অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia

Dr.Nayanjyoti Hazarika
Contact- 6000672185, Nalbari

অৰুচি কি? What is food aversion? Aruchi ki ?

অৰুচি  হল খাদ্যৰ প্ৰতি ব্যক্তি এজনৰ অনিহা আৰু লগতে তেওঁ খাদ্যৰ জুতি নোপোৱাটোকে বুজায়। (distaste dislike of food or food aversion)

অৰুচি কোনো এক ৰোগ নহয় কিন্তু ই শৰীৰৰ আভ্যন্তৰীণত হৈ থকা কোনো এক ৰোগৰ বাহ্যিক ভাৱে দেখা এক উপসৰ্গ হব পাৰে।বৰ্তমান সময়খিনি হৈছে বিভিন্ন ধৰণৰ ফ্লু,জ্বৰ-ছৰ্দি আৰু কাঁহৰ চিজন। এইফালে কভিদ -১৯ (covid19) নামৰ দৈত্য বিধ ইতিমধ্যে আমাৰ মাজত এতিয়াও আছেই। দেখা গৈছে যে বিভিন্ন ধৰণৰ ফ্লু,জ্বৰ-ছৰ্দি কাহ আৰু কভিড-১৯ হৈ ভাল হোৱাৰ এসপ্তাহ-দুসপ্তাহৰ পিছতো আক্ৰান্ত হৈ উঠা মানুহ এজনৰ মুখত খাদ্যৰ জুতি ভালকৈ নাহে আৰু অৰুচি ভাৱ এটা আহি যায়। জুতি লগাই তৃপ্তিৰে ভাতকেইটা ভালকৈ খাব নোৱাৰাৰ ফলত ব্যক্তি জনে কেইদিনমান অকণমান দুৰ্বলতা অনুভৱ কৰে যদিও খাদ্যৰ প্ৰতি অৰুচি দূৰ হোৱাৰ পিছত আকৌ যেতিয়া ভালকৈ জুতি লগাই খাব পৰা হয়,তেতিয়া আকৌ আগৰ দৰে সবলতা অনুভৱ কৰিব পাৰে। সেইবাবে অৰুচি এটা সৰু সমস্যা যদিও ইয়াক অলপমান গুৰুত্ব প্ৰদান কৰিব পাৰিলে ভাল।


অৰুচিৰ কাৰণসমূহ:aruchi karnhamuh/ food aversion causes in Assamese/distasteful causes

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia


১) কেতিয়াবা বহু দিনলৈ জ্বৰত ভুগি থকাৰ সময়ত আৰু সেই জ্বৰ ভাল হৈ উঠাৰ এক-দুই সপ্তাহ পিছলৈ অৰুচি ভাৱ এটা দেখা যায়।(food aversion causes)


২) যকৃত বা লিভাৰৰ কোনো আভ্যন্তৰীণ সমস্যা থাকিলে খাদ্যৰ প্ৰতি অৰুচি ভাৱ এটা দেখা দিব পাৰে। (food aversion causes)


৩) অত্যাধিক ধূম্ৰপান আৰু মদ্যপান কৰাৰ ফলত জিভাত থকা খাদ্যৰ জুতি কণিকা বা টেষ্ট্ বাদসমূহ(Taste Buds)ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত খাদ্যৰ অৰুচি দেখা যায়।(food aversion causes)


৪) সৰু লৰা ছোৱালী ক্ষেত্ৰত যদি তেওলোকৰ পেটৰ পেলুৰ সমস্যাত ভুগি আছে তেন্তে সিহঁতৰ মাজত খাদ্যৰ অৰুচি ভাৱ দেখা দিব পাৰে।(food aversion causes)


৫) কেতিয়াবা অধিক মাত্ৰাত পেটৰ গেছৰ সমস্যা বা গেষ্ট্ৰাইটিছ্ ৰোগৰ বাবেও বাহ্যিক উপসৰ্গ হিচাপে খাদ্য ৰ অৰুচি দেখা দিব পাৰে।(food aversion causes)


৬) মুখৰ ভিতৰত বা জিভাত ঘাঁ হলেও খাদ্যৰ অৰুচি দেখা দিয়ে।(food aversion causes)


৭) মুখগহ্বৰৰ ভিতৰত হোৱা ভেকুৰজনীত সংক্ৰমণৰ (Oral Thrust)বাবেও  খাদ্যৰ অৰুচি দেখা দিব পাৰে।(food aversion causes)


৮) কিছুমান ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কিছুমান মেডিচিন বা ঔষধৰ পাশ্বক্ৰিয়া বাবেও অৰুচি হোৱা দেখা যায়।(food aversion causes)


৯) টনছিলাইটিছ, মামছ আদি ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সময়তো খাদ্যৰ প্ৰতি অৰুচি ভাৱ এটা প্ৰকাশ পায়। (food aversion causes)


১০) কিছুমান ডাঙৰ ৰোগ যেনে -কেন্সাৰ আদিৰ বাহ্যিক উপসৰ্গ হিচাপে খাদ্যৰ প্ৰতি অৰুচি দেখা দিব পাৰে।(food aversion causes)


১১) কেতিয়াবা প্ৰেগনেন্সী সময়তো(food aversion pregnancy) অৰুচি হোৱা দেখা পোৱা যায়৷


খাদ্যৰ প্ৰতি অৰুচি প্ৰতিকাৰৰ উপায়সমূহ- aruchi pratikar-aruchi treatment 


অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia

আগতে ওপৰত উল্লেখ কৰাৰ দৰে আকৌ এবাৰ উল্লেখ কৰা হল যে খাদ্যৰ প্ৰতি অৰুচি কোনো ৰোগ নহয়, কিন্তু শৰীৰৰ ভিতৰত ঘটি থকা কোনো আভ্যন্তৰীণ ৰোগৰ বাহ্যিক উপসৰ্গ এটা হে মাথোন। সেইবাবে ইয়াৰ প্ৰতিকাৰৰ বাবে শৰীৰৰ আভ্যন্তৰীণত হৈ থকা ৰোগবিধ প্ৰথমতে নিশ্চিত কৰি সেইমতে চিকিৎসা গ্ৰহণ কৰা উচিত৷ যেনে, যদি দুৰ্বল যকৃতৰ বাবে হৈছে তেন্তে যকৃতৰ চিকিৎসা, সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত যদি পেটত থকা পেলুৰ বাবে হৈছে,তাৰ চিকিৎসা ইত্যাদি ইত্যাদি।


ইয়াৰোপৰি খাদ্যৰ ৰুচি বৃদ্ধিৰ বাবে তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰিলে সুফল পাব পাৰে- food aversion diet in Assamese-aruchi diet 


১) শৰীৰৰ প্ৰয়োজন অনুসৰি পানী খাব।


২) ৰাতি সোনকালে শুই, ৰাতিপুৱা সোনকালে উঠিব। এয়া হৈছে আমাৰ শৰীৰৰ বায়লজিকেল ক্লক (Biological clock)নিয়ম। ভালদৰে পালন কৰিব পাৰিলে শৰীৰৰ বাবে অত্যন্ত উপকাৰী।


৩) বতৰৰ ফলমূলবোৰ বতৰতে সেৱন কৰিব।


৪) শেৱালি ফুল ভাতৰ লগত ৰান্ধি খালে অৰুচি দূৰ হয়। ইয়াৰউপৰি টেঙেছী টেঙা, মাণিমুণী, দোৰোন শাক আদি ভাতৰ সৈতে খালে খাদ্যৰ প্ৰতি অৰুচি দূৰ হয়।


৫) নেমু, কুজি ঠেকেৰা আদি ৰ চৰ্বত বনাই খালেও কিছুমান পৰিমাণে খাদ্যৰ অৰুচি দূৰ হয়।


৬) অৰুচি হলে লেমন টি (Lemon tea) নিয়মিত সেৱন কৰিব, অৰুচি দূৰ হব।


৭) শিলিখা, আমলখি আদি অথবা ইহতৰ চূৰ্ণ আদি দিনত ২ বাৰ মান খাব। অৰুচি দূৰ হব।


৮) ইয়াৰোপৰি দৈনিক এটুকুৰা কৈ কেঁচা আদা মুখেৰে চুবাই খাইও সুফল লাভ কৰিব পাৰি।


৯) দাঁত আৰু মুখগহ্বৰৰ পৰিস্কাৰ কৈ ৰাখিব৷

১০) খাদ্যৰ অৰুচি হৈ থকা কেইদিন সহজতে হজম খাদ্য গ্ৰহণ কৰিব লাগে।


১০) ভ্ৰামৰি প্ৰাণায়াম,পবনমুক্তাসন,সৰ্বাংগসন,উস্ত্ৰাসন, যোগমুদ্ৰা আদি যোগ ব্যায়াম নিয়মিতভাৱে কৰিলে এই সমস্যাৰ পৰা সুফল পোৱা যায়।


১১) ধুম্ৰপান, মদ্যপান ত্যাগ কৰিলে সোনকালে সুফল লাভ কৰিব পাৰি।



সামৰণি: Conclusion


সৰু সুৰা কাৰণৰ পৰা হোৱা খাদ্যৰ অৰুচি ওপৰত উল্লেখ কৰা প্ৰতিকাৰসমূহ ভালকৈ অৱলম্বন কৰিয়ে আৰোগ্য লাভ কৰিব পাৰি। জটিল ৰোগৰ বাবে হোৱা অৰুচিত ভালদৰে ৰোগবিধ নিশ্চিত কৰি অভিজ্ঞ চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা আৰু পৰামৰ্শ গ্ৰহণ কৰি নিৰাময় কৰিব পাৰি।

হোমিওপ্যেথিটো (homeopathy)তো  খাদ্যৰ অৰুচি নিৰাময়ৰ বাবে অতি কাৰ্যকৰ ঔষধ উপলব্ধ আছে। ৰোগী এজনৰ পৰা পোৱা বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি আৰু আভ্যন্তৰীণ ৰোগ নিৰ্ণয় কৰা পিছত  ব্যক্তিজনৰ  লগত মিল খোৱা উপযুক্ত ঔষধ প্ৰদান কৰা হয় ৷ 

ডাঃ নয়নজ্যোতি হাজৰিকা (Homeopathy)

গোৱৰাদল,নলবাৰী(অসম)

Phone-6000672185

What's app-9085859752

Email- nayanfz@gmail.com

Instagram- https://www.instagram.com/nayanjyoti238061?r=nametag




Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese