জণ্ডিচ কিয় হয়? জণ্ডিচ হলে কি কৰিব কি নকৰিব? Jaundice in Assamese

জণ্ডিচ  কি? What is jaundice in Assamese




জণ্ডিচৰ কাৰণ হ'ল বিলিৰুবিন নামৰ এটি উপাদান, যি ৰক্তকোষত পোৱা যায়৷ যেতিয়া লিভাৰত ৰক্তকণিকা ভাঙি যায়, তেতিয়া বিলিৰুবিন নামৰ এটি হালধীয়া বৰ্ণৰ উপাদান তৈয়াৰ হয়। যেতিয়া কোনো পৰিস্থিতিত এই পদাৰ্থবিধ ৰক্তৰপৰা হৈ  লিভাৰৰদ্বাৰা ফিল্টাৰ হৈ শৰীৰৰ বাহিৰ উলাই যাব সক্ষম নহয় তেতিয়াই জণ্ডিচ  হোৱা বুলি কব পাৰি৷ 


jaundice bilirubin level

জণ্ডিচ এনে এটি ৰোগ যত মুঠ বিলিৰুবিনৰ (serum bilirubin) ৰ মাত্ৰা jaundice bilirubin level প্ৰতি ডেচিলিটাৰত (mg/dl) 3 মিলিগ্ৰাম  ৰ ওপৰত বৃদ্ধি পায়।


জণ্ডিচৰ প্ৰকাৰ- jaundice types in Assamese



জণ্ডিচ তিনি প্ৰকাৰৰ-jaundice types


1. প্ৰি- হেপাটিক জণ্ডিচ বা হিমোলাইটিক জন্ডিচ (pre-hepatic jaundice or hemolytic jaundice ) - যদি লোহিত ৰক্তকণিকা (red blood cells)  অকালতে ভাঙি যায়, তেতিয়া বিলিৰুবিন ইমান বৃহৎ পৰিমাণে উৎপাদিত হয় যে লিভাৰ তাক পৰিচালনা কৰিব নোৱাৰে, অৰ্থাৎ ফিল্টাৰিং কৰিব নোৱাৰা হয়৷ ইয়াৰ ফলত ৰক্তত অপৰিস্কৃত (unprocessed) বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হিমোলাইটিক জণ্ডিচ (pre-hepatic jaundice or hemolytic jaundice) হয়৷

 

 2. হেপাটোচেলুলাৰ জণ্ডিচ (Hepatocellular jaundice)- কেতিয়াবা কেতিয়াবা লিভাৰৰ কোষসমূহৰ সমস্যাৰ কাৰণেও জণ্ডিচ হয়৷ jaundice newborn নৱজাতকৰ এনে এনজাইমসমূহৰ পৰিপক্কতাৰ অভাব হয় যি বিলিৰুবিন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় আৰু নবজাতকৰ  লিভাৰ সম্পূৰ্ণভাৱে বিকশিত নহয়, যাৰ ফলত অস্থায়ী জণ্ডিচ (temporary jaundice) হয়।  আনহাতে বয়সস্থসকলৰ এলকহল, অন্যান্য বিষ আৰু কিছু নিৰ্দিষ্ট ঔষধে লিভাৰৰ কোষসমূহৰ ক্ষতি কৰে, যি হেপাটোচেলুলাৰ জণ্ডিচৰ কাৰণ হব পাৰে।


3. পোস্ট-হেপাটিক জণ্ডিচ:(Post-hepatic jaundice or obstructive jaundice)- পিত্ত নলীত বাধাৰ কাৰণে বিলৰুবিন বাঢ়ি যায় যাৰ ফলত প্ৰস্ৰাৱৰ বৰ্ণ হালধীয়া হৈ পৰে৷ এই জণ্ডিচকে obstructive jaundice বুলি কোৱা হয়৷


জণ্ডিচৰ লক্ষণ-jaundice symptoms in Assamese


 জণ্ডিচ হলে এই লক্ষণসমূহ ( jaundice symptoms ) দেখা দিব পাৰে: -jaundice symptoms in adults




‣ ত্বক, নখ আৰু চকুৰ বগা অংশ দ্ৰুতভাৱে হালধীয়া হৈ যায়।

‣ জ্বৰ বা ফ্লু হোৱা

‣ বমি বমি ভাব

‣পেটত বিষ

‣ ক্ষুধা হ্ৰাস বা ভোক কমি যোৱা

‣ হজমৰ সমস্যা, কোষ্ঠকাঠিন্য 

‣ ওজন কমি যোৱা

‣ ঘন / হালধীয়া প্ৰস্ৰাৱ, প্ৰেস্ৰাৱৰ সংক্ৰমন

‣ পাতল ৰঙৰ মল

‣ ক্লান্ত বোধ কৰা

মূৰবিষ 

‣ শৰীৰৰ জ্বলন

‣ কিছু ক্ষেত্ৰত খজুৱতি

  


জণ্ডিচ কিয় হয়? বা জণ্ডিচৰ কাৰণ -jaundice causes in Assamese



➡ ৰক্তত বিলিৰুবিনৰ পৰিমাণ jaundice bilirubin level যদি 2.5 ৰ বেছি হয়,তেতিয়াই লিভাৰৰ বিষাক্ত পদাৰ্থসমূহ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া ৰখি যায় আৰু জণ্ডিচৰ সৃষ্টি হয়৷


➡  প্ৰি-হেপাটিক জণ্ডিচত লোহিত ৰক্তকণিকাসমূহ ভাঙি যোৱা ফলত বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি হয়৷ এনে হোৱাৰ কাৰন হল  মেলেৰিয়া(malaria), থ্যালাসেমিয়া (thassemia), স্কিল চেল এনিমিয়া (skill cell anemia),  গিলবাৰ্ট সিন্ড্ৰোম (Guilbert’s syndrome) ইত্যাদি দীৰ্ঘসময় ধৰি হৈ থকা আনুবাংশিক কাৰণৰ বাবে হব পাৰে।

  

➡ হেপাটোচেলুলাৰ জণ্ডিচ লিভাৰৰ কোষসমূহৰ ক্ষতি বা লিভাৰৰ যি কোনো ধৰণৰ সংক্ৰমণৰ কাৰণে ঘটে যি শৰীৰৰ এচিডিটি বৃদ্ধি কৰে৷ ইয়াৰ মূলত কাৰন হল অত্যাধিক এলকোহল পান কৰা, নিমখ আৰু মছলাযুক্ত পদাৰ্থ সেৱন কৰা ইত্যাদি৷ (আৰু পঢ়ক-আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব?)


➡ পোস্ট-হেপাটিক জণ্ডিচ পিত্ত নলীত বাধাৰ কাৰণে ঘটে যি লিভাৰৰ ক্ষত, পিত্তথল, হেপাটাইটিস, ড্ৰাগচৰ ওভাৰডোজ ইত্যাদিৰ বিৰূপ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপ হব পাৰে। 

 

অগ্ন্যাশয়ৰ কেন্সাৰ (Pancreatic cancer) ৰ কাৰনে


➡ ৰাস্তাৰ কাষৰ কাটি থোৱা, দূষিত বস্ত্ত আৰু লেতেৰা পানী খোৱা ফলত৷


➡ কিছু ঔষধৰ কাৰণেও এই সমস্যা দেখা দিব পাৰে।


নৱজাতকৰ জণ্ডিচ হোৱাৰ মূখ্য কাৰন-jaundice newborn in Assamese-




jaundice in newborn


সময়পূৰ্বে জন্ম: 38 সপ্তাহৰ আগে জন্ম হোৱা  শিশু সম্পূৰ্ণভাৱে বিলিৰুবিন প্ৰক্ৰিয়া সম্পাদন কৰিব নোৱাৰে৷ ইয়াৰ লগতে, কম পৰিমানে দুগ্ধ খাব পাৰে আৰু কম মলত্যাগ কৰে যাৰ ফলত মলৰ মাধ্যমেৰে কম বিলিৰুবিন নিৰ্মূল হয়। 

 

জন্মৰ সময়ৰ আঘাত: যদি কোনো নৱজাতক প্ৰসৱৰ কাৰণে আঘাত পায় তেন্তে লোহিত ৰক্তকণিকা ভাঙি যোৱাৰ কাৰণে বিলিৰুবিনেৰ মাত্ৰা বৃদ্ধি হব পাৰে।


ৰক্তৰ প্ৰকাৰ: যদি মাকৰ ৰক্তৰ প্ৰকাৰ তেওঁৰ সন্তানৰ পৰা পৃথক হয়, তেন্তে শিশু প্লেসেন্টাৰ (placenta) মাধ্যমেৰে এন্টিবডি গ্ৰহণ কৰে, যাৰ ফলত তাৰ ৰক্ত ​​কোষসমূহ আৰু দ্ৰুতভাৱে ভাঙি যায়।  


স্তনপান: নৱজাতক, বিশেষকৈ যাৰ স্তন্যপানৰ জৰিয়তে সম্পূৰ্ণ পুষ্টি নাপায়, তেনে শিশুৰ জণ্ডিচৰ সম্ভাৱনা বেছি থাকে।


জণ্ডিচ আক্ৰান্তৰ বাবে কিছু গুৰুত্বপূৰ্ণ টিপচ- jaundice prevention in Assamese



তেওঁলোকৰ জীৱনযাত্ৰাৰ পৰিবৰ্তন আৰু  সঠিক ডায়েট গ্ৰহন কৰিলে জণ্ডিচৰ চিকিৎসাৰ বাবে সহায়ক হয়৷


সঠিক ডায়েটjaundice diet in Assamese


যি কোনো ৰোগৰপৰা বাচিবৰ বাবে ডায়েটে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া জণ্ডিচৰ jaundice disease ক্ষেত্ৰতো সত্য। সময় মতে খাদ্য গ্ৰহন আৰু দিনে 4-5 বাৰ অলপ অলপ খাওক৷ সুস্বাস্থ্য বৰ্তায় ৰখাত খোৱাৰ আগে আৰু খোৱাৰ পিছত হাত ভালদৰে ধুওক৷ খোৱাৰ বাবে বিশুদ্ধ পানী পান কৰক৷


 জণ্ডিচ ৰোগীয়ে কি খোৱা উচিত - jaundice food in Assmmese


সেউজীয়া শাকপাচলি আৰু সহজে হজমযোগ্য খাদ্য খোৱা উচিত।  জণ্ডিচ ৰোগীয়ে এনে পাচলি   ৰস খোৱা উচিত যি  স্বাদত তিক্ত হয় যেনে- কেৰেলা৷ জণ্ডিচৰ ক্ষেত্ৰত এনে ৰসসমূহ খুব উপকাৰী। ইয়াৰউপৰি, নেমুৰ ৰস, মূলা বা বিলাহীৰ ৰস পান কৰাও খুব উপকাৰী।  জণ্ডিচৰ ৰোগীৰ বাবেও চানা আৰু নাৰিকলৰ পানীৰ খুব ভাল। গম, আঙ্গুৰ, কিচমিচ, বাদাম, ইলাচী আৰু সতেজ ফলৰ ৰস খোৱা উচিত।



কি খাব নালাগে: jaundice food in Assamese


জণ্ডিচ ৰোগীয়ে মছলাযুক্ত, নিমখীয়া আৰু তৈলাক্ত খাদ্যৰপৰা আঁতৰি থকা উচিত।  এলকহল মুঠেই খোৱা উচিত নহয় কাৰণ ই আপোনাৰ যকৃতৰ বাবে slow poison হিচাবে কাম কৰে আৰু জণ্ডিচক বৃদ্ধি কৰি তুলে।  আমিষ খাদ্য আৰু ফাস্টফুড আপনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰা উচিত নহয়। দাইল বা কাৰ্বোহাইড্ৰেট সমৃদ্ধ খাদ্যৰ গ্ৰহণ এৰা উচিত৷ 


যোগব্যায়াম


জণ্ডিচৰ পৰা সুস্থ হৈ উঠাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ আপুনি যথেষ্ট বিশ্ৰাম লোৱা আৰু খুব বেছি পৰিশ্ৰমৰ পৰা আঁতৰি থকা। কিন্ত্ত দিনৰসময়ত টোপনি গ্ৰহন নকৰিব৷ মৎস্যাসন(Matsyasana) কৰক, ই জণ্ডিচৰপৰা ৰোগমুক্ত কৰাত সহায়তা কৰিব। ইয়াৰ লগতে  ভুজঙ্গাসন, উত্তান পাদাসন, শৱাসন আৰু প্ৰাণায়ামও খুব উপকাৰী।


অবৈধ দ্ৰব্যৰ পৰা দূৰত থাকক


অবৈধ ঔষধ বা ইনজেকশন,নিচাজাতীয় ঔষধ, ড্ৰাগছ বা লিভাৰক ক্ষতি দিব পৰা বস্তু জণ্ডিচ ৰোগীৰ বাবে খুব ক্ষতিকাৰক, এইসমূহৰ ব্যবহাৰ পৰা বিৰত থাকক।


আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ 🙏







Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga