হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?


হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

হ’ৰমনসমূহ আমাৰ দেহৰ ৰাসায়নিক বার্তাবাহক (chemical messengers)৷   বিভিন্ন হ’ৰমনে আমাৰ বিভিন্ন ক্রিয়াকলাপক প্রভাৱিত কৰে।  অন্য ধৰনে কবলৈ গলে, হ’ৰমনসমূহ এনে ৰাসায়নিক মেচেঞ্জাৰ যি কেৱল আমাৰ দেহৰ ক্রিয়াকলাপসমূহ প্রভাৱিত কৰাৰ লগতে  নিয়ন্ত্রণো কৰে। ইয়াৰ অর্থ হল, হ’ৰমনসমূহ আমাৰ বিভিন্ন মেজাজৰ(mood) বাবে দায়ী।  যেতিয়া তাৰ ভাৰসাম্য ওপৰ-তল হবলৈ আৰম্ভ  কৰে, তেতিয়াই আমাৰ মেজাজো  অস্থিৰ হৈ  উঠে।  আপোনাৰ ডায়েটৰ কিছু পৰিবর্তন কৰি আপুনি মেজাজক অস্থিৰ কৰি তোলা হ’ৰমনসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে আঁহক জানো কিদৰে মূখ্য হ’ৰমনসমূহক নিয়ন্ত্রণ কৰিব পৰা যায়৷



হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?


হ'ৰমন:এস্ট্ৰোজেন-Estrogen

এই হ'ৰমনে 
আমাৰ দেহৰ বৃদ্ধি আৰু বিকাশ,
হাড়ৰ বৃদ্ধি, 
পৰিপক্কতা (maturity), 
উৰ্বৰতা(fertility), 
সতৰ্কতাৰ স্তৰ (alertness), 
চেনি নিয়ন্ত্ৰণ আৰু খাদ্যৰ প্ৰতি আকাঙ্ক্ষাক প্ৰভাৱিত কৰে।

কিয় হয় এই অসন্তুোলন? -আপুনি যদি দীৰ্ঘসময় ধৰি ক্ষুধাৰ্ত বা ভোকত থাকে বা crash ডায়েট অনুসৰণ কৰি আছে তেন্তে আপোনাৰ ইস্ট্ৰোজনৰ স্তৰ অৱশ্যই হ্ৰাস পাব৷ তদুপৰি প্ৰায়ে দেখা পোৱা যায় যে, বহু মহিলাই ৰাতিপুৱাৰ আহাৰ গ্ৰহন কৰাত অৱহেলা কৰে যি হ’ৰমনৰ পক্ষে ক্ষতিকাৰক৷  যি আপোনাৰ শৰীৰৰ পক্ষে ভাল নহয়।

গতিকে কি কৰিবঃ Crash ডায়েট ত আহাৰৰ পৰিমান কম কৰি খোৱা হয়৷ crash ডায়েটৰ  সময়ত আমাৰ দেহে তাৰ সঞ্চিত শক্তি অৰ্থাৎ প্ৰাক-সঞ্চিত শক্তি ব্যৱহাৰ কৰে। ইয়াৰ ফলত মেটাবলিজমত ব্যাঘাত ঘটায় আৰু বহুধৰণৰ হ’ৰমন ভাৰসাম্যহীন হয়, বিশেষকৈ ইস্ট্ৰোজেন। এক সমস্যা এৰাই চলিবলৈ ভাৰসাম্যযুক্ত(Balanced) খাদ্য গ্ৰহন কৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ৷ যদি আপুনি ওজন হ্ৰাস কৰিব চেষ্টা কৰি আছে তেন্তে  ডায়েটৰ লগতে নিয়মিত যোগ, অনুশীলন কৰক ৷

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?


হ'ৰমন:টেস্টোস্টেৰন-Testosteron

টেস্টোস্টেৰন পেশী আৰু হাড়ৰ ওজন বৃদ্ধি কৰাত আৰু যৌন ইচ্ছা বৃদ্ধিত সহায়তা কৰে।  ৰক্তত টেস্টোস্টেৰনৰ মাত্ৰা বৃদ্ধি পালে হাড়ৰ ঘনত্বও উন্নত হয়।

কিয় হয় এই অসন্তুোলন?- আপুনি যেতিয়া অত্যাধিক প্ৰক্ৰিয়াজাত বা ৰেডিমেড খাদ্য (excessively processed or ready-made food)খাব, তেতিয়াই আপুনি আপোনাৰ শৰীৰৰ টেস্টোস্টেৰন লেভেলৰ ওপৰত নিৰ্যাতন কৰে।  প্ৰক্ৰিয়াজাত খাদ্যসমূহত অনেক ৰাসায়নিক আছে যি আমাৰ স্নায়ু কোষসমূহক ক্ষতি কৰে।  ইয়াৰ উপৰি, ইয়াৰ কাৰণে আমাৰ দেহত অতিৰিক্ত ফ্যাট বা মেদ জমা হয়।  অতিৰিক্ত ফ্যাট টেস্টোস্টেৰনৰ উৎপাদন হ্ৰাস কৰে।

গতিকে কি কৰিবঃ যদিও ৰেডি টু ইট(ready to eat) খাদ্য খাবলৈ সোৱাদযুক্ত কিন্ত্ত এই খাদ্যসমূহ গ্ৰহন কৰা আগে জানি লওক যে এইসমূহ আমাৰ শৰীৰৰ শত্ৰু ৷ যিমান পাৰে সেউজীয়া শাক পাচলি, ফলমূল খাব যত্ন কৰক৷ তেল মচলা, ফ্ৰাই কৰা, ময়দা ,বগা আটা,চাওমিন, মেগী, পিজ্জা আদি নাখাব৷

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?


হ'ৰমন: প্ৰজেস্টেৰন-Progesterons

নিয়মিত ঋতুস্রাৱ এগৰাকী মহিলাৰ সুস্বাস্থ্যৰ সূচক।  আৰু এই প্ৰক্ৰিয়া নিয়ন্ত্ৰিত হয় ডিম্বাশয়ে(ovaries) উৎপাদিত কৰা ইস্ট্ৰোজেন আৰু প্ৰজেস্টেৰনৰ দ্বাৰা।

কিয় হয় এই অসন্তুোলন?- আপুনি যেতিয়া সঠিকভাবে টোপনি যাব নোৱাৰে আৰু চিন্তা বা চাপৰ মাধ্যমত থাকে, তেতিয়া ইস্ট্ৰোজেন আৰু প্ৰজেস্টেৰন উৎপাদনত  ব্যাঘাত ঘটে।

গতিকে কি কৰিবঃ ঠিক ধৰনে শুব নোৱাৰা অভ্যাস আগলৈ গৈ “নিদ্ৰাহীনতা(Insomnia)” ৰোগত  পৰিণত হয়।  নিদ্ৰাহীনতাৰ ফলত হ’ৰমনসমূহক নিজৰ  পুনৰুদ্ধাৰ আৰু পুনৰ্গঠনৰ বাবে সময় নাপায়  আৰু অবশেষত অনিয়মিত ঋতুস্রাৱ আৰু আগতীয়াকৈ মেন’পজ হব পাৰে। সেইবাবে এইতো গুৰুত্বপূৰ্ণ যে, এক নিয়মিত সময়ত শুৱাত অভ্যস্ত হওক আৰু স্ট্ৰেসৰ পৰা আঁতৰি থকাতো খুব জৰুৰী।  স্বাস্থ্যকৰ খাদ্য গ্ৰহন কৰক৷  ডায়েটত ফাইবাৰ আৰু ফাইটোনুট্ৰিয়েন্টস (fibers and phytonutrients) যুক্ত খাদ্যসমূহ অন্তৰ্ভুক্ত কৰক

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

হ’ৰমন: ইনচুলিন -Insulin

ইনচুলিন হৰমন, যি ৰক্ত ​​প্রবাহত চেনি বা শৰ্কৰা প্রবাহিত কৰে আৰু কোষসমূহ কার্যক্ষম কৰি তোলে।

কিয় হয় এই অসন্তুোলন?- আপুনি যদি প্রয়োজনতকৈ  বেশি মিঠা বা শৰ্কৰা খায় তেতিয়া আপুনাৰ ইনচুলিনত খেলিমেলি উৎপন্ন হয়৷ চকলেটত থকা শৰ্কৰাৰ ফলত ইনচুলিনৰ কার্যকাৰিতা ব্যাহত হয়৷

গতিকে কি কৰিবঃ আপোনাৰ ডায়েটত চয়া, কনী, শাকপাচলি,তিচি আদি খাদ্য ডায়েটত সংলগ্ন কৰক৷ এইসমূহত মাল্টিভিটামিন,অমেগা3 ফেটী এচিড আদি প্ৰয়োজনীয় উপাদান আছে৷   মিঠা খোৱাৰ আকাঙ্ক্ষা যদি নিয়ন্ত্রণ কৰাত অসুবিধা হয় তেন্তে ইয়াৰ লগত  অলপ পৰিমাণে প্রটিন খাওক৷  খাদ্যত কার্বোহাইড্রেট হ্রাস কৰক।  ইনচুলিনৰ মাত্রা স্বাভাৱিক ৰাখিবলৈ যত্ন কৰক৷
















অন্যান্য সতর্কতা-Other precautions







  •  মেকআপৰ পণ্য কিনাৰ সময়ত বিশেষ যত্ন লওক



শৰীৰত হ’ৰমন ভাৰসাম্য বৰ্তাই ৰখাত খাদ্যপ্ৰনালী লগতে আপোনাৰ প্রসাধন সামগ্ৰী পছন্দ কৰাৰ সময়তো সাৱধান হওক৷ 
মিথাইলপাৰাবিনচ(methylparabens), 
প্রোপাইল প্যাৰাবিনচ (propyl parabins), 
প্রোপিলিন গ্লাইকোল (propylene glycol), 
প্যাৰাফিন (paraffin), 
প্যালেটস (pallets), 
আইচ’প্রোপাইল এলকোহল(isopropyl alcohol) আৰু 
চডিয়াম লৰিইল সালফেটযুক্ত (sodium lauryl sulfate) উপাদানসমূহ নিকিনিব। যেতিয়া এই ৰাসায়নিকসমূহ আপোনাৰ ত্বকৰ সংস্পর্শত আহে তেতিয়া থাইৰয়ডৰ কিছু হ’ৰমন হ্রাস কৰে।  ভাল কথা এই যে, আজিকালি বেছিভাগ মেকআপ, ত্বকৰ যত্ন আৰু চুলিৰ যত্ন লোৱা ব্র্যান্ডসমূহ এই জাতীয় উপাদানসমূহ প্ৰয়োগ নকৰে।  তথাপি, অৰ্গেনিক সামগ্ৰী গ্রহণ কৰা ভাল৷


  •  কেফেইনৰ অতিৰিক্ত ব্যৱহাৰ এৰাই চলক



কেফেইনে আমাক তাৎক্ষণিক শক্তি দিয়ে, কিন্ত্ত অতিৰিক্ত কেফেইন গ্রহণ আমাৰ হ’ৰমনসমূহৰ পক্ষে ভাল নহয়।  কেফেইনে অতিৰিক্ত পৰিমাণে এস্ট্রোজেনৰ স্তৰ পৰিবর্তন কৰে আৰু হৰমনজনিত ৰোগৰ সম্ভাৱনা বাঢ়ে।  কেফেইনে আমাৰ দেহত কর্টিচলৰ (Cortisol) উৎপাদন বৃদ্ধি কৰি  আমাৰ অস্বস্তি বৃদ্ধি কৰে৷ গতিকে চাহ আৰু কফি এৰি চলাতো অত্যন্ত জৰুৰী৷   

  •  নিকোটিনো ক্ষতিকাৰক



 কেফেইনৰ দৰে, নিকোটিনও শৰীৰৰ হ’ৰমন ভাৰসাম্যৰ বাবে বিপদজনক।  যি সকলে ধূমপান কৰে তেওঁলোকৰ  বন্ধ্যাত্ব (Infertility), অনিয়মিত মাহেকীয়া(irregular menstrual) আৰু অকাল মেনোপজৰ (premature Manopause) সম্ভাৱনা অধিক হয়৷  ধূমপানে কর্টিসল, এন্ড্রোজেনচ(androgens),এস্ট্ৰোজেন, ইস্ট্রোজেন আৰু প্রজেস্টেৰনৰ দৰে হৰমনসমূহক পৰিবর্তন কৰি হৰমনৰ ভাৰসাম্য ব্যাহত কৰে আৰু থাইৰয়েড, পিটুইটাৰি, এড্রেনাল(adrenals) আৰু ডিম্বাশয়ৰ(Overies) দৰে এন্ডোক্রাইন গ্রন্থিক(endocrine glands)  প্রভাৱিত কৰে।  গতিকে যিমান সোনকালে পাৰে চিগাৰেট সেৱনক বিদায় দিয়ক৷ 

ধন্যবাদ৷

আৰু পঢ়কঃ-

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

জলফাই তেল খাওক আৰু নিৰোগী হৈ থাকক-Olive Oil Health Benefits in Assamese



Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga