ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

  

ডায়বেটিচ এটি বিপাক ৰোগ (metabolic disease) যত ৰক্ত শৰ্কৰাৰ স্তৰ অধিক হয় আৰু এই সমস্যা দীৰ্ঘসময় ধৰি চলি থাকে। উচ্চ ৰক্ত শৰ্কৰাৰ মাত্ৰাৰ (diabetes blood sugar level)  কাৰণে ঘনাই ঘনাই প্ৰস্ৰাৱ, তৃষ্ণা আৰু ভোক বৃদ্ধি পায়। ডায়বেটিচৰ চিকিৎসা( diabetes treatment) নকৰিলে বহু জটিলতাই দেখা দিব পাৰে।  ডায়বেটিচৰ কাৰণে, কোনো ব্যক্তিৰ অগ্ন্যাশয়ে (pancreas) পৰ্যাপ্ত ইনচুলিন উৎপাদন কৰিব নোৱাৰে বা দেহৰ কোষসমূহে ইনচুলিনৰ সঠিকভাবে প্ৰতিক্ৰিয়া জনাব নোৱাৰে। ইনচুলিনৰ কাম হৈছে অন্যান্য কোষলৈ গ্লুকজ পৰিবহন কৰা কিন্তু ডায়বেটিচ ৰোগীৰ শৰীৰে ইনচুলিন গঠনৰ বন্ধ হৈ যায় বা হ্ৰাস পায় যাৰ কাৰণে শৰীৰত চেনিৰ পৰিমাণ বা গ্লুকজৰ (diabetes glucose level) পৰিমাণ বৃদ্ধি পায়। 


ডায়বেটিচ বা মধুমেহ কি? diabetes definition in Assamese

আয়ুৰ্বেদত ডায়বেটিচক মধুমেহ( madhumeh in Assamese) বুলি কোৱা হয়।  অনুপযুক্ত ডায়েটিং, ব্যায়াম অনুশীলন নকৰা, শাৰীৰিক পৰিশ্ৰম কম কৰা, অত্যধিক মানসিক চাপ ইত্যাদি এই সমস্ত কাৰণত ব্যক্তিৰ ত্ৰিদোষ অৰ্থাৎ বাত, পিত্ত আৰু কফৰ ভাৰসাম্যহীন হৈ পৰে আৰু ফলত ডায়বেটিচৰ কাৰণ( diabetes causes) হয়।

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট-diabetes diet chart in Assamese


ডায়বেটিচ নিয়ন্ত্ৰণৰ বাবে প্ৰথমে ডায়েট (diabetes diet) আৰু জীৱনশৈলী পৰিবৰ্তন কৰা অত্যন্ত দৰকাৰ।  অন্যথা চেনি বা শৰ্কৰা নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে।  ডায়বেটিচ এটি বিপাকীয় ব্যাধি (matabolic disease)। সৰলভাৱে কব গলে, আমি যি খাদ্য গ্ৰহন কৰো সেয়া গ্লুকোজলৈ ৰূপান্তৰিত হয় আৰু ৰক্তৰ মাধ্যমেৰে গোটেই শৰীৰে পায়।  ইনচুলিন হ’ৰমনে তাৰপিছত গ্লুকোজক শক্তিলৈ ৰূপান্তৰ কৰে। ডায়বেটিচৰ কাৰণে, দেহত পৰ্যাপ্ত পৰিমাণে ইনচুলিন তৈয়াৰ নহয় যাৰবাবে শৰীৰে সঠিকভাবে ইনচুলিন ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ উপৰি, দেহত শৰ্কৰা, স্টাৰ্চ আৰু অন্য খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰে।  গতিকে, কোনো ব্যক্তিৰ ডায়েট(diabetes diet plan) বা খাদ্যপ্ৰনালী ব্যক্তিজনৰ ৰক্তচাপ স্তৰ, ৰুটিন, ব্যায়াম অনুশীলনৰ অভ্যাস, শৰীৰৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।  

ডায়বেটিচ ৰোগীৰ খাদ্যত (diabetes food in Assamese)

  • 60 শতাংশ কাৰ্বহাইড্ৰেট,

  • 20 শতাংশ ফেট আৰু

  • 20 শতাংশ প্ৰটিন থকা উচিত


দুটা মৌচুমী ফল আৰু তিনি ধৰণৰ শাক- চবজি অৱশ্যই খোৱা উচিত।  মাংস পৰাপক্ষত নোখোৱা ভাল বিশেষকৈ ৰঙা মাংস(red meat) মুঠেই খোৱা উচিত নহয়। লগতে চেনিৰ লগতে নিমখৰ ব্যৱহাৰ কৰা ক্ষেত্ৰত সাৱধান হোৱা ভাল৷

নিমখৰ ব্যৱহাৰ কেনেদৰে কৰিব সেই বিষয়ে জানিবলৈ পঢ়ক- আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব?

প্ৰথমতে, জানো আঁহক ডায়বেটিচৰ ডায়েট চাৰ্ট (diabetes diet chart) কেনে হোৱা উচিত-

ৰাতিপুৱা শুই উঠাৰ পিচত এক গ্লাচ মেথিগুটিৰ পানী খাব লাগে৷ 

কেনেদৰে মেথি পানী তৈয়াৰ কৰিব সম্পৰ্কে ভালদৰে জানি লওঁক- মেথি পানীৰ উপকাৰিতা, কেতিয়া খাব আৰু কেনেকৈ খাব

এক ঘন্টা পিছত আপুনি চেনি নিদিয়া চাহ আৰু সামান্য মিঠা সহ 2-3 খন বিস্কুট খাব।

ব্ৰেকফাষ্টত (diabetes breakfast) এক বাটি অঙ্কুৰিত শস্য (বুট,মগু,চানা), সৰ নথকা গাখীৰ বা এক/ দুই বাটি ওটমিল(oats)বা দালিয়া আৰু ব্ৰাউন ব্ৰেড খাব৷

নতুবা,

তেল নিদিয়াকে বনোৱা শুকান ৰুটি, এক কাপ দৈ, চুগাৰ ফ্ৰী কৰ্নফ্লেকছ্ (sugarfree cornflakes) আৰু সৰ কাঢ়ি লোৱা এগিলাচ গাখীৰ খাব পাৰে৷

দুপৰীয়া আহাৰৰ আগে এটি মধুৰিআম,আপেল, কমলা বা অমিতা খাওঁক।(diabetes fruits)

দুপৰীয়া আহাৰত  দুটা ৰুটি, এটি সৰু বাটি ভাত, এক বাটি মচুৰ দাইল, এক বাটি শাক-পাচলিৰ আঞ্জা, এক বাটি দৈ আৰু এক প্লেট চালাদ খাওক। 

গধুলি গ্ৰীন টি আৰু সামান্য মিঠা বিস্কুট বা  বেকড স্ন্যাকচ খাব।

ৰাতিৰ আহাৰত দুটা ৰুটি আৰু এক বাটি শাকসবজি খাওঁক।

শুৱাৰ আগে এক গ্লাচ গৰম গাখীৰত এক চামুচ হালধী মিহলাই পান কৰক।


ডায়বেটিচ ৰোগীয়ে কি ফল-মূল খোৱা উচিত -diabetes fruits in Assamese



মধুমেহ ৰোগীৰ (sugar patient food chart) ফল বা অন্যান্য খাদ্যদ্ৰব্য (diabetes food) খোৱাৰ বাবে সদায় চিন্তা কৰিবলগীয়া হয়।  অন্যথা ডায়েবেটিচ ৰোগীৰ চুগাৰৰ মাত্ৰা বৃদ্ধি হব, যি মাৰাত্মক প্ৰমাণিত হব পাৰে।  আঁহক জানো ডায়েবেটিচ ৰোগীয়ে কেনেধৰণৰ ফল-মূল (diabetes fruits) খোৱা উচিত আৰু কি ধৰনৰ ফলমূল খোৱা অনুচিত -


‣ ডায়বেটিচ ৰোগীৰ কিছু ফলৰ উচ্চমাত্ৰাৰ চেনি থাকে এই ফলসমূহ খোৱা উচিত নহয়।  উদাহৰণস্বৰূপে- আঙুৰ, চেৰি, আনাৰস, কল, শুকান ফল আৰু মিঠা ফলৰ ৰস গ্ৰহণ কৰা উচিত নহয়।

‣ এটি সৰু আঙুৰত প্ৰায় এক গ্ৰাম কাৰ্বোহাইড্ৰেট থাকে। গতিকে, ডায়েবেটিচ ৰোগীয়ে আঙুৰ গ্ৰহণ কৰা উচিত নহয়।

‣ আঙুৰৰ দৰে, এটা চেৰিত এক গ্ৰাম কাৰ্বোহাইড্ৰেট থাকে, গতিকে ইয়াক বেছি পৰিমাণে খোৱা উচিত নহয়।

‣ পকা আনাৰসত উচ্চ পৰিমাণে চেনি থাকে, গতিকে ডায়েবেটিচ ৰোগীয়ে খোৱা উচিত নহয় নতুবা ইয়াক মাজে মাজে খুব কম পৰিমাণে খোৱা উচিত।

‣ এটা পকা আমত প্ৰায় 25-30 গ্ৰাম কাৰ্বোহাইড্ৰেট থাকে। ই ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে।

‣ কলতো প্ৰচুৰ পৰিমাণে শৰ্কৰা থাকে।  ডায়েবেটিচ ৰোগীয়ে কল নাখাব বা এটা সম্পূৰ্ণ কল গ্ৰহন নকৰি আধা খাব৷ 

‣ শুকান ফল(dry fruits) বেছি নাখাব।  বিশেষকৈ  কিচমিচ বা বজাৰত উপলব্ধ চেনি বা চকলেটযুক্ত শুকান ফলসমূহ একেবাৰেই খোৱা উচিত নহয়।

‣ মিঠা ফলৰ ৰস খোৱাও উচিত নহয়।  ডায়েবেটিচ ৰোগীৰ শৰীৰত হাইপ'গ্লাইচেমিয়া(hypoglycemia) -"স্বাভাৱিকতকৈ নিম্ন হোৱা শৰ্কৰা অৱস্থা” নোহোৱালৈকে এনে ৰস খোৱা উচিত নহয়। 

‣ ডায়বেটিচ ৰোগীৰ প্ৰতিদিনে এক বা আধা আপেল খোৱা উচিত।  আপেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ই কলেস্টৰেলৰ মাত্ৰা হ্ৰাস কৰে আৰু হজম প্ৰক্ৰিয়া ভাল কৰি তোলে।

‣ মধুৰিআম ডায়বেটিচ ৰোগীৰ বাবে খুব উপকাৰী। ইয়াত ভিটামিন এ, ভিটামিন চি আৰু ভাল ডায়েটৰি ফাইবাৰ(dietry fibre) থাকে৷ ইয়াত চেনি অলপ পৰিমাণে থাকে।

‣ নাচপতিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু ডায়েটেৰি ফাইবাৰ থাকে। ই ডায়েবেটিচৰ এটি পুষ্টিকৰ ফল।

‣ peach জাতীয় ফলৰ (নৰাবগৰী, আহোমবগৰী,ডিমৰু,প্লাম ইত্যাদি) মাজত প্ৰয়োজনীয় পুষ্টি থাকে আৰু ইয়াত অলপ পৰিমাণে চেনি থাকে, আৰু ইয়াত গ্লাইসেমিক সূচক (glycemic index) কম থাকে, গতিকে এনে ফল ডায়েবেটিচ ৰোগীয়ে এটি গ্ৰহণ কৰা উচিত।

‣ জামুজাতীয় ফল ডায়বেটিচৰ ৰোগীৰ বাবেও উপকাৰী। ই ৰক্ত শৰ্কৰাক হ্ৰাস কৰাত সহায়তা কৰে।

ডায়বেটিচ ৰোগীয়ে কেনেধৰণৰ আহাৰ গ্ৰহন কৰিব- sugar control diet chart in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ইতিমধ্যে ওপৰত উল্লেখ কৰি অহা হৈছে যে নিয়মিতভাৱে ডায়বেটিচ ৰোগীৰ বাবে কেনেধৰণৰ ডায়েট (diabetes diet chart) হোৱা উচিত৷ আঁহক জানো ডায়বেটিচ ৰোগীৰ ডায়েটৰ তালিকাত কি কি খাদ্যবস্তু থকা উচিত।  এটা বিষয় মনত ৰখা উচিত যে ডায়বেটিচ ৰোগীয়ে কিছু কিছু বিৰতিত খোৱা উচিত কাৰণ একেলগে প্ৰচুৰ খাদ্য খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা খুব দ্ৰুতগতিত বৃদ্ধি পায়।

diabetes best food in Assamese

➡ ডায়বেটিক ডায়েটৰ আহাৰ(diabetes food) প্ৰচুৰ পৰিমাণে ফাইবাৰ সমৃদ্ধ হওয়া উচিত যেনে- বাকলিসহ প্ৰস্তুত কৰা গেঁহু ৰুটি,ওটস(oats) আদি জটিল কাৰ্বোহাইড্ৰেট থাকিব লাগে৷ কাৰন এইসমূহে ৰক্তপ্ৰবাহত লাহে লাহে মিহলি হয়৷

গেঁহু আৰু বাৰ্লি 2-2 কিলো মাত্ৰাত লৈ চানা লগত পিচি লওক পাউদাৰ বনাই লওক৷ ৰুটি বনাবলৈ এই আটা ব্যৱহাৰ কৰিব পাৰে বা অন্য ৰঙা আটাৰ লগত মিহলাই লব পাৰে৷

➡ শাক-পাচলিৰ ভিতৰত  কেৰেলা, মেথি, চজিনা, পালেংশাক, জিকা, বেঙেনা,মৰিচাশাক, পটল, লাউ, মূলা, ফুলকবি, ব্ৰকলি, বিলাহী, ফুলকবি, চয়াবিন, ক’লা চানা, বীনচ, কেপচিকাম, সেউজীয়া শাকপাচলিযুক্ত আহাৰ সংযোজন কৰক৷ এইসমূহৰ দ্বাৰা তৈয়াৰ কৰা চুপ(soup) সেৱন কৰিব পাৰে।

➡ দুৰ্বলতা দূৰ কৰিবলৈ কেঁচা নাৰিকল, আখৰোট, চিনা বাদাম, কাজু বাদাম, ইচবগুল, চয়াবিন, দৈ আৰু বাটাৰ মিল্ক ইত্যাদি খাওঁক৷

গ্ৰীন টি খোৱাতো ডায়বেটিচ ৰোগীৰ বাবে খুব উপকাৰী। ইয়াত উপস্থিত এন্টিঅক্সিডেন্টসমূহে ব্যক্তিক সুস্থ কৰি ৰাখে।

গ্ৰীন টি কোনটো সময়ত খোৱা উচিত জানিবলৈ পঢ়ক-গ্ৰীন টি কেতিয়া খোৱা উচিত?

➡ সাধাৰন বগা চাউলৰ পৰিবৰ্তে ব্ৰাউন ৰাইচ (brown rice)গ্ৰহন কৰক৷

➡ 25 গ্ৰাম তিচি (flaxseeds) পিচি লৈ আৰু আটা লগত মিহলাই ৰুটি তৈয়াৰ কৰক ।  ফ্ল্যাকচিডে ৰক্তত চুগাৰ নিয়ন্ত্ৰণত সহায়তা কৰে৷


তিচি(flexseed) অন্যধৰনে ব্যৱহাৰ কৰি খাব পাৰে৷ জানিবল পঢ়কঃ তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)


ডায়বেটিচ ডায়েট পৰিকল্পনাৰ উপকাৰিতা -diabetes diet chart benefits in Assamese

ডায়বেটিচৰ এই ডায়েট চাৰ্টত (diabetes diet chart) এনে ধৰনৰ খাদ্য নিৰ্বাচন কৰা হৈছে যি ডায়বেটিচ থকা মানুহৰ বাবে খুব স্বাস্থ্যকৰ।  এই খাদ্যদ্ৰব্যত এনে পুষ্টি আছে যি আপোনাৰ প্ৰতিদিনৰ পুষ্টিৰ চাহিদা পূৰণ কৰিব পাৰে। ইয়াৰ লগতে এই পুষ্টিসমূহে আপোনাৰ দেহৰ ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণ (diabetes control) ৰখাত সহায়তা কৰিব,লগতে ডায়বেটিচ সম্পৰ্কিত অন্যান্য সমস্যা (diabetes cure) ৰোধতো সহায়তা কৰিব।  আপোনাৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত তেল আৰু নিমখৰ ব্যৱহাৰৰ ক্ষেত্ৰত যাতে কম পৰিমাণে ব্যৱহাৰ কৰে তাৰ ওপৰত মনোযোগ দিব৷

ডায়বেটিচৰ সময়ত ওজন ভাৰসাম্য বৰ্তাই ৰখা খুব কঠিন, কাৰণ আপুনি এই সময়ত খুব ক্ষুধা অনুভৱ কৰে।  এই কাৰণে, আপোনাৰ ডায়েট চাৰ্ট (diabetes diet chart)  সাতটা ভাগত ভাগ কৰা হৈছে।


এটি ডিটক্স পানীয়দ্বাৰা (diabetes juice) আপোনাৰ দিনটোৰ আৰম্ভ কৰা অতি প্ৰয়োজনীয়। ই আপোনাক আপোনাৰ শৰীৰত থকা অবশিষ্ট পদাৰ্থসমূহ অপসাৰণ কৰাত সাহায্য কৰে আৰু হজম শক্তিও শক্তিশালী কৰে। ইয়াৰ লগতে ই কোষ্ঠকাঠিন্যৰ সমস্যাপৰা মুক্তিও দিয়ে আৰু মেটাবলিজমক সক্ৰিয় কৰি তুলে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট (diabetes breakfast) গোটেই দিনটোৰ প্ৰধান আহাৰ৷ গতিকে, প্ৰতিদিনৰ ব্ৰেকফাষ্ট ভৰপূৰ কৰক, ফলত আপোনাৰ দেহে প্ৰচুৰ শক্তি লাভ কৰিব। (diabetes best food) প্ৰতিদিনে কমপক্ষে 2 টি মৌচুমী ফল,গাখীৰ আৰু 4-6 বাটি শাকপাচলি খাব। ই আপোনাৰ দেহত প্ৰচুৰ ভিটামিন, খনিজ আৰু ফাইবাৰ যোগান ধৰিব।  ৰাতি টোপনি যোৱাৰ আগে গাখীৰ এগিলাচ খালে  মধ্যৰাতি হোৱা হাইপোগ্লাইচেমিয়াৰ পৰা ৰক্ষা পৰিব আৰু এটি ভাল টোপনিতো সহায়তা কৰে।  এই সমূহৰদ্বাৰা আপোনাৰ ডায়েবেটিচ সন্ত্তোলিত(diabetes control) কৰি ৰাখিব পৰা যায়৷

আমাৰ অসমৰ চুকে-কোণে বহুমূল্য ঔষধি গছ আছে৷ দৈনন্দিন জীৱনত সেইসমূহৰ প্ৰয়োগ কৰিও ডায়েবেটিচ নিয়ন্ত্ৰণ (diabetes control) কৰিব পৰা যায়৷ তাৰভিতৰত বিশেষভাৱে কাৰ্যকৰ নয়নতৰা, ভুঁইআমলখী, তুলসী,অমিতা পাত, নীম পাত,আম পাত,তেজপাত, জামু, মধুনাশিনী আৰু মধুৰীআমৰ পাত আদি৷


ডায়বেটিচ ৰোগীয়ে উপৰোক্ত ডায়েটৰ লগতে যদি এইসমূহ ঔষধি গছ ব্যৱহাৰ কৰে অতি সোনকালে আৰোগ্য হয়৷ 

তলত এইসমূহ উদ্ভিদ কিদৰে ব্যৱহাৰ কৰিব তাৰ লিংক দিয়া হল-

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?






Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga