ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

Dr. Laxmidutta Shukla, Ayurveda
Dr. Anurag Shahi (AIIMS)

ভিটামিন ডি মানে কি? -what is vitamin d in Assamese.- vitamin d ki?

ভিটামিন ডি ৰ অভাৱ কিয়  হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese


ভিটামিন ডি এটি দ্ৰৱণীয় ভিটামিন। সূৰ্য্যৰ প্ৰকাশ (ৰ’দ) ৰ সম্পৰ্কত আহিলে শৰীৰৰ কোষৰ দ্বাৰা তৈয়াৰ হোৱা ই এক স্টেৰয়ড হয়৷ 


ভিটামিন ডি ৰ অভাৱ হোৱা মানে কি?-what is vitamin d deficiency in Assamese.- vitamin d kam hua mane ki?


আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন ডি অত্যন্ত (vitamin d3 benefits) গুৰুত্বপূৰ্ণ।  খাদ্যৰপৰা কিছু পৰিমাণে ভিটামিন ডি পোৱা যায় যদিও, ইয়াৰ মূল উৎস হৈছে সূৰ্যৰ ৰশ্মি।  শৰীৰত ভিটামিন ডি পৰ্য্যাপ্ত পৰিমানে যেতিয়া পোৱা নাযায় তাকেই ভিটামিন ডি ৰ অভাৱ (Vitamin D deficiency) বুলি কোৱা হয়।  ভিটামিন ডি আপোনাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ (vitamin d 3 benefits)৷ এই ভিটামিনে  দেহৰ বিভিন্ন ক্ৰিয়াকলাপক প্ৰভাৱিত কৰে।  কেলচিয়াম শোষণ, হাড়ৰ স্বাস্থ্য, কোষৰ বিকাশত সহায়তা আৰু প্ৰদাহ কমোৱা ইত্যাদিৰ বাবে ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷ যেতিয়া সূৰ্যৰ পোহৰৰ সংস্পৰ্শত আহে তেতিয়া  আপোনাৰ দেহে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ কোলেস্টেৰলৰ পৰা ভিটামিন ডি তৈয়াৰ কৰে। লক্ষণীয় বিষয় হল, ভিটামিন ডি আচলতে  ফ্যাটত দ্ৰৱণীয় এটি  ভিটামিন।


ভিটামিন ডি ৰ উপকাৰিতা - Why vitamin d is important in Assamese - vitamin d benefits in Assamese- vitamin d upakarita 


ভিটামিন ডি ৰ অভাৱ কিয়  হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese


সূৰ্য্যৰ পোহৰ বা ভিটামিন ডি পৰিপূৰক (vitamin d fruits/vitamin d sources) গ্ৰহণে পেটত ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰে আৰু মেটাবলিক চিনড্ৰোম প্ৰতিৰোধত সহায়তা কৰিব পাৰে।  মেটাবলিক চিনড্ৰোমসমূহ এনে এটি উপসৰ্গ যি ডায়বেটিচ আৰু হৃদৰোগৰ জটিলতা বৃদ্ধি কৰে। সাম্প্ৰতিক এক সমীক্ষাত দেখা গৈছে যে, ভিটামিন ডি নথকাৰ কাৰণে বহু লোক অনেক ৰোগত আক্ৰান্ত হয়। ইয়াৰ মাজত অন্যতম স্তন কেন্সাৰ৷ স্তন কেন্সাৰৰ সম্পৰ্কিত এই সমীক্ষাত জনা গৈছে যে যদি ভিটামিন ডি ৰ অভাৱৰ(vitamin d deficiency) লগতে মেদবহুলতা থাকে তেন্তে  স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷ গৱেষণাত এই কথা গম পোৱা গৈছে যে, কম বিএমআই (Body mass index, BMI) লগত দেহত উপস্থিত ভিটামিন ডি ৰ ভাল স্তৰে কেন্সাৰৰ বিৰুদ্ধে কাম কৰে।  

প্ৰতিদিনে কিমান পৰিমানে ভিটামিন ডি খাব লাগে?How much vitamin d per day in Assamese

আপুনি কিমান পৰিমানে ভিটামিন ডি গ্ৰহন কৰিব সেয়া নিৰ্ভৰ কৰে আপোনাৰ বয়সৰ উপৰত৷ গড় হিচাবে দৈনিক প্রস্তাৱিত পৰিমাণসমূহ মাইক্রোগ্রাম (mcg) আৰু International Units (IU) তলত তালিকাভুক্ত কৰা হল:


বয়সৰ পৰ্যায়
প্রস্তাৱিত পৰিমাণ
জন্মৰপৰা 12 মাহ 
10 mcg (400 IU)
শিশুৰ 1-13 বছৰ 
15mcg(600 IU)
14-18 বছৰ 
15mcg(600 IU)
প্রাপ্তবয়স্কৰ 19-70 বছৰ 
15mcg(600 IU)
প্রাপ্তবয়স্কৰ 71 বছৰ বা তাতকৈ বেছি বয়স 
20mcg(800 IU)
গর্ভবতী আৰু দুগ্ধ খোৱাই থকা মহিলা
15mcg  (600 IU)


ভিটামিন ডি কম হলে দেখা দিয়া লক্ষণসমূহ - vitamin d deficiency symptoms In Assamese- vitamin d kam huar lakhyan 

ভিটামিন ডি ৰ অভাৱ কিয়  হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

কেৱল স্বাস্থ্যকৰ আৰু সন্তুোলিত ডায়েট গ্ৰহণৰ জৰিয়তে শৰীৰে ভিটামিন ডি ৰ ভাৰসাম্য বৰ্তাই ৰাখিব পাৰে৷ কিন্ত্ত মন কৰিব লগীয়া যে, শৰীৰে খাদ্যৰ(vitamin d fruits/vitamin d sources) জৰিয়তে ভিটামিন ডি মাত্ৰ দহ শতাংশ পায়, আনহাতে বাকী 90 শতাংশ চিধাচিধি সূৰ্য্যৰ পোহৰৰপৰা পোৱা যায়৷ যদিও আপুনি ভিটামিন ডি সমৃদ্ধ খাদ্য খায় তথাপিও আপনাৰ ভিটামিন ডি ৰ অভাৱৰ (vitamin d deficiency) সম্ভাৱনা আছে কাৰণ কেৱল ডায়েটৰ মাধ্যমেৰে ভিটামিন ডি শৰীৰত পুনৰায় পূৰণ কৰিব পৰা নাযায়৷  

যদি আপোনাৰ জীৱনশৈলী আৰু দিনচৰ্যা এনে ধৰনৰ হয় যে আপুনি সূৰ্য্য ৰশ্মি লব নোৱাৰে তেন্তে আপোনাৰ নিম্ন ধৰনৰ লক্ষনসমূহ দেখা দিব পাৰে-

হতাশগ্ৰস্থ হোৱা বা বিৰক্ত হোৱা, খিংখিঙীয়া হোৱা আদি৷

হঠাৎ ওজন বৃদ্ধি হোৱা বা শকত হোৱা৷

বাৰে বাৰে সংক্ৰমণ হোৱা৷ আপুনি জনা উচিত যে ভিটামিন ডি য়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।  আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হলে আপোনাক বেক্টেৰিয়া আৰু ভাইৰাচৰ বিৰুদ্ধে যুঁজ কৰাত সহায়তা কৰে। সেয়ে বৰ্তমান কৰনা মহামাৰীৰ লগত যুঁজ দিয়াত ভিটামিন ডি অধিক প্ৰয়োজন বুলি কোৱা হৈছে৷

ক্লান্ত অনুভৱ কৰা৷

সহজতে ক্ষত নিৰাময় নহয়৷ কেতিয়াবা অপাৰেশন আৰু ইনজিউৰিৰ পিছত ক্ষত নিৰাময়ত দেৰি হোৱাও এটা লক্ষণ হব পাৰে যি শৰীৰত ভিটামিন ডি কম হোৱাৰ (vitamin d deficiency) সংকেত দিয়ে৷

কেলচিয়াম শোষণৰ বাবে ভিটামিন ডি  অত্যন্ত গুৰুত্বপূৰ্ণ। (vitamin d and calcium) যদি আপোনাৰ কেলচিয়াম অভাৱৰ বাবে শৰীৰত হাড়েৰ ঘনত্ব হ্ৰাস পাইছে তেন্তে কেলচিয়ামৰ অভাৱ পূৰনৰ বাবে ভিটামিন ডি ৰো আৱশ্যকতা আছে৷

আৰু পঢ়কঃ কেলচিয়ামৰ অভাৱ হলে কি কৰিব?

পাচন সমস্যাৰ বাবে৷ ভিটামিন ডি এক ধৰণৰ ফ্যাটত দ্ৰবণীয় ভিটামিন৷ পাচন সম্বন্ধীয় যি কোনো ধৰণৰ  ৰোগ ফেট অৱশোষনক প্ৰভাৱিত কৰে৷ যি ভিটামিন ডি স্তৰ কমায়৷

হাড় আৰু জয়ন্টসমূহৰ বিষ হয়৷ ভিটামিন ডি ৰ অভাৱত (vitamin d deficiency) অস্টিওপোৰোচিচ, আৰু সহজেই হাড়ৰ ফ্ৰ্যাকচাৰৰ সম্ভাৱনা বঢ়ায়৷

ভিটামিন ডি ৰ অভাৱত(vitamin d deficiency) মূৰত অতিৰিক্ত ঘাম উলাই৷ বিশেষকৈ নৱজাতকৰ ক্ষেত্ৰত এই লক্ষণটি সাধাৰণ। 

চুলি সৰিব ধৰা (vitamin d and hair loss)
মাংসপেশীৰ দুৰ্বলতা
চিড়িত উঠিবলৈ অসুবিধা
মনোবল কম হোৱা
দুৰ্বল দাঁত, নখ
চৰায়চিচ
ডায়েবেটিচ
হাই ব্লাড প্ৰেচাৰ
হৃদৰোগ ইত্যাদি

আৰু পঢ়কঃ চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…

ভিটামিন ডি ৰ অভাৱ হোৱাৰ কাৰনসমূহ- What Vitamin D Deficiency Causes In Assamese- Vitamin D kam huar karan

ভিটামিন ডি ৰ অভাৱ কিয়  হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

বিভিন্ন কাৰণৰ বাবে আপোনাৰ শৰীৰত ভিটামিন ডি ৰ অভাৱ (vitamin d deficiency) হব পাৰে।

‣ আহাৰৰ মাধ্যমেৰে(vitamin d fruits/vitamin d sources) পৰ্য্যাপ্ত ভিটামিন ডি নোপোৱাৰ বাবে ৷
‣ আহাৰৰ পৰা পৰ্য্যাপ্ত ভিটামিন ডি শোষণ (vitamin d absorption)
 কৰিব নোৱাৰা কাৰনে৷
‣ পৰ্য্যাপ্ত পৰিমাণে সূৰ্য্যৰ ৰশ্মি নোলোৱা বাবে৷
‣ লিভাৰ আৰু কিডনী দ্বাৰা ভিটামিন ডি সক্ৰিয় ৰূপলৈ পৰিবৰ্তিত কৰিব নোৱাৰা৷
‣ অন্য ৰোগৰ বাবে গ্ৰহন কৰি থকা দৰৱৰ বাবে ভিটামিন ডি পৰিবৰ্তিত আৰু অৱশোষন (vitamin d absorption)
 দুইটায়ে প্ৰভাৱিত হয়৷

ভিটামিন ডি ৰ অভাৱৰ সম্ভাৱনা কাৰ বাবে অধিক?

কিছুমান  লোকৰ ভিটামিন ডি ৰ অভাৱৰ (vitamin d deficiency) সম্ভাৱনা অধিক হয়৷
➡ গ্যাস্ট্ৰিক বাইপাচ চাৰ্জাৰি,
➡অস্টিওপোৰোচিচ বা হাড়-সম্পৰ্কিত ৰোগীৰ 
➡ দীৰ্ঘস্থায়ী কিডনী আৰু লিভাৰৰ অসুখ থাকিলে।  
➡ দুগ্ধপান কৰি থকা শিশুৰ মাজত ভিটামিন ডি অভাৱ দেখা যায়(vitamin d deficiency kids)৷ কাৰন মাকৰ গাখীৰ ভিটামিন ডি ৰ খুব শক্তিশালী উৎস নহয়৷
➡ 5 বছৰৰ কম বয়সৰ শিশুৰ ভিটামিন ডি অভাৱ(vitamin d deficiency kids) হোৱাৰ সম্ভাৱনা বেছি।
➡ স্থূলত্ব (obesity)লোকৰ ভিটামিন ডি ফেটৰ দ্বাৰা আক্ৰান্ত বা আবদ্ধ হয়, যাৰ কাৰণে ভিটামিন ডি ৰক্তত প্ৰৱেশ কৰাত সমস্যা হয়।
➡ হাই থাইৰয়েডযুক্ত ব্যক্তিৰ বা হাইপাৰথাইৰয়েড ৰোগীৰ৷
➡ টি বি ৰোগী আৰু  লিম্ফোমাৰ দৰে কেন্সাৰ ৰোগীৰ কেন্সাৰ ৰোগীৰ 
➡ যিসকলে এন্টিফাঙ্গাল ঔষধ, এইডস ঔষধ, কোলেস্টৰল ঔষধ ইত্যাদি গ্ৰহণ কৰে৷
➡ 65 বছৰৰ বেছি বয়স্ক লোকৰ ভিটামিন ডি ৰ অভাৱ (vitamin d deficiency) দেখা পোৱা যায়৷  
বয়স্ক ব্যক্তিৰ দেহৰ ত্বক সূৰ্য্যৰ ৰশ্মি প্ৰভাৱত আহিলে যুৱসময়ৰ ত্বকৰ নিচিনাকৈ ভিটামিন ডি তৈয়াৰ কৰিব নোৱাৰে৷ ইয়াৰ উপৰি বৃদ্ধবয়সত কিডনীয়েও সক্ৰিয়ভাৱে ভিটামিন ডি তৈয়াৰ কৰিব নোৱাৰে৷

এনে লোকৰ ভিটামিন ডি অভাৱ (vitamin d deficiency) হোৱা দেখা যায়৷

কিদৰে ভিটামিন ডি ৰ অভাৱ প্ৰতিৰোধ কৰিব পৰা যায়? -Prevention of Vitamin D Deficiency in Assamese- Vitami D kam hale ki karibo? 

ভিটামিন ডি ৰ অভাৱ কিয়  হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese


কিদৰে ভিটামিন ডি ৰ অভাৱ (vitamin d deficiency) প্ৰতিৰোধ কৰিব পৰা যায়?  

‣ ভিটামিন ডি সমৃদ্ধ খাদ্য খোৱা (vitamin d fruits/vitamin d sources) আৰু প্ৰতিদিনে 15 পৰা 20 মিনিট সূৰ্য্যৰ পোহৰত বহক৷

‣ আপোনাৰ ওজনৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰাখক।  প্ৰতিদিন ব্যায়াম অনুশীলন কৰক৷

‣ যদি পেট, যকৃত আৰু কিডনী সম্পৰ্কিত কোনো ৰোগ হয় তেন্তে তাৰ নিৰাময়ৰ বাবে চিকিৎসা কৰক৷

‣ ভিটামিন ডি পৰিপূৰক (vitamin d tablets) ব্যৱহাৰ কৰক।  বিশেষকৈ শিশুক ভিটামিন ডি পৰিপূৰক (vitamin d fruits/vitamin d sources)খাব দিয়ক।  

‣ আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি বংশগত অস্টিওপোৰোচিচ (হাড় সম্পৰ্কিত ৰোগ) বা ভিটামিন ডি ৰ অভাৱ থাকে তেন্তে এই সম্পৰ্কে আপনাৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰক।  

ভিটামিন ডি যুক্ত আহাৰ -vitamin d fruits
-vitamin d sources In Assamese

(vitamin d fruits/vitamin d sources)
কড লিভাৰ অয়ল, চালমন মাছ, কাঠফুলা, গাখীৰ, চয়া, আলমন্দ বাদাম, অটচ মিল্ক, কনীৰ কুহুম, লিভাৰ, বীফ, টুনা মাছ, পনিৰ, চিকেন ব্ৰেস্ট, ব্রোকলি, গাজৰ, বাদাম, বিলাহী, নেমু, মূলা,বন্ধাকবি, পনীৰ, আপেল,কল, ব্ৰাউন ৰাইচ, গমৰ ৰুটি,মচুৰ দাইল, সূর্যমুখীৰ বীজ, ওটমিল, ডালিয়া ইত্যাদি৷

এজন ব্যক্তিৰ ভিটামিন ডি কিমান পৰিমানে কম সেই অনুসৰি তেওঁ ভিটামিন ডি পৰিপূৰক (vitamin d supplement) লোৱা উচিত৷ চিকিৎসকে ব্যক্তিজনৰ স্হিতি, বয়স আৰু ভিটামিন ডি অভাৱৰ স্তৰ লক্ষ্য কৰি ঔষধ (vitamin d tablets) আৰু চিকিৎসা প্ৰদান কৰে৷

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ 🙏

Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese