লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese

লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese
লাউ-Bottle gourd
বৈজ্ঞানিক নাম : Lagenaria siceraria

লাউ ৰস-About Bottle Gourd/Lauki juice in Assamese

গৰমত আপোনাৰ ডায়েটত  জুইস বা ফলমূলৰ ৰস যুক্ত কৰাৰ চেষ্টা কৰা উচিত, যাতে শৰীৰত পানীৰ অভাৱ নঘটে। এই গৰমত লাউ ৰস অতি উত্তম পানীয়৷ যিসকলে লাউ ৰস পান কৰি পোৱা নাই তেওঁলোকে হয়তু ভাবিব পাৰে যে ইয়াৰ সোৱাদ কেনে হব? আপোনাক জনাও যে যিমান ভাল লাউৰ উপকাৰিতা (benefits of bottle gourd juice)সিমানেই স্বাদলগা হয় লাউৰ জুইচ৷ লাউৰ ৰস পান কৰাৰ বহু উপকাৰিতা আছে যেনে - ওজন হ্ৰাস কৰাত সহায়তা কৰে, স্বাস্থ্যকৰ হৃদয়, সুস্থ হজমৰ লগতে ত্বক আৰু চুলিৰ বাবে উপকাৰী। ইয়াত আপুনি লাউৰ ৰস তৈয়াৰ কৰা পদ্ধতি সম্পৰ্কেও জানিব পাৰিব।  এই নিবন্ধত লাউৰ ৰসৰ উপকাৰিতাৰ লগত সম্পৰ্কিত সমস্ত তথ্য বিস্তাৰিতভাবে জানিব পাৰিব।

লাউৰ ৰসৰ পুষ্টিকৰ উপাদান-Bottle Gourd Juice Nutritional Value in Assamese

(পুষ্টিৰ মাত্ৰা-  100gm)

কেলৰি
15
চডিয়াম
2 mg
ফেট
0 gm
কাৰ্বহাইড্ৰেট
3.7 gm
ডাইটেৰী ফাইবাৰ
1.2 gm
ভিটামিন চি
14%
কেলচিয়াম 
2%
আয়ৰন
1%
মেগনেছিয়াম
2%
পানী
95%

লাউ ৰসৰ উপকাৰিতা- Lauki Juice Benefits In Assamese  

লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese

  • লাউ জুইচ বা ৰসে শৰীৰত পানী কম হব নিদিয়ে আৰু হাইড্ৰেটেড কৰি ৰাখে৷ (Benefits Of Bottle Gourd Juice Keeps Body Hydrated) প্ৰতিদিনে ৰাতিপুৱা এক গিলাচ লাউ জুইচ খালে গৰম সহিব পৰা ক্ষমতা অটুট ৰাখে আৰু হিটস্ট্ৰক কেতিয়াও নহয়৷

  • যিসকল লোকৰ গেচ,বদহজম, কোষ্ঠ্যকাঠিন্য আদিৰ দৰে সমস্যা আছে তেওঁলোকৰ বাবে লাউ ৰস উত্তম৷ (Benefits Of Drinking Bottle Gourd Juice For Healthy Stomach)

  • লাউত থকা ফাইবাৰে হজম প্ৰক্ৰিয়াত সহায় কৰে৷ ফলত হজমৰ লগত জড়িত থকা সমস্যা আঁতৰ হয় (Benefits Of Lauki Juice For Healthy Digestion)

  •  ওজন কম কৰাৰ বাবে লাউ ৰস সেৱন কৰক৷ ইয়াত কেলৰি মাত্ৰা অত্যন্ত কম যাৰ বাবে ওজন কম কৰাত সহায়ক হয়৷ (Benefits Of Lauki Juice For weight loss)


আৰু পঢ়কঃওজন কমোৱাৰ বাবে Intermittent Fasting ৰ উপকাৰিতা – Intermittent Fasting Benefit For Weight Loss in Assamese

  • লাউৰ ৰসত পোৱা ভিটামিন চি, ভিটামিন কে, আৰু কেলচিয়াম পোৱা যায় যাৰ কাৰনে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰি ৰখাত সহায়ক হয়৷ যাৰ কাৰণে  হৃদৰোগৰ পৰাও বাচি থাকিব পৰা যায়৷ (Benefits Of Drinking Bottle Gourd Juice For Healthy Heart)

  • লাউৰ ৰস লিভাৰৰ বাবেও উপকাৰী৷ ইয়াত উপলব্ধ এন্টিঅক্সিডেন্ট,ভিটামিন চি ৰ কাৰনে লিভাৰ সুস্থ হৈ থকাৰ বাবে সহায়ক হয়৷(Benefits Of Lauki Juice For Healthy Liver)

  • অস্বাস্থ্যকৰ ডায়েট, ব্যায়াম নকৰা, অপুষ্টিকৰ আহাৰ, টেনচন ইত্যাদি কাৰনে টোপনিত ব্যাঘাত জন্মে৷ এনেক্ষেত্ৰত প্ৰতিদিনে এগিলাচ লাউ ৰসে আপোনাৰ টোপনিৰ স্বাস্থ্য উন্নত কৰি তুলাৰ বাবে সক্ষম৷(Benefits Of Bottle Gourd Juice For Good Sleep)

  • লাউৰ ৰস ডায়েবেটিচৰ বাবে বিশেষভাৱ জনা যায়৷ লাউৰ ৰসত Loglycemic index থাকে যি ব্লাড চুগাৰ লেবেলক সামান্য কৰি ৰখাত সহায় কৰে৷ লাউ ৰসে হঠাতে ব্লাড চুগাৰ বাঢ়িব বা অত্যাধিক কমিবলৈ নিদিয়ে৷(Benefits Of Drinking Bottle Gourd Juice In Diabetes)

  • লাউৰ ৰসত থকা এন্টিঅক্সিডেন্ট, পলিফেনেল (Polyphenols ) আৰু ফাইটনিউট্ৰিয়েন্টচ (Phytonitrients) ৰ বাবে ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিব পাৰে৷ (Benefits Of Lauki Juice For Strong Immunity)

  • লাউৰ ৰস চাল আৰু চুলিৰ বাবে অতি উপকাৰী৷ লাউৰ ৰসত পোৱা ভিটামিন চি, এন্টিঅক্সিডেন্ট চালৰ বাবে আৰু ভিটামিন বি চুলিৰ বাব অতি উপকাৰী৷ 

লাউ ৰসৰ কিছু ঘৰুৱা প্ৰতিকাৰ


লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese

‣ বৃশ্চিকে কামুৰিলে-For Scorpion Bite

কামুৰা স্থানত লাউৰ পেষ্ট পেস্ট প্ৰয়োগ কৰাৰ লগতে লাউৰ ৰস পান কৰিলে বিষৰ প্ৰভাৱ নাইকিয়া হয়।

‣ ডায়েৰিয়াৰ বাবে-For Diarrhea

লাউ পিচি লৈ উতলাওক আৰু চেকি লৈ দৈ লগত মিহলাওক৷ সোৱাদ অনুসৰি নিেখো দিব পাৰে৷ ইয়াক সেৱন কৰিলে ডায়েৰিয়া উপশম হয়৷ 

‣ কিডনীৰ বিষ- Kidney Pain

 লাউৰ সৰু সৰু টুকুৰা কৰি গৰম কৰক৷ এতিয়া ইয়াৰ ৰস উলিয়াওক৷ এই ৰসেৰে বিষ হোৱা স্হানত মালিচ কৰক৷ 
 ‣ ভৰিৰ তলুৱা পুৰিলে- Burning Of Soles Of The Feet

ভৰিৰ তলুৱাত লাউৰ শাঁহ দি ঘঁহিলে আৰাম পায়৷

‣ দাঁতৰ বিষত-Toothache

 75 গ্ৰাম লাউ, 20 গ্ৰাম নহৰু আৰু লং লওক৷ সকলো পিচি লৈ 1 লিটাৰ পানীত উতলাওক যেতিয়ালৈকে পানী আধা হৈ নাযায়৷ দাত বিষত আৰাম পাবৰ বাবে এই মিশ্ৰন মুখত লৈ মুখৰ ভিতৰত চাৰিওকাষে ঘূৰাওক৷  

‣ পাইলচ - Piles

লাউৰ পাতৰ এটি পেষ্ট তৈয়াৰ কৰক আৰু নিৰাময়ৰ বাবে আক্ৰান্ত স্থানত প্ৰয়োগ কৰক৷

 জণ্ডিচ-Jaundice

এটা লাউ কম জুইত কোমল হোৱাকে পুৰক৷  ইয়াৰ ৰস উলিয়াওক৷ কিছুপৰিমাণে মিচিৰি মিহলাওক আৰু খাওক৷ এই মিশ্ৰনে আক্ৰান্ত লিভাৰক আৰাম দিয়ে আৰু  জণ্ডিচ নিৰাময় কৰে৷

  হৃদৰোগ-Heart Disease

 1 কাপ জাতিলাউ ৰসত  কিছুপৰিমাণে জালুক গুড়ি আৰু পদিনা যোগ কৰক আৰু পান কৰক৷
‣ কলেৰা-Cholera


 25 মিলি লাউৰ ৰসৰ লগত 1/2 টা নেমুৰ ৰস মিহলাই পান কৰক।

‣ উচ্চ কলেস্টৰেল-High cholesterol

লাউৰ বীজৰ তেলে কলেস্টেৰল হ্ৰাস কৰে, ধমনীসমূহ পৰিষ্কাৰ কৰে আৰু হৃদয়ক শক্তি দিয়ে।  

‣ অৰেল ৰিহাইড্ৰেশন থেৰাপি / ডায়েৰিয়া-Oral Rehydration Therapy/Diarrhea

লাউৰ ৰসৰ লগত যদি এক চিকুট নিমখ আৰু স্বাদ অনুসৰি চেনি মিহলাই পান কৰে এই মিশ্ৰনে Oral Rehydration Therapy হিচাবে কাম কৰে

‣ পেটজনিত ৰোগ যেনে গেচ / এচিডিটি / আলসাৰ / বদহজম ইত্যাদি-Stomach Diseases Like Gas/Acidity/Ulcer/Indigestion etc

 প্ৰতিদিন লাউৰ ৰস পান কৰক।

‣ অনিদ্ৰা-Insomnia

লাউৰ ৰসৰ লগত কিছু তিল তেল মিহলাওক আৰু শুৱাৰ আগে ভৰিৰ তলুৱা মালিচ কৰক৷ 

‣ গাউট- Gout

লাউৰ পেষ্ট আক্ৰান্ত স্হানত বান্ধি ৰাখক৷

 নাক ৰক্ত-Nose Bleed

লাউৰ ৰস উতলাই সেৱন কৰক।

‣ ফেচিয়েল পিগমেন্টেশন-Facial Pigmentation/Freckles

লাউৰ শাঁহ মুখত কিছুসময় লগাওক৷ 

‣ পিম্পলচ - Pimples

 লাউ ৰসৰ লগত নেমু ৰস মিহলাই লগাওক৷

লাউ ৰসৰ পার্শ্ব প্রতিক্রিয়া/সাৱধানতা- Side effects of and Precautions


যিকোনো বস্তুৰ সেৱন সঠিক মাত্ৰাত কৰা উচিত কাৰন স্বাস্থ্যকৰ বস্তুৰ সেৱন অত্যাধিক কৰিলেও ইয়াৰপৰা পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে৷

লাউ যাতে তিতা নহয় সেয়া মন দিয়া উচিত৷ কিছুমান লাউ ৰস তিতা হব পাৰে৷ তেনে ৰস সেৱন নকৰিব৷ 

লাউ ৰসৰ লগত অন্য জুইচ যোগ নকৰিব৷

গর্ভবতী মহিলাসকলৰ লাউৰ ৰস পান কৰাৰ পৰা পৰামর্শ দিয়া নহয়।  

লাউ সতেজ হোৱা উচিত আৰু লগে লগে ৰস উলিয়াই খোৱা উচিত৷


আশাঁ কৰো উপৰোক্ত “লাউৰ ৰস” সম্পৰ্কীয় লিখনিৰদ্বাৰা আপোনালোক উপকৃত হব৷ 
মোৰ অন্য লিখনি পঢ়িবলৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে


মোৰ Intagram page -
https://www.instagram.com/fitassam?r=nametag


মোৰ ফেচবুক পেজ -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


ধন্যবাদ ৷৷

References




Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese