ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ Dysmenorrhea ...

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese


পিৰিয়ড বা ঋতুস্ৰাৱ এটি প্ৰাকৃতিক প্ৰক্ৰিয়া যি প্ৰতিগৰাকী মহিলায়ে অনুভৱ কৰে।  মাহৰ এই চাৰিৰপৰা পাঁচ দিনৰ সময় প্ৰতিগৰাকী মহিলাৰ বাবে কম-বেছি পৰিমাণে বেদনাদায়ক। মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বেদনাক
চিকিৎসকৰ ভাষাত কোৱা হয় “Dysmenorrhea”- “ডিছমেন’ৰিয়া”৷ তদুপৰি,পৰিবৰ্তিত জীৱনধাৰা আৰু ভুল খাদ্যপ্ৰণালীৰ কাৰণে মহিলাসকলৰ বহুতৰে অতি কম বয়সতে পিৰিয়ড আৰম্ভ হোৱা দেখা যায়।  ঋতুস্ৰাৱৰ সময়ত বিষ, বমি বমি ভাব, খিঙখিঙিয়া ভাৱ আৰু মেজাজৰ পৰিবৰ্তন ইত্যাদি সমস্যা দেখা দিব পাৰে।  ঋতুস্ৰাৱৰ সময়ত কঁকাল আৰু পেট বিষ এটি সাধাৰণ সমস্যা, কিন্ত্ত কাৰোবাৰ বাবে এই বিষ বেদনা অত্যন্ত জটিল হৈ পৰে। এনে পৰিস্থিতিত মহিলাসকলে প্ৰায়ে বিষৰ ঔষধ সেৱন কৰে যাৰ ফলত স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে।  এনে পৰিস্থিতিত, ঘৰুয়া প্ৰতিকাৰৰ যোগেদি কাৰ্যকৰ প্ৰমাণ লাভ কৰিব পৰা যায় আৰু লগতে, ই এটি নিৰাপদ চিকিৎসাও হয়। fitassam.xyzএই নিবন্ধত,মহিলাসকলৰ পিৰিয়ডৰ সময় বিষ- বেদনা আদি লাঘৱ কৰিব পৰাকৈ ঘৰুৱা কিছু প্ৰতিকাৰ সম্পৰ্কে আগবঢ়োৱা হৈছে৷ আঁহক এই বিষয়ে জানো…

মাহেকীয়া সময়ৰ লক্ষণসমূহ– Symptoms Of Stomach Pain And Back Pain In Menstrual Period In Assamese

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে আৰু বহু সমস্যাৰ মুখামুখি হবলগীয়া হয়। যেনে-


এই সময়ত তলপেটত টানি ধৰাৰ দৰে (cramping) তীব্ৰ বিষ হয়। ইয়াৰ লগতে পিঠিৰ তললৈ অবিৰতভাবে বিষ হৈ থাকে।



ইয়াৰ উপৰি বহু মহিলায়ে নিম্নলিখিত লক্ষণসমূহ অনুভৱ কৰে-  


মূৰবিষ 


বমি বমি ভাব 

সামান্যভাৱে ডায়ৰিয়া 


ক্লান্তি আৰু মূৰ ঘূৰনি 


পিৰিয়ড বা মহেকীয়া সময় পেট আৰু পিঠি বিষ খুব তীব্ৰ হয়


বমি বমি ভাব


কোষ্ঠকাঠিন্য(constipation)


ক্ষুধা বা অতিৰিক্ত ক্ষুধা হ্রাস

বিষণ্ণতা(depression)

স্তনৰ বিষ

গেচৰ সমস্যা

এই সময়ত, হ’ৰমন পৰিবৰ্তনৰ কাৰণে আপনাৰ চিন্তাভাবনা (মেজাজ )ও পৰিবৰ্তিত হয়।এনে সমস্যা দূৰ কৰাৰ বাবে  ঘৰুৱা প্ৰতিকাৰৰ চেষ্টা কৰা উচিত।

মাহেকীয়া সময়ৰ পেট আৰু কঁকাল বিষৰ কাৰন- Causes of Abdominal Pain and Waist Pain in Periods in Assamese


ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese


মাহেকীয়া সময়ত Prostaglandin নামৰ এক হৰমন নিৰ্গত হোৱাৰ ফলত মাহেকীয়া বিষ বেদনা হয়৷


প্ৰথম প্ৰসৱৰ পিছত ,


যোনিৰপৰা অতিৰিক্ত ৰক্তস্ৰাৱ,


কিশোৰীঅৱস্হাত ঋতুস্ৰাৱৰ আৰম্ভণি সময়ত,


শৰীৰত পুষ্টিৰ অভাৱ হলে ,


কোনো ধৰণৰ সংক্রমণৰ কাৰনে ইত্যাদি৷


মাহেকীয়া সময়ৰ বিষ প্ৰতিৰোধ কেনেকৈ কৰিব?-Prevention Tips For Menstrual Pain in Assamese



ঋতুস্ৰাৱৰ সময়ত যি কোনো ধৰণৰ সংক্ৰমণ আৰু বিষৰ পৰা বাচিবৰ বাবে কিছুমান কথাৰ যত্ন লোৱা প্ৰয়োজন৷ ইয়াৰ উপৰি জীবনশৈলী আৰু ডায়েটৰ সামান্য পৰিবৰ্তন কৰি ঋতুস্ৰাৱৰ বিষ কিছু হলেও লাঘৱ কৰিব পৰা যায়।

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

সতৰ্কতা- Prevention


 - মাহেকীয়াৰ সময়ত যি কোনো ধৰণৰ সংক্ৰমণ পৰা বাচি থাকিবৰ বাবে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত  বিশেষ যত্ন দিয়া উচিত।  কাৰণ পিৰিয়ডৰ সময়ত সংক্ৰমণৰ সম্ভাৱনা অধিক বাঢ়ি যায়৷ ঝুঁকি বেড়ে যায়। সেয়ে, ডাক্তাৰে পৰামৰ্শ দিয়ে যে, প্ৰতি 6 ঘন্টাৰ মূৰত প্যাড (নেপকিন) সলনি কৰা উচিত।


 - একে লগে ট্যাম্পন বা চেনিটেৰি প্যাড ব্যৱহাৰ নকৰিব৷


- খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন লওক।


 - আপোনাৰ সামৰ্থ্য অনুযায়ী প্ৰতিদিন কাম কৰক।


 - নিজৰ সমস্যাসমূহ গোপন কৰি নাৰাখিব।


- আপোনাৰ সমস্যাসমূহ সম্পৰ্কে ডাক্তৰ বা আপোনাৰ পৰিবাৰক জনাওক।

আহাৰ-Diet



জাংকফুড পৰিহাৰ কৰক - জাঙ্কফুড, চ’ডা, পানীয়, ফাস্টফুড, ভজা মছলা খাদ্য আদিয়ে মাহেকীয়া বিষবেদনা বৃদ্ধি কৰি তুলিব পাৰে।  কফি, চকলেট, ক্যান্ডি, চডা পানীয় ইত্যাদিৰ পছন্দ কৰা মহিলাসকলৰ বাবে পিৰিয়ডৰ সময়ত কিছু সময়ৰ বাবে বাদ দিয়াতো উপকাৰী।

নিচাজাতীয় বস্তু পৰিহাৰ কৰক -নিচাজাতীয় বস্তুৰ আসক্তি বা যিসকল মহিলায়ে এনে নিচাজাতীয় বস্তু পচন্দ কৰে তেওঁলোকৰ বাবে মাহেকীয়া সময়কাল সময়কাল খুব বিপদজনক হব পাৰে।  যি ৰক্ত হ্ৰাস, দ্ৰুত ৰক্তপাত, টিউমাৰ, কেন্সাৰযুক্তটেমুনা আদি সৃষ্টিৰ ভয় উৎপন্ন কৰে৷  এলকোহলযুক্ত বিয়েৰ ইত্যাদিৰ ফলত পিৰিয়ডৰ সময়ত ডিহাইড্ৰেশন হব পাৰে।  গতিকে মাদকদ্ৰব্য বস্তুসমূহ এৰাতো স্বাস্থ্যৰ পক্ষে অতি গুৰুত্বপূৰ্ণ।

গৰম খাদ্য এৰি চলক- পিৰিয়ডৰ সময়ত গৰম খাদ্য, বেঙেনা, ডিম, ৰঙালাও, মাংস, আলু, গৰম মছলা আৰু গধুৰ বস্তু ডঙা ইত্যাদি এৰা উচিত।



জীৱনশৈলী-Lifestyle


হেক দিয়ক(Fomenting) - ঋতুস্ৰাৱৰ বিষ কম কৰিবৰ বাবে, গৰম টাৱেল বা হিট প্যাকৰ সাহায্যত তলপেটত 5 ৰপৰা 10 মিনিটৰ বাবে হেক দিয়ক৷ ইয়াৰ ফলত সহজভাৱেই শৰীৰৰ পৰা ময়লা বা লেতেৰা ওলাই যায়, যাৰফলত ব্যথা হ্ৰাস হয়।  পেইন কিলাৰ ঔষধৰ ব্যৱহাৰ এৰা উচিত।


খোৱা-বোৱাত মনোনিৱেশ কৰক- ঋতুস্ৰাৱৰ সময়ত শৰীৰত আয়ৰন আৰু ভিটামিন গ্ৰহণ বাঢ়ি যায়।  যদি এই উপাদানসমূহ সময়মতে পূৰণ নহয় তেন্তে ঋতুস্ৰাৱৰ পৰবৰ্তী সময়ত সমস্যা হব পাৰে।  সেয়েহে,দেহত হোৱা পুষ্টিৰ নাটনিক পূৰণ কৰিবৰ বাবে   শাক-পাচলী, গাখীৰ, দৈ আৰু ফল খোৱা উচিত।

গৰম পানী দি স্নান কৰক - গৰম পানীৰে স্নান কৰিলে শৰীৰৰ তাপমাত্ৰা বাঢ়ে, যাৰ ফলত ৰক্ত ​​সহজেই জৰায়ু পৰা প্ৰবাহিত হব পাৰে।  পিৰিয়ডৰ সমস্যা লাঘৱ কৰিবলৈ দিনে দুবাৰ তিনিবাৰ গৰম পানি দি গা ধোৱা উচিত।



মালিচ (Massage)- তেলৰ জৰিয়তে 5-10 মিনিটৰ বাবে মধ্যম হাতেৰে পেটত ম্যাসাজ কৰক। ইয়াৰ ফলত, ফোলা হ্ৰাস হয়। আপুনি শুয়, বহি বা ঠিয় হৈ মালিচ কৰিব পাৰে।  মালিচ কৰাৰ আগে তেলখিনি কিছু গৰম কৰা উচিত।  নাৰিকেল তেল, তিল তেল বা জলফাইৰ তেল মালিচৰ বাবে ব্যৱহাৰ কৰা উচিত।


অতিৰিক্ত পানী পান কৰক- ঋতুস্ৰাৱৰ সময়ত বেছি পৰিমাণে পানী পান কৰক। ভাল পৰিণামৰ বাবে, কুহুমীয়া পানী পান কৰক। ইয়াৰ উপৰি, গ্ৰিন টি খোৱা উপকাৰী। ইয়াত থকা এন্টিঅক্সিড্যান্ট সমূহৰপৰা শৰীৰৰ উপকাৰ হয়৷


যোগ-ব্যায়াম (Exercises)- অতিৰিক্ত ওজনৰ মহিলাসকলৰ মাহেকীয়া সময়ত বেছি অসুবিধা হয়। সেইবাবে, যোগব্যায়াম কৰক আৰু এই অনুশীলনক জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি লওক।  যিসকল মহিলায়ে  ফিটনেচৰ(fitness) যত্ন লয় তেওঁলোকৰ  পিৰিয়ডত কম অসুবিধা হয়।  পিৰিয়ডৰ সময় কমপৰিমানে অনুশীলন কৰা নিৰাপদ। ইয়াৰ ফলত শৰীৰত ৰক্ত ​​সঞ্চালন ভাল হয়, যি বিষ বেদনা হ্ৰাস কৰে। অৱশ্যে যদি অত্যাধিক  সমস্যা হয় তেন্তে ব্যায়াম নকৰি বিশ্ৰাম লোৱা উচিত৷ সাধাৰণ যোগ ব্যায়ামৰ অনুশীলন ঋতুস্ৰাৱৰ সময়ত কৰা উচিত। গধুৰ ওজন আৰু ব্যায়াম এৰা উচিত।


ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese 


1. জীৰা, মৌ আৰু হালধী মিশ্ৰনে মাহেকীয়া সময়ত বিষ লাঘৱ কৰে(Cumin, Honey and Turmeric Mixture Beneficial in Menstrual Pain in Assamese)


ঋতুস্রাৱৰ ব্যথা কমাবলৈ এটি পাত্রত 1 গ্লাচ পানী উতলাওক, তাত 2 চা চামুচ জিৰা, 1 চা চামুচ মৌ আৰু  1 চা চামুচ হালধী যোগ কৰক আৰু গাঢ় হোৱা পর্যন্ত সিদ্ধ কৰক।  এই কাঢ়া বা decoction ক চেকি নোলোৱাকৈ ১ কাপ পান কৰক৷ দিনে দুবাৰ পান কৰিলে মাহেকীয়া বিষ কমি যায়৷

2. মাহেকীয়া বিষত দালচেনি প্ৰয়োগ (Cinnamon Beneficial in Menstrual Pain in Assamese)


ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese


দালচেনিত প্রচুৰ পৰিমাণে কেলচিয়াম, আয়ৰন আৰু ফাইবাৰ পোৱা যায়। ইয়াৰ উপৰি, দালচেনিত বহু বৈশিষ্ট্য আছে যি পিৰিয়ডৰ সময়ত ফোলাভাব(swelling) আৰু বিষ উপশম কৰে৷ এক গ্লাচ গৰম পানীত এক চা চামুচ দালচেনি গুড়ি আৰু এক চা চামুচ মৌ মিহলাই মাহেকীয়া হোৱাৰ প্ৰথম দিনৰপৰা দিনে তিনিবাৰকৈ পান কৰিলে উপকাৰ পোৱা যায়৷ 


3. হালধী আৰু গাখীৰ মাহেকীয়া বিষ হ্ৰাস কৰে (Turmeric and Milk Beneficial in Menstrual Pain in Assamese)


ঋতুস্রাৱজনিত বিষ কমোৱাত 1 চা চামুচ হালধী গুঁড়ি এক গ্লাচ গৰম গাখীৰত মিহলাই পান কৰক।  হালধীয়ে শৰীৰৰ উত্তাপ বৃদ্ধি কৰে যি পিৰিয়ডৰ সমস্যা আৰশ বিষ বেদনাৰ পৰা  মুক্তি দিয়। অন্যহাতে,যিসকল মহিলাই মাহেকীয়া নোহোৱা দিনতো হালধী দিয়া গাখীৰ নিয়মিতভাৱে পান কৰি থাকে তেওঁলোকৰ মাহেকীয়া সমস্যা কম হোৱা দেখা যায়৷

4.অমিতায়ে দিয়ে মাহেকীয়া বিষৰপৰা পৰিত্ৰাণ (Papaya Beneficial in Menstrual Pain in Assamese)


পিৰিয়ডৰ পেট বিষৰ উপশম কৰাত অমিতা খুব কাৰ্যকৰ। অমিতাত প্ৰচুৰ পৰিমাণে আয়ৰন, ভিটামিন-এ, ক্যাৰোটিন আৰু কেলচিয়াম আছে।  মাহেকীয়া ব্যথা উপশম কৰাত আপুনি নিতৌ অমিতা খাওক৷ বহু সময়ত ৰক্তৰ প্ৰবাহ (blood flow) সঠিকভাবে নোপোৱাৰ কাৰণে পেটৰ বিষ আৰম্ভ হয়৷ অমিতায়ে এই প্ৰবাহ নিৰাময় কৰাত সহায়তা কৰে আৰু বিষৰপৰা স্বস্তি দিয়।




5. গাজৰৰ ৰস মাহেকীয়া সমস্যাৰ বাবে উপকাৰী (Carrot Beneficial in Menstrual Pain in Assamese)




ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese


হালোৱা বা পুডিং, চালাড আদি তৈয়াৰ কৰাৰ উপৰিও গাজৰে মাহেকীয়া বিষ বেদনা নিৰাময় কৰাত সহায়তা কৰাত কাৰ্যক্ষম।  স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে পিৰিয়ডৰ সময়ত গাজৰৰ ৰস (Carrot juice)পান কৰিলে ৰক্ত ​​প্ৰবাহ ভালধৰনৰে হয়, যি বিষৰপৰা আৰাম দিয়াত সহায়ক হয়৷ পালেং শাক, বিট আৰু গাজৰ নিয়মিতভাৱে খালে শৰীৰ স্বাস্থ্যকৰ হয় থাকে।



6. লেভেণ্ডাৰ তেলৰ মালিচ অত্যন্ত উপকাৰী (Benefit of Lavender Oil Massage to Get Relief from Menstrual Pain in Assamese)






পিৰিয়ডৰ সময়ছোৱাত ল্যাভেন্ডাৰ তেল দি পেটত মালিচ কৰিলে প্ৰচুৰ স্বস্তি পোৱা যায়।  এই ক্ষেত্ৰত, সামান্য পৰিমাণে ল্যাভেন্ডাৰ তেল (levender essential oil) লওক আৰু 10 ​​ৰপৰা 15 মিনিটৰ বাবে মধ্যমগতিৰে মালিচ কৰক।




7. তুলসী মাহেকীয়া বিষ বেদনা হ্ৰাস কৰাত উৎকৃষ্ট চিকিৎসা (Tulsi Benefit to Get Relief from Menstrual Pain in Assamese)


এক চা চামুচ তুলসী পাত উতলা পানীত দি  ভালদৰে ঢাকি ৰাখক, ঠান্ডা হলে এই পানী পান কৰক।  এই পানী দিনে 3-4 বাৰ পান কৰক।  তুলসী আয়ুৰ্বেদিক ওষুধ হিচাবে কাৰ্যকৰ, যি বিষ কমোৱাত সহায়তা কৰে।  এই পাতৰদ্বাৰা তৈয়াৰ কৰা চাহ বিষ বেদনা উপশম কৰাত সহায়তা কৰা লগতে তেজ চাফাও কৰে৷ ইয়াত উপস্থিত থকা উপাদানসমূহে মাংসপেশীসমূহ শিথিলতা প্ৰদান কৰে আৰু আৰাম দিয়ে৷


8. আদা আৰু মৌ য়ে ঋতুস্ৰাৱৰ বিষৰ পৰা আৰাম দিয়ে (Ginger and Honey Benefit to Get Relief from Menstrual Pain in Assamese)

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

মাহেকীয়া সময়ৰ ব্যথা পৰা মুক্তি পাবলৈ কাটি লোৱা আদা এক কাপ পানীত সিদ্ধ কৰক।  আপুনি ইচ্ছা কৰিলে ইয়াত মৌ ও যোগ কৰিব পাৰে।  ভালদৰি সিদ্ধ হোৱাৰ পিছত চেকি লৈ পান কৰক৷ দিনত তিনিবাৰ ভোজন খোৱাৰ পিছত পান কৰিলে বিষ উপশম হয়৷


ডাক্তৰৰ ওচৰলৈ কেতিয়া যাব?- When to See a Doctor?


যদি স্ব-চিকিৎসা কৰি বা ঘৰুয়া প্রতিকাৰসমূহ কৰাৰ তিনি মাহলৈ ব্যথা বা বিষ নিৰাময় কৰিব পৰা নাই বা ৰক্ত ​স্ৰাৱৰ অস্বাভাৱিকতা দেখা পোৱা যায় তেন্তে ডাক্তৰৰ লগত পৰামর্শ কৰা উচিত। যদি ঋতুস্রাবৰ পাঁচ দিনৰ বেছি সময় আগেয়ে বিষ আৰম্ভ হৈ ঋতুস্রাৱৰ পিছলৈ অব্যাহত থাকে, তেন্তে ডাক্তৰৰ পৰামৰ্শ লোৱা আৱশ্যক৷




Popular Posts

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)