ গেচ বৃদ্ধিৰ কাৰণে মূৰ বিষ হয়।  ইয়াৰ পৰা আৰোগ্য হবৰ বাবে, এক গ্লাচ কুহুমীয়া গৰম পানী লৈ তাতে নেমু চেপি  পান কৰক।  ইচ্ছা কৰিলে আপুনি মৌ সংযোগ কৰিব পাৰে৷  যিসকল লোকৰ সকলোসময়তে গেচৰ ৰ কাৰণে মূৰ বিষৰ সমস্যা থাকে তেওঁলোকে প্ৰতিদিন ৰাতিপুৱা খালি পেটত এই চিকিৎসা গ্ৰহণ কৰা উচিত।  শৰীৰত পানিৰ অভাৱৰ কাৰণে বহুতৰ মূৰ বিষ হয়, তেওঁলোকে এই পানী খালে এই বিষ শান্ত হয়।


২) মূৰ বিষৰ প্ৰতিকাৰ তেল ম্যাসেজ-Oil Massage for Headache in Assamesea

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese

কিছু সময় তেল দিয়ে মালিছ কৰা মূৰ বিষৰপৰা মুক্তি পোৱাৰ বাবে ভাল চিকিৎসা৷  তেলৰ মালিছ আপোনাৰ মূৰৰৰ পেশীসমূহত ৰক্তসঞ্চালন হয় আৰু আপনাকে পাতল অনুভৱ  কৰে। সেয়ে যেতিয়াই আপোনাৰ মূৰ বিষ হয়, সেইক্ষনত আপোনাৰ মূৰ ম্যাসাজ কৰক।  আপুনি ম্যাসেজেৰ বাবে নাৰিকল তেল, বাদাম তেল, জলফাই তেল, মহাভৃংগৰাজ তেল ব্যৱহাৰ কৰিব পাৰে।



৩) মূৰ বিষৰ প্ৰতিকাৰ হ'ল ভাল টোপনি- Good Sleep for Headache in Assamese



প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Get Rid of Headaches Naturally in Assamese

খুব ক্লান্তিৰ কাৰণে অনেক সময় মূৰ বিষ আৰম্ভ হয়।  এনে পৰিস্থিতিত মূৰ বিষ ৰপৰা মুক্তি পাবৰ বাবে কিছুক্ষণ টোপনি মৰা ভাল বিকল্প৷  টোপনিয়ে আমাৰ মস্তিষ্ক শান্ত কৰি তুলে আৰু মূৰ বিষ নিজে নিজে আঁতৰি যায়।


৪) মূৰ বিষৰ প্ৰতিকাৰ হ'ল চন্দন কাঠৰ পেস্ট- Chandan for Headache in Assamese


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Get Rid of Headaches Naturally in Assamese

 চন্দনৰ কাঠ ঘহি এটি পেস্ট প্ৰস্তুত কৰক৷  এই পেস্ট আপোনাৰ কপালত প্ৰয়োগ কৰক, কিছু সময়ৰ পিছতে আপুনি গৰমৰ কাৰণে হোৱা মূৰ বিষৰ পৰা আৰাম পাব৷



৫) মূৰ বিষ উপশম কৰাত আদা ব্যৱহাৰ- Ginger for Headache in Assamese


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese

আদায়ে মূৰৰ ৰক্তনলীৰ ফোলাভাৱ দূৰ কৰাত সহায়তা কৰে।  আদা দুটা উপায়েৰে ব্যৱহাৰ কৰক-


প্ৰথম পদ্ধতি
  • প্ৰথমে সমান পৰিমাণ আদাৰ ৰস আৰু নেমুৰ ৰস একলগে মিহলাই লওক।  
  • এই মিশ্ৰণটো গোটেই দিনটোত এবাৰ বা দুবাৰ গ্ৰহন কৰক।

দ্বিতীয় উপায় 
  • এক চামুচ আদা গুড়িত দুই চামুচ পানী মিশ্ৰিত কৰক।  
  • এই পেস্টটি কিছু মিনিটৰ বাবে কপালত লগাওক।  

তৃতীয় উপায় 
  • আপুনি আদা গুড়ি বা কেচা আদা পানীত সিদ্ধ কৰক।  
  • এই পানীৰ পৰা কিছু মিনিটৰ বাবে বাষ্প লোৱাৰ চেষ্টা কৰক।  

৬) মূৰবিষৰ বাবে ঘৰুৱা প্ৰতিকাৰ হল পদিনা- Mint for Headache in Assamese



প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Get Rid of Headaches Naturally in Assamese

মেনথল(menthol) পদিনাৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান যি মূৰ বিষৰ বাবে  কাৰ্যকৰ।  আপোনাৰ কপালত কিছুক্ষণ পদিনা পাত লগাব পাৰে। অতি শীঘ্ৰেই এইদৰে আপোনাৰ মূৰবিষ নিৰাময় হয়।  ইয়াৰ উপৰি, আপুনি কপালত কমপ্ৰেস হিচাবে পুদিনা চাহ ব্যৱহাৰ কৰিব পাৰে।  পুদিনা ৰসৰ লগতে ধনিয়া ৰসো মূৰ বিষৰ বাবে অতি কাৰ্যকৰ। 



৭) মূৰ বিষৰ চিকিৎসাৰ বাবে পিপাৰমিন্ট তেল Pippermint Oil ব্যৱহাৰ কৰক -Pippermint Oil For Headache In Assamese

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese

পেপাৰমিন্ট মিশ্ৰণত মেনথল থাকে যি ব্লকড ৰক্তনলীসমূহ খুলাত সহায়তা কৰে, যি মূৰ বিষৰ সমস্যা কমায়।  


পেপাৰমিন্ট দুটি উপায়ে ব্যবহাৰ কৰিৰব পৰি যায়:

প্ৰথম পদ্ধতি
  •  প্ৰথমে তিনি টোপাল পিপাৰমিন্ট তেল, এক চা চামুচ বাদাম তেল, জলপাই তেল আৰু কিছু পানী লওক 
  • এতিয়া সকলো একেলগে মিহলাই লওক।
  • এই মিশ্ৰণটো আপোনাৰ কপালত লগাওক। 

দ্বিতীয় উপায় 
  • আপুনি এটি বাটিত পানী লৈ তাত কেই টোপালমান পেপাৰমিন্ট তেল মিহলাই গৰম কৰি লব৷ কিছু মিনিটৰ বাবে ইয়াৰ গৰম বাষ্প বা ভাপ লব পাৰে৷
  

৮)  মূৰ বিষৰ ঘৰুৱা ঔষধ তুলসী- Tulsi For Headache In Assamese


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese


তুলসীয়ে মাংসপেশীসমূহক আৰাম প্ৰদান কৰিবলৈ সক্ষম৷ তদুপৰিো তুলসীৰ এটি শিথিল আৰু বেদনানাশক প্ৰভাৱো আছে।  তুলসীক তিনি উপায়েৰে ব্যৱহাৰ কৰিব পৰা যায়: 

প্ৰথম পদ্ধতি: 

  • প্ৰথমে এক কাপ পানীত পাঁচ বা দহখিলা তুলসী পাত কিছু মিনিট উতলিব দিয়ক ৷ তাতে কিছুপৰিমাণে মৌ যোগ কৰি চাহৰ দৰে পান কৰক৷

দ্বিতীয় উপায়

  • ইয়াৰউপৰি আপুনি এক বাটি পানীত কেইখিলামান তুলসী পাতা বা কেই টোপালমান তুলসী তেল দি  সেই পানীৰ বাষ্প বা ভাপ লব পাৰে৷

তৃতীয় উপায় - 

  • কিছু তুলসী পাতা চোবাই খাওক ৷ প্ৰয়োজনীয় তেলৰ লগত তুলসী তেল মিহলাই কপালত ম্যাসাজ কৰক।

৯) ল্যাভেন্ডাৰ তেল মূৰ বিষ প্ৰতিকাৰৰ এটি সমাধান - Lavender Oil For Headache In Assamese


প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese

গোন্ধযুক্ত ল্যাভেন্ডাৰ তেলে আপনাক মূৰ বিষৰ সমস্যা প্ৰতিাকাৰত প্ৰচুৰ স্বস্তি দিয়ে।  এটি গবৱেষণা অনুসাৰে, ল্যাভেন্ডাৰ তেল মাইগ্ৰেনৰ লক্ষণসমূহ নিৰাময়ত সহায়তা কৰে।


ল্যাভেন্ডাৰ তেল ব্যৱহাৰৰ তিনিটা উপায়:


প্ৰথম পদ্ধতি

  • টিস্যু পেপাৰত কেইটোপালমান ল্যাভেন্ডাৰ তেল দি  তাৰপিছত  সেই কাগজৰ গোন্ধ লওক।  
দ্বিতীয় পদ্ধতি

  • ইয়াৰউপৰি, আপুনি দুই কাপ উতলা পানীত দুই টোকান ল্যাভেন্ডাৰ তেল যোগ কৰক।  
এই পানীৰপৰা কিছু মিনিট ভাপ লওক।  


তৃতীয় পদ্ধতি

  • ইয়াৰউপৰি বাদাম বা জলফাইৰ তেলৰ দৰে তেলত দুই বা তিন টোপাল ল্যাভেন্ডাৰ তেল দিয়ক।  
তাৰপিছত এই তেল দি কপালত ম্যাসাজ কৰক।

১০) মূৰবিষ উপশমৰ ঘৰুৱা প্ৰতিকাৰ হ'ল বৰফৰ তৈয়াৰি পেক- Ice Pack For Headache In Assamese

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese


বৰফৰ শীতলতাই প্ৰদাহ দূৰ কৰে আৰু মূৰ বিষ নিৰাময়ত সহায়তা কৰে। ইয়াৰ লগতে বিষ হ্ৰাস কৰাৰ বাবে এটি অতি কাৰ্যকৰ।  বৰফৰ তৈয়াৰি পেক দুটি উপায়েৰে ব্যৱহাৰ কৰকঃ


প্ৰথম পদ্ধতি

  • আইস পেক লৈ গলধনৰ পিছঅংশত লগাওক ইয়াৰ ফলত আপুনি মাইগ্ৰেনৰ বিষৰপৰা আৰাম লাভ কৰিব৷ 


দ্বিতীয় পদ্ধতি

  •  প্ৰথমে এখন পৰিষ্কাৰ কাপোৰ লৈ কাপোৰখন ঠান্ডা বৰফ পানীল তিয়াই লওক৷  

  • এতিয়া কাপোৰখন চেকি লৈ কিছু  মিনিটৰ বিবে আপোনাৰ কপালত ৰাখক।  

  • এই প্ৰক্ৰিয়াটো বাৰে বাৰে পুনৰাবৃত্তি কৰক।

১১) মূৰবিষৰ প্ৰতিকাৰ ৰোজমেৰি- Rosemary Oil For Headache In Assamese

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese
ৰোজমেৰি অয়েলত থকা ৰোসমেৰিক এচিডত এন্টি-ইনফ্লেমেটৰি আৰু আৰাম দিব পৰা বৈশিষ্ট্য আছে যি মূৰ বিষৰ চিকিৎসাত সহায়তা কৰে। 

ৰোজমেৰি দুটি উপায়ে ব্যবহাৰ কৰক 


প্ৰথম পদ্ধতি

  • অন্য কিছু প্ৰয়োজনীয় তেলৰ লগত ৰোজমেৰি তেল মিহলাই কপালত ম্যাসাজ কৰক৷

দ্বিতীয় উপায় 

  • ইয়াৰ উপৰি, ৰোজমেৰিৰ আপুনি ভেষজ চাহ তৈয়াৰ কৰিব পাৰে৷ প্ৰথমে এক চামুচ  ৰোজমেৰি পাত লৈ  এক কাপ পানীত উতলিবলৈ দিব ৷ 10 ​​মিনিটৰ বাবে উতলিব দিব৷ উতলি থাকোতে পাত্ৰটি ঢাকি ৰাখিব৷ এই চাহ কুহুমীয়া গৰম হলে তাৰপিছত  পান কৰক।


দ্ৰষ্টব্য - ৰোজমেৰি অয়েল উচ্চ ৰক্তচাপ বা মৃগী ৰোগত আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ নকৰিব৷ 


১২) মূৰবিষৰ প্ৰাকৃতিক প্ৰতিকাৰ লং-Cloves For Headache In Assamese

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese



চিন্তা উত্তেজনাজনিত মূৰ বিষৰ বাবে লং ব্যৱহাৰ কৰা হয়। লং ত শীতল আৰু বিষ উপশম বৈশিষ্ট্য আছে।  তিনটা উপায়েৰে লং ব্যৱহাৰ কৰকঃ 


প্ৰথম পদ্ধতি: 

  • প্ৰথমে লং কেইটামান ভাঙি লৈ এখন সৰু পেকেট  বা এখন পৰিষ্কাৰ ৰুমালত ৰাখক৷ যেতিয়াই আপোনাৰ মূৰ বিষ হয়, সেইক্ষণত ভাঙি লোৱা লংঙৰ গুড়ি শুড়ি থাকক যেতিয়ালৈকে আপুনি আৰাম অনু নকৰে৷ 

 দ্বিতীয় পদ্ধতি

  •  প্ৰয়োজনীয় তেলৰ লগত দুটি টোপাল লং তেল মিশ্ৰিত কৰক আৰু  আপোনাৰ কপালত ম্যাসেজ কৰক।

তৃতীয় পদ্ধতি

  •  ইয়াৰ উপৰি, দুই চামচ নাৰিকল তেল, এক চা চামুচ সমুদ্ৰ লৱণ (sea salt)আৰু দুই টোপাল লং তেল একেলগে মিহলাই কপালত লগাওক৷ কপালত লাহেকৈ ম্যাসাজ কৰক।

১৩) মূৰবিষৰ প্ৰতিকাৰত আপেল ভিনেগাৰ ব্যৱহাৰ কৰক- Apple Cider Vinegar For Headache In Assamese

আপেল আৰু আপেল ভিনেগাৰ উভয়ে শৰীৰত এচিড বা ক্ষাৰীয় ভাৰসাম্য ৰক্ষা কৰাৰ বৈশিষ্ট্য আছে। ই আপোনাক খুব শীঘ্ৰে মূৰবিষৰ পৰা মুক্তি দিয়ে।  

  •  আপেল খাওক। নতুবা আপুনি এক গ্লাচ পানীত দুই চামুচ আপেল ভিনেগাৰ মিশ্ৰণ কৰি পান কৰক৷ 


১৪) মূৰ বিষৰ উপশম কৰে একুপ্ৰেচাৰে- Acupressure For Headache In Assamese

প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে-  Home Remedies for Headache in Assamese


  একুপ্ৰেচাৰ পয়েন্ট (L14) মূৰ বিষৰ সমস্যাৰ বাবে অত্যন্ত কাৰ্যকৰ বুলি জনা যায়৷ অবশ্যে এইক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন ব্যক্তিৰপৰা একুপ্ৰেচাৰ থেৰাপি ললে অতি সোনকালেই আৰোগ্য লাভ কৰিব পৰা যায়৷


(বিশেষ বাৰ্তাঃ এইক্ষেত্ৰত “একুপ্ৰেচাৰ থেৰাপিষ্ট দিব্য বৰাৰ” পৰা ঘৰতে থাকি চিকিৎসা লব পাৰে৷ তেখেতৰ যোগাযোগ নম্বৰ- 9957730664)


উপৰোক্ত ঘৰুৱা উপায়সমূহ আগবঢ়াইছে-


Dr. Laxmidutta Shukla
Ayurveda
BAMS,MD

Popular Posts

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)