অনিদ্ৰা ৰোগৰ কাৰন আৰু প্ৰতিকাৰ- Insomnia in Assamese


অনিদ্ৰা মানে কি ? What is insomnia meaning in Assamese

ৰাতি টোপনি নহাকে “অনিদ্ৰা”(insomnia) বুলি কোৱা হয়৷ এই সমস্যাই বিশ্বৰ লক্ষ লক্ষ মানুহক প্ৰভাৱিত কৰিছে। অনিদ্ৰাত ভুগা কোনো ব্যক্তিৰ টোপনি অহাত বা টোপনিত অসুবিধা হব পাৰে।  অনিদ্ৰা এক বিকাৰ আৰু এই বিকাৰে আন কিছুমান খুব জটিল বিকাৰৰ সৃষ্টি কৰিব পাৰে৷  অনিদ্ৰাত ভুগা ব্যক্তিয়ে দিনৰ সময়ত অলসতা, মানসিক আৰু শাৰীৰিক অসুস্থতাৰ ভুগা দেখা যায়। অনিদ্ৰা এজন ব্যক্তিৰ স্বভাৱৰ বহু পৰিবৰ্তন ঘটায়, যেনে বিৰক্তি, উদ্বেগ, স্ট্ৰেস ইত্যাদি৷

অনিদ্ৰা হোৱাৰ কাৰণ? What are the Causes of Insomnia in Assamese?

‣ অনিদ্ৰাৰ প্ৰথম কাৰণ হ'ল মানসিক চাপ।  এজন ব্যক্তিৰ জীৱনত অনেক সমস্যা থাকে।  যেনেঃ পৰিবাৰৰ আৰ্থিক অৱস্থা, পঢ়াশুনা আৰু শিক্ষাৰ্থীৰ উদ্বেগ, কামৰ চিন্তা, ক্লান্তিৰ কাৰণে সক্ৰিয় হৈ উঠা, স্বাস্থ্য সম্পৰ্কে উদ্বিগ্ন হোৱা, কাৰোবাৰ মৃত্যুৰ শোক, বিবাহ বিচ্ছেদ ইত্যাদি ঘটনা মানসিক চাপৰ কাৰণ হব পাৰে।  

কিছুমান ভুল চাল চলন যেনে - অনিয়মিত জীৱনশৈলী, দিনত শুৱা, শুৱাৰ সময়ত উচিত বাতাবৰণৰ অভাৱ, বেছিকৈ খোৱাৰ পিছত মোবাইলত ব্যস্ত হোৱা, বিছনাত শুৱাৰ পৰিবৰ্তে চকীত শুৱা, কামৰ সময়ত বিছনা ব্যৱহাৰ কৰা, শুই শুই টিভি চোৱা,টোপনিৰ আগেয়ে উদ্দীপক কাম কৰা, শুৱাৰ আগে টিভি, গেম, স্মাৰ্টফন আদিৰ ব্যৱহাৰ এই সকলোবোৰ অনিদ্ৰাৰ কাৰণ হব পাৰে৷ 

‣  ৰক্তচাপ, হাঁপানীৰ ৰোগীয়ে ঔষধ গ্ৰহণৰ কাৰণে অনিদ্ৰা দেখা দিব পাৰে।

‣ অনিদ্ৰাজনিত অৱস্থাৰ কাৰন হব পাৰে কিছুমান ৰোগ - ক্ৰনিক দীৰ্ঘস্থায়ী বিষ, ক্যান্সাৰ, ডায়েবেটিচ, হৃদৰোগ, হাঁপানী, গ্যাস্ট্ৰোচফিজিয়াল ৰিফ্লাক্স ডিজিজ (gastroesophageal reflux), ওভাৰেক্টিভ থাইৰয়দ, পাৰ্কিনচন ডিজিজ আৰু আলঝাইমাৰ ৰোগ অন্তৰ্ভুক্ত।  

‣ অনিদ্ৰা আৰম্ভ হব পাৰে কাম আৰু সময়সূচীৰ পৰিবৰ্তনৰ কাৰণেও৷ সময়সূচিৰ পৰিবৰ্তনৰ কাৰনে কামৰ চিফট পৰিবৰ্তন কৰা, বিভিন্ন অঞ্চলত ভ্ৰমণ কৰা ইত্যাদি ।

‣ টোপনি ব্যাঘাতৰ কিছুমান ৰোগ যেনে- 

Sleep Apnea ৰ বাবে ৰাতি উশাহ লোৱাত কষ্ট হয়৷ বিশেষকৈ বৃদ্ধ আৰু মেদবহুলতাৰ বাবে হয়৷ 

ৰেস্টলেচ লেগ চিন্দ্ৰম (resless leg syndrome) বাবে যাৰ ফলত ভৰিৰ মাংসপেশী কুটকুটাই থাকে৷

কফি, চাহ, কল্ডড্ৰিকচ আৰু অন্য কেফেইনযুক্ত পানীয় গ্ৰহন কৰিলে টোপনি ব্যাঘাত হব পাৰে৷ ধপাত আৰু এলকহল সেৱনো অনিদ্ৰাৰ আন এক কাৰন৷ এলকহলে আপোনাক টোপনিত সহায় কৰিব পাৰে কিন্ত্ত ই গভীৰ টোপনিক বাধা দিয়ে আৰু প্ৰায়ে আপুনি আধা ৰাতিতে সাৰ পায় উঠিব পাৰে৷


অনিদ্ৰাৰ লক্ষণসমূহ কি? -What are the
Symptoms of Insomnia in Assamese.

➡ ৰাতি টোপনি অহাত অসুবিধা বা ভালদৰে টোপনি নহা
➡ কিবা কথা ভাবি চিন্তা কৰি থকা
➡ এটা কামৰ ওপৰতে মস্তিস্ক কেন্দ্ৰিত হৈ থকা
➡ গোটেই ৰাতি সাৰে থকা
➡ দিনৰ ভাগত টোপনি ভাৱ আৰু ভাগৰুৱা অনুভৱ হোৱা
➡ স্মৃতিশক্তি কমি অহা
➡ খিংখিঙীয়া হোৱা
➡ একাগ্ৰতা কমি অহা
➡ মূৰ গধুৰ লাগি থকা
➡ মানুহৰ লগত কথা পাতিবলৈ মন নকৰা ইত্যাদি

অনিদ্ৰাৰ বাবে হোৱা শাৰীৰিক সমস্যা- Side effect of Insomnia

অনিদ্ৰা ৰোগৰ কাৰন আৰু প্ৰতিকাৰ- Insomnia in Assamese

পৰ্যাপ্ত টোপনি নহলে ব্লাড প্ৰেচাৰ, কলেষ্টৰেল হোৱাৰ আশংকা থাকে


দেৰিলৈকে কাম কৰি থকা ব্যক্তিৰ ব্ৰেস্ট কেন্সাৰ আৰু ক’লন কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে৷


অনিদ্ৰা সমস্যা হলে প্ৰায়ে ব্যক্তিৰ ওজন বৃদ্ধি দেখা যায়৷ ইয়াৰ কাৰন হল কমকৈ শুৱা বাবে হ’ৰমন অসন্ত্তোলন হয় যাৰ ফলত অধিক ভোক লাগে৷


চিন্তা, অৱসাদ(depression) আদি মানসিক ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷


পাচন সম্বন্ধীয় সমস্যা যেনে কোষ্ঠকাঠিন্য দৰে সমস্যা উৎপন্ন হয় ৷

অনিদ্ৰাৰ প্ৰতিকাৰৰ বাবে কিছু প্ৰাকৃতিক উপায়- Home Remedies for Sleep in Assamese


অনিদ্ৰা ৰোগৰ প্ৰতিৰোধৰ বাবে কি কৰিব- How to Prevention Insomnia in Assamese


ৰাতি শুৱাৰ আগে গৰম গাখীৰ পান কৰিলে টোপনি ভাল হয়৷ বাদামৰ গাখীৰ কেলচিয়াম এটি উৎকৃষ্ট উৎস, যি মস্তিষ্কক মেলাটোনিন তৈয়াৰ কৰাত সহায়তা কৰে (মেলাটনিন এক হ’ৰমন যি নিদ্ৰাৱস্হা/ জাগ্ৰত চক্ৰ নিয়ন্ত্ৰণত সহায়তা কৰে)।

ঠাণ্ডা চাপযুক্ত (cold pressed) জৈৱ তিলৰ তেলেৰে আপোনাৰ ভৰিৰ তলোৱা ঘঁহক।

3 গ্ৰাম সতেজ পদিনা পাত বা 1.5 গ্ৰাম শুকান পদিনা পাত 1 কাপ পানীত 15-20 মিনিটৰ বাবে উতলাওক৷ ৰাতি শুৱা আগে 1 চা চামুচ মৌ মিহলাই পান কৰক৷ অলপমান কুহুমীয়া হৈ থাকিল ভাল৷

এটা কলৰ ওপৰত ১ চা চামচ জিৰা ছিটিকাই দিওক। ৰাতি নিয়মিত খাওঁক।

নিয়মিত শ্বাস প্ৰশ্বাস ব্যায়াম, যোগব্যায়াম আৰু ধ্যান আপোনাৰ মন শিথিল কৰাৰ আৰু এটি উৎকৃষ্ট উপায়৷

এক কাপ গৰম গাখীৰত আধা চামুচ দালচেনি পাউদাৰ মিহলাই খালে টোপনি ভালদৰে আহে৷

সৰ্পগন্ধা আৰু অশ্বগন্ধা সমান পৰিমাণে মিহলাই চূৰ্ণ তৈয়াৰ কৰি লওঁক৷ ৰাতি শুৱা সময়ত 3-5 গ্ৰাম মাত্ৰাত ইয়াৰ চূৰ্ণ পানী লগত গ্ৰহন কৰিলে টোপনি ভাল হয়৷


অনিদ্ৰা ৰোগৰ প্ৰতিৰোধৰ বাবে কি কৰিব- How to Prevention Insomnia in Assamese

টোপনি ভাল হব বাবে কিছু আহাৰ-

আপোনাৰ আহাৰত বাদাম, আখৰোট, গাখীৰ আৰু দালিয়া আদি অন্তৰ্ভুক্ত কৰক৷

ৰাতি শুৱা আগে গাখীৰ খাওক৷

ৰাতি ভোজনত চালাদ খাওক৷ চালাদ খালে দেহত লেক্টকেৰিয়ম (lactocarium) নামৰ তত্ত্ব উৎপন্ন হয় যাৰফলত দেহে আৰাম অনুভৱ কৰে৷

কাবুলী চানা, কল, কিৱী আদি ফল ৰাতি গ্ৰহন কৰিলে টোপনি ভাল হয়৷

চেৰী খাওক৷ চেৰী উচ্চ মাত্ৰাত মেলাটনিন ৰসায়ন পোৱা যায় যা আমাৰ শৰীৰৰ ব্লক সমূহ নিয়ন্ত্ৰণ কৰে৷ শুৱাৰ কিছু সময় আগে চেৰী খালে টোপনি ভাল হয়৷ অনিদ্ৰা ৰোগত ভগি থকা ব্যক্তিয়ে প্ৰতিদিনে দিন দুবাৰ এক কাপ ছেৰী জুইচ খাব লাগে৷ 

গবেষণা অনুসৰি ৰাতি ভাত খালে ভালো টোপনি হয়।  ইয়াত চালৰ উচ্চ গ্লাইচেমিক সূচক(high glycemic index) আছে। তদুপৰি ট্ৰিপটোফেন আৰু চেৰোটোনিন নামৰ ৰসায়নে টোপনিত সহায়তা কৰে।

সন্ধ্যা সময়ত কেফেইন আৰু এলকোহল খোৱা পৰিত্যাগ কৰক৷ তাৰ পৰিবৰ্তে আপুনি হাৰ্বেল চাহ খাওঁক।

তদুপৰি শুৱা আগে মন ভাল লগা গান বা মিউজিক (Relaxing Music) আদি শুনিব পাৰে৷

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ 🙏


References

Dr. Nabi Darya Vali (AIIMS)
Acharya Sri Balakrishna, patanjali


Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese