জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects


জিৰা পানী স্বাস্থ্যৰ পক্ষে ভালনে?
Is jeera water good for health in Assamese

হয়, জিৰা পানী পান কৰা স্বাস্থ্যৰ পক্ষে অত্যন্ত ভাল। চিকিৎসা গবেষণা অনুসৰি, জিৰায়ে সংক্ৰমণ আৰু
কেন্সাৰৰ দৰে মাৰাত্মক সমস্যা প্ৰতিৰোধ কৰাত সহায়ক ভূমিকা লব পাৰে। ইয়াৰ উপৰি, ই হাঁপানি, ডায়বেটিচ, ইমিউনিটি চিস্টেম, স্ট্ৰেস, হজম, মূৰ বিষ আৰু চালৰ সমস্যাও উন্নত কৰি তুলিব পাৰে। জিৰা পানীত পোৱা যায় immuno modulators, anti-diabetic, anti-microbial, anti-fungal, analgesic, hepatoprotective, anti-osteoporotic, antioxidant, anti-inflammatory, anti-asthma, anti-stress, anti-infertility, dietary fiber and anti-cancer ইত্যাদি বৈশিষ্ট্য।  এই বৈশিষ্ট্যসমূহৰ বাবে জিৰা পানী স্বাস্থ্যৰ বাবে বহু উপকাৰী বুলি প্ৰমানিত হৈছে৷


জিৰা পানী- Jeera Water

জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects

জিৰা পানীত এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ থাকে আৰু পাচনতন্ত্রক সুস্থ কৰি ৰাখে। ইয়াৰ উপৰি, জিৰা পানী পান কৰিলে বমি বমি ভাৱ, ডায়েৰিয়া, ৰাতিপুৱা অসুস্থতা বা দুৰ্বলতা, গেচ আৰু কোষকাঠিন্যৰ পৰা মুক্তি পোৱা যায়৷

জিৰা পানীৰ উপকাৰিতা - Jeera water Benefits in Assamese


জিৰা পানী তৈয়াৰ কৰা হয় জিৰা বীজেৰে৷ গতিকে যি উপকাৰ জিৰা বীজৰ পৰা পোৱা যায় সেয়া জিৰা পানীৰ পৰাও লাভ কৰিব পাৰি৷ আঁহক এই উপকাৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানো।

1. হজমৰ বাবে 

জিৰা পানী খোৱাৰ উপকাৰিতা পাচনৰ বাবে অতি উপকাৰী৷  এটি বৈজ্ঞানিক গবেষণা অনুসৰি, জিৰাত হজম এনজাইমসমূহৰ এটি ভাল পৰিমাণ আছে, যি হজমক উদ্দীপিত কৰাত কাম কৰিব পাৰে। ইয়াৰদ্বাৰা আহাৰ হজম কৰাত আৰু মল ৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ কৰাত সহায়তা কৰিব পাৰে।

2. ৰক্তচাপৰ বাবে উপকাৰী

ক্ৰমবৰ্ধমান ৰক্তচাপ নিয়ন্ত্ৰণত জিৰা পানী খাব পাৰে।  বৈজ্ঞানিক গৱেষণা অনুসৰি, জিৰাত এন্টিহাইপাৰটেনচিভ (antihypertensive)প্ৰভাৱ আছে, যি উচ্চ ৰক্তচাপৰ সমস্যা হ্ৰাস কৰাৰ বাবে পৰিচিত।  ইয়াৰ উপৰি, ইয়াত পটাচিয়ামো  পোৱা যায় যি কোষ আৰু দেহৰ তৰলৰ বাবে প্ৰয়োজনীয়। জিৰা পানী ব্যৱহাৰৰ দ্বাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়৷ 

 3. প্ৰতিৰক্ষা প্ৰনালীৰ বাবে

 জিৰা পানীৰ উপকাৰিতা দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাতে কাৰ্যকৰ। আচলতে জিৰা আয়ৰন আৰু মিনাৰেলৰ এটি ভাল উৎস, যি শৰীৰৰ শক্তি বৃদ্ধিত কাম কৰে। ই শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিব পাৰে।  ইয়াৰ ইমিউনোমডুলেটৰি (immunomodulatory) প্ৰভাৱ আছে বুলিও জনা যায় যি ইমিউন চিস্টেমক পৰিচালিত কৰে।  সেই কাৰণে কব পৰা যায় যে, জিৰা পানীয়ে ৰোগ প্ৰতিৰোধ ব্যবস্থাক শক্তিশালী কৰে।


 4. ওজন হ্ৰাস কৰাত

 জিৰা পানী খালে দ্ৰুতভাৱে ওজন কমোৱাত সহায়ক হব পাৰে।  এই বিষয়ে এটি “National Center for Biotechnology Information (NCBI) ” ৰ উয়েবচাইটত পোৱা এক সমীক্ষা অনুসৰা, ৮৮ জন বেছি ওজনৰ মহিলাক তিনি মাহৰ বাবে প্ৰতিদিনে 3 গ্ৰাম জিৰা খাব দিয়া হৈছিল।  3 মাহ পিছত ওজন হ্ৰাস পোৱাৰ লগতে, কঁকালৰ আকাৰ আৰু সেই মহিলাসকলৰ ফেট ভৰ কম হোৱা দেখা গল।  ইয়াৰ উপৰি, জিৰা বিপাকৰ হাৰকো (metabolism) প্ৰভাৱিত কৰে, যি ওজন নিয়ন্ত্ৰণত সহায়তা কৰিব পাৰে৷ গতিকে, জিৰা পানীৰ অন্যতম গুৰুত্বপূৰ্ণ সুবিধা হ'ল ওজন হ্ৰাস।

 5. এনিমিয়া পৰা মুক্তি দিয়ে

 শৰীৰত আইৰন হ্ৰাস হলে ৰক্তাল্পতাৰ সমস্যা দেখা দিয়।  ৰক্তত আয়ৰনৰ অভাৱৰ কাৰণে হিম’গ্লবিনৰ পৰিমাণো হ্ৰাস পায়, যাৰ কাৰণে ৰক্তয়ে ​​শৰীৰক পৰ্যাপ্ত অক্সিজেন যোগান ধৰিব নোৱাৰে। এনে  পৰিস্থিতিত জিৰা পানীৰ ব্যৱহাৰ এই সমস্যা দুৰ কৰাত সহায় কৰে৷ আচলতে জিৰাত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে যি ৰক্তত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে৷  

6. টোপনিৰ বাবে 

জিৰা চাহ বা পানীয় খালে টোপনিৰ সমস্যা নিৰাময় হব পাৰে।  ইয়াৰ উপৰি এই পানী ব্যৱহাৰে অনিদ্ৰা দৰে সমস্যা, অল্পনিদ্ৰা দৰে  সমস্যা পৰা মুক্তি দিব পাৰে।  

7. কোষ্ঠকাঠিন্য দূৰ কৰে

কোষ্ঠকাঠিন্য সমস্যা থাকিলে জিৰা পানীয়ে এই সমস্যা নিৰাময়  কৰাত সহায়ক হব পাৰে।  কোষ্ঠকাঠিন্য হজমজনিত সমস্যা, যি আহাৰ সঠিকধৰনে হজম নোহোৱা বাবে হয়৷ জিৰা পানী নিয়মিতভাবে সেৱন কৰি থাকিলে কোষ্ঠকাঠিন্যেৰ সমস্যা পৰা মুক্তি পাব পাৰি৷ 

 8. ত্বকৰ বাবে 

 জিৰা পানীৰ উপকাৰিতা ত্বক সম্পৰ্কিত সমস্যা নিৰাময় কৰিব পাৰি৷  এটি বৈজ্ঞানিক গবেষণা মতে,  জিৰা ভিটামিন ই সমৃদ্ধ যি ত্বকক তৰুণ ও উজ্জ্বল কৰি ৰখাত সহায়তা কৰিব পাৰে।  একেই সময়ত, জিৰা ব্যৱহাৰ কৰি তৈয়াৰ কৰা (Essential oil) প্ৰয়োজনীয় তেলত জীৱাণুনাশক আৰু এন্টিফাঙ্গাল বৈশিষ্ট্য আছে।  যি মাইক্ৰোবায়াল আৰু ফাংগল সংক্ৰমণ পৰা ত্বকৰ হোৱা ক্ষতি ৰোধ কৰিব পাৰে৷ 

9. চুলিৰ বাবে

জিৰা পানীৰ বৈশিষ্ট্য চুলিৰ স্বাস্থ্যৰ উন্নতিত কাৰ্যকৰ।  আচলতব, জিৰাত উপস্থিত পুষ্টিগুণসমূহ চুলিৰ গুৰিলৈকে পুষ্টি সৰবৰাহ কৰিব  পাৰে, যি চুলি সৰা কমোৱাত সহায় কৰিব পাৰে। এটি গবেষণা দেখা পোৱা গৈছে  যে, জিৰা পৰা তৈয়াৰি প্ৰয়োজনীয় তেল(essential oil) এন্টি-ফাঙ্গাল প্ৰভাৱ আছে।  অন্য এটি গবেষণাত দেখা গৈছে যে,এন্টিফাঙ্গাল বৈশিষ্ট্যসমূহে অ্যান্টিড্যান্ড্ৰফেৰ (উফি) নিৰাময় কৰাত কাৰ্যকৰ৷   ফলত চুলিৰ পৰিপুষ্টি আৰু বৃদ্ধিতে জিৰা পানীয়ে প্ৰচুৰ পৰিমাণে প্ৰভাৱ পেলাব পাৰে৷


জিৰা পানীয়ে অম্লতা পৰা মুক্তি দিয়াত সহায় কৰে আৰু ফুলাভাৱ, বদহজম নিৰাময় কৰে৷ গর্ভাৱস্থাত হোৱা হজম সমস্যা আৰু স্তনপান উন্নত কৰা,ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা,ডায়বেটিচৰ চিকিৎসা কৰা, শ্বাসযন্ত্রৰ ব্যবস্থাত সহায়তা কৰা আৰু ৰক্তচাপ নিয়ন্ত্রণ কৰে৷

জিৰা পানী তৈয়াৰ কৰা পদ্ধতি- The method of making Cumin water in Assamese


জিৰা পানী তৈয়াৰ কৰা পদ্ধতি

জিৰা পানী তৈয়াৰ কৰা  পদ্ধতি অতি সহজ, এই সম্পর্কে তলত দিয়া হৈছে-

  •  প্রথমে দু'চামচ জিৰা গোটেই ৰাতি এক গ্লাচ পানীত তিয়াই ৰাখক৷

  •  পিছদিনা ৰাতিপুৱা কম জুইত পানীখিনি উতলাওক৷ কিছুসময় পিছত পানীৰ ৰঙ পাতল হালধীয়া দেখা যাব।

  •  তাৰ পিছত, ইয়াক চাহৰ দৰে গ্রহণ কৰক ৷

  •  জিৰা পান কৰাৰ সময়ত জিৰা বীজখিনিকো চোবাব ৷
জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects



জিৰা পানীৰ পাৰ্শ্বক্ৰিয়া -Side effects of jeera water in Assamese


জিৰা পানী পান কৰাৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া ইয়াৰ মাত্ৰা ওপৰত নিৰ্ভৰ কৰে৷ লগতে জিৰা পানী কোনটো সময়ত গ্ৰহন কৰা উচিত আৰু কিমান মাত্ৰাত সেয়া জনাতো প্ৰয়োজনীয়৷ যদি কোনো ব্যক্তিয়ে অধিক মাত্ৰাত জিৰা পানী পান কৰে তেন্তে তলত উল্লেখ কৰা অসুবিধাসমূহ হব পাৰে৷-


  • জিৰা পানীৰ সেৱন কৰিলে পাচন আৰু গেস্ট্ৰিকৰ সমস্যা দেখি যায়৷ কিন্ত্ত অত্যাধিক জিৰা পানী সেৱন কৰিলেহে এই সমস্যা দেখা যায়৷

  • জিৰাৰ অত্যাধিক সেৱনৰ ফলত কিডনী আৰু লিভাৰ সামান্যভাৱে কাম কৰা প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে৷

  • স্তনপান কৰা মহিলাই জিৰা পানী সেৱন কৰিলে গাখীৰৰ পৰিমাণ হ্ৰাস হব পাৰে৷

  • যিকোনো চাৰ্জাৰী আগে জিৰা পানী সেৱন কৰা উচিত নহয়৷

  • ইয়াৰ narcotic properties আছে যাৰ বাবে ইয়াৰ অধিক মাত্ৰাত সেৱন কৰাৰ ফলত বমি ভাৱ আৰু মস্তিস্কই ভালদৰে কাম কৰাত অসুবিধা হব পাৰে৷

  • ইয়াৰ অত্যাধিক সেৱনৰ ফলত ৰক্তচুগাৰ লেবেল পৰিমানতকৈ অধিক কম হব পাৰে৷ লগতে মাহেকীয়া সময়ত অধিক ৰক্তশ্ৰাৱ হব পাৰে৷

  • জিৰা পানী সেৱনৰ ফলত কোনো ব্যক্তিৰ এলাৰ্জীও হব পাৰে৷

আশাঁ কৰো উপৰোক্ত জিৰা পানীৰ ব্যৱহাৰ সম্পৰ্কীয় লিখনিৰদ্বাৰা আপোনালোক উপকৃত হব৷ 
মোৰ অন্য লিখনি পঢ়িবলৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে


মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


মোৰ ফেচবুক পেজ -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


ধন্যবাদ ৷৷


Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese