এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

এজমা বা হাঁপানী কি? asthmatic meaning in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.


নাকেৰে উশাহ লওতে বায়ু ট্ৰেকিয়া নামৰ এক নলীকাৰ মাজেদি পৰিবাহিত হয়৷ এই ট্ৰেকিয়া নলীডাল দুটা ভাগত বিভক্ত৷ ইয়াক ব্ৰংকাচ বুলি কোৱা হয়৷ ইয়াৰ একেবাৰে সৰু নলীডালক কোৱা হয় ব্ৰংকিউল৷ ইয়াৰ পিছত নলীডাল হাওঁফাওঁত সোমায়৷ গতিকে, আমি উশাহ লওতে বায়ু অসংখ্য ব্ৰংকিউলৰ মাধ্যমেৰে প্ৰবাহিত হয় অৰ্থাৎ শ্বাসপ্ৰশ্বাস পৰিবাহিত হয় এই ব্ৰংকিউলৰ মাজেদি৷ বায়ু চলাচল কৰা এই ব্ৰংকিউলসমূহ সংকুচিত হৈ পৰিলে অথবা ব্ৰংকিউলক মেৰিয়াই থকা মাংসপেশীসমূহ সংকোচন হোৱাৰ ফলত নলীবোৰ কোঁচ খাই সৰু হৈ পৰে৷  দ্বিতীয়তে নলীবোৰৰ ভিতৰঅংশত যদি বীজাণুৱে সংক্ৰমন কৰে তেতিয়া নলীবোৰ ভিতৰভাগ এবিধ তৰল পদাৰ্থৰে পূৰ্ণ হোৱাৰ উপক্ৰম হয়৷ ভিতৰৰ পৰিসৰ সৰু হলে উশাহ নিশাহ লোৱাত কষ্ট হয়৷ বিশেষকৈ কাৰ্বন-ডাই অক্সাইড উলিয়াই দিয়া জটিল হৈ পৰে৷ ফলত ঘেৰঘেৰনি, চিচি আদিৰ সৃষ্টি হয়৷ এনে অৱস্থাকে এজমা বা হাঁপানী বোলা হয়৷ 


কি কি কাৰনত এজমা বা হাঁপানী হয়- asthma causes in Assamese


এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.


কেৱল প্রাপ্তবয়স্ক লোকৰে নহয়, অধিকাংশ শিশু এই ৰােগত ভুক্তভােগী। শিশুৰ সাধাৰণতে ১৪ বছৰ বয়স পর্যন্ত প্রতিৰোধ ক্ষমতা কম থাকে কাৰণে এই বয়সৰ আগতে এজমা ৰোগ বেছি হােৱা দেখা যায় । 


কেঁচুৱাৰ জন্মৰ ঠিক পিছতে মুখ আৰু নাক আদিৰ পৰা লেলাউটিৰ নিচিনা যিবিলাক বস্তু বাহিৰ ওলায়,সেই বস্তুখিনি যদি পৰিষ্কাৰ কৰি পেলােৱা নহয়, তেন্তে শিশুৰ এজমা ৰােগ হ'ব পাৰে। 


➡ এজমা ৰােগৰ অন্যতম মুখ্য কাৰণ হ'ল বায়ুত যিদৰে ধূলি - বালি, ৰাসায়নিক দ্রব্য বিশেষকৈ কার্বন - ডাইঅক্সাইড, কার্বন মনােক্সাইড আদি বৃদ্ধি পাইছে এইবােৰৰ দ্বাৰা  বায়ু প্ৰদূষণ হৈ এই ৰােগ হ'ব পাৰে। (asthma causes in Assamese)


বীজাণুজনিত কাৰন বা সংক্ৰমণৰ ফলত এজমা ৰােগ হ'ব পাৰে। এজমা বিশেষকৈ ৰেচপিৰেটৰী ছিচাইটিয়েল ভাইৰাছ (Respiratory Syncytial Virus ), ইনফ্লুয়েঞ্জা ভাইৰাছ, আদিৰ সংক্ৰমণৰ ফলত এজমা ৰােগ হ'ব পাৰে। (asthma causes in Assamese)



➡ যিবােৰ শিশুৰ চাৰি যায় পাঁচ বছৰ বয়সত ইনফ্লুয়েঞ্জা হয়, তেনে শিশুৰ আঠ/ন বছৰ বয়সত এজমা হ'ব পাৰে। (asthma causes in Assamese)


➡ পিতৃ- মাতৃ বা অন্য কোনাে লােকে ঘৰত ধূমপান (Passive smoking) কৰিলে শিশুৰ এজমা হােৱাৰ সম্ভাৱনা থাকে। ধূম্রপান বা দূষিত বায়ু সেৱনৰ ফলত বয়স্ক লােকৰো এজমা হ'ব পাৰে। (asthma causes in Assamese)


অতিপাত গৰম বা অতিপাত ঠাণ্ডাৰ কাৰণে শিশুৰ শ্বাস কষ্ট হয়। (asthma causes in Assamese)


➡ তদুপৰি অতিৰিক্ত ব্যায়াম কৰাৰ ফলতাে প্রাপ্তবয়স্ক লােকৰ কেতিয়াবা শ্বাসকষ্ট হােৱা দেখা যায়। (asthma causes in Assamese)


➡ হঠাতে উত্তেজিত হােৱা আৰু অধিক চিন্তা ভাৱনাত এই ৰােগ বেছিকৈ হয়। অর্থাৎ মানসিক অৱস্থাৰ কাৰণে এজমা হ'ব পাৰে। (asthma causes in Assamese)


হাঁপানী বা এজমাৰ লক্ষণসমূহঃasthma symptoms in Assamese


পােহনীয়া জীৱ- জন্তুৰ নােম, চুলি, গাখীৰ বা গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্যদ্রব্য, ফুলৰ ৰেণু, ধূলি - মাকতি আদিৰ পৰাও এজমা হােৱাৰ সম্ভাৱনা অধিক। (asthma causes in Assamese)


➡ কেতিয়াবা ঘূৰণীয়া পেলুৰ কাৰণেও এজমা ৰোগ হােৱা দেখা যায়। (asthma causes in Assamese)


➡ ঘৰৰ ভিতৰত বিশেষকৈ কাপােৰ - কানি, আচবাব, বিছনা, গাৰু আদিত ধূলি - মাকতি লাগি থাকিলে। সেইবিলাক বায়ুত মিহলি হৈ নাকেদি হাওঁফাওঁলৈ প্রৱেশ কৰাৰ ফলত সহজে এজমা ৰােগ সৃষ্টি হয়। সেয়েহে দেৱালী আৰু দচেৰা আদি  উৎসৱৰ সময়ত এজমা ৰােগ বেছিকৈ হােৱা দেখা যায়। (asthma causes in Assamese)


➡ কিছুমান জীৱ-জন্তু দ্বিশেষকৈ মেকুৰী, কুকুৰ, ঘোঁৰা আদিৰ দ্বাৰা সহজে বহু লােকৰ এলাৰ্জীৰ (asthmatic allergy)সৃষ্টি হােৱা দেখা যায়। তদুপৰি হাঁহ আৰু পাৰ বা অন্যান্য পক্ষীৰ দ্বাৰাও এজমা হব পাৰে।(asthma causes in Assamese)


কিছুমান ঔষধ ব্যবহাৰৰ  ফলত, বিশেষকৈ পেনিচিলিন, এন্টিবায়ােটিক, ইনচুলিন, ট্রংকুইলাইজাৰচ আৰু এছপিনৰিন জাতীয় ঔষধ ব্যৱহাৰৰ কাৰণে এজমা হব পাৰে৷(asthma causes in Assamese)


➡ ঠাণ্ডা পানীত গা ধুলে বা অন্যান্য কাৰণত দীর্ঘদিন ধৰি চৰ্দি কাহ হৈ থাকিলে শেষত এনে ৰােগী এজমাত আক্রান্ত হ'ব পাৰে৷(asthma causes in Assamese)


বংশগতভাৱেও এই ৰােগ হ'ব পাৰে। বিশেষকৈ পিতৃ-মাতৃ এই ৰােগত আক্রান্ত হলে ।  উত্তেজনা ও উত্তেজনাৰ কাৰণে এজমা ৰােগ বৃদ্ধি আৰু সৃষ্টি হােৱাত সহায় হ'ব পাৰে । (asthma causes in Assamese)


➡বহু সময়ত ডিঙিত সংক্রমণ হােৱাৰ পিছত এজমা বা হাঁপানি লক্ষণে দেখা দিয়ে। (asthma causes in Assamese)


হাঁপানী বা এজমাৰ লক্ষণসমূহঃasthma symptoms in Assamese



হাঁপানী বা এজমাৰ লক্ষণসমূহক (asthmatic symptoms in Assamese) তিনি ভাগত ভাগ কৰিব পাৰি৷


শিশুকালৰ এজমাত শিশুৰ কাহ হয়,শ্বাসকষ্ট হয়৷ কাহ বাঢ়ি হৃদয়ৰ স্পন্দন 60-70-80 বাৰ পৰ্যন্ত হব পাৰে৷ বুকুৰ পৰা ঘেৰঘেৰনি শব্দ হয়৷ (asthma symptoms in Assamese)


হাঁপানী বা এজমাৰ লক্ষণসমূহঃasthma symptoms in Assamese


হঠাতে হোৱা এজমা ৰোগীৰ উশাহ নিশাহত কষ্ট হয়, বিশেষকৈ শ্বাস এৰোতে দেৰি হয়৷  লগতে চি চি দৰে শব্দ হয়৷ বুকু হেঁচা মাৰি ধৰিৰ দৰে অনুভৱ হয়৷ ৰোগীয়ে শুই থকাতকৈ বহি থাকিবলৈ ভাল পায়৷ এই ৰোগ কেইদিনমান বা কিছুসময়ৰ বাবে হব পাৰে৷ (asthmatic symptoms in Assamese)


ক্ৰনিক অথবা পুৰনি এজমা ৰোগীৰ অনবৰতে বুকুৰ পৰা ঘেৰঘেৰনি শব্দ উলায়৷ পৰিশ্ৰম কৰোতে বা  নিশ্বাস লওতে কষ্ট হয়। কাহৰ লগতে পাতলীয়া কফ বাহিৰ ওলায় । এনে ৰোগী সাধাৰণতে শ্বাসতন্ত্ৰত বেক্টেৰিয়াৰ দ্বাৰা আক্রান্ত হয়। ৰোগীৰ শেষ ৰাতি টোপনি কম হয়। ৰোগীয়ে বিছানাৰ পৰা উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰােগ বেছি পুৰণি হ'লে ৰােগীৰ অৱস্থা শােচনীয় হৈ পৰে। এনে অৱস্থাক Status Asthematicus বােলা হয়৷ (asthma symptoms in Assamese)


আৰু পঢ়কঃ শগুনিলতা বা গিলয়ৰ ঔষধীয় বৈশিষ্ট্য, আয়ুৰ্বেদিক ব্যৱহাৰ, উপকাৰিতা আৰু পাৰ্শ্ব প্ৰতিক্ৰিয়া- Giloy Ayurvedic Uses, Benefits And Side Effects In Assamese/Saguni lata in Assamese



হাঁপানী বা এজমাৰ প্ৰতিৰোধ কিদৰে কৰিব পৰা যায়ঃ ashthma prevention in Assamese


জন্মৰ পিছতেই কেঁচুৱাটিৰ মুখৰ পৰা ওলােৱা বিজলুৱা বস্তুখিনি পৰিষ্কাৰ কৰি পেলাৰ লাগে৷


ধূলি - মাকতি, চিগাৰেটৰ ধোঁৱা আৰু অন্যান্য কল - কাৰখানাৰ ধোৱাৰ পৰা সদায় শিশুক আঁতৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে৷


সদায় সতেজ বস্তু খাব লাগে৷ বাহী বস্তু খাব নালাগে। 


সদায় কুহুমীয়া পানী খোৱা উচিত।


এলার্জি সৃষ্টি কৰিব পৰা বস্তু খাব নালাগে আৰু তেনে বস্তু বা জীৱ - জন্তু আদিৰ পৰা আঁতৰত থাকিব লাগে। 


বাহিৰলৈ ওলালে মাস্ক ব্যৱহাৰ কৰিব লাগে ৷


কোনােধৰণৰ ধূমপান কৰিব নালাগে বা আনে ধূমপান কৰিলেও তাৰ ধোৱাৰ পৰা আঁতৰত থাকিব লাগে। 


এক লিটাৰ পানীত পানীত পঞ্চাছগ্রাম খুন্দি লােৱা আদা মিহলাই উতলাব আৰু এই পানী নিয়মীয়াকৈ খাব লাগে । 


আহাৰ গ্ৰহণ কৰাৰ পিছত এচামুচ মৌ, আধা চামুচ আদাৰ ৰস এচামুচৰ চাৰিভাগৰ এভাগ জালুকৰ গুড়ি মিহলি কৰি খাব লাগে। 


অধিক পৰিশ্ৰম বা ঔষধৰ কাৰণে ৰােগ হলে সেইবিলাক ত্যাগ কৰিব লাগে।


বিছনাৰ কাপােৰ - কানি সদায় ৰ'দত দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ শুৱা কোঠা সদায় পৰিষ্কাৰ কৰি ৰাখিব। লাগে যাতে ধুলি - মাকতি কেতিয়াও হ'ব নােৱাৰে। 


কেঁচা হালধিৰ ৰস এচামুচ , এটুকুৰা গুড়ৰ খালে লগত মিহলি কৰি সপ্তাহত অন্ততঃ তিনিদিন নিয়মীয়াকৈ খাব লাগে৷


এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.


আৰু পঢ়কঃ হাৰ্টৰ সমস্যা,ৰক্তচাপ, মূত্ৰবিকাৰ, হাঁপানী আদি একাধিক ৰোগৰ মহৌষধ অৰ্জুনাৰিষ্ঠ- Arjunarishta: Benefits, Uses, Ingredients, Dosage and Side Effects


হাঁপানী বা এজমা ৰোগত কি খাব কি নাখাব?

asthmatic diet in Assamese


কি কি খাব- 


ক'লা তুলসীৰ পাত , বগা বাহকৰ পাতৰ ৰস , তিতা ফুল ( ৰঙা বাহক ), বগা বাহকৰ ফুল , আদা, হালধিৰ ৰস, দোৰােণ বন, যষ্ঠিমধু, জালুক, পিপলি, লেটা গুটি, মৌ, সৰু  মানিমুনি , বৰ মানিমুনি, ব্রাহ্মী শাক, পচতীয়াৰ কোমল পাত, যনী, আমলখি, শিলিখা, ত্রিফলা, জিলমিল ( ভটুৱা ) শাক, কিচমিচ, শুহনি বন, অর্জুন গছৰ চালৰ ৰস, নীলকণ্ঠ, গােমধান, চজিনা, বিলাহী, মধুৰীআম , ধনিয়া, বিয়নীসাৱটা, সৰু ইলাচি, নহৰু, মৰাণ আদা, সুমথিৰা টেঙা, মহানিম , কেহৰাজ, ভেকুৰী, কালমেঘ, জৰাটেঙা, গুড়, থেকেৰা, জলকীয়া, ৰবাব টেঙা, বেল, চিৰতা । 



কি খাব নালাগে-


 কল, বিড়ি - চিগাৰেট, সকলাে ধৰণৰ মিঠা বস্তু, কচু, বেঙেনা, বিজলুৱা বস্তু, লাউ, সৰিয়হ শাক, গাখীৰ, পিয়াজ, পূৰৈ শাক, মাখন, ধপাত, কলমৌ শাক, ভাং , ভেণ্ডি , বিভিন্ন প্ৰকাৰৰ আইচক্রীম, মদ, ঠাণ্ডা বস্তু, ঠাণ্ডা পানী, উৰহী, মাটিমাহ, আলু, মচুৰ দাইল, নতুন চাউলৰ ভাত, বৰালি মাছ, শাল মাছ, তেতেলী, চেঙা মাছ, ৰহৰ দাইল, মাগুৰ মাছ, আঁৰি মাছ, তামােল, পইতা ভাত আদি নাখাব লগতে ধোৱা আৰু ধূলিৰ পৰা আঁতৰত থাকিব লাগে।



আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷ কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে এই ৱেবছাইটৰ সংলগ্ল লিখনি share কৰিলে www.fitassam.xyz ৰ নাম নতুবা পেজৰ url link লগত দিয়ে যেন৷


এই ৱেবছাইটৰ অন্যান্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com

নতুবা, Contact কৰিব পাৰে

মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ🙏












Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga