Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া


দুবৰি বন- Durva grass

আচাৰ্য শ্রী বালকৃষ্ণ, পতঞ্জলি 

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া


দুবৰি বনৰ পৰিচয়- Introduction of Durva grass


দুবৰি বন ভাৰতৰ এটি পবিত্ৰ উদ্ভিদ হিচাবে বিবেচনা কৰা হয়৷
তুলসীদাসে তেওঁৰ লিখনিত দুবৰিক শ্রদ্ধা জনায় লিখিছে -
"ৰাম দুৰ্বাদল শ্যাম, পদ্যাক্ষা পিতাবাসসা"‘("राम दुर्वादल श्याम, पद्याक्षं पीतावाससा।৷’’)

আচার্য সুশ্রুতয়েও কিশোৰসকলৰ বাবে শ্বেত-দুবৰিক শক্তিবৰ্ধক বুলি অভিহিত কৰিছে।


দুবৰি বন হিন্দুসকলৰ বাবে ধৰ্মীয় পূজা-পাতলৰ লগতে গণেশ পূজাৰ উপাসনাত ব্যৱহাৰ কৰা হয়। মনা হয় যে, দুবৰিবন 'অমৃত’ মন্হনৰ সময়ত উৎপত্তি হৈছিল৷ সেইসময়ত ৰাক্ষস আৰু দেৱতাৰ মাজত যেতিয়া অমৃত মন্হন হৈছিল তেতিয়া এটি কলহত অমৃত নিৰ্মাণ হৈছিল আৰু তাৰেই কেইটামান টোপাল পৃথিৱীত আহি পৰিছিল আৰু তাৰপৰাই দুবৰি বনৰ উৎপত্তি হৈছিল৷ 



ধৰ্মীয় অনুষ্ঠান যেনে পূজা, বিবাহ ইত্যাদিত দুবৰি বন ব্যৱহৃত হয়৷ ইয়াক আয়ুৰ্বেদিক ঔষধ হিচাবে এটি ঐতিহ্যবাহী ভেষজ হিচাবে ব্যৱহৃত হৈ আহিছে।  এই বনৰ স্বাস্থ্য সম্পৰ্কীয় বৈশিষ্ট্যৰ কাৰণে প্ৰচুৰ জনপ্ৰিয়তা আছে।  দুবৰি বন কেলচিয়াম, ফচফৰাচ, ফাইবাৰ, পটাচিয়াম আৰু প্ৰটিন আছে যি বিভিন্ন ধৰণৰ স্বাস্থ্য সুবিধা প্ৰদান কৰে।


দুবৰি বনৰ বৈজ্ঞানিক নাম Cynodon dactylon হয়৷  দুবৰি বন Poaceae বংশৰ।  

অন্য ভাষাত দুবৰি বনৰ বিভিন্ন নাম (Name of Durva grass in different language)

ভাৰতৰ বিভিন্ন প্ৰান্তত দুবৰি বনক বিভিন্ন নামেৰে জনা যায়-

দুবৰি বন;Durva grass in-

সংস্কৃতত - শতপৰ্ব, গোলোমী, দুৰ্ভা, নীলদূৰ্বা, ৰুহা, অনন্তা, ভাৰ্গবী, শতপৰ্বিকা, সহস্ৰবীৰ্যা, শতবল্লী, সীতা, হৰিত, শীতকুম্ভী, শীতলী, হৰিতা, শম্ভবী, শ্যামা, শতগ্ৰন্থি, অমৃতা, অনুবল্লিকা, শিবা, সুভাগা,গৌৰী, শান্তা, ৰুহা, অমৰী, মহাবৰী, হস্সালিকা, দুৰ্ভৰা, বহুবীৰ্যা, হৰিতালী, কচ্চৰুহা;



Hindi- হৰি দুব, নীলী দুব, ৰামঘাস, দুব, দুৰ্বা(Durva);


Urdu- দুব (dub);


Odia- ফইতুলনিম (Phaitualnim), দুবোঘাস (Dubboghas)


Kannada- কুদিগাৰিকাই (Kudigarikai), গাৰিকে (Gareike);


Gujrati-ধ্ৰোকদ (Dhrokad), ধ্ৰোহ (Dhroh);


Tamil- অৰুভমপিল্লু (Aruvampillu);


Telegu- দুলু,(Dulu),গাৰিকাগদী; (Garikaggaddi);


Bengali- নীলদুৰ্বা (Neeldurba), দূৰ্বা (Durba);


Nepali- দুবো (Dubo);


Punjabi- দুবৰা (Dubra);


English- Barmuda Grass, Devil”s grass, Dub grass,Couch Grass, Florida grass, Indian doob grass;


দুবৰি বনৰ ব্যৱহাৰ আৰু উপকাৰিতা-Durva Grass Uses and Benefits in Assamese


দুবৰি বনৰ(durba) ঔষধীয় গুণাবলীৰ কাৰণে দুবৰি বন বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদত ব্যৱহৃত হৈ আহিছে৷  আঁহক এই সম্পৰ্কে আৰু বিস্তাৰিত ভাৱে জানক-



মূৰ বিষত দুবৰি বনৰ উপকাৰিতা (Doob Grass Benefits in Headache in Assamese) doob benefits


Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া



মানসিক বা কামৰ হেঁচাৰ ফলত হোৱা মূৰবিষৰ বাবে  সম পৰিমাণৰ দুবৰি বন আৰু চূন পানীৰ লগত পিচি লৈ কপালত লেপ দিলে মূৰ বিষৰপৰা আৰাম পোৱা যায়৷

চকুৰ ৰোগত দুবৰি বনৰ উপকাৰিতা-(Doob Grass Benefits in Eye Disease in Assamese)


কম্পিউটাৰে দীৰ্ঘ ঘন্টা কাম কৰাৰ পিচত বা গোটেইদিন কাম কৰাৰ পিছত চকুৰ বিষ আৰম্ভ হয়৷
চকুৰ বিষৰপৰা উপশম পাবলৈ দুবৰি বন(doob ghas) পিচি লৈ চকুৰ পতাত বান্ধিলে চকুৰ বিষ ভাল হয়৷


নাকৰ পৰা ৰক্তক্ষৰণ হলে  (Benefits of Durva grass in Nose Bleeding in Assamese


- প্ৰচণ্ড উত্তাপ বা শীতৰ কাৰণে কিছু লোকৰ নাকৰপৰা তেজ ওলোৱা সমস্যা হয়৷
তেনেক্ষেত্ৰত, দুবৰি বনৰ ৰসৰ (durva grass juice) ডালিম ফুলৰ ৰসৰ 1-2 টোপাল নাকত দিলে নাকৰ পৰা ৰক্তক্ষৰণ হোৱা হ্ৰাস পায়।


 - দুবৰি বনৰ ৰস (durva grass juice) ৰ ১-২ টোপাল নাকৰ দিলেও  ৰক্তক্ষৰণ হোৱা বন্ধ হয়৷ 


বমি বমি ভাবৰ নিৰাময়ৰ ক্ষেত্ৰত দুবৰি বন উপকাৰী- (Durva Grass Beneficial in Vomiting in Assamese)


মশলাদাৰ খাদ্য খোৱা  বা কোনো ৰোগৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ কাৰণে যদি আপনি বমি কৰে থাকে তেন্তে এইদৰে দুবৰি বন ব্যৱহাৰ কৰতে উপকাৰ পোৱা যায়।


- দুবৰি বনৰ 5 মিলি ৰস পান কৰিলে বমি বন্ধ হৈ যায়।


- দুবৰি বন (ডুব ঘাস) পঞ্চাংগ পিচি ভাত ধুৱা পানী লগত পান কৰিলে বমি বমি ভাব বন্ধ হয়।


 - চাউলৰ ধুৱা পানী লগত দুবৰি বন ৰস (durva ras benefits) পান কৰিলে ত্ৰিদোষ বমি পৰা দ্ৰুত মুক্তি দিয়ে।


ডায়ৰিয়াৰ বাবে দুবৰি বনৰ উপকাৰিতা (Benefit of Durva grass for Diarrhoea in Hindi)


বেছি মশলাদাৰ খাদ্য, প্যাকেটজাতীয় খাদ্য বা বাহিৰৰ খাদ্য খালে  ডায়ৰিয়ায় যদি ৰখাৰ নাম নলয় তেন্তে দুবৰি বনৰ  ঘৰু্া প্ৰতিকাৰ খুব উপকাৰী৷


 - দুবৰি বনৰ সতেজ পঞ্চং স্বৰস (পাঁচ অংগৰ ৰস) গ্ৰহণ ডায়ৰিয়াত উপকাৰী।


 - শুকান আদা আৰু চফৰ লগত দুবৰি বন উতলাই পান কৰালেও ডায়ৰিয়াৰ পৰা মুক্তি দিয়ে।


দুবৰি বনৰ উপকাৰিতা পাইলচৰ বাবে- Durva Grass Benefit for Haemorrhoid in Assamese



পাইলচ ৰোগীৰ বাবে দুবৰি বনৰ ঘৰুৱা প্ৰতিকাৰ অত্যন্ত উপকাৰী প্ৰমাণিত হয়।


 - দুবৰি বনৰ (durba grass) পঞ্চাংগ পিচি দৈ লগত মিহলাই খালে আৰু ইয়াৰ পাত পিচি পাইলচত লেপ দিলেও হেমোৰয়েডত উপকাৰী।


 - 10-30 মিলিলিটাৰ দুবৰি বনৰ কাঢ়া পান কৰিলে ৰক্ত যোৱা পাইলচ ​​আৰু মূত্ৰথলিৰ সমস্যাত লাভ হয়৷ 



পাথৰ অপসাৰণত সহায়তা (Durva Grass Beneficial in Kidney Stone in Assamese)


আজিকালৰি অসন্তোলিত ডায়েট আৰু জীৱনযাত্ৰা কিডনিত প্ৰভাব পেলায়, যাৰ কাৰণে কিডনীত পাথৰৰ সমস্যা হয়৷। দুবৰি বন গ্ৰহণে প্ৰাকৃতিক উপায়েৰে পাথৰ অপসাৰণত সহায়তা কৰে।  


 30 মিলি পানীত দুবৰি বন পিচি তাত মিচিৰি মিহলাই ৰাতিপুৱা আৰু গধূলি খালে পাথৰ অপসাৰণত সহায় কৰে৷ 


প্ৰস্ৰাৱজনিত ৰোগৰ বাবে দুবৰি বন উপকাৰী(Durva Grass Benefits for Urine Diseases in Assamese)

 - 10-30 মিলিলিটাৰ দুবৰি বন মূলৰ কাঢ়া বা ডিকোশন পান কৰিলে osteitis, gonorrhea (গনোৰিয়া) আৰু প্ৰস্ৰাৱৰ প্ৰশমন ঘটে।


 - দুবৰি বনৰ লগত মিচিৰি মিহলাই খালে প্ৰস্ৰাৱৰ ৰক্তপাত বন্ধ হয়।


-  ২-৩ গ্ৰাম দুবৰি বনৰ লগত গাখীৰ মিহলাই চেকি লৈ খালে প্ৰস্ৰাব কমায়।


ৰক্তপ্ৰদৰ(যোনীৰ পৰা ৰক্তস্ৰাৱ) ৰোগত দুবৰি বন উপকাৰী (Durva Grass Beneficial in Metrorrhagia in Assamese)


 - দুবৰি বনৰ ৰসৰ লগত চন্দন ৰ চূৰ্ণ মিহলাই পান কৰিলে ৰক্তপ্ৰদৰ ৰোগ ভাল হয৷

ইয়াৰ প্ৰয়োগ  ৰক্তপাত, গৰ্ভপাত আৰু যোনি ৰোগত ব্যৱহৃত হয়। জৰায়ু শক্তি পায় আৰু গৰ্ভৰ পুষ্টি হয়।



ৰিংওৱাৰ্ম, এলাৰ্জী আদিত দুবৰি বন উপকাৰী (Doob Grass Help to Ease from Ringworm in Assamese)


যদি কোনো ৰোগৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ কাৰণে বা এলাৰ্জিৰ কাৰণে ৰিংওৱাৰ্ম থাকে তেন্তে এইদৰে দুবৰি বন ব্যৱহাৰ কৰিলে উপশম হয়।


 - ৰিংওৱাৰ্ম, খজুলি এলাৰ্জী ইত্যাদিতে চাৰি গুন দুবৰি বনৰ ৰস দিয়া সিদ্ধ তেল প্ৰয়োগ কৰিলে উপকাৰী হয়৷


 - দুবৰি বন আৰু দাৰুহৰিদ্ৰা সমান পৰিমাণে লৈ পিচি আক্ৰান্ত অংশত প্ৰয়োগ কৰিলে উপশম হয়৷


- দুবৰি বনৰ লগত হালধী মিহলাই পিচি লৈ লেপ দিলে যিকোনো চালৰ বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়৷ 


মুখৰ আলসাৰত দুবৰি বনৰ উপকাৰিতা (Durva Grass Beneficial in Mouth Ulcer in Assamese)


আপনি যদি মুখৰ আলসাৰ সমস্যাত ভুগি আছে তেন্তে আপুনি দুবৰি বনৰ ৰস বা দুবৰি বনৰ পাত চোবায় খাওক৷ 

ক্ষতৰ পৰা তেজ ওলালে (Durva Grass Beneficial in Wound in Hindi)


যদি কোনো ক্ষত বা আঘাতৰ কাৰণে ৰক্ত ​​বন্ধ নহয়,তেন্তে দুবৰি বনৰ পেস্ট ক্ষতস্থানত প্ৰয়োগ কৰক৷


মৃগীৰোগৰ বাবে দুবৰি বন লাভকাৰী (Doob Grass for Epilepsy in Assamese)


মৃগীৰোগৰ ব্যথা কমোৱাত এইভাবে দুবৰি বন উপকাৰী।  5-10 মিলিলিটাৰ দুবৰি বনৰ পঞ্চং ৰস পান কৰিলে মৃগী ৰোগ উপশদ হয়৷ 


দুবৰি বনৰ দৰকাৰী অংশ( Useful parts of durva grass)

আয়ুর্বেদৰ মতে দুবৰি বনৰ শিপা, কান্ড, পাত আৰু ফুল ঔষধৰ বাবে ব্যৱহৃত কৰিব পাৰি৷


দুবৰি বন কিদৰে ব্যৱহাৰ কৰিব পাৰি? (How to use Durva grass in Assamese)


বিভিন্ন বেমাৰৰ বাবে দুবৰি বনৰ গ্রহণৰ পদ্ধতি আৰু ব্যবহাৰ সম্পর্কে ইতিমধ্যে বর্ণনা কৰা হৈছে।  


পৰিমাণঃ চিকিৎসকৰ পৰামর্শ অনুযায়ী-


 10-20 মিলি ৰস,


 10-30 মিলি কাঢ়া (Decoction) খাব পাৰে৷ 


আশাঁ কৰো আপোনালোকে এই ঔষধীয় উদ্ভিদৰ বিষয়ে জানি উপকৃত হল৷ ধন্যবাদ৷
If you have a question please contact  
fitassam@gmail.com
নতুবা, Contact কৰিব পাৰে
মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga