লিভাৰ চিৰচিচ কিয় হয়? লক্ষণ আৰু সাৱধানতা- chirrhosis in liver in Assamese

হাৰ্ট বা হৃদয়ৰ পিছতে মানৱ দেহৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ অঙ্গ হৈছে লিভাৰ৷  লিভাৰ দেহৰ বৃহত্তম অঙ্গ।  যদি আপোনাৰ লিভাৰ ভালে থাকে তেন্তে আপোনাৰ স্বাস্থ্যও ঠিকে থাকিব।  লিভাৰ ডিজিজ সাম্প্ৰতিক সময়ত বিপদজনক ৰূপ লব আৰম্ভ কৰিছে।  চিকিৎসকে লিভাৰ চিৰচিচ(cirrhosis in liver)ক কেন্সাৰৰ পিছতে সকলোতকৈ বিপদজনক ৰোগ বুলি মানে।  বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) ৰিপোৰ্ট অনুসৰি, লিভাৰ চিৰচিচ(liver cirrhosis)ৰ 20 ৰপৰা 50 শতাংশ ক্ষেত্ৰত অত্যাধিক পৰিমাণে এলকোহল গ্ৰহণৰ কাৰণে ঘটে।  যদি এই ৰোগৰ সময়মতে চিকিৎসা  কৰা নহয় তেন্তে ই এটি মাৰাত্মক হব পাৰে।


লিভাৰ চিৰচিচ(liver cirrhosis) কি?

liver cirrhosis meaning in Assamese


লিভাৰ চিৰচিচ কিয় হয়? লক্ষণ আৰু সাৱধানতা- chirrhosis in liver in Assamese



লিভাৰ চিৰচিচ (liver cirrhosis) ৰোগত, শক্তিশালী স্কেৰ টিস্যুয়ে(scar tissue) লিভাৰৰ স্বাস্থ্যকৰ টিস্যুৰ স্হান লৈ লয়। ইয়াক  scarring in the liver বুলিও কোৱা হয়। এয়া হয় যেতিয়া লিভাৰ কোনো কাৰনত ক্ষতিগ্ৰস্থ হয়, তেতিয়া এটি নিজকে মেৰামতি কৰাৰ চেষ্টা কৰে।  এই ক্ৰিয়াকলাপৰ ফলত স্কেৰ টিস্যু (scar tissue) গঠিত হয় যি স্বাস্থ্যকৰ লিভাৰ টিস্যুক প্ৰতিস্থাপন কৰে আৰু লিভাৰক কঠিন কৰি তোলে। লিভাৰ সংকোচিত আৰু সৰু হৈ যায়৷


মন কৰিবলগীয়া বিষয় এই অসুস্থতা হঠাৎ নহয়৷ লিভাৰ চিৰচিচ(liver cirrhosis)ৰ বিকাশ হবলৈ বহু বছৰৰ সময় লাগে। যকৃতৰ দীৰ্ঘদিনীয়া কোনো সমস্যাৰ অন্তিম পৰিণতিৰৃপে চিৰচিচ দেখা দিয়ে। যদি সময়মতে চিকিৎসা কৰা নহয় তেন্তে, শেষত লিভাৰ বিকল(liver failure) হোৱাৰ সম্ভাৱনা থাকে।

 

চিৰচিচ বৃদ্ধিৰ লগে লগে লিভাৰত আৰু বেছি স্কেৰ টিস্যু (scar tissue) গঠন আৰম্ভ হয় যাৰ অৰ্থ যকৃতত কম স্বাস্থ্যকৰ টিস্যু থাকি যায়।  স্কাৰ টিস্যু যকৃতত ৰক্তৰ প্ৰবাহ বন্ধ কৰি দিয়, যি লিভাৰৰ কাম-কাজ কৰা ক্ষমতাত বহুত প্ৰভাৱ পেলায়। ফলত পুষ্টি উপাদান, হৰমন আৰু প্ৰাকৃতিক টক্সিনসমূহৰ প্ৰক্ৰিয়াজাতকৰণ কৰাত বাধা উৎপন্ন হয়।



কিছু পৰিসংখ্যা-Some statistics


 - ভাৰতত প্ৰতি বছৰে লিভাৰ চিৰচিচ(liver cirrhosis)ৰ প্ৰায় 10 লাখ ৰোগী নতুনকৈ নিৰ্ণয় হয়।বিশ্ব স্বাস্থ্য সংস্থা (WHO) অনুসৰি লিভাৰ ৰোগ ভাৰতত মৃত্যুৰ দশম (tenth) সাধাৰণ কাৰণ।


 - লিভাৰৰ অসুখত 5 জন ভাৰতীয়ৰ প্ৰত্যেককেই আক্ৰান্ত কৰিব পাৰে।


 - লিভাৰ চিৰচিচ(liver cirrhosis) হ'ল বিশ্বত মৃত্যুৰ 14 তম প্ৰধান কাৰণ৷


 - হেপাটোচেলুলাৰ কাৰ্চিনোমা (এইচসিসি) অৰ্থাৎ Hepatocellular carcinoma (HCC) যকৃতৰ এটি কেন্সাৰ, বিশ্বত অপুষ্টিজনিত(malignancy) কাৰণে হোৱা মৃত্যুৰ দ্বিতীয় সকলোতকৈ সাধাৰণ কাৰণ।



লিভাৰ চিৰচিচ(liver cirrhosis)ৰ লক্ষণসমূহ- liver cirrhosis symptoms in Assamese


চকু,মুখ হেঁতা পৰি শৰীৰত তেজ কম হোৱা যেন দেখা, 

ক্লান্ত ভাৱ

দুৰ্বলতা অনুভৱ কৰা

ভোক কম হোৱা

টোপনি কম হোৱা

ওজন কম হোৱা

লিভাৰৰ স্হানত তীব্ৰ বিষ হয়

বমি বমি ভাব 

খজুৱতি

জিভাত বগা চামনি পৰে, 

শৌচ কচা হয়, শৌচত শাওঁ পৰে, পেটত গেছ হয়

লিভাৰ চিৰচিচ(liver cirrhosis) হলে ৰোগীৰ কামিহাড়বোৰ উলাই পৰে৷ বুকু আৰু পেটৰ সিৰবোৰ শকত হয়৷ প্ৰথমে ভৰি ফুলে বা মুখ ফুলে বা পিছত পেট ফুলে৷ 



লিভাৰ চিৰচিচ(liver cirrhosis) গুৰুতৰ ৰৃপ ললে নিম্নলিখিত লক্ষণসমূহ দেখা দিয়ে-

liver cirrhosis symptoms in Assamese


লিভাৰ চিৰচিচ কিয় হয়? লক্ষণ আৰু সাৱধানতা- chirrhosis in liver in Assamese


কিছু লোকৰ লিভাৰ জ্বলি কলা আলকাতৰাৰ দৰে শৌচ হয়

দ্ৰুত হাৰ্ট ৰেট

পেশী বিষ

নাকৰ পৰা ৰক্তপাত

কান্ধৰ বিষ হয় বিশেষকৈ বাওঁ কান্ধত হয়

উশাহ চুটি হোৱা

ভ্ৰম হোৱা, মূৰ ঘূৰনি

ত্বক হালধীয়া, চকু বগা

স্মৃতি সম্পৰ্কিত সমস্যা হোৱা

চেক্স ড্ৰাইভ হ্ৰাস

অবিৰামভাৱে জ্বৰ

প্ৰসাৱ কম হয় বা নহয়

তেজ বমি হয়

শৌচৰ লগত তেজ ওলাই



লিভাৰ চিৰচিচ (liver cirrhosis)ৰ কাৰনসমূহ- liver cirrhosis causes in Assamese



চিৰচিচ অন্যান্য সম্ভাব্য কাৰনসমূহৰ মাজত আছে: 

liver cirrhosis causes in Assamese


‣ ভাৰতবৰ্ষত লিভাৰ চিৰচিচ(liver cirrhosis)ৰ অন্যতম কাৰন হল অত্যাধিক এলকহলৰ সেৱন৷ এই চিৰচিচক কোৱা হয় alcoholic liver cirrhosis(ALC)


‣ ডায়েবেটিচ আৰু লগতে মেদবহুলতাৰ ফলত


‣ পিত্ত নলী(bile) ফোলা ভাব আৰু ঘা লাগিলে systomiasis দৰে সংক্ৰমণ 


‣ ঔষধ যেনে methotrexate অতিৰিক্ত ব্যৱহাৰ 


‣ জেনেটিক হজমজনিত ব্যাধি(Genetic digestive disorders)


‣ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দ্বাৰা সৃষ্ট  লিভাৰ ডিজিজ (autoimmune hepatitis-হেপাটাইটিস) 


‣ দেহত অতিৰিক্ত আয়ৰন (হিমোক্ৰোম্যাটোচিচ-hemochromatosis)


‣ চিস্টিক ফাইব্ৰোচিচ (Cystic fibrosis)


‣ লিভাৰত কপাৰ জমা হলে (Wilson's disease) 


‣ পিত্ত নলীসমূহ বেয়া হোৱা (primary bilary cirrhosis) নতুবা পিত্ত নালীসমূহৰ দুৰ্বলতা (bilayer astressia)


‣ চুগাৰ মেটাবলিজম আনুবাংশিক ৰোগ (গ্ল্যাকটোচেমিয়া বা গ্লাইকোজেন স্টোৰেজ-galactosemia or glycogen storage)


চিৰচিচৰ জটিলতা বাঢ়ি যোৱা কাৰন-


‣ অত্যাধিক মাত্ৰাত মদ্যপান


‣ কোনো আনুবাংশিক লিভাৰ ৰোগৰ বাবে যি লিভাৰৰ ৰোগৰ কাৰন হব পাৰে৷


‣ কোনো প্ৰতিৰক্ষা প্ৰনালী সম্পৰ্কীয় সমস্যা


‣ যদি আপুনি মেদবহুলতাত (Obesity) ভুগি আছে আৰু যদি আপুনাৰ ফেটি লিভাৰৰ সমস্যা আছে৷


‣ দীৰ্ঘসময় ধৰি লিভাৰৰ ৰোগ হোৱা যেনে হেপেটাইটিচ বি,হেপেটাইটিচ সি ৷


‣ ডায়েবেটিচৰ লগতে ফেটি লিভাৰ সমস্যা মাৰাত্মক হব পাৰে৷


কেনেদৰে চিৰচিচ প্ৰতিৰোধ কৰিব Prevention of liver cirrhosis in Assamese


এলকোহলৰ পৰিমাণ সীমাবদ্ধ কৰক - যদি আপনাৰ চিৰচিচ সমস্যা এলকোহলৰ লগত সম্পৰ্কিত হয় তেন্তে আপুনি অবিলম্বে এলকোহল গ্ৰহণ বন্ধ কৰা উচিত। মদ বা এলকোহলে চিৰচিচৰ বৃদ্ধিৰ গতি আৰু অধিক কোনও ত্বৰান্বিত কৰি তোলে লাগিলে চিৰচিচ যি কাৰনতে নহওক কিয় ৷ যদি আপনাৰ এলকোহল গ্ৰহণ কমোৱাত সমস্যা হয় তেন্তে আপোনাৰ ডাক্তৰৰ পৰামৰ্শ লওক৷


হেপাটাইটিচৰপৰা  নিজক ৰক্ষা কৰক-  হেপাটাইটিস বি আৰু হেপাটাইটিস সি উভয়েই অসুৰক্ষিত লিঙ্গৰ মাধ্যমেৰে বা একে ইনজেকশন ব্যৱহাৰেৰ মাধ্যমেৰে সংক্ৰমিত হয়৷ যৌন সংগমৰ সময়ত কনডম ব্যৱহাৰ কৰা আৰু অন্য কাৰোবাৰ দ্বাৰা ব্যৱহৃত বেজী ব্যৱহাৰ নকৰা হেপাটাইটিস বি আৰু সি ৰ জটিলতা হ্ৰাস কৰিব পাৰে ৷ হেপাটাইটিস বি ৰ টিকা পোৱা যায় কিন্ত্ত বৰ্তমানলৈকে হেপাটাইটিস সি ৰ কোনো ভেকসিন উপলব্ধ নহয়।  


শাৰীৰিক গতিবিধি-  যোগ, মেডিটেচন, প্ৰানায়ম, কপালভাটি কৰক৷ ৰাতিপুৱা খোজকাঢ়ক৷ ওজন নিয়ন্ত্ৰণ কৰিবৰ বাবে যত্নপৰ হওক৷


লিভাৰ চিৰচিচ কিয় হয়? লক্ষণ আৰু সাৱধানতা- chirrhosis in liver in Assamese


খাদ্যপ্ৰনালী- liver cirrhosis diet in Assamese

চিৰচিচ গুৰুতৰ পর্যায় পালে অর্থাৎ যকৃতৰ অধিকাংশই শুকাই যােৱা অৱস্থা হ'লে, ৰোগী আৰােগ্য হােৱাৰ সম্ভাৱনা নাথাকে। কিন্তু ৰােগ আৰম্ভ হােৱাৰ লগে লগে চিকিৎসা(cirrhosis of liver treatment) কৰিলে ৰােগ বৃদ্ধি হােৱাটো ৰােধ কৰিব পাৰি । ৰােগীয় সহজতে হজম হােৱা কোমল খাদ্য খাব লাগে৷ পুৰণি চাউলৰ ভাত উপকাৰী। প্রতিদিনে দুবাৰকৈ কেঁচা পিয়াজ খােৱা ভাল। পালেংশাক, মানুমুনি, গাজৰ, বিলাহী, অমিতা আদি উপকাৰী পাচলি। প্ৰতিদিনে মানিমুনি ৰস উলিয়াই খাব পাৰিলে ভাল৷ স্হাস্হ্যকৰ প্ৰটিন উৎস যেনে টফু,গাখীৰ, দৈ, পিনাট বাটাৰ(peanut butter) খাওক৷ জামু , আপেল, লিচু আদি ভাল ফল। দৈৰ ঘােল বেছিকৈ খাব লাগে। মিঠাই আৰু চেনি পৰাপক্ষত নােখােৱাকৈ থকা ভাল। চেনিৰ পৰিৱর্তে কিচমিচ খাব পাৰি। ৰুটি বেছিকৈ খাব নালাগে। আঞ্জাতিৰকাৰিত মছলা দিব নালাগে। ঘিউ বা তেলত ভজা খাদ্য খােৱা উচিত নহয়। মদ্যপানৰ পৰা বিৰত থকাটো অত্যন্ত জৰুৰী৷ কেফেইনযুক্ত কফি ৰ সেৱন ফ্ৰাইবচিচ আৰু লিভাৰ কেন্সাৰৰপৰা ৰক্ষা কৰিব পাৰে৷ দিনে দুবাৰ কফি সেৱন কৰিব পাৰে৷ বাহী বস্তু খোৱা উচিত নহয়৷ আহাৰ কোমল আৰু সহজে হজম হোৱা বিধৰ হব লাগে৷ 



Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese