কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese

 লেখকঃ ডাঃ নয়নজ্যোতি হাজৰিকা 

Contact-6000672185

কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese


কলেষ্টৰেল কি? cholesterol- in assamese cholesterol definition-in assamese


কলেষ্টৰেল (cholesterol) এটি চৰ্বিযুক্ত উপাদান যি লিভাৰৰদ্বাৰা উৎপাদিত হয়। ই দেহৰ কোষসমূহৰ স্বাস্থ্যৱান কৰে, ভিটামিন ডি, হজম প্ৰক্ৰিয়াত, হৰমন তৈয়াৰ কৰা আৰু হৰমনসমূহক ঠিকমতে ৰখাৰ কাম কৰে। কলেষ্টৰেল আমাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।  হৰমন নিয়ন্ত্ৰণত কলেষ্টৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিভাৰে শৰীৰৰ 80% কলেষ্টৰেল তৈয়াৰ কৰে। সেইদৰে, 20 শতাংশ কলেষ্টৰেল খাদ্যৰ মাধ্যমেৰে আমাৰ শৰীৰে পায়।  চৰ্বিত দ্ৰবণীয় ভিটামিনসমূহৰ মেটাবলিজমৰ বাবেও কলেষ্টৰেলৰ প্ৰয়োজন।


কলেষ্টৰেল পানীত দ্ৰবীভূত নহয়, গতিকেই শৰীৰ অন্যঅংশত নিজেই পাবগৈ নোৱাৰে৷ লিপোপ্ৰটিন নামক কণা ৰক্তৰ প্ৰবাহৰ মাধ্যমেৰে কলেষ্টৰেল শৰীৰৰ অন্যান্য অংগলৈ বহন কৰাত সহায়তা কৰে। 


লিপোপ্ৰটিনেৰ দুটি প্ৰধান ৰূপ আছে - 


1. নিম্ন-ঘনত্বৰ লিপোপ্ৰটিন (Low - density lipoproteins - LDL), যি "বেয়া কলেষ্টৰেল" নামে পৰিচিত, ধমনীত জমা হব পাৰে আৰু  গুৰুতৰ স্বাস্থ্যগত সমস্যাৰ কাৰণ হব পাৰে যেনে হাৰ্ট এটেক্  বা স্ট্ৰোক। (what cholesterol is good-in assamese)


2. উচ্চ ঘনত্বৰ লিপোপ্ৰটিন (High - density lipoproteins - HDL) যাক  "ভাল কলেষ্টৰেল" হিচাবে পৰিচিত, ই লিভাৰৰপৰা LDL কলেষ্টৰেল অপসাৰণ কৰাত সহায়তা কৰে।ভাল কলেষ্টৰেলে কৰোনাৰি হাৰ্ট ডিজিজ আৰু স্ট্ৰোক প্ৰতিৰোধ কৰে। ই কোষৰপৰা  যকৃত বা লিভাৰলৈ কলেষ্টৰেল বহন কৰে। যকৃতত গৈ ই ভাঙি যায় বা বৰ্জ্য পদাৰ্থ হিচাবে শৰীৰৰপৰা বাহিৰ উলাই যায়।(what cholesterol is good-in assamese)



হাই কলেষ্টৰেল কি বা উচ্চ কলেষ্টৰেল কি? cholesterol high-in Assamese

cholesterol level-in assamese


কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese


উচ্চ মাত্ৰাত চৰ্বিযুক্ত খাদ্যৰ গ্ৰহণে আপোনাৰ ৰক্তত LDL কলেষ্টৰেল মাত্ৰা বঢ়ায়(cholesterol level high) তোলে। ইয়াক উচ্চ কলেষ্টৰেল, হাইপাৰকলেস্টেৰোলিয়া (hypercholesterolemia)

বা হাইপাৰলিপিডেমিয়া (hyperlipidemia) বোলা হয়।  যেতিয়া এলডিএল কলেষ্টৰেল মাত্ৰা খুব বেছি হয় বা এইচডিএল কলেষ্টৰেল মাত্ৰা খুব কম হয়, তেতিয়া ৰক্তনলীত ফেট জমা হবলৈ আৰম্ভ কৰে। এনেদৰে জমাহোৱা ফেট আপোনাৰ ধমনীত পৰ্যাপ্ত পৰিমানে ৰক্তৰ প্ৰবাহত জটিলতা সৃষ্টি কৰি তোলে। ই আপনাৰ দেহত বিশেষকৈ আপোনাৰ হৃদয় আৰু মস্তিষ্কত সমস্যা সৃষ্টি কৰিব পাৰে আৰু ই  মাৰাত্মকো হব  পাৰে।  সকলো বয়সৰ লোকৰে উচ্চ কলেষ্টৰেল( cholesterol high) থাকিব পাৰে।  হাৰ্ট এটেক, স্ট্ৰোক, এথেৰোস্ক্লেৰোচিচ আৰু পেৰিফেৰাল আৰ্টাৰি ডিজিজ (atherosclerosis, peripheral artery disease) তৈয়াৰি কৰিব পাৰে ৷



কলেষ্টৰেল স্তৰ কিমান হোৱা উচিত? cholesterol level- in assamese


কলেষ্টৰেল এটি নিৰ্দিষ্ট পৰিমাণহে (cholesterol nomal range)শৰীৰৰ পক্ষে ভাল। শৰীৰে স্বাভাৱিক কলেষ্টৰেল পৰিমাণ হোৱা উচিত (200 mg/dl বা তাতকৈ কম)।  সীমা ৰেখা হিচাবে কলেষ্টৰল (200 থেকে 239 mg/dL) আৰু উচ্চ কলেষ্টৰেল (240 mg/dL) ৰ ভিতৰত হোৱা উচিত।  


উচ্চ কলেষ্টৰেলৰ লক্ষণসমূহ- cholesterol symptoms-in assamese


সাধাৰণত, উচ্চ কোলেস্টেৰলেৰ কোনো নিৰ্দিষ্ট লক্ষণ নাই তথাপি এনে কিছু লক্ষণ আছে যি এই ৰোগৰ কাৰণ হব পাৰে-


ত্বক হালধীয়া হোৱা- ই উচ্চ কলেষ্টৰেলৰ(cholesterol high) প্ৰধান লক্ষণ, যাৰ ফলত ব্যক্তিৰ ত্বক হালধীয়া হৈ যায়। কিছু লোকৰ এটি জন্ডিচৰ লক্ষণ হিচাবে দেখা দিব পাৰে তেতিয়া কোনো  সিদ্ধান্তে লোৱাৰ আগে  স্বাস্থ্য পৰীক্ষা কৰা উচিত আৰু তাৰপিছত কোনো চিকিৎসা কৰা উচিত।


কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese


বুকুৰ বিষ- যদি কোনো ব্যক্তিৰ বুকু বিষ হয় তেন্তে তাক অৱহেলা কৰা উচিত নহয় কাৰণ ই উচ্চ কলেষ্টৰেলৰ(cholesterol high) বাবে হব পাৰে।



ভৰিৰ নিম্ন অংশত বিষ- উচ্চ কলেষ্টৰেলৰ (cholesterol high) আন এটি লক্ষণ হ'ল ভৰিৰ নিম্ন অংশত বিষ৷ বেছিভাগ লোকৰে ক্লান্তিৰ ফলত এনে অনুভব কৰিব পাৰে তথাপি ঘনাই হলে ডাক্তৰৰ লগত যোগাযোগ কৰা উচিত৷



দুৰ্বলতা অনুভব কৰা- আপুনি অৱশ্যই এনে কিছুমান লোক দেখিছে যিসকলে অলপমান দৌৰামেলা কৰিলেই বা কাম কৰিলেই ক্লান্ত হৈ পৰে। এনে উচ্চ কলেষ্টৰেলৰ (cholesterol high) কাৰণেও হব পাৰে, এনেদৰে ঘনাই হলে উপেক্ষা কৰা উচিত নহয় আৰু চিকিৎসকক অবগত কৰা উচিত।



হৃদয়ৰ গতি অস্বাভাবিকভাৱে চলা- যদি কোনো ব্যক্তিয়ে হৃদস্পন্দনৰ অস্বাভাবিক গতিবিধিৰ অভিযোগ কৰে তেন্তে তেওঁক অবিলম্বে চিকিৎসাৰ ব্যৱস্থা কৰা উচিত।



কলেষ্টৰেল হোৱাৰ কাৰন কি? colestorel causes-in assamese


উচ্চ কলেষ্টৰেল নিম্নলিখিত কাৰণসমূহৰ কাৰণে হব পাৰে-


1. ডায়েট (diet) -


কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese

খুব বেছি চেচুৰেটেড ফেট(Saturated fat), ট্ৰান্স ফেট(Trans fat) আৰু কলেষ্টৰেল খোৱা বাবে উচ্চ কলেষ্টৰেল কাৰণ হব পাৰে।  চেচুৰেটেড ফেট আৰু কলেষ্টৰেল প্ৰাণীৰ পণ্য যেনে মাংস, গাখীৰ, কনী, মাখন আৰু পনীৰত থাকে।  ট্ৰান্স ফেট ভজা খাদ্য আৰু প্যাকেটজাতীয় খাদ্য যেনে বিস্কুট আৰু চিপচ্‌সমূহত পোৱা যায়।  



2. ক্ৰিয়াকলাপ বা গতিবিধি(physical activity) - শাৰীৰিক কাৰ্যকলাপৰ অভাৱত এলডিএল (বেয়া কলেষ্টৰেল LDL) বৃদ্ধি হব পাৰে।  


3. ওজন(weight) -
কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese


অতিৰিক্ত ওজন ফলত ট্ৰাইগ্লিচাৰাইড (triglycerides) বাঢ়িব পাৰে আৰু এলডিএল (বেয়া কলেষ্টৰেল LDL) বৃদ্ধি হব পাৰে। কঁকালৰ পৰিমাপ যদি পুৰুষৰ ক্ষেত্ৰত 40 ইঞ্চি (102 চেন্টিমিটাৰ)  বা মহিলাৰ ক্ষেত্ৰত 35 ইঞ্চি (89 চেন্টিমিটাৰ)  বা তাৰো বেছি হয় তেন্তে আপোনাৰ উচ্চ কলেষ্টৰেল হোৱাৰ সম্ভাৱনা বেছি।. বয়স আৰু লিঙ্গ(age and gender) -  20 বছৰ বয়সৰ পিছত শৰীৰত কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি আৰম্ভ হয়। পুৰুষৰ মাজত, 50 বছৰৰ বয়সৰ পিছত সাধাৰণতে কোলেস্টেৰলেৰ মাত্ৰা কম হয়, আনহাতেদি মহিলাসকলৰ ক্ষেত্ৰত মেনোপজ পৰ্যন্ত  উল্লেখযোগ্যভাবে কম থাকে। তাৰপিছত পুৰুষৰ দৰেই মহিলাৰ মাজত কলেষ্টৰেল বৃদ্ধি পায়।  


5. কিছু ৰোগ(other deasease) - কিছু ৰোগৰ বাবেও উচ্চ কলেষ্টৰেল সম্ভাৱনা বৃদ্ধি পায় যেনে হাইপোথাইৰয়েডিজম, দীৰ্ঘস্থায়ী কিডনি ৰোগ, ডায়েবেটিচ আৰু কিছু ধৰণৰ লিভাৰৰ অসুস্থতা।  



6. পাৰিবাৰিক ইতিহাস (genetic)- আপোনাৰ পৰিবাৰৰ সদস্যৰ বা উচ্চ কলেষ্টৰেল আছে বা থাকিলে  আপোনাৰো এই ৰোগ হব পাৰে৷  


7. ধূমপান(smoking) - ধূমপান এলডিএল বৃদ্ধি কৰিব পাৰে৷ ধূমপানে আপোনাৰ ৰক্তনলীসমূহৰ বেৰৰ ক্ষতি কৰে আৰু ইয়াত ফেট জমা হোৱাৰ সম্ভাবনা বঢ়াই তুলে৷


8. কিছু ঔষধ (medicine)- কিছু ঔষধেও এলডিএল (বেয়া কলেষ্টৰেল) ৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। এই ঔষধসমূহৰ ভিতৰত আছে  thiazide diuretics, beta-blockers, estrogen, আৰু corticosteroids  আদি৷



কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাৰ ঘৰুৱা প্ৰতিকাৰ-cholestorel control-in assamese


কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে?  কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese



1. কলেষ্টৰেল নিয়ন্ত্ৰণ ৰখাত, আপোনাৰ ডায়েটত(cholesterol diet) যথাসম্ভব মৌচুমী ফল, ফাইবাৰ সমৃদ্ধ খাদ্য আৰু  শাকসব্জি অন্তৰ্ভুক্ত কৰক।




2. উচ্চ কলেষ্টৰেলৰ ক্ষেত্ৰত ৰোগীৰ মাখন, ঘী, আইচক্ৰিম, চকলেট আৰু মিঠাই এৰা উচিত।  আপোনাৰ কোলেষ্টৰেলৰ মাত্ৰা পৰীক্ষা কৰাত, আপনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কৰ্নফ্ল্যাক্স জাতীয় খাদ্য খোৱা উচিত।(cholesterol lowering food in assamese)



3. ইচবগুল হৃদৰোগীৰ বাবে ভাল। ই দ্ৰবণীয় ফাইবাৰৰ এটি ভাল উৎস আৰু কলেষ্টৰেল হ্ৰাস কৰে।  এক মাহ ধৰি প্ৰতিদিনে 15 গ্ৰাম ইসবগুল গ্ৰহণে কলেষ্টৰেল নিয়ন্ত্ৰণে(cholesterol control) ৰাখে।



 4. আপুনি ব্যায়াম, নিয়মিত অনুশীলন, খাদ্য আৰু জীৱনশৈলীৰ কিছু পৰিবৰ্তন কৰি কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব পাৰে।



 5. প্ৰত্যেকৰ 30 বছৰ বয়সৰ পিছত এবাৰ কলেষ্টৰেল চেক (cholesterol test) কৰা উচিত।  ইয়াৰ ফলত শৰীৰত কলেষ্টৰেল ধৰা পৰে, যি ৰোগটো বৃদ্ধি কৰাত বাধা দিব পাৰে।


6. কলেষ্টৰেল নিয়ন্ত্ৰণ(cholesterol control) কৰি ৰখাত প্ৰচুৰ এন্টি-অক্সিডেন্ট, ভিটামিন চি, ই আৰু বিটা ক্যাৰোটিন গ্ৰহণ কৰক।


 7. গাখীৰ চাহ এৰাই চলক। ইয়াত খুব উচ্চ কেলৰি আছে, যি কলেষ্টৰেলৰ মাত্ৰা বঢ়ায়। ইয়াৰ  পৰিবৰ্তে, ৰঙা চাহ বা গ্ৰীন টি খাওক।  


 কলেষ্টৰেল বাঢ়িলে কি কি নাখাব-cholesterol reducing foods-in assamese



1. কলেষ্টৰেল মাত্ৰা বাঢ়িলে ৰঙা মাংস নাখাব।


2. গাখীৰ, মাখন, ক্ৰিম, আইচক্ৰীম জাতীয় খাদ্যৰ পৰা বিৰত থাকক, এইবিলাকত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল আছে।


3. মাৱা দি তৈয়াৰ কৰা মিঠাই বিষ(Poison) দৰে কাম কৰে৷ গতিকে ইয়াৰপৰা দূৰত থাকক৷


 4.  কলেষ্টৰেল মাত্ৰা বৃদ্ধিৰ সকলোতকৈ বৃহৎ  কাৰণ ধূমপান আৰু এলকোহল গ্ৰহণ।  গতিকে চিগাৰেট-এলকোহল পৰিত্যাগ কৰক।


কলেষ্টৰেল নিয়ন্ত্ৰণত হোমিঅপ্যেথিৰ (homeopathy) ৰ ভূমিকাঃ


কলেষ্টৰেল পৰিমাণ নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব পৰাকৈ হোমিঅপ্যেথিক (homeopathy)চিকিৎসা বিজ্ঞানত বহুত কেইটা উপযোগী দৰৱ আছে কিন্তু হোমিঅপ্যেথিক কেছ টেকিঙৰ সময়ত (Homoeopathic case taking)ৰোগী এগৰাকীত পৰিলক্ষিত হোৱা লক্ষণৰ লগত যেতিয়া ইয়াৰ কোনো এটা দৰৱৰ লক্ষণ সম্পূৰ্ণ মিল খাই ,তেতিয়াহ সেই ৰোগী গৰাকীক তেওঁৰ উপযোগী দৰৱ দিয়া হয়।


সাধাৰণতে ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি  কেলকেৰিয়া কাৰ্ব( Cal carb), 

ঠোজা(Thuja),

গ্ৰেফাইটিছ (Graphites)

ক্লৰেছটিনাম (Cholestrinum) আদিবোৰ দৰৱ এই ক্ষেত্ৰত বেছিকৈ ব্যৱহৃত হয়। 


এই সকলোবোৰ দৰৱ এজন অভিজ্ঞ হোমিঅপ্যেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে সেৱন কৰা উচিত।


ডাঃ নয়নজ্যোতি হাজৰিকা (Homeopathy)

গোৱৰাদল,নলবাৰী(অসম)

Phone-6000672185

What's app-9085859752

Email- nayanfz@gmail.com

Instagram- https://www.instagram.com/nayanjyoti238061?r=nametag





Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese