জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive oil benefits and olive oil uses in Assamese7

জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive oil benefits and olive oil uses in Assamese

জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive oil benefits and olive oil uses in Assamese


লেখিকা- মল্লিকা শৰ্মা
(Dietician)

জলফাই তেল (Olive oil) বা অলিভ অয়ল আমাৰ সকলােৰে পৰিচিত। জলফাই তেল(Olive oil benefits) প্ৰকৃতিৰ পৰা পােৱা এবিধ তেল - যত সােৱাদ, গােন্ধ, ভিটামিন আদি প্রাকৃতিকভাৱে পােৱা যায়। ইয়াত যথেষ্ট পৰিমাণে একক অসংপৃক্ত চর্বি থাকে আৰু ইয়াক ফলৰ পৰা সতেজ অৱস্থাতে চেপি ৰস উলিয়াই লােৱা হয়। তাৰ পিছত উপযুক্ত তেল উলিয়াই খােৱাৰ উপযােগী (olive oil benefits) হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াত যথেষ্ট পৰিমাণে একক অসংপৃক্ত চর্বি অল্প আৰু ৰাসায়নিকভাৱে অক্সিজেন যােগান ধৰা মৌল থাকে বাবে স্বাস্থ্যৰ বাবে লাভদায়ক। বহুতাে পৰীক্ষা - নিৰীক্ষাৰ অন্তত দেখা গৈছে যে এই তেল(olive oil benefits) হৃদৰােগীসকলৰ বাবে বৰ উপকাৰী, কাৰণ ই তেজত অপ্রয়ােজনীয় কলেষ্টেৰল কমাই ৰাখে। জলফাই তেল(Olive oil) খুব সােনকালে মানুহৰ শৰীৰত হজম হয়। সেইবাবে পাকস্থলীৰ বিভিন্ন ৰােগৰ বাবে এই তেল অন্য তেলৰ তুলনাত গ্রহণযােগ্যতা বেছি। তদুপৰি এই তেল ব্যৱহাৰৰ ফলত পিত্তাশয়ত পাথৰ হােৱাৰ সম্ভাৱনা বহুখিনি কম হয়৷

এই জলফাই তেল(Olive oil)ৰ এটা বিশেষ গােন্ধ আৰু সােৱাদ আছে৷ যিটোৰ কাৰণে আমেৰিকাত খুব প্রচলিত । বেলেগ বেলেগ জলফাই তেল(Olive oil benefits) বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি৷ এই তেল চালাড , মেৰিনেড কৰা আদিত ব্যৱহাৰ কৰিব পাৰি,(olive oil uses)সিজোৱা পাচলিত এই তেল ছটিয়াই সােৱাদযুক্ত কৰি খাব পাৰি । যিহেতু এই তেলত চর্বি আৰু কলেষ্টেৰল কম থাকে সেই কাৰণে এই তেল সদায় ব্যৱহাৰ কৰি কৰ’নেৰী আৰ্টাৰী ডিজিজত বাধা দিব পাৰি। এই তেলত মনআনচেছুৰেটেড বেছি থাকে আৰু পলিচেছুৰেটেড আৰু চেছুৰেটেড কম পৰিমাণে থাকে। 


এই তেলে বেছি এচিডযুক্ত খাদ্যবস্তুৰ লগত সমতা ৰক্ষা কৰে, যেনে- বিলাহী, ভিনেগাৰ, নেমুৰ ৰস। সেইবাবে যিকোনাে খাদ্যবস্তু তৈয়াৰ কৰাত এই জলফাই তেল(Olive oil)ৰ ব্যৱহাৰে খাদ্যবস্তু আৰু অধিক সােৱাদ আৰু চর্বিমুক্ত কৰি তােলে। 


জলফাই তেল বা অলিভ অয়ল ব্যৱহাৰৰ কেইটামান নিয়ম তলত দিয়া হ'ল- olive oil how to use in Assamese


জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive oil benefits and olive oil uses in Assamese


খাদবস্ত্তত জলফাই তেল ব্যৱহাৰ কৰি খাওঁক আৰু নিৰোগী হৈ থাকক- olive oil for cooking

‣ চালাড আৰু চালাড ড্রেছিঙত ব্যৱহাৰ কৰিব পাৰি৷

‣  মাছ, মাংস, পাচলিৰ মেৰিনেড হিচাপে ব্যৱহাৰ কৰিব পাৰি, কাৰণ এই তেল খুব সােনকালে ধুনীয়াকৈ শােষণ কৰি ভিতৰলৈ সােমাই যায়।

‣ যিকোনাে খাদ্যবস্তু প্রস্তুত কৰাৰ শেষত এই তেল ওপৰত ছটিয়াই সােৱাদ কৰিব পাৰি।

‣ বাটাৰ বা মাৰগাৰিনৰ পৰিৱর্তে ব্রেড আদিত ব্যৱহাৰ কৰিব পাৰি।

‣ যিকোনাে স্পেচিয়েল খাদ্য প্রস্তুত কৰোঁতে (olive oil for cooking) এই তেল ব্যৱহাৰ কৰি খাদ্য অধিক আকর্ষণীয় আৰু সােৱাদ লগা কৰিব পাৰি। 

‣ যিকোনাে পিটিকা, যেনে- আলু পিটিকা বা বেঙেনা পিটিকাত মিঠাতেলৰ সলনি ব্যৱহাৰ কৰিব পাৰি। 

মুঠতে যিকোনাে স্বাস্থ্যৰ উপযােগী সােৱাদ লগাকৈ খাদ্যবস্তু প্রস্তুত কৰিবলৈ (olive oil for cooking) এনেদৰে তেল ব্যৱহাৰ কৰি সকলাে বেমাৰৰ পৰা হাত সাৰি স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰি।



 জলফাই তেল(Olive oil)ত থকা অমেগা-৩ আৰু অমেগা -৬ ফেট মানৱ শৰীৰৰ উপযােগীকৈ সন্নিবিষ্ট হৈ আছে। বহুতাে পৰীক্ষা - নিৰীক্ষাৰ পিছত গৱেষকসকলে এই তেলৰ কৰ্কট ৰােগ প্ৰতিৰােধ কৰাৰ ক্ষমতা থকাৰ কথা প্রকাশ কৰিছে। কিন্তু একাংশ গৱেষকে কেৱল ক’লন, প্রষ্টেট আৰু ব্রেষ্ট কেঞ্চাৰক বাধা দিয়ে বুলি ক'ব খােজে। আকৌ কিছু গৱেষকে জলফাই তেল(Olive oil)ত চেছুৰেটেড ফেট কম থকাৰ বাবে ডায়েবেটিছ ৰােগীসকলৰ ব্লাড চুগাৰ নিয়ন্ত্রণত সহায় হ’ব বুলি ক'ব খােজে। অধিক শকত ব্যক্তিসকলৰ কাৰণে ভাল খবৰ যে এই তেল ব্যৱহাৰৰ ফলত আৰু অধিক শকত হৈ গৈ থকাৰ পৰা বিৰত
থাকিব পাৰিব৷


         জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive Oil Health Benefits in Assamese

কেনেকৈ সংৰক্ষণ কৰিব- 



এই তেল সদায় পােহৰ আৰু ৰ'দৰ পৰা আঁতৰাই ৰাখিব । ইয়াক সদায় ঠাণ্ডা আৰু এন্ধাৰ ঠাইতহে থােৱা উচিত । এই তেলৰ বটল টানকৈ সাফৰ বন্ধ কৰি পােহৰ আৰু গৰমৰ পৰা আঁতৰত ৰাখিব লাগে। 


এই জলফাই তেল(olive oil for hair) চুলি আৰু শৰীৰৰ(olive oil for skin) বাহিৰত মালিচ কৰিবৰ বাবেও যথেষ্ট উপযুক্ত , কিয়নাে এই তেলে অধিক শুদ্ধ হােৱাৰ বাবে চুলি উজ্জ্বল , সৰা বন্ধ কৰা (olive oil for hair) ইত্যাদিত সহায় হয়। এই তেল চুলিত (olive oil for hair)সানি এঘণ্টা হােৱাৰ পিছত শেম্পুৰে ধুই দিলে চুলিৰ পৰা উফি আৰু ওকণী দূৰ হয়৷

এই তেল মুখমণ্ডল (olive oil for face) আৰু গােটেই শৰীৰত সানিলে ছাল মিহি আৰু উজ্জ্বল হয়। গতিকে এই সতেজ জলফাই তেল(Olive oil) ব্যৱহাৰ কৰি আপুনিও সতেজ আৰু ৰােগমুক্ত হৈ থাকক৷



Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese