আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese



নিমখ

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese


নিমখ আৰু ইয়াৰ মহত্ত্ব- Salt And Its Importance In Assamese


নিমখ এক খনিজ হয় যাৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl ৷ নিমখত ওজনৰ আধাৰত 40% চডিয়াম আৰু 60% ক্লৰাইড থাকে ৷

জীৱিত থাকিবৰ বাবে নিমখ অপৰিহার্য আৰু  মানবদেহৰ অন্যতম মৌলিক উপাদান।  এই উপাদান বাদ দি মানৱদেহৰ অস্তিত্ব সম্ভৱ নহয়।

খাদ্যৰ স্বাদ  উন্নত কৰিবলৈ আৰু খাদ্য সংৰক্ষণত নিমখ ব্যৱহাৰ কৰা হয়। ই শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু  বিভিন্ন জটিল ক্রিয়াকলাপৰ বাবে বিল্ডিং ব্লক (buildingbblock) হিচাবে অন্তর্ভুক্ত।

নিমখ কেইবা ধৰনৰ আছে৷  আয়ুর্বেদত সঠিক ধৰণৰ নিমখ গ্রহণৰ ওপৰত গুৰুত্ব দিয়া হয়৷ 




বিভিন্ন ধৰণৰ নিমখ-Varieties Of Salt In Assamese


 নিমখ বিভিন্ন ধৰণৰ পোৱা যায়৷ ইয়াৰ ভিতৰত হ'ল:

 Table salt, sea salt, Celtic salt, pickling salt, seasoned salt, kosher salt, popcorn salt, pretzel salt, rock salt, black salt ইত্যাদি

 স্বাস্থ্যগত উদ্দেশ্যে অনুসৰি আয়ুর্বেদত  3 ধৰণৰ নিমখ ব্যৱহাৰ কৰা হয়, যেনে:

 Table salt ক অসমীয়াত  নিমখ নামে পৰিচিত

 Rock salt  অসমীয়াত সৈন্ধৱ লৱন নামেৰে পৰিচিত

Black salt  অসমীয়াত ক’লা নিমখ নামেৰে পৰিচিত

 এটি এই 3 ধৰণৰ নিমখৰ বিষয়ে আমি এই নিবন্ধটিত উল্লেখ কৰা হৈছে৷




ক’লা নিমখৰ  স্ফটিক - Black Salt Crystal


আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese



ব্লেক চল্ট বা ক’লা নিমখ- Black Salt in Assamese


 ব্লেক চল্টক ক’লা নিমখ নামৰেও জনা যায়৷ 

ই গোটা অৱস্থাত এটি গাঢ় বেগুনিয়া -গোলপীয়া নিমখ হয়৷  এক বিশিষ্ট  সোৱাদ আৰু সুগন্ধ ৰ লগত গোলপীয়াৰপৰা গাঢ় গোলপীয়া ৰঙৰ পাউদাৰ গঠন হয় ৷

 ক'লা নিমখ সাধাৰণ নিমখৰ তুলনাত বেছি হাইড্ৰোস্কোপিক(hygroscopic) আৰু খুব দ্ৰুতভাৱে আৰ্দ্ৰতা শোষণ কৰিব পাৰে৷  এই আৰ্দ্ৰতাৰপৰা  দূৰত ৰাখিবৰ বাবে  বটল বা জাৰৰ সাফৰ টানকৈ বন্ধ কৰি ৰাখিলে ইয়াক  দীৰ্ঘ সময়ৰ বাবে শুকান ভাৱে ৰখাত সহায়ক হয়৷ 

 ক'লা নিমখ ভাৰতীয় ব্যঞ্জন, চাট, চাটনি, ৰাইতা  তৈয়াৰ কৰাত ব্যৱহৃত হয় আৰু টপিং হিচাবে ছটিয়াই  স্ন্যাক ৰ স্বাদ হিচাবে ব্যৱহৃত হয়। ইয়াক ফলৰ উপৰতো ছটিয়াই খোৱা হয়।

 টেবুল নিমখৰ তুলনাত ক’লা নিমখৰ চডিয়ামৰ পৰিমাণ কম থাকে আৰু ইয়াৰ  ব্যৱহাৰ ৰক্তচাপ কমোৱাত সহায়তা কৰে।

ক'লা নিমখ গেচ বা জ্বলা পুৰা কমোৱাতহ সহায়তা কৰে, হজমত সহায়তা আৰু এক ৰেচক হিচাবে ব্যৱহৃত হয়।


সৈন্ধৱ লৱণ- Rock Salt

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese



সৈন্ধৱ লৱন-Sendha Namak in Assamese



ৰক চল্ট সৈন্ধৱ লৱন নামেৰে পৰিচিত।

 সৈন্ধৱ লৱন পাহাৰ আৰু শুকান প্ৰাচীন হ্ৰদ আৰু সমুদ্ৰৰ বিস্তৃত অংশৰপৰা প্ৰাপ্ত হয়।  এই অংশসমূহ কেইবাশ মিটাৰ গভীৰ হব পাৰে।


এই লৱণ সাধাৰণত বৰ্ণহীন আৰু  হালধীয়া  বৰ্ণ হব পাৰে, কিন্ত্ত এই নিমখ নীলা আৰু গোলাপীয়া বিভিন্ন বৰ্ণৰো হব পাৰে, এয়া খনিজৰ ওপৰত নিৰ্ভৰ কৰে৷


ই এটা বহু দানা থকা,মোটা, অপৰিশোধিত লৱণ যত প্ৰচুৰ খনিজ পোৱা যায়।  ইয়াক মূলত আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাত ব্যৱহৃত কৰা হয় আৰু এই নিমখ শুদ্ধ হিচাবে বিবেচিত হোৱা বাবে ধৰ্মীয় উপবাসৰ সময়ত সেৱন কৰা হয়।


ৰক লৱণ বা সৈন্ধৱ লৱণ  মশলা আৰু খাদ্য সংৰক্ষণকাৰী হিচাবে ব্যৱহৃত কৰা হয়।  ই নিমখীয়া হয় আৰু এই নিমখ টেবুল নিমখৰ তুলনাত চডিয়ামৰ পৰিমাণ কমপোৱা যায় আৰু সেইবাবেই ৰক্তচাপ কমায় ৷


সৈন্ধৱ লৱণ হজমত আৰু বুকু জ্বলা পুৰাত সহায়তা কৰে ৷ ই ৰেচক আৰু মশলা হিচাবে ব্যৱহাৰ হয়৷

আয়ুৰ্বেদত সৈন্ধৱ লৱন মানৱদেহৰ বাবে লৱণৰ ভিতৰত সকলোতকৈ ভাল  হিচাবে বিবেচনা কৰা হয়৷

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese


কোষ্ঠকাঠিন্য Constipation

ক’লা নিমখ, আজৱাইন, সৰু শিলিখা আৰু শুকান আদা সমান পৰিমানে লৈ গুড়ি কৰি লওক৷ ইয়াৰে 1 চামুচকৈ ৰাতি ভাত খোৱাৰ এক ঘন্টা আগত গ্ৰহন কৰক৷

চায়াটিকা -Sciatica

15 গ্রাম ভাং আৰু  1 চামুচ নিমখ লওক৷ ইয়াক 1 লিটাৰ পানিত সিদ্ধ কৰক।  কিছুপৰিমানে ঠান্ডা হোৱা  এই পানিতে যি কোনো কাপোৰ ডুবাই ৰাখক, অতিৰিক্ত পানী চেপি উলিয়াই দিয়ক আৰু বিএষ হোৱা স্থানত ৰাখক৷ দিনে দুবাৰ কৰক৷   2 ৰপৰা 3 সপ্তাহৰ ভিতৰত আৰাম পাব৷ 

বদহজম- Indigestion

যদি হজমশক্তি দুৰ্বল আৰু প্ৰায়ে কোষ্ঠকাঠিন্য সমস্যা, বিষ আদি হৈ থাকে তেন্তে 5 গ্ৰাম ক’লা নিমখ গৰম পানীৰ লগত গ্ৰহন কৰিলে এই সমস্যা দূৰ হয়৷

দাঁত লৰচৰ কৰিলে- In Shaky Teeth

 অলপ কলা নিমখ আৰু কিছু তেল মিহলাই  এই মিশ্রণেৰে  দাঁত ম্যাসাজ কৰক৷

ভৰিৰ ক্লান্তি আৰু বিষ- For Tired & Painful Feet

গৰম পানীত নিমখ দি ভৰি আঠু পৰ্যন্ত পানীত ডুবাই ৰাখক৷  

গাউট- In Gout

এক লিটাৰ গৰম পানীত  4 চামুচ নিমখ মিহলাওক৷ এই পানীত কাপোৰ ডুবাই গাউত অংশত সেক দিয়ক ৷

পোকে কামোৰিলে-In Insect Bites

পানীত নিমখ মিহলাই পোকে কামোৰা অংশত ঘঁহক৷ ই জ্বলন, বিষ আৰু ফোলাভাব পৰা আৰোগ্য কৰিব৷


মূৰ বিষত- In Headaches

  • এক চিকুট নিমখ জিভা ওপৰত ৰাখক আৰু 10 মিনিট পিছত ঠাণ্ডা পানী পান কৰক৷

  •  ¼ কাপ পানীত 3গ্ৰাম নিমখ লওক৷ এই পানী ৰ ভাপ ললেও মূৰ বিষত আৰাম পোৱা যায়৷


 পায়োৰিয়া -In Pyorrhoea

এখন মসলিনৰ কাপোৰত সৈন্ধৱ লৱন লৈ মিহি কৰি চালি লওক৷ এই নিমখৰ 1 ভাগৰ  4 ভাগত সৰিয়হ তেল মিহলাওক৷ স্বস্তিৰ বাবে এই মিশ্ৰন দি প্রতিদিনে দাঁতআৰু আলু ব্ৰাছ বা মালিচ কৰক৷ ই এটি দাঁতৰ ব্যথা বা বিষ, দাঁতৰ  সংবেদনশীলতাৰ পৰা  মুক্তি দিয়ে৷

 মাইগ্রেন - In Migraine

 ½ চামুচ মৌ ৰ লগত ½ চামুচ নিমখ মিহলাই চেলেকক৷ 

মেলেৰিয়া-In Malaria

এখন পেনত নিমখ বাদামী ৰঙ হোৱাকে ভাজক৷ সৰু লৰা ছোৱালীৰ বাবে ½ চামুচ আৰু ডাঙৰৰ বাবে 1 চামুচ গৰম পানীত ভালদৰে মিহলাই জ্বৰ হোৱাৰ আগে বা জ্বৰৰ আৰম্ভণিতে দিব পাৰিলে ভাল৷ এই মিশ্ৰন খালী পেটত গ্ৰহন কৰিব লাগে৷ ই জ্বৰ অহাত বাধা দিয়ে আৰু আহিলেও নিম্ন স্তৰৰ জ্বৰ হয়৷ 

 2 ৰপৰা 3 দিনলৈ গ্ৰহন কৰক৷ 

পেট বিষত- In Stomachache

গৰম পানীত এক চিকুট নিমখ দি খাওক৷   

      
ৰিংওৱাৰ্ম -In Ringworm

সৈন্ধৱ লৱণ, জালুক গুড়ি আৰু হালধী 6 গ্ৰাম লওক৷ সকলোখিনি ভালদৰে গুড়ি কৰি এগিলাচ পানীত মিহলাই উতলাওক৷ যেতিয়া ½ গিলাচ পানী হব তেতিয়া পানী খিনি খাওক৷ 

টাইফয়ড- In Typhoid

এক গিলাচ পানীত 1 চামুচ নিমখ (বয়স্কৰ বাবে) মিহলাওক৷ 3 দিনৰ বাবে দিনে এবাৰ খাওক৷ অধিক পিয়াহ লাগিলে ইয়াক আগতে নাখাব ৷ পানীৰ অলপমান চিপ লব যাতে জিভাখন তিতি যায়, অত্যাধিক পানী নাখাব৷ ই জ্বৰক অতি সোনকালে সামান্য কৰি তুলে৷ 

শীতকালীন চালৰ বাবে-For Winter Skin Affections

গৰম পানীত নিমখ মিহলাই গা ধোৱক ৷

  
ডিঙিৰ বাবে- In Mumps

গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰক নতুবা সেৱন কৰক৷

 বিষাক্ত বা নিচাজাতীয় পদাৰ্থৰ বাবে-   In Poisoning & Intoxication

পানীত 60 গ্ৰাম নিমখ দিয়ক আৰু খাবলৈ দিয়ক৷ ই বিষাক্ত বা নিচাজাতীয় পদাৰ্থ বমিৰ জৰিয়তে বাহিৰ কৰহ দিব৷
  

অৰ্জীন- In Dyspepsia

  • শুকান আদা গুড়ি আৰু পিচি লোৱা সৈন্ধৱ লৱন সমান মাত্ৰাত লৈ ভালদৰে মিহলাই লওক৷ ইয়াৰ এক চামুচ গৰ পানী লগত লওক৷  

  • 1 ভাগ সৈন্ধৱ লৱন আৰু 4 ভাগ আজৱাইন মিহলাই লওক ৷ ইয়াৰ ½ চামুচ দিনত দুবাৰ ৰাতিপুৱা আৰু গধূলি গ্ৰহন কৰক৷ 

  •   সৈন্ধৱ লৱন , ডাঙৰ ইলাচি , শুকান পদিনা, আজৱাইন আৰু ক’লা নিমখ সমান পৰিমানে লৈ মিহলাই লওক৷ ইয়াৰ 1 চামুচ প্ৰতিদিনে খাওক৷ 


লিভাৰৰ বিষত- For Liver Pain

½ চামুচ সৈন্ধৱ লৱন আৰু 4 চামুচ সৰিয়হ গুটি সমান পৰিমাণে লৈ পানীৰ লগত পেস্ট কৰি লওক৷ ইয়াক লিভাৰৰঅংশত লগাই ৰাখক৷ 5 মিনিট পিছত ধুই পেলাওক আৰু ঘী লগাওক৷ ইয়াৰ ফলত বিষৰপৰা আৰাম পোৱা যায়৷ 

হিকটি -   In Hiccough

  •  সৈন্ধৱ লৱন, ক’লা নিমখ আৰু টেবুল নিমখ সমান পৰিমাণে লৈ ভালহদৰে গুড়ি কৰি মিহলাই লওক৷ হিকটি আহিলে গৰম পানী লগত ½ চামুচ সেৱন কৰক৷ 

  • ½ চা চামুচ ক’লা নিমখ, ½ চামুচ নেমু ৰস , 1 চামুচ মৌ মিহলাই  সেৱন কৰক৷ ইয়াৰ ফলত অতি সোনকালে হিকটি বন্ধ হৈ যায় ৷ 


সাৱধানতা-CAUTION


যদি আপুনি চিকিৎসাজনিত কাৰনত নিমখ খোৱাৰ পৰা বিৰত আছে তেন্তে এনেবোৰ বিধি গ্ৰহণ নকৰিব৷ যিসকল  hysteria, মৃগীৰোগী (epileptic fits), high blood pressure, swellings, kidney diseases, ringworm, itching, gout ৰোগী ,তেওঁলোকে নিমখ খোৱা উচিত নহয় ৷


Table Salt-টেবুল চল্ট

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

Table Salt in Assamese


আমি সাধাৰনতে ব্যৱহাৰ কৰা নিমখকে টেবুল চল্ট বুলি কোৱা হয়

 Table salt কেলচিয়াম চিলিকেটৰ দৰে কিছুমান সংযোজকৰ লগত ইয়াক মুক্ত-প্ৰবাহিত ৰাখিবৰ বাবে সৈন্ধৱ লৱনৰ এক পৰিস্কৃত ৰৃপ হয়৷ 

এই নিমখ  সৈন্ধৱ লৱন বা সামূদ্ৰীক নিমখৰ পৰা নিৰ্মিত হয়৷   আয়ডাইজড টেবুল নিমখত পটেচিয়াম আয়ডাইজড (potassium iodide) আৰু ডেক্সট্রোজ(dextrose) থাকে যি গইটাৰ(goitre) আৰু মানসিক ৰোগৰ সমস্যা নিৰাময় কৰাত সহায় কৰে৷

 কিন্তু টেবুল নিমখ পটাচিয়াম আয়োডাইড আৰু ডেক্সট্রোজ পৰা মুক্ত৷

 

নিমখৰ অন্যান্য ব্যৱহাৰ- Other Uses Of Salt In Assamese


বিশ্বৰ নিমখৰ  প্রায় 18% উৎপাদন খাদ্য গ্রেড(food grade)  যি মানুহৰ ব্যৱহাৰৰ বাবে ব্যৱহৃত হয়।

উৎপাদনৰ প্রধান অংশ কাপোৰৰ উদ্যোগ, ৰঙৰ বাবে ফিক্সিং এজেন্ট (fixing agent) হিচাবে আৰু চাবোন আৰু  ডিটাৰজেন্ট তৈয়াৰত , কাগজ তৈয়াৰৰ বাবে,উদ্যোগিক ৰৃপত ব্যৱহাৰ কৰা হয়৷  

ৰাবাৰ, গ্লাস, ফার্মাসিউটিক্যালস (Pharmaceutical), cosmetics leather, Pvc পাইপ উৎপাদন উদ্যোগত নিমখ ব্যৱহাৰ কৰা হয়৷  নিমখক মাংস সংৰক্ষণৰ বাবেও ব্যৱহৃত হয়।

পশুসম্পদ, হাঁহ-মুৰ্গি  পোহনীয়া প্রাণীৰ বাণিজ্যিক ফিড (Commercial feeds)ৰ অন্যতম উপাদান হিচাবে নিমখ ব্যৱহাৰ কৰা হয়।

ইউৰোপ, মার্কিন যুক্তৰাষ্ট্র আৰু তুষাৰৰ ক্ষেত্ৰ অঞ্চলত ৰাস্তাৰ পৃষ্ঠৰ ওপৰত বৰফ ক আঁতৰাবৰ বাবে , ঠাণ্ডাৰ পথৰ সুৰক্ষাৰ বাবে নিমখৰ ব্যৱহাৰ কৰা হয় আৰু ৰাস্তাত বৰফ আৰু বৰফৰ বন্ধন প্ৰতিৰোধ কৰিবৰ বাবে কৌশল হিচাবে প্ৰয়োগ কৰা হয়৷


নিমখ গ্ৰহনৰ লগত সম্পৰ্কিত কিছু তথ্য- Some Facts Relating to Salt Consumption In Assamese


  • আমি  যিবোৰ খাদ্য গ্ৰহন কৰো সেইবোৰৰ ভাল আৰু বেয়া প্ৰভাৱ আমাৰ স্বাস্থ্য ওপৰত  পৰে৷ যেতিয়াই প্ৰাকৃতিক খাদ্য পদাৰ্থ যিকোনো স্বাস্থ্য স্হিতিৰপৰা সকাহ দিবৰ বাবে খাবলৈ পৰামৰ্শ দিয়া হয় তেতিয়াই বুজা উচিত যে তাৰ ব্যৱহাৰ কম পৰিমাণে আৰু সীমিত হোৱা উচিত, আৰু সেয়াও যেতিয়া প্ৰয়োজন হয় তেতিয়া৷ 
  • খজুৱতি, ফোঁহা, উচ্চ ৰক্তচাপ, ফোলাভাবৰ দৰে  পৰিস্থিতিত নিমখেৰ ব্যৱহাৰ ক্ষতিকাৰক। গতিকে,  এইসকল ব্যক্তিয়ে নিমখৰ ব্যৱহাৰ এৰাই চলক৷
  • এইতো অৱশ্যই মনত ৰখা উচিত যে ,  ফল আৰু  শাকসব্জিত প্ৰাকৃতিকভাবে চডিয়াম আকাৰে নিমখ থাকে।  এই নিমখ শৰীৰৰ প্ৰয়োজন বা চাহিদা পূৰন কৰিবৰ বাবে যথেষ্ট।  অতিৰিক্ত নিমখ যুক্ত কৰাৰ প্ৰয়োজন নহয় ৷ কিন্তু, আমি ইমান বাতানুকূল হৈ পৰিছো আৰু আমাৰ দেহত নিমখৰ প্ৰতি আসক্তি বাঢ়ি গৈছে আৰু সেইবাবে আমি ভোজনত নিমখ ছটিয়াই ভাবো যে অতিৰিক্ত নিমখে সোৱাদ বৃদ্ধি কৰিব৷
  •  চৰক আৰু সুশ্ৰুত শাস্ত্ৰৰ আয়ুৰ্বেদিক গ্ৰন্থসমূহত উচ্চ নিমখ সেৱনৰ কুফল সম্পৰ্কে ব্যাখ্যা কৰা হৈছে, এইগ্ৰন্দসমূহত  তৃষ্ণা বৃদ্ধি, সাইনাচ দুৰ্বল হোৱা, চুলি পকা আৰু অকালতে চুলি সৰা  আনকি  অজ্ঞান হৈ পৰা আদিও উল্লেখ পোৱা যায়৷  
  •  গতিকে, নিমখৰ পৰিমাণ যিমান সম্ভব কম হোৱা উচিত।  যিসকল লোকে নিমখ কমায় খায় তেওঁলোকে কিছুদিনলৈ এনেদৰে খায় থকাৰ পিছত ভোজনৰ প্ৰকৃত সোৱাদ অনুভৱ কৰিব ধৰে৷
  • সেইবাবে, নিমখক ভোজনৰ প্ৰকৃত উপাদান বুলি ভাবিব নালাগে, ইয়াক ঔষধ হিচাপে অধিক ব্যৱহাৰ কৰক, কিন্ত্ত মন দিব যাতে যিমান পৰিমাণৰ প্ৰয়োজন হয় সিমানহে ব্যৱহাৰ কৰিব৷

লেখকঃ Rajan Singh Jolly  




  


Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese