এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

এনিমিয়া (anemia)
what is anemia?- in assamese

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese


হিম'গ্লবিনৰ কম হোৱা অৰ্থাৎ ৰক্তহীনতা (anemia) এটি গুৰুতৰ সমস্যা যি নিৰ্দিষ্ট ধৰণৰ ভিটামিন আৰু খনিজৰ অভাৱৰ ফলত ঘটে।  সুষম ডায়েট নোখাৱাৰ ফলত পুষ্টিৰ অভাৱ আৰু অপুষ্টিগত সমস্যা দেখা দিব পাৰে।  শিশু আৰু গৰ্ভবতী মহিলাসকলৰ মাজত এই অৱস্থা আৰু মাৰাত্মক হৈ উঠে।  হিম'গ্লবিনৰ অভাৱৰ কাৰণে(anemia) ৰক্ত ​​প্ৰবাহত অক্সিজেনৰ অভাব হব ধৰে৷  শৰীৰত অক্সিজেনৰ অভাৱ ফলত হোৱা সাধাৰণ লক্ষণসমূহৰ মাজত শক্তি হ্ৰাস হোৱা, অজ্ঞান হোৱা আৰু  শ্বাসকষ্টৰ দৰে সমস্যা হব ধৰে।  শৰীৰত হিম'গ্লবিনৰ অভাৱ দেখা দিলে আপোনাৰ ত্বক শেঁতা পৰাৰ দৰে দেখা দিব পাৰে ৷ এই সমস্যাৰ পৰীক্ষণ আপোনাৰ লক্ষণসমূহ আৰু ৰক্ত ​​পৰীক্ষাৰ ভিত্তিত কৰা হয়।  ৰক্তস্বল্পতাৰ (anemia treatment) চিকিৎসা নিৰ্ভৰ কৰে প্ৰকৃততে যিবিলাক কাৰণত সমস্যাটি আৰম্ভ হৈছে তাৰ উপৰত। বহু লোকৰ বাবে,  ইয়াৰ চিকিৎসা কেৱল আয়ৰনৰ টেবলেটৰ সহায়ত কৰা হয়৷ অন্যান্য মানুহৰ বাবে, ভিটামিন গ্ৰহণ জৰিয়তে চিকিৎসা কৰিব পৰা যায়৷ সেইদৰে কিছু অন্য লোকৰ বাবে জটিল চিকিৎসাৰ প্ৰয়োজন হয়৷


হিম’গ্লবিনৰ স্বাভাবিক স্তৰ কিমান হব লাগে? hemoglobin level in assamese


শৰীৰত হিম’গ্লবিনৰ স্বাভাবিক স্তৰ কি? hemoglobin normal range in assamese


হিম’গ্লবিনেৰ সাধাৰণ স্তৰ একোজন ব্যক্তিৰ লিঙ্গ আৰু বয়সৰ লগত সম্পৰ্কিত।  বিভিন্ন বয়স অনুসাৰে হিম’গ্লবিনৰ স্বাভাবিক পৰিমাণ নিম্নৰূপ: 


জন্মৰ সময়ত - 13.5 से 24.0g / dl

জন্মৰ এক মাহলৈকে -10.0 से 20.0g / dl 

1 ৰপৰা 2 মাহলৈকে -10.0 to 18.0g / dl 

2 ৰপৰা 6 মাহলৈকে -9.5 to14.0g / dl 

6 মাহৰপৰা 2 বছৰলৈকে -10.5 to 13.5g / dl  

2 ৰপৰা 6 বছৰলৈকে -11.5 to13.5g / dl 

6 ৰপৰা 12বছৰলৈকে -11.5 to15.5g / dl 


মহিলাৰঃ 


বয়স 12 ৰপৰা 18  -12.0 বপৰা 16.0g / dl 

বয়স 18 বছৰ বয়সতকৈ বেছি- 12.1 से 15.1g / dl 


পুৰুষৰঃ 


বয়স 12 ৰপৰা 18 - 13.0 to16.0g / dl 

বয়স 18 বছৰ বয়সতকৈ বেছি -13.6 to 17.7g / dl



এনিমিয়া লক্ষণসমূহ - anemia symptoms in assamese 


হিম’গ্লবিনৰ অভাৱ (Anemia) হলে লক্ষণসমূহ কেনে ধৰনৰ হয়?


এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese


হিম’গ্লবিনৰ অভাৱৰ লক্ষণসমূহঃ anemia symptoms in assamese


‣ ক্লান্তি আৰু দুৰ্বলতা

‣ খিংখিঙীয়া আৰু মূৰৰ বিষ

‣ মনোযোগ হ্ৰাস,

‣ শ্বাসকষ্ট হোৱা

‣ নাৰ্ভাচনেচ (হাৰ্টবিট দ্ৰুত আৰু অনিয়মিত) 

‣ ব্যায়াম কৰিবলৈ  ক্ষমতা নোহোৱা

‣ হাত ভৰি ঠান্ডা হোৱা  (শৰীৰৰ মূল তাপমাত্ৰা বজায় ৰখাৰ ক্ষমতা ক্ষুণ্ন হোৱা) 


অৱশ্যে আপুনি ৰক্তাল্পতাত(anemia) ভুগিছে নে নাই সেয়া অনুভব কৰা আৰু বুজি পোৱাতো ইমান সহজ নহয়।  


যিসকলৰ হিম’গ্লবিনৰ মাত্ৰা কম (himoglobin low) থাকে, তেওঁলোকৰ মাজত কিছু লক্ষণ দেখা আৰম্ভ হয়। ইয়াৰ উপৰি, মানুহে প্ৰায়ে এই লক্ষণসমূহৰ লগত অভ্যস্ত হয় আৰু এইসমূহক সামান্য বুলি মানিব ধৰে৷ 


কেতিয়া ডাক্তৰক দেখোৱা উচিত? 


অত্যাধিক ক্লান্তি আৰু তন্দ্ৰাভাৱ (টোপনি দৰে ভাৱ) হলে, ত্বকত পাতল নীলা দাগৰ দৰে দেখা দিলে,ঘনাই সংক্ৰমণ হোৱা, চুলি সৰা ইত্যাদি সমস্যা হলে ডাক্তৰক দেখোৱা উচিত৷


হিম'গ্লোবিনৰ অভাৱৰ কাৰণসমূহ- anemia causes in assamese


সাধাৰণভাবে হিম'গ্লবিনৰ অভাৱ: হিম’গ্লবিনৰ সামান্য হ্ৰাস(himoglobin low) সদায় কোনো ৰোগক নিৰ্দেশ নকৰে, এয়া কিছু লোকৰ পক্ষে খুব সাধাৰণ অৱস্থাও হব পাৰে।  হিম’গ্লবিনৰ মাত্ৰা সাধাৰণত গৰ্ভবতী মহিলাসকলৰ মাজত কম পোৱা যায়।  


কোনো ৰোগ বা অন্যান্য অৱস্থাৰ লগত হিম’গ্লবিনৰ অভাৱ যুক্ত: শৰীৰত হিম’গ্লবিনৰ অভাৱ এনে কোনো ৰোগ বা অৱস্থাৰ কাৰণে হব পাৰে যি আপোনাৰ দেহত লোহিত ৰক্ত ​​কোষৰ সংখ্যা হ্ৰাসৰ কাৰণ হব পাৰে।  


নিম্নলিখিত কাৰনসমূহ এই সমস্যাৰ কাৰণ হব পাৰে-


• যদি আপোনাৰ শৰীৰে যদি স্বাভাবিকতকৈ কম লোহিত ​​ৰক্তকণিকা তৈয়াৰ কৰে,

• যদি আপোনাৰ শৰীৰত ৰক্তৰ ৰক্তকণিকা তৈয়াৰ কৰা গতিতকৈ দ্ৰুতভাৱে সেই কোষসমূহ ধ্বংস কৰিব ধৰে৷ 

• যদি আপোনাৰ শৰীৰত ৰক্তৰ অভাৱ হয়।  


যেতিয়া আপোনাৰ শৰীৰে  স্বাভাৱিকৰ পৰা কম পৰিমাণে লোহিত ৰক্তকণিকা উৎপাদন আৰম্ভ কৰে তেতিয়া আপোনাৰ দেহত বহু ৰোগ আৰু অন্যান্য অৱস্থাৰ বিকাশ ঘটিব পাৰে যাৰ মাজত  আছে: 


‣ কেন্সাৰ 

‣ এইচআইভি / এইডচ (HIV / AIDS)ৰ বাবে এন্টি-ৰেট্ৰোভাইৰাল ঔষধ (anti-retroviral drugs) আৰু কেন্সাৰৰ বাবে কেমোথেৰাপি 

‣ দীৰ্ঘ সময় ধৰি কিডনী ৰোগ  

‣ লিভাৰ চিৰচিচ (আৰু পঢ়কঃ লিভাৰ চিৰচিচ কিয় হয়? )

‣ Hodgkin's lymphoma ৰোগ

‣ হাইপ'থাইৰোইডিজম (Hypothyroidism)আৰু পঢ়ক-থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ

‣ আয়ৰন অভাৱ (lead poisoning) 

‣ লিউকেমিয়া (Leukemia)

‣ মাল্টিপল মাইলোমা (Multiple myeloma)

‣ মাইলোপ্লাস্টিক চিনড্ৰোম (Myeloplastic syndrome)

‣ নন-হজকিন্স লিম্ফোমা (Non-Hodgkins lymphoma)

‣ ভিটামিনৰ অভাৱ (vitamin deficiency)


কিছুমান ৰোগ আৰু অন্য কিছুমান স্হিতিৰ বাবে আপোনাৰ দেহৰ তৈয়াৰ হোৱা লোহিত ৰক্ত কনিকাৰ গতিৰ তুলনাত দ্ৰুতভাৱে ​​ৰক্তকণিকা ধ্বংস কৰি দিয়ে, ইয়াৰ মাজত অন্তৰ্ভুক্ত থাকিব পাৰে-


‣ প্লীহা বৃদ্ধি হোৱা (Splenomegaly)

‣ হিমোলাইচিচ (Hemolysis)

‣ বংশগত ব্লাড ডিচঅৰ্ডাৰ (Porphyria) 

‣ চিকেল চেল এনিমিয়া (Sickle cell anemia)

‣ থ্যালাচেমিয়া (Thalassemia- এক বিকাৰ যেতিয়া অক্সিজেন বাহক প্ৰটিন সামান্য তকৈ কম পৰিমানে হয়)

‣ ভাচকুলাইটিচ (vasculitic- ৰক্তনলীত প্ৰদাহ বা ফুলাভাৱ)  


ৰক্তৰ অভাৱৰ বাবে হিম'গ্লবিনৰ অভাৱ বা এনিমিয়া দেখা দিব পাৰে, যাৰ কাৰণে হব পাৰে:


‣ কোনো ক্ষতৰপৰা ৰক্তপাত হোৱা 

‣ পাচনতন্ত্ৰৰ ৰক্তপাত যেনে পেটৰ আলচাৰ, পেটৰ কেন্সাৰ বা  ৰক্তক্ষৰণ 

‣ মূত্ৰাশয়ৰপৰা ৰক্তক্ষৰণ 

‣ ঘন ঘনকৈ ৰক্তদান কৰা 

‣ মাহেকীয়া সময়ত ৰক্তপাত বৃদ্ধি হোৱা


হিম'গ্লবিনৰ অভাৱৰ সম্ভাৱনা কেতিয়া বাঢ়ি যায়?



বয়স অনুযায়ী, হিম'গ্লবিনৰ অভাৱৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি হব পাৰে: 


6 পৰা 12 মাহৰ মাজৰ শিশু- বিশেষকৈ যদি তেনে শিশুয়ে কেবল মাকৰ গাখীৰ পান কৰে বা আয়ৰনযুক্ত কোনো আহাৰ গ্ৰহন নকৰে৷   


এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

যি শিশু সময় পূৰ্বেই জন্মগ্ৰহণ কৰে
তেনে শিশুৰ হিম'গ্লবিনৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ কাৰন হল বেছিভাগ শিশুৰ, আয়ৰনৰ ভাণ্ডাৰ গৰ্ভাৱস্থাৰ তৃতীয় ত্ৰৈমাসিকৰ মধ্যত বিকাশ লাভ কৰে, সেয়ে সময় পূৰ্বে জন্ম হোৱাৰ কাৰণে শিশু সেই ভাণ্ডাৰৰ পৰা বঞ্চিত হবলগীয়াত পৰে৷


1 ৰপৰা 2 বছৰ বয়সৰ শিশুৰ - বিশেষকৈ যদি শিশুৱে আয়ৰনযুক্ত আহাৰ গ্ৰহন নকৰি অতিৰিক্ত পৰিমাণে গৰুৰ গাখীৰ পান কৰে তেন্তে  হিম'গ্লবিনৰ অভাব হব পাৰে।  কাৰণ গৰুৰ গাখীৰত আয়ৰনৰ পৰিমাণ কম পোৱা যায়।  


কিশোৰ অৱস্থাত- কাৰণ শাৰীৰিক বৃদ্ধিৰ সময়ল আয়ৰনৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়।  


বয়স্ক ব্যক্তিৰ - বিশেষত যাৰ বয়স 65 বছৰৰ বেছি৷  


কিছু ধৰণৰ জীৱনযাত্ৰাৰ অভ্যাসে আপনাৰ শৰীৰত হিম'গ্লবিনৰ অভাৱৰ (anemia) কাৰন হব পাৰে-


‣ নিৰামিষ ডায়েট অনুসৰণ কৰা 

‣ ঘন ঘনকৈ ৰক্তদান কৰা,  

‣ এথলেট আৰু সহিষ্ণুতাৰ ক্ৰিয়াকলাপসমূহ কৰা


কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত হিম'গ্লবিনৰ (himoglobin low) অভাৱৰ সম্ভাৱনা বাঢ়ি যায়, যাৰ ভিতৰত নিম্নলিখিতসমূহ অন্তৰ্ভুক্ত থাকিব পাৰে-


‣ ঋতুস্ৰাৱৰ সময়, বিশেষকৈ যেতিয়া ঋতুস্ৰাৱৰ সময়ত অতিৰিক্ত ৰক্তপাত হয়, 


 

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

‣ 
গৰ্ভাৱস্থাত, প্ৰসৱৰ পিছত বা যেতিয়া আপুনি মাতৃদুগ্ধ পান কৰাই থাকে, যদি আপুনি প্ৰতিদিনে প্ৰয়োজন হোৱা নিৰ্দিষ্ট আয়ৰনৰ পৰিমাণতকৈ  কমকৈ পান কৰে।    


অন্যান্য:  


‣ পৰিবেশ বা পানী  ইত্যাদিৰ কাৰণে যিসকল শিশুৰ ৰক্তত lead পোৱা যায়৷ ​​lead য়ে হিম’গ্লবিন তৈয়াৰৰ প্ৰক্ৰিয়াটোক প্ৰভাৱিত কৰে। 

‣ ৰক্তক্ষৰণ ব্যাধি (Bleeding disorder) যি ৰক্ত জমা হোৱা বাঁধাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰে৷  ইয়াৰ ফলত ৰক্তপাত বন্ধ কৰা কঠিন কৰি তোলে আৰু আঘাত, চাৰ্জাৰি আৰু গুৰুতৰ ঋতুস্ৰাব ইত্যাদিৰ কাৰণে হিম'গ্লবিনৰ অভাৱৰ জটিলতা বাঢ় যায়৷


হিম'গ্লবিনৰ অভাৱ প্ৰতিৰোধ - anemia prevention


হিম'গ্লবিনৰ অভাৱ প্ৰতিৰোধ কিদৰে কৰিব?


আয়ৰন সমৃদ্ধ স্বাস্থ্যকৰ আৰু সন্ত্তোলিত আহাৰ গ্ৰহন কৰক৷ 


চাহ আৰু কফিৰ ব্যৱহাৰ হ্ৰাস কৰক কাৰন এইসমূহে শৰীৰৰ আয়ৰন শোষণৰ ক্ষমতাক প্ৰভাৱিত কৰে। 

 

ভিটামিন চি (vitamin C) গ্ৰহণ বৃদ্ধি কৰক, ই আয়ৰন শোষণত সহায়তা কৰিব পাৰে।  আপোনাৰ ডায়েটত প্ৰচুৰ পৰিমাণে ভিটামিন বি 12 (Vitamin B12) আৰু  ভিটামিন বি 9 (Vitamin B9) গ্ৰহন কৰক।



এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

হিম'গ্লবিনৰ অভাৱ হলে কিদৰে চিকিৎসা কৰা হয়? Anemia treatment in assamese


হিম'গ্লবিনৰ অভাৱ হলে ইয়াৰ কাৰণসমূহৰ ভিত্তিতে চিকিৎসা কৰা হয়।  


* যদি আপোনাৰ শৰীৰত একত্ৰিত হৈ থকা ভিটামিন বি 12 (vitamin B12) সমাপ্ত হৈ যায় তেন্তে আপোনাক ডাক্তৰে সাধাৰণতে ভিটামিন বি 12 ৰ এটি ইঞ্জেকশন নিৰ্ধাৰণ কৰে। অৱশ্যে  ভিটামিন বি 12 খাব পৰা যায় যদিও তাৰ বাবে বহু বেছি ডোজ(dose) ৰ প্ৰয়োজন হয়৷ যদি ভিটামিন বি 12 ৰ মাৰাত্মক অভাৱ ঘটিছে তেন্তে তেনে লোকক হস্পিতেলত ভৰ্তি কৰা দৰকাৰ, যত তেওঁক শিৰাৰ মাধ্যমেৰে পুষ্টি সৰবৰাহ কৰা হয়।  


* যি সকল লোকৰ হিম'গ্লবিনৰ অভাৱ আছে, তেনে লোকে মাহে এবাৰ ভিটামিনৰ ইনজেকচন লগোৱাৰ প্ৰয়োজন আছে নতুবা তাৰা nose spray, জিহ্বাৰ তলত ৰাখিব পৰা এটি ট্যাবলেট বা এটি swallow tablet ব্যৱহাৰ কৰিব পাৰে।  


* যিসকল লোকৰ ফলেটৰ অভাৱ আছে তেওঁলোকক ফোলেট টেবলেট (folate tablet) গ্ৰহণ কৰিব দিয়া হয়৷


* যিসকল লোকৰ আয়ৰনৰ অভাৱ আছে তেওঁলোকক আয়ৰন পৰিপূৰক (supplement) গ্ৰহণ কৰিব দিয়া হয়৷


* গৰ্ভাৱস্থাত মহিলাসকলৰ আয়ৰন আৰু ফলিক এচিডৰ পৰিপূৰক(supplement) গ্ৰহণ কৰিব লাগে। এই পৰিপূৰকসমূহৰ ব্যৱহাৰ সম্পৰ্কে ডাক্তাৰৰ পৰামৰ্শ লোৱা উচিত৷


* যেতিয়াই সম্ভৱ অন্তৰ্নিহিত স্হিতিৰ চিকিৎসা কৰা ভাল।  দীৰ্ঘস্থায়ী কিডনী ৰোগৰ কাৰণে বা কেম'থেৰাপিৰ পিছত হোৱা এনিমিয়া প্ৰায়ে এৰিথ্ৰোপয়েটিন (Erythropoietin) ইনজেকশন দিয়ে চিকিৎসা কৰা হয়।  এৰিথ্ৰোপয়েটিন হৰমন যি অস্থি মজ্জাৰ লোহিত ৰক্ত ​​কোষৰ উৎপাদনক উদ্দীপিত কৰে। 


অৱশ্যে বেছিভাগ মানুহে স্বাস্থ্যকৰ ডায়েট যা পুষ্টিৰ বাবে ডায়েটৰ নিৰ্দেশিকাসমূহ পূৰণ কৰিলে ৰক্তাল্পতা প্ৰতিৰোধ কৰিব পৰা যায়, যি পৰ্যাপ্ত পৰিমাণে আয়ৰন, ভিটামিন বি 9 আৰু বি 12 সৰবৰাহ কৰে।  


এনিমিয়া হলে কি খাব? anemia diet


এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

হিম'গ্লোবিন বৃদ্ধি কৰিবৰ বাবে এই ডায়েট বা খাদ্যপ্রনালী দৈনন্দিন তালিকাত অন্তর্ভুক্ত কৰক ।  হিমগ্লবিন বৃদ্ধিৰ বাবে আটাইতকৈ কার্যকৰ উপায় হ'ল তৰমুজ আৰু পালেং শাক সেৱন কৰা । পালেং শাক আৰু সেউজীয়া শাকসজী শীতকালত তাৎক্ষণিকভাৱে উপকাৰ কৰে । পালেং শাক প্রচুৰ আয়ৰন সমৃদ্ধ । সপ্তাহত তিনিদিন পালেং শাকৰ জুইচ খালে আয়ৰনৰ অভাৱ পূৰন হয় | তৰমুজত ভিটামিন চি আছে যি আয়ৰন হজমত সহায় কৰে । 



ডালিম , বীট , কল , গাজৰ , আপেল , আঙ্গুৰ , কমলা , বিলাহী যি ধৰনে খালেও হিম'গ্লবিন বৃদ্ধি কৰে । সেউজীয়া শাকপাচলি কেঁচাই নতুবা চালাদ কৰি খালে ইয়াৰ পৰা অধিক উপকৃত হব পাৰি ৷ শীতত স্বাস্থ্যৰ বাবে গুড় খুবেই উপকাৰী । ইয়াৰ প্ৰভাৱ গৰম । গুড়ৰ চাহ পান কৰক । তদুপৰি খাদ্য গ্রহনৰ পিছত কিছু মিঠা খাব মন গলে গুড় খাব পাৰে । শুকান ফল ( dry fruits ) ব্যৱহাৰে হিমগ্লবিন বৃদ্ধি কৰে । 



খেজুৰ , বাদাম আৰু কিচমিচ খাওক । এইসমূহত পর্যাপ্ত পৰিমাণে আয়ন থাকে । শীতৰ দিনত বাদামৰ গাখীৰ পান কৰক । ৰাতি কিচমিচ তিয়াই ৰাখক আৰু ৰাতিপুৱা খালী পেটত খাওক । 



কনী , মুর্গি , মাছ আদি নিৰামিষাহাৰী সকলৰ বাবে আয়ৰনৰ অভাৱ আঁতৰ কৰাৰ বাবে সর্বোত্তম প্রতিকাৰ । এই খাদ্যসমূহ আয়ন আৰু ভিটামিন বি সমৃদ্ধ । ইয়াৰউপৰঞ্চি , চয়াবিন , ৰাজমা , ক'লাধান ( brown rice ) বাদাম , গােটা বুট মগু , ডার্ক চকলেট আদিয়ে হিম'গ্লবিন বঢ়ায় । 



খাদ্যগ্রহনৰ উপৰিও হিমগ্লবিন বৃদ্ধি কৰিবৰ বাবে যােগ অনুশীলন কৰা উচিত । নিয়মিত কপালভাটি , নাড়ীশােধন , সবঙ্গাসন আসন সম্পাদন কৰক । যােগব্যায়াম , খােজকঢ়া , জগিং বা দৌৰা , সাঁতুৰা আদিয়ে হিম'গ্লবিন বঢ়ায় । যদি হিম'গ্লবিনৰ অভাৱ দেখা যায় তেন্তে চাহ , কফি আৰু কোল্ড ড্রিঙ্কচ , এলকোহল গ্রহন ইত্যাদি বন্ধ কৰক ।

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese