ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

ৰাতিপুৱা পানী খোৱাৰ উপকাৰিতা - Drinking water in the morning empty stomach in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese


আয়ুৰ্বেদৰ মতে সূৰ্য উদয় হোৱাৰ আগে খালী পেটত পানী খোৱাৰ পৰামৰ্শ দিয়া হয়। "উষাপান" দুটি শব্দৰে গঠিত - উষা আৰু পান।  উষা মানে আকাশত যেতিয়া সূৰ্য্যৰ পোহৰ দেখা আৰম্ভ হয় কিন্ত্ত সূৰ্য উদয় নহয়। এয়া সূৰ্যোদয়ৰ 20 পৰা 30 মিনিট আগে হয়।

(Benefits of drinking water early morning empty stomach in Assamese)

অন্য কথাত, সূৰ্য্যদয়ৰ আগে নিৰ্দিষ্ট পৰিমাণে পানী পানক আয়ুৰ্বেদত উষাপাণ বোলে।  আয়ুৰ্বেদৰ মতে, সূৰ্যোদয়ৰ আগে পানী পান কৰা নৱজীৱনৰ (rejuvenation) কাম কৰে। ই আপোনাক কোষ্ঠকাঠিন্য, হৃদৰোগ, পেটৰ ৰোগ, জৰায়ুজনিত সমস্যা, ত্বকৰ ৰোগ আৰু চুলিৰ সমস্যা পৰা মুক্তি দিয়াত সহায়তা কৰে আৰু এই ৰোগসমুহ হোৱাত ৰোধ কৰে। উষাপনা আয়ুৰ্বেদৰ কেমোথেৰাপি যি বহু ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

ৰাতিপুৱা পানী খালে কোষ্ঠকাঠিন্য আৰু অৰ্শৰোগ সহ পেটৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। ৰাতিপুৱাৰ পানীয়ে মূত্ৰথলিৰ ব্যাধি(UTI) আৰু ৰক্তজনিত অসুস্থতাৰ বাবেও উপকাৰী। এই প্ৰতিকাৰ মূৰ, নাক, কান আৰু ডিঙি সহ শৰীৰৰ ওপৰৰ অংশৰ সমস্ত ৰোগত উপকাৰ কৰে। ই ত্বকৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰতো অত্যন্ত কাৰ্যকৰ।

ৰাতিপুৱা পানীৰ বাবে কেনে পাত্ৰ ব্যৱহাৰ কৰিব লাগে? Which container is best for drinking water in Assamese

উষাপানৰ বাবে ৰাতি পানি ৰাখি থোৱা পানী খাব লাগে৷ তাৰ বাবে তিনি ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰা হয়।

মাটিৰ পাত্ৰ

কপাৰ বা তামৰ পাত্ৰ


সোনৰ পাত্ৰ


ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese


ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese


আপুনি যদি ক্ষীণ বা পাতল বা আপোনাৰ প্ৰকৃতি যদি বাত বা পিত্ত প্ৰকৃতিৰ ভিতৰত থাকে তেন্তে সোনৰ পাত্ৰত ৰখা পানী আপোনাৰ পক্ষে খুব উপকাৰী।  যদি আপুনি কোনো পাত্ৰ সোনৰ কিনিব নোৱাৰে তেন্তে আপুনি ৰাতি মাটিৰ পাত্ৰত ৰখা পানী পান কৰিব পাৰে।


আপুনি যদি শকত হয় বা আপনাৰ ওজন বেছি হয় বা আপনাৰ প্ৰকৃতি কফপ্ৰকৃতিৰ হয় তেন্তে আপুনি ৰাতি তামৰ পাত্ৰত ৰখা পানী পান কৰা উচিত।  বিকল্পভাবে, আপুনি গৰম পানী পান কৰিব পাৰে।  তামৰ পাত্ৰত ৰখা পানী আৰু গৰম পানীয়ে অন্যান্য উপকাৰিতাৰ ওপৰিও ওজন হ্ৰাস কৰাত সহায়তা কৰে৷

ৰাতিপুৱা আমি কিমান পানী পান কৰা উচিত? How much water should I drink in the morning in Assamese

আয়ুৰ্বেদত কেৱলমাত্ৰ এই সময়ৰ বাবেহে পানীৰ পৰিমাণ কোৱা হৈছে৷ পানীৰ পৰিমাণ ব্যক্তি অনুসৰি পৃথক পৃথক হয়।

আপুনাৰ ৮ টি অঞ্জলিত আপুনি কিমান পৰিমাণ পানী ৰাখিব পাৰিব তাৰ ওপৰত পানীৰ পৰিমাণ নিৰ্ভৰ কৰে।  আপুনি আপোনাৰ ৮ অঞ্জলিত যিমান পানী লব সেয়াই এটি সঠিক পৰিমাণ।

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

অঞ্জলি এটি সংস্কৃত শব্দ, যাৰ অৰ্থ উভয় হাতত যুক্ত হোৱা অবতল গঠন।  ৮ অঞ্জলিৰ অৰ্থ হল পানীৰ পৰিমান যাক আপুনি আপোনাৰ অঞ্জলি ৰৃপত  8 বাৰ পৰিমাপ কৰিব পাৰে।  

উদাহৰণস্বৰূপে, আপুনি যদি 1 অঞ্জলিত 100 মিলি পানী ৰাখিব পাৰে, তেন্তে আপোনাৰ পানীৰ নিৰ্ধাৰিত পৰিমাণটো হব 800 মিলি।

গতিকে আপুনাৰ পানীৰ মাত্ৰা আপুনি নিজেই নিৰ্ধাৰণ কৰিব লাগিব৷

ৰাতিপুৱা কেতিয়া পানী পান কৰা উচিত? best time to drink water in morning in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

উষাপানৰ সংজ্ঞা হিচাবে সূৰ্যোদয়ৰ আগে নিৰ্দিষ্ট পৰিমাণে জল পানক আয়ুৰ্বেদে উষাপান বোলা হয়।  এই সংজ্ঞা অনুযায়ী আপোনাৰ সূৰ্যোদয়ৰ আগে পানী পান কৰা উচিত। স্বাস্থ্য লাভৰ বাবে এইখিনি সময়ে পানী খোৱাৰ সঠিক সময় বুলি কোৱা হয়৷

দাঁত ব্ৰাছ কৰাৰ পিছত পানী খাব পাৰিনে?Drinking water in the morning before brushing in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

আয়ুৰ্বেদত কোনো উল্লেখ নাই যে আপোনাৰ দাঁত আৰু জিহ্বা পৰিষ্কাৰ কৰাৰ আগে বা পিছত পানী পান কৰা উচিত।

অৱশ্যে ৰাতিপুৱাৰ লেলাউতি (Morning Saliva) ৰ কিছু নিৰাময়ৰ বৈশিষ্ট্য আছে ইয়াক ত্বকৰ ক্ষতত বাহ্যিকভাবে প্ৰয়োগ কৰা হয়। 

টোপনিৰ সময়ত, লেলাউতিৰ প্ৰবাহ যথেষ্ট হ্ৰাস পায় যি মুখৰ জীৱাণুসমূহৰ (microbes) বৃদ্ধিৰ দিশে পৰিচালিত কৰে।  এই প্ৰক্ৰিয়াটোৰ বাবে ৰাতিপুৱা মুখৰ দুৰ্গন্ধ উলাই। অৱশ্যে, লাইসোজাইম (lysozyme) লেলাউতিত উপস্থিত থাকে, যি এটি এনজাইম যি জীৱানুসমূহৰ বা মাইক্ৰোবায়ালৰ অতিৰিক্ত বৃদ্ধিত বাধা দিয়ে। গতিকে টোপনিৰ সময়ত লেলাউতি প্ৰবাহ কমি যোৱাৰ কাৰণে বেক্টেটিৰিয়াৰ বিকাশৰ কাৰণে ৰাতিপুৱা মুখৰ গোন্ধ উলাই। গতিকে ৰাতিপুৱা ব্ৰাছ নকৰাৰ আগেয়ে অৰ্থাৎ বাহিমুখতো পানী গ্ৰহন কৰিলে উপকাৰী বুলি বহুতে কব খুজে৷

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷ কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে এই ৱেবছাইটৰ সংলগ্ল লিখনি share কৰিলে www.fitassam.xyz ৰ নাম নতুবা পেজৰ url link লগত দিয়ে যেন৷


এই ৱেবছাইটৰ অন্যান্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com

নতুবা, Contact কৰিব পাৰে

মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ🙏



Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese