পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese


চিড চাইক্লিং কি?-What is seed cycling in Assames


চিড চাইক্লিং(seed cycling in Assamese) এক (naturopathy) প্ৰাকৃতিক চিকিৎসা যি আপোনাৰ মাহেকীয়া চক্ৰৰ প্ৰথম অংশত হৰমন ইস্ট্ৰোজেন (estrogen)আৰু দ্বিতীয় অংশৰ হৰমন প্ৰজেস্টৰন (progesterone) ক নিয়মিত কৰে আৰু হৰমনসমূহৰ ভাৰসাম্য বৰ্তাই ৰাখে৷ 


পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese



চিড চাইক্লিং(seed cycling in Assamese)ৰ স্বাস্থ্য লাভৰ ভিতৰত আছে-  



পিৰিয়ড নিয়ন্ত্ৰণ কৰা,


‣ ব্ৰণ হ্ৰাস কৰা, 


‣ পলিসিস্টিক ওভাৰিয়ান চিনড্ৰোম (PCOS), 


‣ এন্ডোমেট্ৰিওচিচ (endometriosis), 


‣ বন্ধ্যাত্বৰ চিকিৎসা(infertility),


‣ মেন’পজৰ লক্ষণসমূহ (manopause symptoms) হ্ৰাস কৰা, যেনে হট ফ্লাক্স,ৰাতি ঘাম উলোৱা, ভাগৰ লগা আৰু মুডৰ পৰিবৰ্তন ইত্যাদি৷




কিছু মহিলাই এই লক্ষণসমূহ নিয়ন্ত্ৰণ কৰাত হৰমনেল জন্ম নিয়ন্ত্ৰণ (hormonal birth control) গ্ৰহন কৰে৷ কিন্ত্ত আপুনি যদি গৰ্ভবতী হোৱাৰ চেষ্টা কৰি আছে বা হৰমনজনিত জন্ম নিয়ন্ত্ৰণ গ্ৰহণ কৰাৰ পৰা বাচি থাকিব বিচাৰিছে তেন্তে আপুনাৰ বিকল্প উপায় হিচাপে চিড চাইক্লিং(seed cycling in Assamese) গ্ৰহন কৰিব পাৰে৷ 



এই বীজসমূহত phytonutrients, zinc, selenium,Vitamin E, fatty acid পোৱা যায় যাৰফলত ইষ্ট্ৰজেন (hormone estrogen) আৰু প্ৰজেষ্টৰেন(progesterone) হৰমন সন্তুোলিত (hormone balance) হৈ থাকে৷



যিহেতু এই বীজসমূহৰপৰা  উদ্ভিদজাত ফাইবাৰ (plant based fiber) আৰু প্ৰটিন পোৱা যায় গতিকে এই চিড চাইক্লিং প্ৰক্ৰিয়া প্ৰাকৃতিক আৰু নিৰাপদ৷



মাত্ৰ মন কৰিব যাতে বীজসমূহ কেঁচা (raw) হব লাগে আৰু জৈৱিক (organic) হোৱা বাঞ্ছনীয়৷




চিড চাইক্লিং(seed cycling in Assamese) হ'ল চাৰিটা বিভিন্ন বীজৰ খাদ্য পৰিপূৰক:



➡ ৰঙালাউৰ বীজ (pumpkin seed)


➡ তিচি বীজ (flaxseed)


➡ তিলৰ বীজ(sesame seed)


➡ সূৰ্যমুখী বীজ( sunflower seed)



পিচিঅডি, পিচিঅএচ,বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese


এই বীজসমূহক প্ৰতিদিনে কেঁচাকৈ আৰু গুড়ি কৰি খোৱা হয়৷ সম্পূৰ্ণ বীজসমূহ গোটাকৈ  আপোনাৰ অন্ত্ৰত সম্পূৰ্ণৰূপে পাচন হোৱাত অসুবিধা হয়, সেয়ে এই বীজসমূহক গুড়ি কৰি খালে আপোনাৰ শৰীৰে বীজসমূহৰপৰা পুষ্টিকৰ তত্ব উলিয়াই লোৱাত সহজ হয়। এইসমূহক  শুদাকৈয়ো খাব পাৰি নতুবা smoothi বা চালাদত দিও খাব পৰা যায়৷


আৰু পঢ়কঃ ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp



এই বীজসমূহ কেনেদৰে খোৱা হয়?



এই বীজসমূহক দুটা পৰ্যায়ত খোৱা হয়-



প্ৰথম পৰ্যায়



চিড চাইক্লিং(seed cycling in Assamese)ৰ  প্ৰথম পৰ্যায়ত 


➡ এক টেবুল চামুচ কেঁচা, গুড়ি কৰি লোৱা ৰঙালাও গুটিৰ গুড়ি  আৰু

➡ এক টেবুল চামুচ কেঁচা, গুড়ি কৰি লোৱা ফ্লেকচিড  বা তিচি 


মাহেকীয়াৰ প্ৰথমদিনাৰ পৰা অভেলিউচনৰ(ovulate) হোৱাৰ আগৰ দিনলৈকে অৰ্থাৎ মাহেকীয়াৰ 1 দিনৰপৰা 14 দিনলৈ এক এক চামুচকৈ খাব লাগে৷  বেছিভাগ মহিলাৰ ক্ষেত্ৰত প্ৰথম দুই সপ্তাহ খোৱা উচিত৷



মাহেকীয়া প্ৰথম দিনাৰপৰা 14 দিনলৈ follicular phase বুলি কোৱা হয়৷ এইখিনি সময়ত ইষ্ট্ৰজেন লেভেল (estrogen level) বৃদ্ধি হয় আৰু 9 নম্বৰ দিনৰ পৰা 14/15 দিনলৈ fertility phase বুলি কোৱা হয় আৰু এইখিনি সময়ত ডিম্ব(egg) গঠন হয় ৷ গতিকে এইখিনি সময়ত ৰঙালাও গুটিৰ গুড়ি আৰু তিচি বীজৰ গুড়ি গ্ৰহন কৰিলে ইষ্ট্ৰজেন লেভেল (estrogen level) সন্তুোলিত হৈ থাকে৷ এই বীজসমূহত চিলেনিয়াম, জিংক, ফেটি এচিড পোৱা যায় যাৰদ্বাৰা হৰমনসমূহ সন্তুোলিত (hormone balance) হৈ থাকে৷ 




পিচিঅডি, পিচিঅএচ,বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese

দ্বিতীয় পৰ্যায়



চিড চাইক্লিং(seed cycling in Assamese)ৰ  দ্বিতীয় পৰ্যায়ত


➡ এক টেবুল চামুচ কেঁচা, গুড়ি কৰি লোৱা সূৰ্যমূখী বীজৰ গুড়ি  আৰু

➡ এক টেবুল চামুচ কেঁচা, গুড়ি কৰি লোৱা তিলৰ গুড়ি 


অভেলিউচনৰ(ovalution) দিনৰপৰা মাহেকীয়াৰ প্ৰথম দিনলৈ খাব লাগে৷ দ্বিতীয় পৰ্যায়ত বেছিভাগ মহিলাৰ বাবে প্ৰায়ে দুই সপ্তাহ স্থায়ী হোৱা উচিত।


মাহেকীয়া 15 দিনৰপৰা 28 দিনৰ সময়ছোৱাক কোৱা হয় Luteal phase ৷ এইখিনি সময়ত শৰীৰ গৰ্ভধাৰনৰ বাবে তৈয়াৰ হয় আৰু এইখিনি সময়ত যদি ডিম্ব(egg) যদি ফাৰ্টিলাইজ(fertility) নহয় তেন্তে আপুনাৰ পুনৰ মাহেকীয়া হয়৷ গতিকে এইখিনি সময়ত সূৰ্যমূখী গুড়ি আৰু তিলৰ গুড়ি গ্ৰহন কৰিলে প্ৰজেষ্টৰেন লেভেল (progesterone level) সন্তুোলিত হৈ থাকে৷ এই হৰমনে বমি বমি ভাৱ, মুড বা মেজাজ, টোপনি ইত্যাদি নিয়ন্ত্ৰন কৰে৷ 



যিসকলৰ মেন’পজ আৰম্ভ হৈছে- For Manopause or postmanopausal women



যিসকলৰ মেন’পজ আৰম্ভ হৈছে বা কোনোধৰনৰ মাহেকীয়া চক্ৰৰ অবিহনে তেওঁলোকে মাহেকীয়া চক্ৰৰ তাৰিখৰ বাবে এক গাইড হিচাবে চন্দ্ৰৰ পৰ্য্যায় সমূহক (phases of  the moon) অনুসৰন কৰিব পাৰে ৷ তেওঁলোকৰ বাবে চক্ৰৰ প্ৰথম দিন অমাবস্যা হয়৷ 




চিড চাইক্লিং(seed cycling in Assamese) ত এইসমূহ বীজে কিদৰে কাম কৰে?



ৰঙালাওৰ বীজ-Pumpkin seed for hormonal balance in Assamese



পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese


ৰঙালাওৰ বীজ প্ৰতিগৰাকী নাৰীয়ে খোৱা উচিত৷  ৰঙালাওৰ গুটি মেগনেচিয়াম প্ৰচুৰ পৰিমাণে সমৃদ্ধ৷ ৰঙালাও বীজত লিগনেনচ(lignans) ৰ উপৰিও, ৰঙালাওৰ বীজত জিংক উচ্চ মাত্ৰাত পোৱা  থাকে, যি প্ৰতি আউন্স(per ounce) ত  Recommended Dietary Allowance (RDA) মতে 15% হয়।  কিছু  প্ৰতিবেদনৰ মতে মাহেকীয়া বিষ, পেট কামুৰনি (menstrual cramps) হ্ৰাসত জিংকে সহায় কৰে৷ কিছুক্ষেত্ৰত মনা হয় যে মাহেকীয়াক ঋতুস্ৰাৱ অতিৰিক্ত হোৱাতো প্ৰোস্টাগ্ল্যান্ডিন(prostaglandins) কাৰণে ঘটে আৰু জিংকে প্ৰোস্টাগ্ল্যান্ডিন (prostaglandins) ৰ মেটাবলিজম হ্ৰাস কৰিবলৈ সক্ষম৷ ৰঙালাওৰ বীজক PCOD ৰ বিৰুদ্ধে যুজাৰু এজেন্ট অৰ্থাৎ “PCOD fighting agent”হিচাপে জনা যায় কাৰণ, ইয়াত এটা এনজাইম আছে- 'বিটা-চিটোস্টেৰল (beta-sitiosterol)' যি চুলি সৰা হ্ৰাস কৰাত সহায়তা কৰে, যি প্ৰায়ে PCOD ৰ কাৰনে হয়৷ লগতে এই বীজে আমাৰ দেহত প্ৰয়োজনীয় ফেটি এচিড (fatty acids) সৰবৰাহ কৰে।



তিচি বীজ-flaxseed for hormonal balance in Assamese


পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese



ওমেগা -3 আৰু ডায়েটৰি ফাইবাৰৰে ভৰপূৰ  তিচি বীজে PCOD আৰু PCOS লগত সম্পৰ্কিত পাৰ্শ্ব প্ৰতিক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰাত সহায়তা কৰে। ই শৰীৰত এন্টিঅক্সিডেন্টৰ সৰবৰাহ কৰে, যাৰ কাৰনে দেহত ইস্ট্ৰোজেন উৎপাদন নিয়ন্ত্ৰণ কৰাত, ভাল প্ৰজনন ক্ষমতা(fertility) আৰু মাহেকীয়া নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিচিত। গবেষণাত দেখা গৈছে যে নিয়মিত তিচি বীজ গ্ৰহণৰ ফলত ফলিক্যালস(follicles), মাহেকীয়া সমস্যাসমূহ ধীৰে ধীৰে হ্ৰাস হয়।


আৰু পঢ়কঃ তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)



সূৰ্যমুখী বীজ - Sunflower seed for hormonal balance in Assamese



পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese


সূৰ্যমুখী বীজ হৈছে 100 টি বিভিন্ন ধৰণৰ এনজাইমেৰে (enzymes) সমৃদ্ধ যি দেহত হৰমনৰ ভাৰসাম্য (hormonal balance) নিয়ন্ত্ৰণ কৰে। বীজৰ মাজত থকা এনজাইমসমূহে ইস্ট্ৰোজেন আৰু প্ৰজেস্টেৰন উৎপাদনৰ ভাৰসাম্য বৰ্তায় ৰাখিব পাৰে আৰু প্ৰিমেনস্ট্ৰুৱেল চিনড্ৰোম (premenstrual syndrome), থাইৰয়ডৰ (thyroid) লক্ষণসমূহ পৰিচালনা কৰাত সহায়ক হব পাৰে আৰু ৰাতিপুৱাৰ অসুস্থতাও (morning sickness) ৰোধ কৰিব পাৰে যি প্ৰায়ে গৰ্ভাৱস্থাৰ প্ৰথম ত্ৰৈমাসিকৰ সময়ত হয়।  বীজত উপস্থিত ভিটামিন বি 6 (Vitamin B6) য়ে প্ৰটিন আৰু মেটিবলিজম ৰ বাবে উপকাৰী আৰু শৰীৰৰ ভাৰসাম্যক ৰক্ষা কৰে৷



সূৰ্যমুখীৰ বীজ ভিটামিন ই (vitamin E) বহু পৰিমাণে থাকে। এটি সমীক্ষাৰ মতে, ভিটামিন ই পৰিপূৰকে প্ৰজেস্টেৰন (progesterone) বৃদ্ধি কৰিব পাৰে,এই হৰমন যি গৰ্ভাৱস্থাৰ(pregnancy) স্হিতি বৰ্তায় ৰখাত সহায়তা কৰে৷ ভিটামিন ই প্ৰজনন বৃদ্ধিৰ (fertility) বাবে এটি কাৰ্যকৰ এন্টিঅক্সিড্যান্ট৷ তদুপৰি, সূৰ্যমুখীৰ বীজত কেৱল ভিটামিন ই ৰ উপৰিও অন্য উপাদানো পোৱা যায়৷ 




তিলৰ বীজ- Sesame seed for hormonal imbalance in Assamese



পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese


তিলৰ বীজৰ গুঁড়ি সেৱনকাৰী পোস্টমেনপজ (postmenopausal) মহিলাৰ ওপৰত কৰা এটি গবেষণাত দেখা গৈছে যে বীজ খোৱাৰ ফলত গোটেই শৰীৰত এক ধৰণৰ ভিটামিন ই ৰ মাত্ৰা বাঢ়ি যায়।  বীজ গ্ৰহণৰ ফলত ইস্ট্ৰোজেন (estrogen) নাবাঢ়ে যদিও এক ধৰণৰ এন্ড্ৰোজেন(androgen)  হ্ৰাস পাইছিল আৰু sex hormone binding globulin (SHBG)বৃদ্ধি কৰিছিল। 



তিল, বগা হওক ক’লা ইয়াত পটাচিয়াম, হৰমন-নিয়ন্ত্রণকাৰী মেগনেচিয়াম, জিংক পোৱা যায়। ইয়াৰ কেলৰি যথেষ্ট কম, যি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাৰ বাবে এটি ভাল বিকল্প।  তিলৰ বীজ আয়ুর্বেদত তাপ-উৎপাদনকাৰী (heat-generating) সুবিধাৰ বাবেও বহুলভাৱে  আলোচিত।




বীজসমূহৰ অন্যান্য উপকাৰিতা- Other benefits of seeds in Assamese



চিড চাইক্লিং(seed cycling in Assamese) ত হৰমন নিয়ন্ত্ৰণ কৰাৰ বিষয়টো সমর্থন কৰাৰ প্রমাণসমূহ অপর্যাপ্ত যদিও, আপোনাৰ ডায়েটৰ তিচি, ৰঙালাও গুটি, তিল আৰু সূর্যমুখী বীজসমূহ সুস্বাস্থ্যৰ বাবে অত্যন্ত কাৰ্যকৰ৷ 



‣ চাৰিওবিধ বীজ ফাইবাৰ, ম্যাঙ্গানিজ, মেগনেচিয়াম, তাম, থায়ামিন, ভিটামিন ই আৰু স্বাস্থ্যকৰ ফ্যাট সমৃদ্ধ।  এই পুষ্টিসমূহ প্রজনন স্বাস্থ্য (reproductive health)  সহ সুস্বাস্থ্যৰ বাবে  অতি গুৰুত্বপূর্ণ৷



‣ তদুপৰি, তিচি, তিল আৰু সূর্যমুখীৰ বীজ গ্রহণ কৰাৰ ফলত হৃদয় ৰোগৰ (heart desease) জটিলতাত সহায় কৰে আৰু উন্নত কলেস্টৰেল আৰু ৰক্তচাপৰ স্তৰৰ উন্নতি সাধন কৰে৷ 



‣ ইযাৰউপৰি, তিচি, ৰঙালাও আৰু সূর্যমুখী বীজে স্তন কেন্সাৰৰপৰা (breast cancer) ৰক্ষা কৰিব পাৰে৷



‣ তিচিৰ বীজসমূহ উন্নত ৰক্ত শর্কৰাৰ নিয়ন্ত্রণ কৰে৷ অন্যহাতেদি ৰঙালাওৰ বীজে প্রোস্টেট (prostrate) আৰু মূত্রৰোগতো সহায়তা (UTI) কৰি পাৰে৷



আৰু পঢ়কঃ থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese



শেষত কিছু প্ৰশ্ন(FAQ)



Q. তিল বগা হব লাগে নে ক’লা?



>> যিকোনো ৰঙৰ তিল লব পাৰে৷ অৱশ্যে কলা তিল খালে বগা তিলৰ তুলনাত অধিক কেলচিয়াম পোৱা যায়



Q. বীজসমূহ গুৰি নকৰাকৈ খাব পাৰিনে?



>> হয়,খাব পাৰি৷  কিন্তু বীজসমূহ হজম হোৱাত সমস্যা হব পাৰে৷ গতিকে গুড়ি কৰি খালে অতি সোনকালে শৰীৰ গ্ৰহন কৰিব পাৰে৷



Q.বীজসমূহ একেলগে মিহলাই খাব পাৰিনে?



>> আপুনাৰ যিদৰে ইচ্ছা সেইদৰে খাব পাৰে৷ অৰ্থাৎ ৰঙালাউৰ বীজ আৰু তিচি বীজ মিহলাই খাব পাৰে৷ নতুবা দুইটা বেলেগ বেলগকৈ৷ ইয়াৰ ফলত কোনো ধৰনৰ সমস্যা নহয়৷



শেষত: দুই সপ্তাহৰ বাবে  ৰঙালাউৰ বীজ আৰু তিচি বীজ পিচি লৈ টেমা এটাত ভৰাই ফ্ৰীজত ৰাখক৷ ইয়াৰে দুই চামুচ প্ৰতিদিনে ( প্ৰথম দিনাৰপৰা 14 দিনলৈ) খাওক৷ সেইদৰে দুই সপ্তাহ শেষ হোৱাৰ পিছত অন্য বীজৰ ক্ষেত্ৰতো তেনেদৰে কৰি লওক৷



চিড চাইক্লিং(seed cycling in Assamese) ৰ এই প্ৰক্ৰিয়া কিছুমাহলৈ কৰিলেহে আপুনি ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব৷ কেইদিনমান কৰিলে ইয়াৰ উপযুক্ত ফলাফল দেখা নাপাব৷ 

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese