বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ

প্ৰতিবছৰে 1 অক্টোবৰ দিনতো সমগ্ৰ বিশ্বতে "বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons হিচাপে পালন কৰা হয়৷ জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি আমাৰ দায়বদ্ধতা সোঁৱৰাই দিয়াৰ উদ্দেশ্য এই দিৱসটো সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ তেওঁলোকৰ জীৱনবোৰ সুখ l, আনন্দ আৰু আশাৰে জীপাল কৰি তুলিবৰ বাবে আহক আমি এই দিনটোত সংকল্পবদ্ধ হও ৷ 

বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ


বর্তমান ভাৰতবৰ্ষত প্রায় ১০০ মিলিয়ন বৃদ্ধলোকৰ সংখ্যা আছে যদিও ২০৫০ চনৰ ভিতৰত প্রায় ৩২৪ মিলিয়ন হোৱাৰ সম্ভাৱনা আছে। এই হাৰত বৃদ্ধ লোকৰ সৎখ্যা বঢ়াৰ লগতে বৃদ্ধাৱস্হাৰ সময়খিনিত বিভিন্ন ৰোগেও লগ দিয়ে ৷ 


সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে কিছুমান কলা আৰু কোষৰ কাৰ্যক্ষমতা হ্ৰাস পাবলৈ ধৰে ৷ কলাৰ কাৰ্যক্ষমতা হ্ৰাসৰ মূলতে হল কোষসমুহৰ ভাঙোন ৷ মাংসপেশী দূৰ্বল হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ ওজন হ্ৰাস পাবলৈ ধৰে ৷ আনকি উচ্চতাৰো পৰিবৰ্তন হয় ৷ বাৰ্ধক্যই  শাৰীৰিক পৰিবৰ্তনৰ লগতে সমান্তৰালভাৱে মানসিক আৰু বৌদ্ধিক বিকাশতো প্ৰভাৱ পেলায় ৷ বাৰ্ধক্য ৰ এই সময়ছোৱাত এপাচিমান ৰোগে লগ দিলেও কিদৰে এইখিনিসময়ত যত্ন লোৱাতো দৰকাৰ তাকেই আলোচনা আগবঢ়ালো৷ 



বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ


টোপনি নহা আৰু মানসিক শক্তি হ্রাস ঋণাত্মক চিন্তাধাৰা- 


আর্থিক অনাটন, পাৰিবাৰিক দায়িত্ব আৰু মায়া - মােহ, ক্রোধ আদিৰ বাবে বৃদ্ধাৱস্থাত টোপনি কম হয় বা বহুত চেষ্টাৰ পিছতহে টোপনি আহে ৷ ইয়াৰ লগে লগে স্মৰণ শক্তি, লিখা - পঢ়াৰ গতি অথবা মানসিক শক্তি দুৰ্বল হৈ পৰে৷ প্ৰায়ে লোকৰ ডিমেনচিয়া হোৱা দেখা যায়৷


চিকিৎসা-  চফ 50 গ্রাম, ধনিয়া 50 গ্রাম , মিচিৰি 50 গ্রাম মিহলাই মিহি চূর্ণ তৈয়াৰ কৰি দিনত এবাৰ, ৰাতি এবাৰ পানীৰে সৈতে খাব লাগে। ধনিয়া পাতৰ ৰস 20 মিঃলিঃ তিয়হৰ আৰু মিচিৰি ৰাতি সেৱন কৰক । শােৱাৰ আধাঘণ্টা আগে কুহুমীয়া গাখীৰত মৌ মিহলাই সেৱন কৰক৷


বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ

ডিমেনচিয়া বিষয়ে অধিক জানিবলৈ পঢ়ক- ডিমেনচিয়া কি ? ইয়াৰ লক্ষণসমূহৰ বিষয়ে জানি আপুনি ভৱিষ্যতলৈ সাৱধান হব পাৰিব.


চকুৰ ৰোগ- disease of eye


বৃদ্ধাৱস্হাত চকুৰ সমস্যা যেনে-  ওচৰৰ আৰু দূৰৈৰ দৃষ্টিশক্তি দুর্বল হৈ পৰা , চকুৰ পৰা পানী ওলােৱা, চকুত ছানি পৰা আৰু চকুৰ আগত ক'লা দাগ বা জাল দেখা পােৱা ইত্যাদি দেখা দিয়ে৷ 


চিকিৎসাঃ নিতৌ ত্রিফলাৰ পানীৰে চকু ধোওঁক । ৰাতি ত্রিফলা ঘৃত ১০ গ্রাম আহাৰৰ পিছত সেৱন কৰক । গাজৰ, বিলাহী, নেমু, নাৰিকল আৰু ইয়াৰ পানী, চফ, ধনিয়া, গৰুৰ গাখীৰ, কল, কেঁচা জলকীয়া, গজালি ওলােৱা শস্য (মগু, বুট, মটৰ আদি) নিয়মীয়াকৈ খাওক। জালুক, মৌ নিতৌ খাওক। সেউজীয়া পাত শাক খাওক। চকুৰ ব্যায়াম আৰু ধ্যান কৰক। তিয়হৰ পেষ্ট তৈয়াৰ কৰি চকুত লেপ দি কিছুসময় থাকক ।


বাত বিষ-Arthritis in Assamese


পঞ্চলিছ বছৰ বয়সৰ ওপৰৰ প্ৰায়ভাগ লােকৰে এই ৰোগ হােৱা দেখা যায়। এই ৰোগত লাগে লাগে দেহৰ সন্ধিস্থল সংকুচিত হৈ বিষ হ'বলৈ ধৰে। বিষত কেতিয়াবা জ্বৰাে উঠে। চিকিৎসা নকৰিলে সন্ধিস্থল তথা হাত ভৰিত স্থায়ী বিকৃতিৰ সৃষ্টি হয় । 


চিকিৎসাঃ শুকান আদাৰ গুৰি, পিপলি, পিপলিৰ শিপা সমপৰিমাণত লৈ মিহিকৈ কুটি লওক। এই মিশ্রণ চাৰি কাপ পানীত সিজাই আধা কাপ জোখত থাকোতে নমাই ঠাণ্ডা হবলৈ দিয়ক। এই ৰস পুৱা খালী পেটত কুহুমীয়া গৰম পানীৰে এমাহমান খাওক। 


মেথি গুটিৰ গুৰি, সৰু জাতৰ শিলিখা সম পৰিমাণত লৈ প্রতিদিনে পুৱা আৰু গধূলি এচামুচ পৰিমাণত খাওক। 


বাত বিষৰ বাবে পচতীয়াৰ ব্যৱহাৰ সম্পৰ্কে জানক-পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া


বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ


উচ্চ ৰক্তচাপ আৰু হৃদৰােগ- High blood pressure/heart problems 


বৃদ্ধাৱস্থাত উচ্চ ৰক্তচাপ হােৱাটো এটা সাধাৰণ কথা । মূৰৰ বিষ , ভয় ভয় লগা , ঘাম ওলােৱা , কাণৰ কাষত কিবাকিবি শব্দ শুনা আদি এই ৰােগৰ কেইটিমান প্রধান লক্ষণ । সামান্য পৰিশ্ৰম কৰিলেই বুকুৰ ধপধপনি হয় বা হৃদপিণ্ডৰ গতি বৃদ্ধি পায় । উচ্চ ৰক্তচাপ যদি সময়মতে নিয়ন্ত্রণ কৰা নহয় , তেনেহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ’বগৈ পাৰে । উচ্চ ৰক্তচাপৰ পৰিণতিতে পক্ষাঘাত বা একাংগী হয়৷


আৰু অধিক জানিবলৈ, পঢ়ক- হাৰ্টৰ সমস্যা,ৰক্তচাপ, মূত্ৰবিকাৰ, হাঁপানী আদি একাধিক ৰোগৰ মহৌষধ অৰ্জুনাৰিষ্ঠ


কোষ্ঠকাঠিন্য- Constipation in Assamese


কোষ্ঠবদ্ধতা বা কোষ্ঠকাঠিন্য মানসিক চিন্তা আৰু বার্ধক্যজনিত দুর্বলতাৰ কাৰণে অন্ত্রও লাহে লাহে দুর্বল হৈ পৰে আৰু তাৰ ফলত মলত্যাগৰ সমস্যাই দেখা দিয়ে । কোষ্ঠকাঠিন্যৰ সমস্যাৰ ফলত প্রতিদিনে স্বাভাবিক মাত্রাত মলত্যাগ সম্ভৱ নহয়গৈ আৰু তাৰ ফলত বিভিন্ন গেচজনিত সমস্যা , মানসিক অস্থিৰতা , মূৰৰ বিষ , অশান্তি আদি লক্ষণে দেখা দিয়ে ।


চিকিৎসাঃ


আজোৱান ৫০ গ্রাম , সৰু শিলিখা ৫০ গ্রাম ,চফ ৫০ গ্রাম , কলানিমখ ২০ গ্রাম লৈ খুব মিহিকৈ গুৰি কৰি আহাৰৰ এঘণ্টাৰ পিছত এক চামুচ পৰিমাণত ঠাণ্ডা পানীৰ লগত সেৱন কৰিলে পেট পৰিষ্কাৰ হয় । 


তামৰ পাত্ৰত আগদিনা ৰাতি ভৰাই থােৱা পানী পিছদিনা পুৱা শুই উঠি অতি কমেও চাৰি গিলাচ পৰিমাণত খাই সূর্য নমস্কাৰ কৰিলে । কোষ্ঠবদ্ধতা দূৰ হয় ।


আৰু অধিক জানিবলৈ, পঢ়ক- ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese


বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ


পার্কিনছন ৰােগ বা হাত - ভৰিৰ কঁপনি- perkinson disease


আমাৰ মস্তিষ্কৰ অভ্যন্তৰত কিছুমান ৰসায়নিক দ্রব্য থাকে আৰু এইবিলাকে মস্তিষ্কই গ্ৰহণ কৰা সংবাদ এটা কেন্দ্ৰৰ পৰা অন্য এটা কেন্দ্ৰলৈ সৰবৰাহ কৰে । বৃদ্ধাৱস্থা প্রাপ্তিৰ লগে লগে কিছুমান মানুহৰ এই ৰসায়নিক দ্রব্যবিলাকৰ পৰিমাণ হ্রাস পায় । সেই কাৰণে কোনাে কোনাে লােকৰ হাত - ভৰি আদি অংগ প্রত্যংগবিলাকত বয়স হৈ অহাৰ লগে লগে একপ্রকাৰৰ কঁপনি আৰম্ভ হয়। এই ৰােগকে পার্কিনছন ৰােগ বুলি কয় । এই ৰােগত ভােগাৰ ফলত হাত - ভৰিৰ কপনিৰ বাবে চলা ফুৰা কৰিবলৈ অসুবিধা হয় লগতে লাহে লাহে এওঁলােকৰ কথা কোৱাৰ শক্তিও নাইকিয়া হৈ আহে৷ পার্কিনছন এক প্রকাৰৰ দুৰাৰােগ্য লােগ৷  সেয়ে এই ৰােগৰ প্ৰাৰম্ভিক লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিব লাগে । 


চিকিৎসাঃ 


অশ্বগন্ধা চূর্ণ ৫০ গ্রাম , শংখপুষ্পী ৫০ গ্রাম , মিচিৰি ১০০ গ্রাম লৈ মিহিকৈ গুৰি কৰি দৈনিক এক চামুচ পৰিমাণত , গাখীৰৰ লগত একেৰাহে ৬ মাহ খাব লাগে৷


ধ্যান , প্রাণায়াম আৰু যােগাসন দৈনিক নিয়মীয়াকৈ কৰিলে এই ৰােগ নিয়ন্ত্রণত থাকে৷ 


বিশুদ্ধ শিলাজিত ৫০০ মিলিগ্রাম দিনত, গাখীৰৰ লগত খাব লাগে।


সেউজীয়া শাক - পাচলিত সকলাে ধৰণৰ ভিটামিন থাকে আৰু এই ৰােগত ভােগা ৰােগীৰ বাবে ভিটামিনৰ প্রয়ােজন বেছি। সেয়ে এনে ধৰণৰ শাক - পাচলি বেছিকৈ খােৱা উচিত । 


অন্য কিছু টিপচ্‌- Other tips


সদায় চিন্তামুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত ৷ মানসিক উদ্বেগ, চাপ, মানসিক উত্তেজনা , দুশ্চিন্তা আদিয়ে মনক অধিক ভাৰাক্ৰান্ত কৰি তোলে৷ ভাৰাক্ৰান্ত মনটো হৈ পৰে বিভিন্ন ৰোগৰ উৎস ৷ মেডিটেচন কৰক ৷ গান শুনক,কিতাপ পঢ়ক৷ আধ্যাত্মিক চিন্তাও মানসিকভাৱে সৱল কৰি তুলে ৷ 


আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজে কামবোৰ কৰিবলৈ যত্ন কৰক ৷ সেইবুলি গধুৰ বস্তু দঙা ৰ দৰে কাম কৰাৰপৰা বিৰত থাকক 


চাকৰিয়ালসকলে অৱসৰ গ্ৰহনৰ পিছত কি কামত ব্যস্ত হব সেই বিষয়ে আগতে পৰিকল্পনা কৰক ৷ 


অত্যাধিক খাদ্য গ্ৰহন ,ৰাগিয়াল দ্ৰৱ্য সেৱন আদি নকৰিব ৷ অধিক চৰ্বিজাতীয় খাদ্য গ্ৰহণ নকৰিব ৷ এন্টিঅক্সিডেন্ট যুক্ত খাদ্য বা suppliment নিয়মীয়াকৈ লবলৈ চেষ্টা কৰিলে সদায় প্ৰফুল্লিত আৰু স্বাস্থ্যবান হৈ থাকিবপৰা যায় ৷


বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস"-International Day of Older Persons - বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ


বাৰ্ধক্যত মেদবহুলতা শংকাৰ কাৰন৷ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক৷ প্ৰতিদিনে খোজকঢ়া, যোগ প্ৰাণায়াম কৰক ৷


মহিলাসকলে মাহত এবাৰ হলেও স্তন পৰীক্ষা কৰা উচিত ৷ 



পৰিয়ালৰ ভূমিকা-old age care


 পৰিয়ালৰ সদস্যসকলে বয়স্ক ব্যক্তিজনৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷ তেওঁ যে পৰিয়ালৰ বোজা নহয়,বৰং এগৰাকী গুৰুত্বপূৰ্ণ সদস্য সেই বিষয়ে বুজাবলৈ চেষ্টা কৰিব লাগে কাম কাজৰ মাধ্যমেৰে ৷ সময়মতে ঔষধ খুওৱা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা উচিত ৷ দৈনন্দিন খাদ্যতালিকাত সুষম আহাৰ অন্তৰ্ভুক্ত কৰি বয়োবৃদ্ধসকলৰ যত্ন লব লাগে ৷



আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷

আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷ লগতে এই পেজৰ তললৈ থকা শিতানসমূহত অন্য লিখনিসমূহ পঢ়িব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ 🙏










Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese