চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese

ডায়বেটিচত ৰক্তত গ্লুকজৰ মাত্ৰা (diabetes glucose level) স্বাভাৱিকৰ পৰা অতিমাত্ৰা বৃদ্ধি পায়৷  বৰ্তমান পৰ্য্যন্ত ইয়াৰ কোনো ধৰনৰ স্থায়ী চিকিৎসা উলোৱা নাই৷ সেয়েহে, আপুনি যদি ডায়বেটিচ নিয়ন্ত্ৰণ (diabetes control) কৰিব বিচাৰে, তেন্তে আপুনি  ভাল পুষ্টিকৰ ডায়েট (diabetes diet) আৰু আপোনাৰ জীৱনশৈলীতৰ পৰিবৰ্তন আনিব লাগিব৷

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese

ঘৰুৱা প্ৰতিকাৰৰ মাধ্যমেৰে এই ৰোগবিধ অনেকাংশ হ্ৰাস কৰিব পৰা যায়।  আঁহক জানো কিদৰে ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে ডায়বেটিচক নিয়ন্ত্ৰণ কৰিব পাৰি৷ আয়ুৰ্বেদ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ফলমূল, শাকসবজি আৰু বিভিন্ন গছৰ পাত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত আৰু ইনচুলিন ব্যৱহাৰত শৰীৰৰ ক্ষমতা বৃদ্ধিত কাৰ্যকৰ।

তুলসী পাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা - tulsi leaves for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
তুলসী পাত

তুলসী পাত অগ্ন্যাশয়ত (pancreas)  বিটা-কোষৰ ক্ৰিয়াকলাপ সমূহ সুচাৰুৰূপে পৰিচালিত কৰি ৰাখে, ফলত সঠিক পৰিমাণে ইনচুলিন উৎপাদন হয় আৰু  ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হয়।  

ডায়বেটিচ ৰোগীৰ বাবে প্ৰতিদিন ৰাতিপুৱা খালি পেটত 2 পৰা 4 খিলা তুলসী পাত চোবোৱা উপকাৰী।  

‣ কেইখিলামান তুলসী পাত লৈ এক গিলাচ পানীত ৰাতিটো ৰাখি পিছদিনা ৰাতিপুৱা খালী পেটত গ্ৰহন কৰক৷

‣ চাহ বনোৱা পানীত কেইখিলামান তুলসী পাত চাহপাতৰ লগতে দি উতলাই খাওক৷

‣ মৌ, নেমু আৰু তুলসী পাতৰ হাৰ্বেল টি তৈয়াৰ কৰি খাওক৷ মনত ৰাখিব যে, মৌ আৰু নেমু ৰস পিছত সংযোগ কৰিব৷

অমিতাৰ পাতেৰে  ডায়বেটিচৰ চিকিৎসা- Papaya leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
অমিতা পাত

অমিতা পাত খালে শৰীৰৰ ইনচুলিন ব্যৱহাৰৰ ক্ষমতা বাঢ়ে। ইয়াৰ সেৱনৰ ফলত গ্লুকজ দ্ৰুতভাৱে শক্তিলৈ ৰূপান্তৰিত হবলৈ ধৰে৷ অমিতাৰ পাত কিডনী ব্যৰ্থতাৰ জটিলতা হ্ৰাসত, লিভাৰ বৃদ্ধি সমস্যাত খুব কাৰ্যকৰ।  

প্ৰতিদিনে ৰাতিপুৱা পানীত 8-10 খিলা অমিতাৰ পাত উতলাই খাওক৷ 

‣ যদি অমিতাৰ পাতৰ জুইচ (diabetes juice) তিতা আৰু স্বাদহীন লাগে তেন্তে আপুনি প্রতিদিনে এক বা দুই কাপ অমিতাৰ পাতৰ চাহ পান কৰিব পাৰে। ইয়াক প্ৰস্তুত কৰা খুব সহজ।  প্রথমে অমিতাৰ পাত লৈ ভালদৰে ধুই সৰু সৰু কৈ কুটি লওক৷ এতিয়া এটি পাত্রত ডেৰ কাপ পানীত অমিতাৰ পাতসমূহ দি ২-৩ মিনিট উতলাওক৷ তাৰপিচত, পানীখিনি চেকি লৈ  চাহ হিচাবে পান কৰক৷ ইচ্ছা কৰিলে আপুনি ইয়াত মৌ যোগ কৰিব পাৰে।  

নীম পাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা- Neem leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
নীম পাত

অন্ত্ৰয়ে গ্লুকজ গ্ৰহণে বাধা দিয়াৰ উপৰিও নীম পাতে ইনচুলিন ব্যবহাৰৰ শৰীৰৰ ক্ষমতা বৃদ্ধি কৰে।  ডায়বেটিচৰ ঔষধৰ উপৰত নিৰ্ভৰতা হ্ৰাস কৰাৰ বাবে ইয়াৰ গ্ৰহণযোগ্যতা কাৰ্যকৰ বুলি বিবেচিত হৈছে। 

বিশেষজ্ঞসকলে প্ৰতিদিনে ৰাতিপুৱা খালি পেটত নীমৰ সতেজ পাত পিচি তাৰ এক চামুচ ৰস খোৱাৰ পৰামৰ্শ দিয়ে৷  

‣ নতুবা, 20 খিলা নীমপাত এক লিটাৰ পানীত পাঁচ মিনিট সময় উতলাওক৷ যেতিয়া পাতসমূহ কোমল হৈ যাব আৰু পানীখিনি গাঢ় সেউজীয়া ৰঙ আহিব তেতিয়া পানীখিনি চেকি লৈ বটলত সংৰক্ষিত কৰি ৰাখক৷ এই পানী দিনটোত দুবাৰকৈ গ্ৰহন কৰক৷

আম পাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা - Mango leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
আম পাত

বিশেষজ্ঞসকলে ডায়েবেটিচ ৰোগীক আমৰ সেৱন কৰিব নালাগে বুলি পৰামৰ্শ দিয়ে কিন্ত্ত আমৰ পাত এই বেমাৰৰ চিকিৎসাত বিশেষ ভূমিকা গ্ৰহন কৰে৷ আচলতে আমৰ পাতে গ্লুকজ শোষণ কৰাত অন্ত্ৰৰ ক্ষমতা হ্ৰাস কৰে৷ ফলত ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে।

আমৰ পাত শুকোৱাই পাউদাৰ তৈয়াৰ কৰি লওক৷ আহাৰ গ্ৰহনৰ এক ঘন্টা আগেয়ে পানীত আধা চা চামুচ মিহলাই খালে উপকাৰ হয়।  

তেজপাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা- Tejpatta leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
তেজপাত

তেজপাতত উপস্থিত আয়ৰন, কপাৰ দৰে মিনাৰেলচে  অগ্ন্যাশয়ৰ (pancreas) বিটা-কোষক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে, যাৰফলত কোষসমূহে  ইনচুলিনৰ উৎপাদন ত্বৰান্বিত কৰে।  

ডায়বেটিচ ৰোগীৰ বাবে প্ৰতিদিনে ৰাতিপুৱা খালি পেটত 8 ৰপৰা 10 খিলা তেজপাত চোবোৱা উপকাৰী।

‣ আপুনি তেজপাতৰ গুড়ি তৈয়াৰ কৰিও ব্যঞ্জন বা চালাদত প্ৰয়োগ কৰিব পাৰে৷

‣ তেজপাতৰ চাহ খাব পাৰে৷

জামুপাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা- Berries leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
জামু পাত

জামু পাতত থকা Myrillin নামৰ এটি যৌগয়ে ৰক্তত চেনিৰ মাত্ৰা হ্ৰাস কৰাত কাৰ্যকৰ৷

ব্লাডচুগাৰ বাঢ়িলে ৰাতিপুৱা চাৰিৰ পৰা পাঁচখিলা জামু পাত পিচি লৈ খাব৷ যেতিয়া চুগাৰ নিয়ন্ত্ৰণ হৈ যায় তেতিয়া ইয়াৰ গ্ৰহণ বন্ধ কৰি দিব৷


মধুনাশিনী বা মেষশৃংগী (Gurmar) পাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা- Gurmar leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
মধুনাশিনী/Gurmar

অগ্নাশয়ত ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাত মধুনাশিনী পাত ডায়বেটিচৰ চিকিৎসাৰ বাবে বহুত উপকাৰী৷ ইয়াৰ গ্ৰহণৰ ফলত গ্লুকজ শক্তিত ৰূপান্তৰিত হোৱাৰ গতি বৃদ্ধি পায়। মিঠাৰ ৰ প্ৰতি থকা আগ্ৰহ প্ৰশান্ত কৰাৰ ক্ষেত্ৰতো খুব কাৰ্যকৰ বুলি প্ৰমাণিত হৈছে।  

বিশেষজ্ঞসকলে ডায়েবেটিচ ৰোগীক ৰাতিপুৱা খালি পেটত মধুনাশিনীৰ দুই বা তিনি খিলা পাত চোবোৱাৰ পৰামৰ্শ দিয়ে৷

‣ দুপৰীয়া আৰু ৰাতি আহাৰ গ্ৰহনৰ আধা ঘন্টা পিছত পানী লগত এক চা চামুচ পিচি লোৱা মধুনাশিনী পাত খালে ডায়েবেটিচৰ বাবে উপকাৰী৷ 

মধুৰিআমৰ পাতৰ জৰিয়তে ডায়বেটিচৰ চিকিৎসা- Guava leaves benefits for diabetes in Assamese

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese
মধুৰি পাত


মধুৰিআমত ভিটামিন চি প্রচুৰ পৰিমাণে থাকে ৷ ইয়াত ভিটামিন এ, ফোলেট, পটাচিয়ামো পোৱা যায়।  মধুৰিআমত কম গ্লাইচেমিক ইনডেক্স(GI- glycaemic index) থাকে, যি ৰক্ত শর্কৰাক নিয়ন্ত্রণ কৰি ৰখাত সহায়ক।
  
মধুৰিআমৰ পাত 5-6  খিলা ভালদৰে ধুই লওক৷  ইয়াৰ পিছত এই পাতসমূহ প্রায় 1 লিটাৰ পানীত 10 মিনিটৰ বাবে উতলাওক৷ তাৰপিছত পানীখিনি চেকি লৈ চাহৰ দৰে পান কৰক৷ আপুনি ইচ্ছা কৰিলে ইয়াত মৌ যোগ কৰিব পাৰে৷  

এই বনৌষধি লগতে নিজৰ দৈনন্দিন খাদ্যপ্ৰনালী সলনি কৰি ডায়েবেটিচৰ পৰা ৰোগমুক্ত (diabetes cure) হব পৰা যায়৷ ইয়াৰ বাবে ডায়েবেটিচ ডায়েট চাৰ্ট”(diabetes diet chart) মানি চলিলে অধিক সুফল পোৱা যায়৷

এই সম্পৰ্কে জানিবলৈ পঢ়কঃ ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট

আৰু পঢ়কঃ ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

মোৰ অন্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com


নতুবা, Contact কৰিব পাৰে




মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ ৷৷









Popular Posts

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)